Blog

মৃত্যুৰ সৈতে মুখা মুখি : ১

Blog Image

মৃত্যুৰ সৈতে মুখা মুখি :

লীলা কান্ত তিমচিনা, ডিব্ৰুগড়,

                       Email: lilakanta.timsina@gmail.com

      আপুনি বাৰু জীৱনত প্ৰায় নিশ্চিত মৃত্যুৰ পৰা কেইবাৰ বাচিছে।মই কিন্তু কেইবাবাৰো বাচিছোঁ ।বেমাৰৰ কথা নকওঁ ইয়াত। দুৰ্ঘটনা বা মূৰ্খামীৰ কথাহে কম।

        মই তেতিয়া মাৰ্ঘেৰিটাত আছিলোঁ।মোৰ এখন ভেষ্পা NV স্কুটাৰ আছিল।মই সেই স্কুটাৰেৰে ভাৰা ঘৰৰ পৰা অফিচলৈ অহা যোৱা কৰোঁ।মোৰ ডাঙৰ লৰাৰ বয়স তেতিয়া সাত বছৰ মান হব।এদিন লৰাটোক স্কুটাৰৰ আগত থিয় কৰাই ভাৰা ঘৰৰ পিনে গৈ আছোঁ।ব্যস্ত ৰাস্তা।ৰাস্তাত তিনিআলি এখন আছে।মই সোঁ পিনৰ চাংলাং ৰোড লৈ সোমাই যাব লাগে।স্কুটাৰৰ আইনাত চালোঁ, পিছপিনে দি কোনো যানবাহন আহি থকা নাই।গতিকে মই নিশ্চিন্ত ভাৱে সোঁ পিনে টাৰ্নিং ললোঁ।এনেতে বিকট চিঞঁৰ মাৰি পিছপিনে বলেৰ' এখনে ব্ৰেক মাৰি প্ৰায় পাঁচ ফুট মান চুঁচৰি আহি ৰখি গল।মোৰ স্কুটাৰক খুন্দিয়াবলৈ মাত্ৰ এক ইঞ্চি বাকি। ট্ৰেফিক পুলিচ দৌৰি আহিল।ওচৰ পাজৰৰ বহুত মানুহ গোট খালে।গোটেই খনে মোকেই দোষ দিছে।পুলিচে কৈছে আপুনি কিয় পাছলৈ নোচোৱাকৈ স্কুটাৰ ঘূৰালে!খুন্দা খোৱা হলে আপুনিও গল হেতেন,আপোনাৰ লৰাও গল হেতেন ,স্কুটাৰো গল হেতেন।মই কলোঁ আইনাত চাইছোঁ আৰু টাৰ্ণিং ৰ চিগনাল দিছোঁ।পুলিচে কলে আপোনাৰ আইনাৰ alignment ঠিক নহয়,অন্য পিনে ঘূৰি আছে।আৰু ইমান ওচৰৰ পৰা টাৰ্ণিংৰ চিগনাল দিলে নহব।সকলোৱে ভৎসৰ্ণা কৰি আমাক এৰি দিলে।নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা পৰিলোঁ।

                                                                                                        (ক্ৰমশ...................................অহা সংখ্যাত)

                                                                                                               __________________________


Share this post
Comments