সপোনৰ বোজাত নুমাই যোৱা পোহৰ
গণেশ শৰ্মা , ঢেকিয়াজুলি, শোণিতপুৰ, অসম
“সন্তানৰ ভৱিষ্যতৰ বাবে সপোন দেখক, কিন্তু তাৰ নিজৰ সপোনকো ডেউকা মেলিবলৈ দিয়ক; কাৰণ কোনো সপোনতকৈও জীৱন অধিক মূল্যৱান।”
“মই বিফল হ’লোঁ… কিন্তু মই শেষ হৈ যোৱা নাই।” এজন ছাত্ৰই যদি এই কথাষাৰ নিজৰ মনত বিশ্বাস কৰিব পাৰে, তেন্তে হয়তো এখন পৰীক্ষাৰ ফলাফল তেওঁৰ জীৱনৰ শেষ সিদ্ধান্ত নহ’ব। কিন্তু যেতিয়া এজন যুৱকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰে যে তেওঁৰ ব্যৰ্থতাৰ লগে লগে তেওঁৰ পিতৃ-মাতৃৰ সপোন, পৰিয়ালৰ সন্মান আৰু নিজৰ ভৱিষ্যৎ—সকলো শেষ হৈ গ’ল, তেতিয়াই আমাৰ সমাজে নিজকে এটা অতি কঠিন প্ৰশ্ন সুধিবলগীয়া হয়। আমি আমাৰ সন্তানক কিমান সফল হ’বলৈ শিকাইছোঁ, আৰু কিমান জীয়াই থাকিবলৈ শিকাইছোঁ ?: আজিৰ ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰখন অভূতপূৰ্ব প্ৰতিযোগিতাৰ মাজেৰে আগবাঢ়িছে। IIT, IIM, AIIMS, NIT, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, নামী-দামী ব্যক্তিগত বিশ্ববিদ্যালয়, বিদেশী বিশ্ববিদ্যালয়—প্ৰতিটো সুযোগৰ বাবে হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ প্ৰতিযোগিতা। এটা আসন, এটা ৰেংক, এটা পৰীক্ষাৰ নম্বৰ, এটা চাকৰি—এইবোৰ যেন বহু সময়ত এজন যুৱকৰ সমগ্ৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে।এই পৰিৱেশৰ মাজতেই সময়ে সময়ে দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত শিক্ষাৰ্থীৰ আত্মহত্যাৰ দুখজনক ঘটনা পোহৰলৈ আহে। প্ৰতিটো ঘটনাৰ পটভূমি বেলেগ। কোনো এটা ঘটনাক এটা কাৰণৰে ব্যাখ্যা কৰিব নোৱাৰি। যেনে: মানসিক স্বাস্থ্য, একাকীত্ব, শৈক্ষিক চাপ, বন্ধু বৰ্গৰ লগত সম্পৰ্ক, আৰ্থিক সমস্যা, পাৰিবাৰিক পৰিস্থিতি, নিজৰ ভৱিষ্যতক লৈ উদ্বেগ — এনে বহু কাৰক একেলগে জড়িত থাকিব পাৰে। কিন্তু এই ঘটনাবোৰে আমাৰ সন্মুখত এটা ডাঙৰ সামাজিক প্ৰশ্ন থিয় কৰাই দিয়ে আৰু সিটো হ'ল - এই শিক্ষা ব্যৱস্থাই আমাৰ সন্তানক জীৱনৰ বাবে প্ৰস্তুত কৰাইছে নে কেৱল পৰীক্ষাৰ বাবে ? সপোনবোৰ কাৰ ?: এজন পিতৃয়ে নিজৰ সন্তানক ডাক্তৰ হিচাপে চাব বিচাৰে। এগৰাকী মাতৃয়ে ভাবে—তেওঁৰ সন্তান এজন অভিযন্তা হ’ব। আন কোনো পৰিয়ালে বিচাৰে সন্তানজন প্ৰশাসনিক বিষয়া হওক। কোনোবাই বিচাৰে বিদেশলৈ গৈ ডাঙৰ চাকৰি কৰক। এই সপোনবোৰৰ মাজত কোনো ভুল নাই। আচলতে সন্তানক লৈ সপোন দেখাটো পিতৃ-মাতৃৰ ভালপোৱাৰেই এটা স্বাভাৱিক প্ৰকাশ। নিজৰ জীৱনত পূৰণ কৰিব নোৱাৰা বহু আশা তেওঁলোকে সন্তানৰ জীৱনত পূৰণ হোৱা দেখিব বিচাৰে। নিজৰ অভাৱ-অনাটন, কষ্ট আৰু ত্যাগৰ মাজেৰে সন্তানক তেওঁলোকে এখন ভাল ভৱিষ্যতৰ পৃথিৱী দিব বিচাৰে। সমস্যা কিন্ত সপোন নহয়।সমস্যা তেতিয়া হয়, যেতিয়া সেই সপোনটো সন্তানৰ ওপৰত দায়িত্ব নহৈ আদেশ হৈ পৰে: “তুমি ডাক্তৰ হ’বই লাগিব।” “আমাৰ পৰিয়ালৰ পৰা কোনোবাই এনেকুৱা হ’ব লাগিব।” “আমি তোমাৰ বাবে ইমান খৰচ কৰিছোঁ।” “তুমি আমাৰ মুখ উজলাব লাগিব।” এনেবোৰ কথা হয়তো অভিভাৱকে ভাল উদ্দেশ্যৰ পৰাই কয়। কিন্তু সন্তানৰ মনত সেই কথাবোৰৰ অৰ্থ কেতিয়াবা এনেকুৱা হৈ পৰে— “মই যদি সফল নহওঁ, তেন্তে মই মা-দেউতাক ব্যৰ্থ কৰিম।” এই অনুভূতিটো অতি ভয়ংকৰ। আমাৰ সন্তান কিন্ত কোনো “প্ৰজেক্ট” নহয়, আমি কেতিয়াবা সন্তানক অজানিতে এটা প্ৰজেক্ট হিচাপে চাবলৈ আৰম্ভ কৰোঁ। কিমান নম্বৰ পাব ? কোনখন স্কুলত পঢ়িব? কোনখন কলেজত নাম ভৰ্তি কৰিব ? কোনটো বিষয় ল’ব ? কেতিয়া চাকৰি পাব ? কিমান দৰমহা পাব ? সন্তানৰ জীৱনটো যেন এখন দীঘলীয়া checklist। কিন্তু সন্তান এখন checklist নহয়। সন্তানৰ নিজা মন আছে। নিজা ভয় আছে। নিজা প্ৰতিভা আছে। নিজা সীমাবদ্ধতা আছে। নিজা সপোন আছে। নিজৰ পছন্দ - অপছন্দ আছে । এজন পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ বাবে পথ দেখুৱাব পাৰে; কিন্তু সন্তানৰ হৈ জীৱনটো জীয়াই থাকিব নোৱাৰে। “অমুকৰ ল’ৰাজনে পাৰিলে, তুমি কিয় নোৱাৰিলা ?”: এই এটা বাক্যই হয়তো আমাৰ সমাজৰ বহু পৰিয়ালৰ ঘৰত অতি সাধাৰণ বাক্য। অমুকৰ সন্তান IIT-ত পালে। অমুকৰ ছোৱালীজনে NEET-ত ভাল ৰেংক পালে। অমুকৰ সন্তান বিদেশলৈ গ’ল। অমুকৰ ল’ৰাজনে চাকৰি পালে। আৰু তাৰ পিছত নিজৰ সন্তানৰ ফালে চাই প্ৰশ্ন— “তুমি কিয় নোৱাৰিলা?” তুলনাই হয়তো প্ৰেৰণা দিব পাৰে। কিন্তু সঘনাই কৰা তুলনাই আত্মবিশ্বাস ভাঙিব পাৰে। প্ৰতিজন মানুহৰ যাত্ৰা একে নহয়। এজনৰ শক্তি আনজনৰ শক্তি নহ’ব পাৰে। এজনৰ গতি আনজনৰ গতি নহ’ব পাৰে। এজনৰ সপোন আনজনৰ সপোন নহ’ব পাৰে। আমি নিজ সন্তানক আন এজনৰ সৈতে তুলনা কৰাৰ সলনি যদি কালিৰ সন্তানজনৰ সৈতে আজিৰ সন্তানজনক তুলনা কৰোঁ আৰু কওঁ—“তুমি কালিতকৈ আজি অলপ আগবাঢ়িছানে ?”— তেন্তে হয়তো প্ৰতিযোগিতাৰ অৰ্থটো সলনি হৈ যাব। নম্বৰ: এটা সংখ্যা, নে এখন জীৱনৰ পৰিচয় ?: আমাৰ সমাজত নম্বৰৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। ভাল ফলাফলে শিক্ষাৰ বহু দুৱাৰ মুকলি কৰে। কিন্তু এটা পৰীক্ষাৰ ফলাফলৰ পৰাই যদি এজন ব্যক্তিৰ জীৱনৰ সম্পূৰ্ণ মূল্যাংকন কৰা হয়, তেন্তে এই দৃষ্টিভংগী বিপজ্জনক হ'ব । ৯৫ শতাংশ—‘অভিনন্দন’। ৭৫ শতাংশ—‘আৰু ভাল কৰিব পাৰিলাহেঁতেন’। ৫৫ শতাংশ—“কি হ’ব এতিয়া তোমাৰ ?” “জীৱনটো নষ্ট কৰি পেলালা!” কিন্তু সত্যটো হ’ল— এটা পৰীক্ষাত ব্যৰ্থ হোৱা আৰু জীৱনত ব্যৰ্থ হোৱা একে নহয়। জীৱনত বহু মহান ব্যক্তিয়ে কোনোবা নহয় কোনোবা সময়ত ব্যৰ্থতাৰ সন্মুখীন হৈছে। ব্যৰ্থতা জীৱনৰ এটা অধ্যায় হ’ব পাৰে; সম্পূৰ্ণ কাহিনী নহয়। বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰৰ নীৰৱ যুদ্ধ : বাহিৰৰ পৰা এখন বিশ্ববিদ্যালয় অতি সুন্দৰ দেখা যায়। সুন্দৰ পৰিৱেশ, সুন্দৰ কেম্পাছ, নতুন বন্ধু – বান্ধৱী, লাইব্ৰেৰী, হোষ্টেল, স্বাধীনমনা, নতুন নতুন সপোন আদি । কিন্তু সেই চৌহদৰ ভিতৰত কিছুমান যুৱক-যুৱতীয়ে এনে যুদ্ধ কৰে, যাৰ বিষয়ে তেওঁলোকৰ আটাইতকৈ ওচৰৰ বন্ধু –বান্ধৱীও নাজানে। কোনোবাই নিজৰ পঢ়া বুজি নাপাই ভয় খাইছে। কোনোবাই scholarship হেৰুৱাৰ ভয়ত আছে। কোনোবাই placement নোপোৱাৰ চিন্তাত আছে। কোনোবাই নিজৰ সহপাঠীৰ সৈতে নিজকে তুলনা কৰি হতাশ হৈছে। কোনোবাই আকৌ ঘৰৰ পৰা অহা ফোনটোলৈ ভয় কৰিছে— “পঢ়া কেনেকুৱা হৈছে?” এই প্ৰশ্নটো আন এজনৰ বাবে সাধাৰণ প্ৰশ্ন হ’ব পাৰে। কিন্তু যিজন শিক্ষাৰ্থী ইতিমধ্যে গভীৰ চাপৰ মাজত আছে, তেওঁৰ বাবে এইটো কেতিয়াবা আৰু এটা মানসিক বোজা হৈ উঠিব পাৰে।সামাজিক মাধ্যমৰ আঁৰৰ জাকজমকীয়া পৃথিৱী : সামাজিক মাধ্যমে আমাক আনৰ জীৱনৰ “সফল” অংশটো দেখুৱায়। বিভিন্ন উক্তি যেনে: “Got placed ! ” “Got Selected!” “Scholarship received ! ” “Going abroad ! ” “New achievement !” “Engaged ! ” আদি । কিন্তু কোনোবাই সাধাৰণতে লিখি নাথাকে—“আজিৰ দিনটোত মই ভয় খাইছোঁ।” “মই নিজকে আনৰ সৈতে তুলনা কৰি ক্লান্ত।” “মই জানো নে মই কি কৰিব বিচাৰোঁ?” “মই ব্যৰ্থ হোৱাৰ ভয়ত আছোঁ।” সেয়ে এজন শিক্ষাৰ্থীয়ে আনৰ জীৱনৰ বাহ্যিক সফলতাক নিজৰ অন্তৰৰ সংগ্ৰামৰ সৈতে তুলনা কৰে।এই তুলনাখন স্বাভাৱিকতে অসমান আৰু ই বাস্তৱ ধৰ্মী নহয়, যি বাস্তৱ জীৱনৰ পৰা বহু নিলগত। অভিভাৱকৰ ত্যাগ—ভালপোৱা নে ঋণ? : পিতৃ-মাতৃয়ে সন্তানৰ বাবে যি ত্যাগ কৰে, তাৰ মূল্য কোনো শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। কিন্তু সেই ত্যাগৰ কথা সোঁৱৰাই সন্তানক অপৰাধবোধত ডুবাই দিলে সেই ত্যাগৰ উদ্দেশ্যই যেন সলনি হৈ যায়। “তোমাৰ বাবে আমি নিজৰ সুখ ত্যাগ কৰিলোঁ।” “তোমাৰ পঢ়াৰ বাবে ইমান টকা খৰচ কৰিলোঁ।” “তুমি আমাক হতাশ কৰিব নোৱাৰা।” এজন সংবেদনশীল সন্তানৰ বাবে এই কথাবোৰ কেতিয়াবা এটা ভয়ংকৰ দায়িত্ব হৈ পৰে।সি ভাবে— “মোৰ ব্যৰ্থতাত স্থান নাই”—এই ধাৰণাই মানুহক ভাঙি পেলায়। মানুহ ব্যৰ্থ হ’ব পাৰে, ভুল কৰিব পাৰে, থমকি ৰ’ব পাৰে। কিন্তু সেই ব্যৰ্থতা জীৱনৰ শেষ কথা নহয়। ভুলৰ পৰা শিকি, নিজকে পুনৰ গঢ়ি, প্ৰতিজন মানুহেই নিজৰ পথ নতুনকৈ বাছি ল’ব পাৰে। অহংকাৰৰ পৰা অধিক বিপজ্জনক—অপমান: অভিভাৱকৰ অহংকাৰ বহু সময়ত সন্তানৰ ওপৰত অদৃশ্য চাপ সৃষ্টি কৰে। “মোৰ সন্তান এইটো হ’বই লাগিব।” “মোৰ সন্তানক কোনোবাই পিছ পেলাব নোৱাৰে।” “আমাৰ পৰিয়ালৰ সন্মানৰ কথা আছে।” সন্তানৰ সাফল্যক যদি অভিভাৱকৰ সামাজিক সন্মানৰ সৈতে জড়িত কৰি দিয়া হয়, তেন্তে সন্তানটোৱে নিজৰ প্ৰতিটো ব্যৰ্থতাক ব্যক্তিগত অপমান হিচাপে অনুভৱ কৰিব পাৰে।সেয়ে, আমি সন্তানক কেতিয়াও এই অনুভৱ কথা দিব নালাগে যে— “তুমি ব্যৰ্থ হ’লে আমি তোমাক কম ভালপাম।” বৰং ক’ব লাগে— “তোমাৰ ফলাফল যিয়েই নহওক, তুমি আমাৰ বাবে মূল্যবান।” “তুমি কি হ’বা ? ” নে “তুমি কি হ’ব বিচৰা ?” : এই দুটা প্ৰশ্নৰ মাজত বিশাল পাৰ্থক্য আছে। “তুমি কি হ’বা?” —ই যেন এটা নিৰ্দেশ্মাতক প্ৰশ্ন ।“তুমি কি হ’ব বিচৰা?” —ই এটা সংলাপ, আলাপ আৰু য'ত স্নেহ লুকাই আছে । সন্তানৰ কেৰিয়াৰ বাছনিৰ সময়ত অভিভাৱকে নিজৰ অভিজ্ঞতা, জ্ঞান আৰু পৰামৰ্শ দিব পাৰে। কিন্তু শেষত সন্তানৰ আগ্ৰহ, যোগ্যতা আৰু বাস্তৱ পৰিস্থিতিকো গুৰুত্ব দিব লাগিব। কাৰণ যিটো বিষয় পঢ়িবলৈ সন্তানৰ মনেই নাই, সেই বিষয়ত কেৱল অভিভাৱকৰ সপোন পূৰণ কৰিবলৈ তাক ঠেলি দিলে হয়তো এখন ডিগ্ৰী লাভ কৰিব ঠিকেই; কিন্তু হয়তো নিজৰ ভিতৰৰ মানুহজনক হেৰুৱাব পাৰে। পৰামৰ্শতকৈ এজন মন দি শুনা মানুহৰ প্ৰয়োজন : আমি কেতিয়া সন্তানক সুধিম—“তুমি ঠিকেই আছানে?” এই প্ৰশ্নটো হয়তো আটাইতকৈ প্ৰয়োজনীয়। “পঢ়া কেনেকুৱা?” “কিমান নম্বৰ?” “কেতিয়া চাকৰি পাবা?” এই প্ৰশ্নবোৰৰ লগতে কেতিয়াবা সুধিব লাগে— “তোমাৰ মনটো কেনেকুৱা?” “তোমাক কিবা কথাই কষ্ট দিছে নেকি?” “তুমি কিবা কথাৰ বাবে ভয় খাইছানে?” “মোৰ লগত মুকলিকৈ কথা পাতিব বিচাৰিছানে?” আৰু সন্তানে কথা ক’লে—সকলো সমস্যাৰ সমাধান তৎক্ষণাতে দিবলৈ নগৈ, প্ৰথমে মনোযোগেৰে শুনি লওঁচোন। কেতিয়াবা মানুহক পৰামৰ্শতকৈ এজন মন দি শুনা মানুহৰ প্ৰয়োজন হয়। শিক্ষকৰ ভূমিকা: এজন শিক্ষক কেৱল পাঠ্যপুথিৰ জ্ঞান দিয়া ব্যক্তি নহয়। এজন সংবেদনশীল শিক্ষক কেতিয়াবা এজন শিক্ষাৰ্থীৰ জীৱনত এক গুৰুত্বপূৰ্ণ আশ্ৰয় হৈ উঠিব পাৰে। শিক্ষাৰ্থীৰ আচৰণত হঠাৎ পৰিৱৰ্তন দেখা দিলে, অত্যধিক একাকী হৈ পৰিলে, পঢ়া-শুনাত হঠাৎ অস্বাভাৱিক পৰিৱৰ্তন আহিলে বা তেওঁ গভীৰ মানসিক সমস্যাৰ কথা প্ৰকাশ কৰিলে—তাক “দুৰ্বল” বুলি চিহ্নিত কৰাৰ সলনি সহানুভূতি আৰু উপযুক্ত সহায়ৰ দিশে লৈ যোৱা প্ৰয়োজন। বিশ্ববিদ্যালয়সমূহতো সহজলভ্য আৰু বিশ্বাসযোগ্য Counseling আৰু Mental-Health support ব্যৱস্থা থকাটো গুৰুত্বপূৰ্ণ। সমাজে সফলতাৰ সংজ্ঞা সলাব লাগিব: আমাৰ সন্তানক যদি আমি সদায় কওঁ—“ডাঙৰ মানুহ হোৱা। ”তেন্তে তাৰ অৰ্থ কি? ডাঙৰ চাকৰি? ডাঙৰ ঘৰ? ডাঙৰ গাড়ী? বেংক বেলেঞ্চ? নাম ?, নে—এজন ভাল মানুহ হোৱা? নিজৰ জীৱনক সন্মান কৰা। আনক সন্মান কৰা। সৎভাৱে উপাৰ্জন কৰা। সমাজৰ প্ৰতি দায়বদ্ধ হোৱা। নিজৰ ভুল স্বীকাৰ কৰা। প্ৰয়োজনত আনক সহায় কৰা। আনৰ সুখত আনন্দিত হ’বলৈ আৰু দুখত কাষত থিয় হ’বলৈ শিকা। নিজৰ সামৰ্থ্য অনুযায়ী আনৰ জীৱনত অলপ হ’লেও ভাল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰা। সফলতাৰ পথত আগবাঢ়োঁতে নিজৰ মূল্যবোধ আৰু বিবেকক কেতিয়াও হেৰুৱাই নেপেলোৱা। নিজৰ মনটোক সুস্থ ৰাখিবলৈ শিকা, আনৰ প্ৰতি সহানুভূতিশীল হোৱা আৰু জীৱনত পোৱা সৰু সৰু সুখবোৰকো অনুভৱ কৰিবলৈ শিকা। কাৰণ সফলতা কেৱল কিমান দূৰ আগবাঢ়িলোঁ তাৰ হিচাপ নহয়; কিমান ভালদৰে, কিমান সততাৰে আৰু কিমান মানৱীয়তাৰে সেই পথটো অতিক্ৰম কৰিলোঁ—সেইটোও সফলতাৰ এক গুৰুত্বপূৰ্ণ অংশ। আহক আমি সন্তানক জয়ী হ’বলৈ নহয়, জীয়াই থাকিবলৈও শিকাওঁ : আমি সন্তানক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰোঁ।কিন্তু জীৱনত প্ৰতিযোগিতা সদায় থাকিব।এটা পৰীক্ষাৰ পিছত আন এটা পৰীক্ষা।এটা interview ৰ পিছত আন এটা interview। এটা চাকৰিৰ পিছত আন এটাৰ সুযোগ আৰু তাৰ প্ৰস্তুতি।এটা সফলতাৰ পিছত আন এটা লক্ষ্য।সেয়ে সন্তানক কেৱল কেনেকৈ জয়ী হ’ব লাগে সেইটো শিকোৱাই যথেষ্ট নহয়। তেওঁক বুজাব লাগিব যে জীৱনৰ প্ৰতিটো যাত্ৰাতে সফলতাৰ লগতে বিফলতাও আহিব পাৰে। বিফলতাৰ সন্মুখীন হৈ হতাশ হৈ ৰৈ নাথাকি কেনেকৈ পুনৰ নিজকে গোটাই লৈ আগবাঢ়িব লাগে, প্ৰয়োজন হ’লে কেনেকৈ আনৰ সহায় বিচাৰিব লাগে আৰু “মই নোৱাৰিছোঁ” বুলি স্বীকাৰ কৰিবলৈও যে কোনো লাজৰ কথা নহয়—সেই কথাও তেওঁক বুজিব লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ—এটা কঠিন দিন পাৰ কৰি কেনেকৈ মনটোক পুনৰ শক্ত কৰি পৰৱৰ্তী দিনটোলৈ নতুন আশাৰে আগবাঢ়িব লাগে, সেই মানসিক শক্তিখিনি গঢ়ি তুলিব লাগিব। এটা ফোন কল হয়তো এটা জীৱন সলনি কৰিব পাৰে: কোনো সন্তানে যদি বহুদিন ধৰি মা - দেউতাক ফোন কৰা নাই।তেন্তে নিজৰ ফালেদি ফোন কৰাটো হ'ব সমোচিন হ'ব । যদি সন্তানৰ কণ্ঠস্বৰ আগৰ দৰে নাই তেন্তে সুধা ভাল হ'ব —“কি হৈছে তোমাক ?” কোনো সন্তানে বাৰে বাৰে কৈছে—“মই নোৱাৰোঁ।” তাক ধমকি দিয়াৰ পৰিৱৰ্তে তাক শুনা বুদ্ধিমানৰ কাম হ'ব যেন লাগে । কোনো সন্তান যদি হঠাতে সকলোৰে পৰা আঁতৰি গৈছে , তেন্তে তাৰ কাষত বহি, তাক বুজাৰ প্ৰায়োজন আছে বুলি ভাবোঁ।। আৰু যদি কোনো শিক্ষাৰ্থীয়ে আত্মহত্যাৰ কথা কয় বা নিজৰ জীৱন শেষ কৰাৰ ইচ্ছা প্ৰকাশ কৰে, তেন্তে কথাটো পাতল ভাবে ল'ব নালাগে। তেওঁক অকলে নাৰাখি, বিশ্বাসযোগ্য ব্যক্তি, পৰিয়াল, শিক্ষক, Mental-Health Professional বা স্থানীয় জৰুৰী সহায়ৰ সৈতে তৎক্ষণাত যোগাযোগ কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু বুদ্ধি মানৰ কাম হ'ব। সহায় বিচৰাটো দুৰ্বলতা নহয়; ই সাহসৰ চিন। শেষ প্ৰশ্নটো আমাৰ বাবে : এদিন আমাৰ সন্তান ডাঙৰ হ’ব। সি চাকৰি কৰিব। নিজৰ ঘৰ সাজিব। নিজৰ পৰিয়াল গঢ়িব। আমি নিশ্চয় বিচাৰোঁ যে আমাৰ সন্তান জীৱনত সফল হওক। কিন্তু কেৱল সফল হোৱাটোৱেই জানো যথেষ্ট? আমি এনে এজন সন্তান বিচাৰোঁনে, যি বহুত সফল কিন্তু মনৰ পৰা সুখী নহয়? নে আমি এনে এজন সন্তান বিচাৰোঁ, যি হয়তো বৰ ডাঙৰ পদত নাই, কিন্তু সুখী, আত্মবিশ্বাসী আৰু মানসিকভাৱে সুস্থ? আচলতে আমি সকলোৱে বিচাৰোঁ—আমাৰ সন্তান সফল হওক আৰু লগতে সুখীও হওক। সেয়ে আজিৰ পৰাই সন্তানৰ সৈতে কথা পতাৰ ধৰণ সলনি কৰোঁ। কেৱল “কিমান নম্বৰ পালা?” বুলি নুসুধি কেতিয়াবা সোধোঁ— “তুমি কেনে আছা?” কেৱল “চাকৰি কেতিয়া পাবা?” বুলি নুসুধি সোধোঁ— “তোমাৰ নিজৰ সপোনটো কি?” আন সন্তানৰ সৈতে তুলনা কৰি “অমুকৰ সন্তানে পাৰিলে, তুমি কিয় নোৱাৰিলা?” বুলি কোৱাৰ সলনি কওঁ— “তোমাৰ পথটো তোমাৰ নিজৰ। আমি তোমাৰ লগত আছোঁ।” সন্তান ব্যৰ্থ হ’লে তাক বেয়াকৈ নকওঁ। তাক ভয় খুৱাই নিদিওঁ। বৰং তাৰ কাষত বহি কওঁ— “এইটো শেষ নহয়। তুমি পুনৰ চেষ্টা কৰিব পাৰিবা। এটা পৰীক্ষাত ব্যৰ্থ হোৱা মানেই জীৱনত ব্যৰ্থ হোৱা নহয়।”আৰু তাক এই কথাটোও সোঁৱৰাই দিওঁ— “তোমাৰ জীৱনটো এটা পৰীক্ষাৰ ফলাফলতকৈ বহুত ডাঙৰ।” কাৰণ জীৱনত বহু কথা পুনৰ ঠিক কৰিব পাৰি। এটা পৰীক্ষাত কম নম্বৰ পালে পুনৰ চেষ্টা কৰিব পাৰি। এটা কেৰিয়াৰ ভাল নালাগিলে আন এটা পথ বাছি ল’ব পাৰি। এটা চাকৰি নাপালে আন এটা চাকৰি বিচাৰিব পাৰি। এটা সপোন পূৰণ নহ’লে নতুন সপোন দেখিব পাৰি। কিন্তু এটা জীৱন হেৰুৱালে সেই জীৱনটো আৰু ঘূৰাই আনিব নোৱাৰি। সেয়ে সন্তানৰ ওপৰত নিজৰ সপোনৰ বোজা দিয়াৰ আগতে এবাৰ তাৰ মনটো বুজিবলৈ চেষ্টা কৰোঁ। তাৰ চকুলৈ চাওঁ। তাৰ কথা শুনোঁ। হয়তো সি আমাৰ পৰা ডাঙৰ কিবা বস্তু বিচৰা নাই। হয়তো সি কেৱল বিচাৰিছে— “মোক অলপ বুজি লোৱা। মোৰ কথা অলপ শুনা। মই ব্যৰ্থ হ’লেও মোৰ কাষত থাকা।” এজন পিতৃ-মাতৃৰ বাবে ইয়াতকৈ ডাঙৰ দায়িত্ব আৰু কি হ’ব পাৰে? আমি মনত ৰাখিব লাগিব যে সন্তান আমাৰ সপোন পূৰণ কৰাৰ বাবে জন্ম হোৱা নাই। তাৰ নিজৰো সপোন থাকে। তাৰ নিজৰো পছন্দ-অপছন্দ আছে। তাৰ নিজৰো এটা জীৱন আছে। আমি তাক পথ দেখুৱাব পাৰোঁ। ভুল কৰিলে বুজাব পাৰোঁ। পৰিলে হাত ধৰি উঠাব পাৰোঁ। ভয় খালে সাহস দিব পাৰোঁ। কিন্তু তাৰ হৈ জীৱনটো আমি জীয়াই থাকিব নোৱাৰোঁ। সেয়ে আহক, আমি সন্তানক কেৱল উৰিবলৈ ডেউকা নিদিওঁ। তাৰ লগতে পৰিলে পুনৰ উঠিবলৈ সাহসো দিওঁ। তাক কেৱল জয়ী হ’বলৈ শিকোৱা নহওক। হাৰি গ’লেও কেনেকৈ পুনৰ আৰম্ভ কৰিব লাগে, সেইটোও শিকাওঁ। কাৰণ সন্তানৰ জীৱনটো আমাৰ সপোনতকৈ ডাঙৰ।সন্তানৰ সফলতা আমাৰ গৌৰৱ হ’ব পাৰে, কিন্তু সন্তানৰ জীৱন আৰু সুখ—সেয়াই আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব।
********************