Blog

নৱবৰ্ষ

Blog Image

নৱবৰ্ষ

 

ধ্ৰুৱ ভূষণ মহন্ত,

ঢেকিয়াজুলি, শোণিতপুৰ, অসম

 

আইৰ সংকটৰ কালতে

শীতৰ কুঁৱলি ফালি

ন সুৰুজৰে সাজি কাছি

নৱবৰ্ষ পালেহি আহি  I

নৱবৰ্ষৰ নৱ প্ৰভাতে

কাণে কাণে কলে সংগোপনে

মই আহিছো তোমাৰ কাষলৈ

লোৱানা মোক আদৰি মৰমেৰে,

অত দিনে আইৰ কাষতে থাকি

আইৰ অশ্ৰু মছি মছি

ভাগৰি পৰা মই

সুধি পেলালো নৱবৰ্ষক

কি আনিছা এই দুৰ্যোগৰ সময়ত

মোৰ বাবে, মোৰ আইৰ বাবে ?

নৱবৰ্ষ সুধিলে

তোমাক কি লাগে কোৱা ?

মই ক'লো,

আইৰ অশ্ৰু মুছিবলৈ

আইৰ মুখত হাঁহি বিৰিঙাবলৈ

তোমাৰ সমস্ত শক্তি খিনি

মোক দিয়া।

 

------------


Share this post
Comments