• theoxygentimes@gmail.com

Blog


সূৰ্যটো গাৰুৰ তলত লৈ

 শুই আছিল তাই

এখনি নীলিম আকাশত

দুচকুত সাঁচি থৈছিল

মেঘৰ চছ্মা পিন্ধি বৰষুণ |

 

   তাই সপোনটোক

বান্ধি ' বিচাৰিছিল

ৰঙীন ৰিহাৰ আঁচলত

ভৰাই ' বিচাৰিছিল বুকুত

  জলফাইপতীয়া

এজাক সেউজীয়া বতাহ |

  চেতনাৰ শৃঙ্খল ছিঙি

      বিগত দিনৰ বৈভৱ পাহৰি

সংগোপনে ৰাতিৰ আন্ধাৰতে তাই

    সিঁচি দিছিল

  সুবাস ভৰা এচোতাল

   বিধবা জোনাক |

 

               ------- নৰহৰি চুতীয়া

                             তেজপুৰ

Post a Comment