Blog (Assamese)
লাজতে কোঁচ মোচ খালোঁ
লাজতে কোঁচ মোচ খালোঁ
মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম, অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম
পুৱা ৮ বজা৷ অসম বন্ধৰ আইন শৃংখলা কৰ্তব্য সামৰি থানাৰ পিনে খোজ লৈছোঁহে এজাক মানুহে মলিয়ন ধুতি-কামিজ, শুভ্ৰ দাড়ি-চুলিৰে, কপালত ত্ৰিপুণ্ড চন্দনৰ ফোঁট, আশী উদ্ধৰ্ সাধু-সন্যাসী যেন লগা বৃদ্ধ এজনক টানি লৈ যোৱা দেখি ৰৈ গলোঁ৷ বৃদ্ধজনে অনিতা নামৰ 9-১০বছৰীয়া নাবালিকা এজনীক অপহৰণ কৰিছে বুলি ৰাইজৰ আৰোপ৷ তেওঁলোকৰ লগতেই ময়ো থানালৈ খোজকাঢ়ি গলোঁ৷ বৃদ্ধ চক্ৰৱতী তেওঁলোকৰ গাঁৱৰ শিৱ মন্দিৰৰ পূজাৰী৷ মন্দিৰৰ কাষৰ ৰমেশ দাসৰ জীয়েক অনিতাই নিতৌ ফুল তুলি মন্দিৰত দি আহে৷ লিখিত অভিযোগ অনুসৰি দুদিন আগেয়ে পূজাৰীক ফুল দিবলৈ যোৱা ছোৱালীজনী ঘৰলৈ ঘূৰি অহা নাই৷ সেয়ে পূজাৰীৰ বিৰুদ্ধে অপহৰণ কৰি গায়ব কৰা বুলি দেউতাক ৰমেশে এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ বিৱৰণ জেনেৰেল ডায়ৰীত টুকি পূজাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৪ ধাৰাত অভিযোগ উত্থাপন কৰোঁ৷
ৰোল্ড গোল্ডৰ শিকলি
ৰোল্ড গোল্ডৰ শিকলি মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম
পুৱা ন বাজিছে৷ হাউলী আৰক্ষী চকীৰপৰা ফোন আহিছে৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চ এগৰাকীৰ ১০/১২ বছৰীয়া পুত্ৰক কোনোবাই হত্যা কৰিছে৷ ততালিকে সহকৰ্মী লগত লৈ ঘটনাস্থলীলৈ ৰাওনা হওঁ৷থানাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ ঘটনাস্থলী৷ সময়মতে গৈ পালোঁ৷ নাৰ্চৰ আৱাসৰ কোঠালীৰ মজিয়াত মৃতদেহ তলমূৱাকৈ পৰি আছে৷ কোঠালীটো চকী, মেজ, চোফা, সৰু বিচনাৰে ভৰি পৰাত মজিয়াখন ঠেক৷ মৃতকৰ ডিঙিত ৰেপা দাগ৷ পিন্ধনত গেঞ্জী আৰু জিন্সপেণ্ট, চেইন খোলা, পেন্টটো তললৈ হালি পৰা৷ এনেই ঠেক ঠাই, তাতে উৎসুক মানুহৰ ভিৰ৷ নিৰীক্ষণ কোনোমতে কৰি ঘটনাৰ ক্লু বিচাৰিলোঁ, একোৱেই নাপালোঁ৷
বাবৰি মছজিদৰ ফিৰিঙতি
বাবৰি মছজিদৰ ফিৰিঙতি
মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম
অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম
১৯৯২ চনৰ কোনোবা এদিন আবেলি ৪ টা মান বজাত থানাৰ বাৰাণ্ডাত থিয় হৈ ৰাস্তাৰ পিনে চাই আছোঁ৷ হঠাৎ আগে আগে বগা বিশালকায় ষাঁডগৰু, পিছে পিছে বিশ্ব হিন্দু পৰিষদৰ হাইলাকান্দি জিলাৰ সদস্য সম্পাদকৰ সৈতে অন্য সদস্য কেইজনমান, লগতে ১৫/২০ জনমান চেমনীয়া ল’ৰা এজাক থানা চৌহদত প্ৰৱেশ কৰিলে৷ কৌতুহল বশতঃ ময়ো বাৰাণ্ডাৰ পৰা নামি ষাঁড়টোৰ ওচৰ পালোঁ৷ মোক দেখা পোৱাৰ লগে লগে জুমটোৱে ‘ষাঁড় গৰু কটা চহৰীয়াক গ্ৰেপ্তাৰ কৰক-গ্ৰেপ্তাৰ কৰক’ বুলি চিঞঁৰিব ধৰিলে৷ ষাঁড়টোৰ কটা ঠাইডোখৰ বিচাৰোতে পিছ ঠেঙৰ তপিনাৰ কাষত বখলিওৱা দেখা পালোঁ৷ মানুহৰ জুমটোক শান্ত কৰিবৰ বাবে ওচৰৰে পশু চিকিৎসক ‘নাথ’ক মাতি পঠিয়ালোঁ৷ লগতে উপ-পৰিদৰ্শক ‘আলী’ক চহৰীয়াক শোধ-পোচৰ বাবে থানালৈ লৈ আহিবলৈ পঠিয়ালোঁ৷ চিকিৎসক নাথে আহি গৰুটোৰ আঘাত পোৱা ঠাইডোখৰত আয়’ডিন, মলম সানি দিলে৷ আইনমতে কোনো এজন ব্যক্তিক দোষী সাব্যস্ত কৰিবলৈ হ’লে সাক্ষীৰ প্ৰয়োজন৷
কমল বৰাৰ ইটো সিটো
কমল বৰাৰ ইটো সিটো
শ্ৰী মহিম আচাৰ্য্য, তেজপুৰ
দুপৰীয়াৰ সময়।আহাৰ মাহৰ গৰম।কেবাদিন ধৰি বৰষুণৰ দেখা দেখি নাই। ৰ'দ বৰ চোকা খাওঁ খাওঁ মূৰ্তি ।।বাৰিচুকত থকা কঠাল জোপাৰ তলতে কমল বৰাৰ অস্থায়ী সিংহাসন।কিছুসময় ৰ'দত কাম কৰাৰ পাচত তাতেই ক্ষন্তেক জিৰনী লয় তেও।পুৰনী অস্কাৰ টিভিৰ পিচফালৰ খোলা ওলোটাই মাটিত পাৰি সজা হৈছে বৰাৰ ৰাজসিংহাসন। সিংহাসনত আমাৰ বৰা মহাশয় বিৰাজমান।ঘামত সৰ্বশৰীৰ তিতা ।পিন্ধনত কাটাগেন্জী আৰু হাফপেন্ট।কিছুদিন নুখুৰোৱা দাঢ়ি আৰু অযত্নপালিত চুলিৰে যথেষ্ট সুন্দৰ দেখাগৈছে মহাশয়ক।গাৰ দুৰ্গন্ধৰ কাৰনে বোলে মহ-জোকেও বেছি দিগ্দাৰি নকৰে। এটা একলিটাৰৰ মগত বেলৰ চৰ্বত এমগ আৰু এহাতত গিলাচ লৈ মহাৰানী বৰানীৰ যথাস্থানত আগমন।বাৰিত বেলগছ নাই ,কিন্তু নিতৌ ঘৰৰ সকলোৱে বেলৰ চৰ্বত খায়। ইয়াৰোপৰি মাজে মধ্যে দুই এক গোটা বেল বিলাবলৈকো থাকে। ইফালে বজাৰৰ পৰা কোনো কাহানীও বেল কিনি অনা ৰেকৰ্ড নাই। ৰহস্যৰ পম খেদি আবিস্কাৰ কৰা হ'ল যে এয়া মৰ্নিং ৱাকৰ বাহাদুৰি। পুৱা ৰাস্তাৰ কাষৰ বেলগছত বৰাৰ আগত কোনো উপস্থিত হবই নোৱাৰে । কাৰন ইমান পুৱাই কোনেনো বিচনাৰ আমেজ এৰে কমল বৰাৰ দৰে!বেলৰ বাবেই মানুহটো ইমান ৰাতিপুৱাই উঠে বুলি বহুতেই নহঁহাও নহয় । অৱশ্যে বেলতো বছৰৰ কেইদিনমান হে পোৱা যায়, কিন্তু মানুহটো সদায় পুৱা একেসময়তে যায়, বাবে সেই দুৰ্নামৰ পৰা ৰক্ষা পৰে তেও।-- হেৰা মিনতি,বাৰিষাৰ সময়ত এই বনবোৰ ইমান ফটককৈ বাঢ়ে যে বৰ খং উঠিছিল হে।-- উঠিছিল মানে ?এতিয়া কি খং নুঠে নেকি?-- এতিয়া কেলৈ উঠিব ?এতিয়াতো প্ৰেম হৈছে প্ৰেম বুজিছা ।--প্ৰেম?!তাকো এই অপতৃনৰ সৈতে?একো নুবুজিলোঁ ।-- এই বনসোপাৰ কাৰনে কম গালি খাইছিলোঁ নে তোমাৰ ?কাপোৰ মেলা ঠাইত ইমান বন হৈছে,চিকুনাই নিদিয়ে কিয়, জোকৰ ভয়ত যাবই নোৱাৰি । আকৌ কোৱা ,ফুলনিত সোমাবই নোৱাৰি ,আকৌ কোৱা, বাৰিৰ ফালে যোৱা ৰাস্তাৰ বন গুচাই নিদিয়ে কিয়, দিনৰ দিনটো ক'তনো ঘুৰি ফুৰে মানুহটো!!-- এতিয়াও তো গজে?--গজে।কাৰনেইতো লকডাউনৰ সময় ব্যস্ত ৰাখিলে।ফুলনিৰ গুচাই উঠি চোতাল চাফাকৰোঁমানে ফুলনিত উঠিলেই; চোতাল অতাই বাৰিৰ শেষ কৰোঁমানে চোতাল একেই ।পিচফালে কাপোৰ মেলা ঠাই শেষ কৰি উঠিলেই ফুলনি ৰেডি।চাবলৈ গলে গোটেই লকডাউন এই বনবোৰেই ব্যস্ত ৰাখিলে।সেইকাৰণে প্ৰেম বুজিছা ।-- অ!!!কথা ক'ৰবাত!!
ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা
ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা
সাৱধানবাণী
পূব, পশ্চিম, উত্তৰ, দক্ষিণ-
ওপৰে তলে -- চৌদিশে--
যতেই নাথাকক কিয়
মোৰ অগোচৰে নিচেই কাষত
নতুবা আঁতৰত
যতেই বিচৰণ নকৰক কিয়
মোৰ অনিষ্ট বিচৰাজনক
মুকলি প্ৰত্যাহ্বান
হুচিয়াৰ! হুচিয়াৰ!
চালাক,চতুৰ,চয়তান
দেশৰ, দেহৰ শত্ৰু
যিয়েই নহক কিয়
মোক আক্ৰমণ কৰিবলৈ
ৰাতিৰ আন্ধাৰত
মোৰ শোৱাপাঠীত
ওলমি থকা আঠুৱাৰ ভিতৰত
প্ৰবেশ কৰি
লুকাই থকা তেজপিঁয়া
মোৰ দেহৰ শত্ৰু
ক'লা ম'হৰ দৰে
সিহঁতে ভূল কৰে।
সিহঁতে ভাবে
আন্ধাৰ মানে ক'লা
কিন্তু সিহঁতে নাজানে
ক'লা মানেই অদৃশ্য নহয়।
------------------
"যোগীঘোপাৰ কাগজ কলৰ দূৰৱস্থা"(এটি ভ্ৰমণ অভিজ্ঞতা)
"যোগীঘোপাৰ কাগজ কলৰ দূৰৱস্থা"(এটি ভ্ৰমণ অভিজ্ঞতা)
ৰিজু দেৱী, ঢেকিয়াজুলি, অসম
১৯৭০ খৃষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে বৰ্তমান বঙাইগাওঁ জিলাৰ যোগীঘোপাত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আধাৰশিলা স্থাপনকৰা অশোক কাগজ কলৰ দূৰৱস্থা নিজ চকুৰে দেখি অন্তৰত বৰ কষ্ট অনুভৱ হ'ল যোৱা ০১-০৪_২০২১ তাৰিখে। ফুৰিলে বা ভ্ৰমণ কৰিলে বহু নজনা কথা জানিব পাৰি বা জনাৰ এটা জিজ্ঞাসা মনত জাগ্ৰত হয়। ময়ো সেই অজুহাততে বঙাইগাঁওৰ পৰা সুদূৰ ধুবুৰীলৈকে গৈ পালোঁ। তেনে ক্ষণতে মই অশোক কাগজ কল প্ৰত্যক্ষ কৰিছিলোঁ।যোগীঘোপা কাগজ কল বন্ধ হৈছে বুলি শুনিছিলো যদিও,ইয়াৰ আঁৰৰ কিছুমান কথাৰ বিষয়ে অনভিজ্ঞ আছিলো। কাগজ প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজনীয় বাঁহ অসমতে উভৈনদী থকা স্বত্তেও এনেদৰে ৰাইজৰ বহু প্ৰত্যাশিত আৰু উৎসাহ, উদ্দীপনাৰ কেন্দ্র অশোক কাগজ কলৰ এনে মৃতাৱস্থা দেখি কাৰণো হিঁয়াই উচুপি নুঠে? কেন্দ্ৰ চৰকাৰৰ মইমতালি আৰু কূটিল ৰাজনীতি আৰু অসম চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে অসমৰ বহুসংখ্যক নিবনুৱাৰ সংস্থাপনৰ কেন্দ্রবিন্দু যোগীঘোপাৰ কাগজ কলটো ১৯৮৩ চনৰ মাৰ্চ মাহত বন্ধ হৈ পৰিছিল। ইয়াৰ প্ৰধান কাৰণ হৈছে--১৯৬৭ চনত বন্ধহোৱা বিহাৰৰ ৰামেশ্বৰ নগৰৰ কাগজ কলটো। যাৰ স্বত্তাধিকাৰী আছিল বিহাৰৰ দ্বাৰভাংগাৰ মহাৰাজা আৰু বৈদ্যনাথ আয়ুৰ্বেদিক কোম্পানী। কেন্দ্ৰচৰকাৰে যোগীঘোপাত কাগজকল স্থাপন কৰিবলৈ যো-জা কৰে সেই বিহাৰৰ বন্ধ হৈ থকা কাগজ কলৰে আওপুৰনি যন্ত্ৰ-পাতিবোৰ যোগীঘোপালৈ স্থানান্তৰিত কৰি। কিন্তু, বিহাৰৰ ৰাইজে এই কথাৰ উমান পাই কেন্দ্ৰ চৰকাৰৰ এই ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰাত চৰকাৰে আকৌ অশোক কাগজ কলটো দুভাগ কৰি একাংশ যোগীঘোপাত আৰু একাংশ ৰামেশ্বৰত স্থাপন কৰে। ডাঠিকৈ ক'ব পাৰি যে কেন্দ্রীয় চৰকাৰে এইটো এটা অবিবেচক কাম কৰি দেখুৱালে। ৰামেশ্বৰত ৪৫ টন বিশেষ মানদণ্ডৰ কাগজ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে, যোগীঘোপাত দৈনিক ৩০ টন মণ্ড (pulp) আৰু ৯০ টন কাগজ নিৰ্মাণ কৰা হ'ল। তাৰোপৰি ৰামেশ্বৰৰ কাগজ কলটোৰ বাবে অত্যাৱশ্যকীয় মণ্ড যোগীঘোপাতে প্ৰস্তুত কৰি ৰামেশ্বৰলৈ পঠোৱাৰ ব্যবস্থা কৰাৰ ফলত ইয়াৰ পৰিবহন খৰচ দিনকদিনে বৃদ্ধি হোৱাৰ ফলত প্ৰচুৰ পৰিমানে লোকচান হয়।
মহাসংকট কাল
মহাসংকট কাল
ৰাজীৱ শর্মা, অধিবক্তা, ওদালগুৰি
এবাৰ ইফালে এবাৰ সিফালে
ঘনে ঘনে
মোৰ দুচকু
বন্ধ ঘৰৰ চাৰিবেৰত
খুন্দা খাই
অ'ত ত'ত চিটিকি পৰিছে।
সিঁচৰতি সপোনবোৰ দুহাতত বুটলিছোঁ।
বাহিৰত ধুমুহাৰ তাণ্ডৱ
মহাসংকট কাল।
তথাপি বেদনাক্লিষ্ট বুকুত আছে
অফুৰন্ত হেঁপাহ।
মনত গুথিছো আশা।
মোৰ পক্ষে অপেক্ষাৰ বাদে
কোনো বিকল্প নাই
অন্য পথ , পথ্য নাই
নাই আয়-উপায়।
অসমৰ লোকবাদ্য ঢোল : এক অৱলোকন
cybersinc.com - অসমৰ লোকবাদ্য ঢোল : এক অৱলোকন
শ্ৰীমহেন্দ্ৰ কুমাৰ নাথ , তেজপুৰ
‘ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে
বহি বৈ আছিলো তাঁত
টোপোলাৰ সেন্দূৰ টোপোলাতে থাকিলে
খাবলৈ নহলে ভাত৷’
ঢোলে ছেৱে ছেৱে কঢ়িয়াই আনে ছন্দ,অবিশ্ৰান্ত সিঁচি যায় কৃষ্টিৰ কঠিয়া৷ ঢোলৰ চাপৰেৰে হয় জাৰি বিপ্লৱৰ নতুন চমন৷ ঢোলে সঞ্জীৱিত কৰে নৱতম সৃষ্টিৰ ভ্ৰুণক৷ ঢোল নহলে বিহু নপকে৷ ঢোলৰ মাত শুনি থেকেচি যঁতৰ ভাঙিবলৈ মন যায়৷ ঢোলৰ চাপৰত গাভৰু নাচনীৰ দেহা সাতখন-আঠখন কৰে৷ গছৰ তলত, বিহু তলিত ঢোলৰ মাত শুনি বঢ়া ভাত কাঁহীতে এৰি থৈ নাচনী ঢাপলি মেলে ঢুলীয়াৰ কাষলৈ৷ পুৰুষৰ জেউতি চৰোৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢোল৷ ঢোল নহলে বিহু কিহৰ? ঢোলৰ ছেৱে নাচনীৰ গাত দেওধ্বনি তোলে৷ চ’তমহীয়া বিহু ঢোলৰ চাপৰত গা উঠিলে ন-বোৱাৰীয়েও হেনো পানী ঘাটত লুকাই লুকাই এপাক মাৰে৷ ঢোলৰ ছেৱে ছেৱে এপাক নাছিলে হেনো বছৰটোলৈ মূৰ ফুৰণি ভাগে৷ সংগীতৰ পিতামহস্বৰূপ ঢোলে এনেদৰেই প্ৰাণ পাই উঠিছে গণশিল্পী ভাৰতীয় গণ নাট্য সংঘৰ আজীৱন সেৱক হেমাংগ বিশ্বাসদেৱৰ কবিতাৰ ছন্দত---
অভ্যাস গঠনৰ বাবে কিমান দিন ?
অভ্যাস গঠনৰ বাবে কিমান দিন ?
ড০ নিৰ্মলা দেবী
গুৱাহাটী
সমগ্র ভাৰতবৰ্ষত কৰ'না মহামাৰীৰ আৰম্ভণিত প্ৰতিৰোধৰ প্রথম উপায় হিচাপে ২১ দিনৰ সৰ্বাত্মক লকডাউন বা আন কথাত গৃহ বন্দিত্ব ঘোষণা কৰা হৈছিল। সেই সময়তে বিভিন্ন সামাজিক মাধ্যমত প্রকাশিত একাধিক লেখাত ‘অভ্যাস গঠনৰ বাবে ২১ দিন’বুলি উল্লেখ কৰা আমাৰ দৃষ্টিগোচৰ হৈছিল। এতিয়া প্ৰশ্নটো হ’ল অভ্যাস গঠনৰ বাবে সঁচাকৈয়ে বাৰু ২১ দিনৰ প্রয়োজননে ? নতুন অভ্যাস গঠনৰ সংকল্প ল’বলৈ আগ্ৰহী প্রতিজন লোকৰ বাবে এই বিষয়ৰ স্পষ্টতাৰ প্রয়োজন।
ইংৰাজীত কোৱা হয়, ‘You are what you eat’ | এই কথন শৰীৰ নামৰ তেজ-মঙহৰ যন্তুবিধৰ বাবে ৷ একেদৰে মানুহ এজনৰ সামগ্ৰিক ব্যক্তিত্ব নিহিত হৈ থাকে তেওঁ বাৰম্বাৰ পুনাৰাবৃত্তি কৰি থকা কামৰ মাজত অৰ্থাৎ, ‘You are what you do repeatedly’ । অধিক স্পষ্টকৈ ক’বলৈ গ’লে এজন ব্যক্তি তেওঁৰ নিজৰ সমগ্ৰ অভ্যাসৰ সমষ্টি।ভাল অভ্যাসৰ সমষ্টিয়ে এজন ভাল মানুহ গঢ়ে। বিপৰীতে,বদ অভ্যাসৰ গঠনেৰে মানুহে নিজৰ পৰিচয় বেয়া মানুহলৈ পৰ্যবসিত কৰে। সেইবাবেই সময় থাকৌতেই ভাল অভ্যাসৰ গঠন আৰু কৰ্ষণ প্রত্যেক মানৱ-জীৱনৰ এক লক্ষ্য হোৱা উচিত।
অভিনৱ সপোনবোৰ
অভিনৱ সপোনবোৰ
ড০ নিৰ্মলা দেৱী
গুৱাহাটী
১৮৬৯ চনত ৰাছিয়ান ৰসায়ন বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলিভে পিৰিঅ'ডিক টেবুল বা পৰ্যাবৃত্ত তালিকাৰ প্রকাশ কৰিছিল। ২০১৯ চনত এই আৱিষ্কাৰৰ ১৫০ বছৰ হ’ ল। IUPAC - য়ে ২০১৯ চনটোক ৰসায়ন মৌলবোৰেৰে গঠিত পিৰিঅ'ডিক টেবুলৰ বৰ্ষ ৰূপে ঘোষণা কৰিছিল।
অসাধাৰণ প্রতিভাধৰ বিজ্ঞানী, উদ্ভাৱনী শক্তিৰ হোতা মেণ্ডেলিভৰ আবিষ্কৃত‘একক’এই পৰ্যাবৃত্ত তালিকাই ডেৰশ বছৰ ধৰি সমগ্ৰ বিশ্বৰ সকলো বিষয়ৰ বিজ্ঞানীসকলক পৃথিৱী তথা বিশ্ব ব্ৰহ্মাণ্ডত বৰ্তি থকা সকলো মৌল অৰ্থাৎ পদাৰ্থৰ ধৰ্ম, ৰূপ আদিৰ পূৰ্বানুমান কৰিবলৈ সহায় কৰিছে। আশ্চৰ্যকৰভাৱে, ডেৰশ বছৰৰ আগতেই মেণ্ডেলিভে তেতিয়া চিনাক্ত আৰু আৱিষ্কৃত নোহোৱা বহুতো মৌলৰ বাবে তালিকাখনত খালী ঠাই থৈ,প্ৰশ্মবোধক চিন দি ধৰ্ম সম্বন্ধেও ভৱিষ্যদ্বাণী কৰি থৈছিল। যিবোৰ পাছলৈ হুবহু মিলি গৈছিল। ডেৰশ বছৰীয়া দীঘলীয়া যাত্ৰাপথত মেণ্ডেলিভৰ এই পৰ্যাবৃত্ত তালিকাখন সংশোধিত হৈ আধুনিকীকৰণো হ'ল । আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিকাশ কৰা হ'ল। কিন্তু এই অসাধাৰণ বিজ্ঞানীজনৰ অনবদ্য আবিষ্কাৰে সমগ্ৰ পৃথিৱীৰ যোৱা ডেৰশ বছৰজোৰা বিজ্ঞান আৰু প্রযুক্তিৰ ইতিহাস, ঔদ্যোগীকৰণ, আৰু বিশ্ব সমাজৰ বিকাশত বিজ্ঞানৰ একক ভাষাৰে অমোঘ ভেটি প্রদান কৰিছে।
ড০ নিৰ্মলা দেৱীৰ কিতাপ ‘লক্ষ্য এক মনুষ্যত্ব’ ৰ পৰা : ‘অগ্ৰাধিকাৰেই মানুহ গঢ়ে’
ড০নিৰ্মলা দেৱীৰ কিতাপ ‘লক্ষ্য এক মনুষ্যত্ব’ ৰ পৰা : ‘অগ্ৰাধিকাৰেই মানুহ গঢ়ে’
ড০ নিৰ্মলা দেৱী
গুৱাহাটী
'Snooze' শব্দৰ অসমীয়া পৰিভাষা সঠিককৈ পোৱা কঠিন যদিও আভিধানিক অৰ্থত তন্ত্ৰাৱস্থা, অল্পনিদ্ৰা, ঘুমটি আদি বুলিলেও কিছু স্পষ্ট হয় অনুমান কৰিব পাৰি। ম’বাইল ফোনৰ এলাৰ্ম ঘড়ীৰ ব্যৱস্থাত থকা ‘স্নুজ ‘ বুটামটোৰ ব্যৱহাৰৰ সংখ্যা হিচাপ কৰিলে দেখিব যে এই শব্দৰ ব্যৱহাৰৰ সংখ্যাই হয়তো অদ্যাৱধি ব্যৱহাৰ হোৱা শব্দৰ সকলো পৰিসংখ্যাকেই অতিক্ৰম কৰিব। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, খেলুৱৈ, কৰ্মচাৰী, অভিভাৱক-পিতৃ-মাতৃ সকলোৰে মাজত ‘স্নুজ ‘ৰ ব্যৱহাৰ প্রচুৰভাৱে জনপ্ৰিয়। এয়া দুখলগাকৈ বাস্তৱ যে মানুহৰ অংকিত জীৱন-ৰেখাত কোনো ‘স্নুজ’, ‘তন্দ্ৰা,’ ‘স্থবিৰতা’ বা পজ (pause) ৰ বুটাম নাই। থকা হ’লে পুৱাবেলা ‘স্নুজ’ টিপি অলপ সময় টোপনিৰ জুতি লৈ শুই থকাৰ দৰে জীৱন যাত্ৰাত ‘স্নুজ’ টিপি লৈ জীৱনটোক কিছু শৃংখলিত কৰিব পৰা বা জিৰণি ল’ব পৰা গ’লহেঁতেন। অৱশ্যে, একে সময়তে এয়াও বাস্তৱতা যে ‘স্নুজ’ বুটামে আজিলৈকে কাৰো টোপনি পূৰ্ণ কৰিবলৈ অনুমতি দিয়াৰ উদাহৰণ নাই।বৰঞ্চ ই আউল লগোৱা উদাহৰণবোৰহে স্পষ্ট।
ন সূৰুযৰ সন্ধানত
ন সূৰুযৰ সন্ধানত
প্ৰণিতা চহৰীয়া
প্ৰবক্তা,অসমীয়া বিভাগ
ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়
ঢেকিয়াজুলি, শোণিতপুৰ অসম
শৈশৱ
মনে বিচাৰে আজি মোৰ
হেৰুওৱা শৈশৱৰ দিনবোৰ
ক’ত এৰি আহিলোঁ মই
প্ৰাণ খোলা হাঁহিবোৰ
আকৌ ঘূৰাই পাব বিচাৰো
শান্তিৰ টোপনিৰ আঁচলখনি
কোনে কাঢি. নিলে আশাবোৰ
উজ্জ্বল পথৰ মাজতে
নিঃসংকোচে কোৱা মোৰ ভাষাবোৰ
হেৰাই গ’ল কেনেকৈ
ক’ব নোৱাৰো কিয় আজি
সংকোচ ভাব হয়
কিবা যেন লুকুৱাই ৰাখিছোঁ
মৌন মোৰ মনোভাব
কিয় কাঢি. নিলা আপোনসকলক
মোৰ শৈশৱৰ মৰমবোৰ
আজিও ল’ৰালি ধেমালি নাতৰিলেহেঁতেন
তেওঁলোকৰ আলসুৱা মৰমত
অকাল বৃদ্ধ হৈ গ’লোঁ
অভিমানবোৰো লোপ পালে
কাৰ সন্মুখত সাদৰ দেখুৱাম
সকলো শূন্য হৈ গ’ল
মাত্ৰ বুকু ভৰি ৰ’ল
মৰমীয়াল মুখৰ প্ৰতিচ্চবি দুখন৷
মানৱ দৰদী শিল্পী ড০ ভূপেন হাজৰিকা
মানৱ দৰদী শিল্পী ড০ ভূপেন হাজৰিকা
ৰিজু দেৱী, ঢেকিয়াজুলি,
শোণিতপুৰ, অসম
১৯২৫ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে অসমৰ পূব-প্ৰান্ত শদিয়াত জন্ম গ্ৰহণ কৰা জনতাৰ শিল্পী তথা সুৰ সম্ৰাট ড০ ভূপেন হাজৰিকাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল প্ৰিয়া হাজৰিকা। নীলকান্ত হাজৰিকা দেৱে শদিয়াৰ চৰকাৰী এম.ই স্কুলত শিক্ষকতা কৰিছিল। উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে সেইসময়ত সেই বিস্তাৰিত অঞ্চলৰ বাবে এই এম.ই স্কুলখনেই আছিল একমাত্ৰ শৈক্ষিক অনুষ্ঠান। তেওঁ এজন শিক্ষক হোৱাৰ উপৰিও নিস্বাৰ্থ সমাজকৰ্মী হোৱাৰ বাবে জাতি-বৰ্ণ নিৰ্বিশেষে সকলো সামাজিক কামকাজতে নিমন্ত্ৰিত হৈ অগ্ৰণী ভূমিকা পালন কৰিছিল। চৰকাৰী বিষয়াৰ পৰা আদি কৰি সকলো খেতিয়ক,ব্যৱসায়ী আৰু সাধাৰণলোকে তেওঁক বৰ আদৰ-সন্মান কৰিছিল। এনেদৰে ওচৰ-চুবুৰীয়াৰ লগতে বিভিন্ন জাতি-সম্প্ৰদায়ৰ লোকৰ আগমন আৰু আত্মীয়তাৰ ফলত শিশুকালৰ পৰাই ভূপেন হাজৰিকা অজানিতে এক বিচিত্ৰ পৰিবেশৰ মাজত সোমাই পৰিছিল আৰু লগতে জনজাতীয়-অজনজাতীয় বাৰেবৰণীয়া ভাষা-সংস্কৃতি,আচৰণ-উৎসৱবোৰৰ লগত পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছিল। ভূপেন হাজৰিকাই ঘৰতে পিতৃ-মাতৃৰ তত্বাবধানত অ,আ,ক,খ শিকি লৈ এবছৰ বয়সতে প্ৰাথমিক শিক্ষা সাং কৰিছিল। পিতৃ নীলকানিত হাজৰিকাই চাকৰি সূত্ৰে ইমূৰৰ পৰা সিমূৰলৈ যাব লগা হোৱাৰ বাবে গুৱাহাটীত তৃতীয় আৰু চতুৰ্থ শ্ৰেনীলৈ পঢ়ি ,ধুবুৰী হাইস্কুলত পঞ্চম আৰু তেজপুৰ চৰকাৰী হাইস্কুলত ১৯৩৬ চনত ষষ্ঠ শ্ৰেনীত নামভৰ্তী কৰে। তেজপুৰত সেইসময়ত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সানিধ্যলৈ আহে। একেৰাহে গীতিকাৰ,সুৰকাৰ,অভিনেতা নাট্যকাৰ আৰু সাহিত্যিক ব্যক্তি দুজনাৰ সংস্পৰ্শত পৰি বিভিন্ন সামাজিক অনুষ্ঠান আদিত আত্মপ্ৰকাশৰ সুযোগ লাভ কৰি চমকি উঠে। সৰুকালৰ পৰাই অতি প্ৰতিভাসম্পন্ন ভূপেন হাজৰিকাই মাত্ৰ ৬ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলৰ বছেৰেকীয়া উৎসৱত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীষ আৰু চুমা লাভ কৰিবলৈ সক্ষম হয়।
“আৰু দুদিনমান থাকিবলৈ পোৱা হ'লে......”
এজন অৱসৰী শিক্ষকৰ মনৰ কথা :
“আৰু দুদিনমান থাকিবলৈ পোৱা হ'লে......”
আৰু দুদিনমান থাকিবলৈ পোৱা হ'লে.......
নাই, নহ'ব
এয়া সময়ৰ আহ্বান
কেনে সময় ?
যি সময়ৰ বুকুত দৃষ্টি হয়
কাৰোবাৰ হা-হুমুনিয়া, বিষাদ-বেদনা
আৰু জীৱনৰ কৰুণ গাথা ।
সেই আহ্বানক স্বীকাৰ কৰিছোঁ
হৃদয়ৰ দুৱাৰত খুন্দিয়াই থকা
সময়ে নিক্ষেপ কৰা দুখৰ শিলাবোৰৰ
আঘাতত ক্ষত-বিক্ষত হৈ I
সময়ে কাণৰ কাষত ফুচফুচাই ক'লে
মোৰ হেনো বয়স হ'ল।
তথাপি কেইদিনমান থাকিবলৈ
বৰ মন যায় অʼ__
বিভিন্ন প্ৰকাৰৰ জাতীয় লোকগীত-লোকনৃত্য
বিভিন্ন প্ৰকাৰৰ জাতীয় লোকগীত-লোকনৃত্য
ৰিজু দেৱী, ঢেকিয়াজুলি, শোণিতপুৰ, অসম লোকগীতবোৰ এটা জাতিৰ পৰিচয় বাহক আৰু সেই জাতিৰ সাংস্কৃতিক দাপোন। তেনেদৰে লোকনৃত্যবোৰতো বিভিন্ন জনগোষ্ঠীৰ অন্তৰ্নিহিত ভাৱৰ অভিব্যক্তিবোৰ গীতৰ মাধ্যমেদি প্ৰকাশ কৰা হয়। গীতৰ এই ভাবানুভূতিবোৰ নৰ্তক-নৰ্তকীয়ে প্ৰকাশ কৰে তেওঁলোকৰ একো একোটা ভৰিৰ তালৰ মাধ্যমেদি,হাতৰ প্ৰত্যেকটি মুদ্ৰাৰ দ্বাৰা,কঁকালৰ একো একোটা ভংগীমাৰ দ্বাৰা আৰু চাল-চলনৰ দ্বাৰা। সংগীতৰ অভূতপূৰ্ব অংগৰ ভিতৰত লোকগীতেই হৈছে প্ৰধান অঙ্গ।পৰম্পৰাগতভাৱে মানুহৰ মূখে মূখে চলি অহা এই গীতবোৰৰ কোনো ব্যাকৰণ বা ইতিহাস নেথাকে। আমি এনে গীতবোৰৰ গীতকাৰ আৰু সুৰকাৰৰ বিষয়েও জানিবলৈ অক্ষম। সাধাৰণ জনতাই নিজৰে ভাৱ-তাল-লয়ত গোৱা আৰু সম্পূৰ্ণৰূপে গ্ৰাম্য জীৱনৰ প্ৰতিফলন ঘটা গীতবোৰেই হৈছে লোকগীত। গোৰ্খা মহাজাতিও বিভিন্ন জনজোষ্ঠীয় লোকসংস্কৃতিৰে সমৃদ্ধ সংস্কৃতিবান জাতি| গোৰ্খা সমাজত প্ৰচলিত বিভিন্ন ধৰণৰ সময়সাপেক্ষ লোকগীতবোৰৰ কিছু বৰ্ণনা তলত দাঙি ধৰা হ'ল------ মালশ্ৰী--মালশ্ৰী হ'ল এক আধ্যাত্মিক ভাৱসম্পন্ন গীত।মালশ্ৰী গীতত দেৱী দূৰ্গাৰ মহিমাৰ গুনগান কৰা হয়।মালশ্ৰী এক প্ৰকাৰ শ্লোক হ'লেও ইয়াক দীঘলীয়াকৈ সুৰ টানি গীত আকাৰে গোৱা হয়।
“শ্বহীদ” বৈজয়ন্তী দেৱী
“শ্বহীদ” বৈজয়ন্তী দেৱী
ৰিজু দেৱী, ঢেকিয়াজুলি,
শোণিতপুৰ, অসম
বৈজয়ন্তী দেৱী এনে এগৰাকী দেশভক্ত আছিল যাৰ নামেই এক পৰিচয়। ১৯৫৯ চনৰ ১৯ জুলাই তাৰিখে শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি নামৰ এখন সৰু গাঁৱত তেওঁৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে অমৰ উপাধ্যায় আৰু শান্তি দেৱী। সৰুকালৰ পৰাই বৈজয়ন্তী দেৱী পঢ়া-শুনাত মেধা সম্পন্ন হোৱাৰ সামাজিক কামকাজতো আছিল বৰ অগ্ৰণী। প্ৰাইমাৰী স্কুল সাং কৰাৰ পিছত তেওঁ শ্বিলঙৰ জেল ৰোড স্হিত মহিলা বিদ্যালয়ত নাম ভৰ্তি কৰে। তাৰ পিছত আকৌ তেওঁ তেজপুৰৰ কন্যা বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰে। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ প্ৰৱেশিকা পৰীক্ষা দিব পৰা নাছিল যদিও ক্ৰীড়া আৰু নাচ-গানত তেওঁ আছিল পাৰ্গত।
“সমন্বয়ৰ সাধক” --হৰিপ্ৰসাদ গোৰ্খা ৰাই
“সমন্বয়ৰ সাধক” --হৰিপ্ৰসাদ গোৰ্খা ৰাই
ৰিজু দেৱী
ঢেকিয়াজুলি, শোণিতপুৰ, অসম
সমন্বয়ৰ সাধক ৰূপে চিৰপৰিচিত হৰিপ্ৰসাদ গোৰ্খা ৰাইৰ জন্ম হৈছিল ১৯১৫ চনৰ ১৩ জুলাই তাৰিখে, কোহিমাৰ নাগা হিলচত। তেওঁ অসমীয়া আৰু গোৰ্খা জাতিৰ মাজত এক যোগসূত্ৰ ৰূপে কাম কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল ধনৰাজ ৰাই আৰু মাতৃৰ নাম আছিল যচোদা ৰাই। ধনৰাজ ৰাই এজন ইণ্ডিয়ান আৰ্মী আছিল আৰু শিক্ষাৰ প্ৰতি আছিল তেওঁৰ বৰ অনুৰাগ । হৰিপ্ৰসাদক তেওঁ এজন সুশিক্ষিত ব্যক্তি ৰূপে গঢ়ি তুলিব বিচাৰিছিল। সেয়ে, হৰিপ্ৰসাদৰ শিক্ষা গ্ৰহণৰ বাবে যিখিনি সা-সুবিধাৰ প্ৰয়োজন হৈছিল , সেই সকলোখিনি প্ৰদান কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল। সৰুকালৰ পৰাই হৰিপ্ৰসাদক ৰামায়ন, মহাভাৰত, নীতিশিক্ষা আদিৰ জ্ঞান দিয়া হৈছিল। কোহিমাতে থাকি মাইনৰ স্কুল সুখ্যাতিৰে পাচ কৰাৰ পিছত হৰিপ্ৰসাদে হাইস্কুলৰ শিক্ষা যোৰহাটতে থাকি গ্ৰহণ কৰিছিল। সৰুৰে পৰা মেধা সম্পন্ন হোৱাৰ বাবে তেওঁ ১৯৩৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত, সংস্কৃত আৰু ভূগোলত লেটাৰ মাৰ্কচ লৈ উত্তীৰ্ণ হৈছিল। তাৰ পিছত আকৌ বি.এ.পাচ কৰি এম.এৰ শিক্ষা ও গ্ৰহণ কৰিছিল। হিন্দীৰ 'বিশাৰদ' ডিগ্ৰীও লাভ কৰিছিল। ৰেডক্ৰচ,স্কাউট আদিৰ ডিপ্লোমাও গ্ৰহণ কৰিছিল তেওঁ।
হাইকু মালা
হাইকু মালা : ১
বিমল কুমাৰ গজিৰেল
গলিয়া, বিশ্বনাথ চাৰিআলি, অসম ।
১)শীতৰ দিন
কোটৰ পকেটেই
গৰম বন্ধু ।
২)জুইৰ তাপ
পেটটো সেকিলও
পিঠিটো ঠাণ্ডা ।
৩)লেপৰ উম
খালী পেটৰ দ্ৰোহ
বিচনা এৰ ।
৪)কৰ্ম প্ৰেৰণা
মন্তব্যৰ মৰম
খোলা অন্তৰ ।
৫)সময় গতি
বোৱতী নদী জল
নাহে উভতি ।
৬)লৰালি কাল
আনন্দৰ নিজৰা
জীৱন ধাৰা ।
৭)অতীত কাল
মিঠা দিনবোৰৰ
স্মৰণ ভাল ।
৮)পুৰণি মিত্ৰ
স্মৃতিৰ জলঙাৰ
উৱলা চিত্ৰ ।
৯)মনৰ ঘৰ
আশাৰ খুটাবোৰ
লৌহ চানেকি ।
৯)মন মন্দিৰ
কোন তুমি গোসানী
প্ৰেমৰ দেৱী !
১০)স্মৃতিৰ পাত
এখিলা এখিলাকৈ
বাৰ্ধক্য গ্ৰাস ।
****
নৱবৰ্ষ
নৱবৰ্ষ
ধ্ৰুৱ ভূষণ মহন্ত,
ঢেকিয়াজুলি, শোণিতপুৰ, অসম
আইৰ সংকটৰ কালতে
শীতৰ কুঁৱলি ফালি
ন সুৰুজৰে সাজি কাছি
নৱবৰ্ষ পালেহি আহি I
নৱবৰ্ষৰ নৱ প্ৰভাতে
কাণে কাণে কলে সংগোপনে
মই আহিছো তোমাৰ কাষলৈ
লোৱানা মোক আদৰি মৰমেৰে,
অত দিনে আইৰ কাষতে থাকি
কি দুঃসময় একবিংশ শতিকাৰ:২০২০
কি দুঃসময় একবিংশ শতিকাৰ:২০২০
ড০ ৰোহিত চন্দ্ৰ ৰাভা
অধ্যক্ষ,নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়,
শোণিতপুৰ, অসম
নিলগত কি হাহাকাৰ সামাজিক জীৱন
মৃত্যুৰ বিভীষিকা
আপোনজনৰ আৰ্তনাদ
হৃদয়বোৰ গলিছে মামবাতিৰ দৰে
গলি গালি সিহঁতো নি:শেষ হৈছে
কাৰোবাৰ ঘৰ শুদা হৈ গ'ল
নিমাওমাও দিনা-ৰাতি
চাৰিওদিশে মহামাৰীৰ আতংক
মহামাৰীৰ সন্ত্ৰাস
বোমাৰ দৰে অন্য এক আক্ৰমণ
আৰু
আৰু আক্ৰমণৰ শৃংখলডাল দিনক দিনে সম্প্ৰসাৰণ হৈয়ে আছে।
এতিয়া শৃংখলডাল সমগ্ৰ পৃথিৱীতে বিয়পিছে
পৃথিৱী খন এতিয়া আতংকিত
এটি অবিস্মৰণীয় ক্ষণ
এটি অবিস্মৰণীয় ক্ষণ
চিন্তামণি চম্লাগাঞী,বিষয়-শিক্ষক,
লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,
জিলা:ধেমাজি, অসম
জুলাই মাহতে গম পাইছিলোঁ সূৰ্য বাহাদুৰ ছেত্ৰী নামৰ ল'ৰাজনে ফুলবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে | এই বছৰৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁ 79. 5 শতাংশ মাৰ্ক্স আজুৰি আনি সহজ সৰল হোজা পিতৃ-মাতৃক উপহাৰ দিছিল | সুখী হ'ল তেওঁলোক | সূৰ্যৰ মা-দেউতা দুয়োজনে বিশেষভাৱে সক্ষম | সূৰ্য ঘৰৰ ডাঙৰ ল'ৰা | তেওঁৰ পিছত তেওঁৰ ভাইটি -ভন্টী এহাল আছে | আয়ৰ উ্তস বুলিবলৈ একো নাই | বাঁহ-খেৰেৰে নিৰ্মিত জুপুৰিটোত বিজুলী বাতিৰ সংযোগ নাই | গম পালোঁ - সূৰ্যই হেনো সন্ধ্যা প্ৰতিবেশী শুই যোৱাৰ পাছত তেঁওলোকৰ ঘৰৰ বাৰান্দাত উলমি থকা বাল্বৰ পোহৰত অধ্যয়ন কৰিছিল | God helps those who help themselves বোলা আপ্তবাক্য মিছা হ'ব নোৱাৰে |
শৈশৱ
শৈশৱ
( অসম সাহিত্য সভাৰ, ঢেকিয়াজুলি শাখাৰ সাহিত্য সভাৰ সৌজন্যত)
প্ৰণিতা চহৰীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়, ঢেকিয়াজুলি, শোণিতপুৰ, অসম।
মনে বিচাৰে আজি মোৰ
হেৰুওৱা শৈশৱৰ দিনবোৰ
কত এৰি আহিলোঁ মই
প্ৰাণ খোলা হাঁহিবোৰ
আকৌ ঘূৰাই পাব বিচাৰো
শান্তিৰ টোপনিৰ আঁচলখনি
কোনে কাঢি নিলে আশাবোৰ
সমিধান বিচাৰি
সমিধান বিচাৰি
(অসম সাহিত্য সভাৰ, ঢেকিয়াজুলি শাখাৰ সৌজন্যত)
প্ৰণিতা চহৰীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়, ঢেকিয়াজুলি, শোণিতপুৰ, অসম।
সেই দিনাখন আছিল জোনাক নিশা
তৰাবুলীয়া পোহৰেৰে পোহৰোৱা
হিয়া জুৰোৱা এটি নিয়ৰসিক্ত সুবাসৰ
ৰামধেনুৰ সাতো ৰঙেৰে ৰঙাই তোলা
আলফুলে পাৰি থোৱা এখনি শীতল দলিচাৰ দৰে
চেৰাপুঞ্জীৰ গৰ্ভত বৈ যোৱা
সমিধান বিচাৰি
সেই দিনাখন আছিল জোনাক নিশা
তৰাবুলীয়া পোহৰেৰে পোহৰোৱা
হিয়া জুৰোৱা এটি নিয়ৰসিক্ত সুবাসৰ
ৰামধেনুৰ সাতো ৰঙেৰে ৰঙাই তোলা
আলফুলে পাৰি থোৱা এখনি শীতল দলিচাৰ দৰে
চেৰাপুঞ্জীৰ গৰ্ভত বৈ যোৱা
ভাৰতীয় সাহিত্যত অনুবাদৰ ভূমিকা
ভাৰতীয় সাহিত্যত অনুবাদৰ ভূমিকা
কৰবী বৰ্মন
নলবাৰী, অসম
৭৮৯৬৯৪৫০৯৮
অনুবদ্যতে ইতি অনুবাদ+ঘঞ ইতি অনুবাদঃ। অনুবাদ শব্দৰ বুৎপত্তি গত অৰ্থ হ'ল পাঠটো আগত লৈ সেইমতে কৰা।মলিনিয়েৰ উইলিয়ামচৰ মতে 'saying after or again ,responding by way of explanation' । অনুবাদৰ ইংৰাজী প্ৰতিশব্দ translation শব্দৰ উৎপত্তি লেটিন translatum শব্দৰ পৰা আহিছে।
অনুবাদৰ পৰিসৰ ব্যাপক। সাম্প্ৰতিক কালত বিশ্বৰ লগতে ভাৰতটো অনেক সাহিত্য ৰাজি ৰচনা হৈ আছে। ভিন্ন ঠাইত ভিন্ন ভাষাত ভিন্ন সাহিত্য ৰাজিৰ সোৱাদ ল'বলৈ ভাষাৰ সম্যক জ্ঞান থকাটো দৰকাৰ। কিন্তু ইমান ভাষিক আহৰণ কৰাটো সম্ভৱ নহয়। সেয়ে ইয়াৰ বাবে প্ৰয়োজন হয় এজন অনুবাদকৰ উৎকৃষ্ট অনুবাদ।যাৰ দ্বাৰা অনেক সাহিত্যৰ আভাস পোৱাটো সম্ভৱ হয়। সাহিত্য ৰাজি আজি বিশ্বমুখী হ'ব পাৰিছে একমাত্ৰ অনুবাদৰ যোগেদি।সেয়ে সাহিত্যৰ পৰিসৰ ক্ৰমে ক্ৰমে বিশাল হৈ আহিছে।গিলবাৰ্ট হিঘেট(Gilbert Highet) নামৰ বিশিষ্ট পণ্ডিত গৰাকীয়ে তেওঁৰ the classical tradition নামৰ বিখ্যাত গ্ৰন্থ খনত অনুবাদৰ গুৰুত্ব আলোচনা কৰি লিখিছে যে অনুবাদে সাধাৰণতে কোনো মহৎ কৰ্ম সৃষ্টি নকৰে, কিন্তু মহৎ কৰ্মৰ সৃষ্টি হোৱাত প্ৰায়ে সহায় কৰে। (Translation doesn't usually create great work s but it often helps great works to be corrected)।ড০ প্ৰফুল্ল কটকীয়ে তেওঁৰ পুথিত অনুবাদৰ বিষয়ে এনেদৰে মন্তব্য দাঙি ধৰিছে -"অনুবাদ অবিহনে ইউৰোপীয় নৱজাগৰণৰ সূচনাই নহ'ল হেঁতেন বুলি কটূক্তি কৰা নহ'ল।
মাধৱ কন্দলীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিতৰ এক তুলনামূলক আলোচনা
মাধৱ কন্দলীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিতৰ এক তুলনামূলক আলোচনা
( তুলনামূলক সাহিত্য )
কৰবী বৰ্মন
মালিগাঁও, গুৱাহাটী
দুই বা তাতোধিক সাহিত্যৰাজিৰ তুলনামূলক বিচাৰেই হ'ল তুলনামূলক সাহিত্য । তুলনামূলক সাহিত্য শব্দটি ইংৰাজী Comparative literature ৰ সমাৰ্থক হিচাপে ধৰা হয়। তুলনা মূলক সাহিত্যৰ পৰিসৰ ব্যাপক।ইউৰোপত জন্ম হোৱা তুলনা মূলক সাহিত্য ই লাহে লাহে অন্য দেশৰ লগতে ভাৰততো প্ৰসাৰ লাভ কৰে।ফলত ভাৰতীয় সাহিত্যই বিভিন্ন অঞ্চলৰ ভাষা সাহিত্যৰ উপাখ্যানৰ গঠন আৰু ধৰ্মীয় বিশ্বাসৰ মাজত থকা সাদৃশ্যতা আবিষ্কাৰ কৰিলে আৰু এক ভাৰতীয় মনৰ এক ৰুচি সম্পন্ন চিন্তাৰ ভিত্তিত তুলনা মূলক সাহিত্যৰ পৰিবেশো ৰচনা কৰিলে।
লেছেৰি বোটলা দিনবোৰ সোঁৱৰি...
লেছেৰি বোটলা দিনবোৰ সোঁৱৰি...
অঞ্জন বাচকোটা
চমাৰ দলনি, চতিয়া, বিশ্বনাথ, অসম
আঘোনৰ সোণোৱালী দিনবোৰ কৃষক বন্ধুসকলৰ বাবে সোণগুটি চপোৱাৰ বহু অপেক্ষাৰ দিন৷ অসমৰ গ্ৰামাঞ্চলৰ সকলো কৃষক ব্যস্ত হৈ পৰে এইকেইদিন৷ কাৰোবাৰ আইজং, চাপৰ আইজং, চৰকাৰী জহা, কাৰোবাৰ ৰঞ্জিত অথবা দলনিৰ বাওতলী৷ আগতীয়াকৈ পকা ধানসমূহ কোনোবাই কালী পূজাৰ আগে-পিছে কাটিবলৈ আৰম্ভ কৰিছে৷ আজিকালি গাঁৱৰ দাৱনীবোৰ কিছু নিষ্কৰ্মা হৈছে বোলে৷ কিবা জৱকাৰ্ড আৰু পঞ্জাৱৰ পৰা অহা চাউলেৰে তেৰাসবৰ ভঁৰাল টনকীয়াল৷ দাৱনী বিচাৰি তেওঁলোকৰ ঘৰলৈ গ’লে প্ৰায়ে বিমুখ হৈ ওলটি আহিবলগীয়া হয়৷ গ্ৰামাঞ্চলৰ কৃষক বন্ধুৱে সেয়েহে ওচৰৰ বাগানসমূহৰ পৰা ভাৰাতীয়া দাৱনী পূৰ্বে বন্দোবস্তি কৰা অনুসৰি গাড়ীৰে অনা-নিয়াৰ সু-ব্যৱস্থা কৰি দিবলগীয়া হোৱাৰ ওপৰি বেলি লহিওৱাৰ পূৰ্বে প্ৰতিগৰাকীৰ হাতত নগদ ২০০ ধৰাই দিব লাগিব৷ ১১ বজাত কাম আৰম্ভ, ১১.৩০ বজাত চাহ-বিস্কুট আৰু ১.৩০ বজাত চাহ জলপান৷ ঘড়ীৰ কাটা ৪ ত লাগিলেই ধানৰ মুঠি এৰি দিয়াৰ সংকল্প৷ এয়া নিশ্চয় যুগ পৰিৱৰ্তন৷ আমিবোৰেও আকৌ চাউল কিনি খালেহে নিজকে ডাঙৰ মানুহ যেন অনুভৱ কৰো৷
মৃত্যুৰ সৈতে মুখা মুখি : ১
মৃত্যুৰ সৈতে মুখা মুখি : ১
লীলা কান্ত তিমচিনা, ডিব্ৰুগড়,
Email: lilakanta.timsina@gmail.com
আপুনি বাৰু জীৱনত প্ৰায় নিশ্চিত মৃত্যুৰ পৰা কেইবাৰ বাচিছে।মই কিন্তু কেইবাবাৰো বাচিছোঁ ।বেমাৰৰ কথা নকওঁ ইয়াত। দুৰ্ঘটনা বা মূৰ্খামীৰ কথাহে কম।
মই তেতিয়া মাৰ্ঘেৰিটাত আছিলোঁ।মোৰ এখন ভেষ্পা NV স্কুটাৰ আছিল।মই সেই স্কুটাৰেৰে ভাৰা ঘৰৰ পৰা অফিচলৈ অহা যোৱা কৰোঁ।মোৰ ডাঙৰ লৰাৰ বয়স তেতিয়া সাত বছৰ মান হব।এদিন লৰাটোক স্কুটাৰৰ আগত থিয় কৰাই ভাৰা ঘৰৰ পিনে গৈ আছোঁ।ব্যস্ত ৰাস্তা।ৰাস্তাত তিনিআলি এখন আছে।মই সোঁ পিনৰ চাংলাং ৰোড লৈ সোমাই যাব লাগে।স্কুটাৰৰ আইনাত চালোঁ, পিছপিনে দি কোনো যানবাহন আহি থকা নাই।
সফলতাৰ সোপান দূৰন্ত সপোন
সফলতাৰ সোপান দূৰন্ত সপোন
ড০ নিৰ্মলা দেবী
গুৱাহাটী
ৰ’মানা এক’ষ্টা বেনুএল’ছ [Romana Acosta Benuelos] মাৰ্কিন যুক্তৰাষ্ট˜ৰ প্ৰথম লেটিনো কোষাধ্যক্ষ [Latina Treasurer - ১৯৭১-১৯৭৪] আৰু এগৰাকী অসাধাৰণ উদ্যোগী ব্যৱসায়ী৷ আমেৰিকাৰ আৰিজ’না প্ৰদেশৰ মিয়ামিত দৰিদ্ৰ প্ৰৱাসী মেক্সিকান পৰিয়ালত জন্ম গ্ৰহণ কৰা [১৯২৫] বেনুএল’ছক ১৯৩৩ চনত আমেৰিকাৰ গ্ৰেট ডিপ্ৰেছনৰ সময়ত হাজাৰ-হাজাৰ আন প্ৰৱাসী মেক্সিকান আমেৰিকান পৰিয়ালৰ লগতে চৰকাৰে দেশান্তৰ কৰিছিল৷ চৰকাৰে পুনৰ ঘূৰাই অনাৰ প্ৰত্যাশাৰে মেক্সিকোলৈ গমন কৰা বেনুএল’ছৰ পৰিয়ালটি মেক্সিকোৰ চ’নাৰা [Sonara] নামৰ এখন সৰু ঠাইত বসবাস কৰিবলৈ লয়৷
বাল্যকাল, মই আৰু দেউতাৰ স্মৃতি
বাল্যকাল, মই আৰু দেউতাৰ স্মৃতি
লীলা কান্ত তিমচিনা
ডিব্ৰুগড়
মই তেতিয়া সৰু।হয়তো তিনি বা চাৰি বছৰীয়া।কেইবাদিনৰ পৰা দেউতাৰ গা বেয়া।জ্বৰ উঠে।আৰু কিবাকিবি শাৰীৰিক অসুবিধা।মই বিশেষ বুজি নাপাওঁ।স্থানীয় চিকিৎসাই কাম নকৰাত তেজপুৰ মিছনেৰী হস্পিতালত লৈ গল।তাত এক্সৰে,এণ্ডস্কপি আদি কৰি ঠাৱৰ কৰিলে যে তেখেতৰ খাদ্য নলীৰ কেন্সাৰ হৈছে আৰু কেন্সাৰ হাওঁফাওঁ আদি অঞ্চল লৈ বিয়পি পৰাৰ সম্ভাৱনা আছে বোলে।
1967/68 চনৰ কথা।মিছনেৰী হস্পিতালে দেউতাক পাঞ্জাৱৰ লুধিয়ানা লৈ ৰেফাৰ কৰিলে।দেউতাক লগত লৈ ৰেলেৰে আমাৰ মাজু খুৰা আৰু গাঁওৰ পুৰোহিত গোবিন্দ উপাধ্যায় লুধিয়ানা লৈ গল।ডাঙৰ দাদাই ৰঙিয়া লৈকে লগ দিলে।প্ৰায় এমাহ পাছত আমাৰ দেউতাক ঘৰলৈ আহিল।তেখেতৰ স্বাস্থ্য খুউব বেয়া।পেটত এটা নলী লগাই দিছে।সেই নলীৰে জুলীয়া খাদ্য খুৱাই।
হিন্দুৰ তেত্ৰিছ কৌটি দেৱ দেবীৰ ব্যাখ্যা
------ বাসুদেব উপাধায়
ডিব্ৰুগড়
দূৰভাষ : 7002403120
বেছিভাগ মানুহৰে এটা ভ্ৰান্ত ধাৰণা যে হিন্দু সকলৰ তেত্ৰিছ কোটি দেৱ দেৱী আছে ।। ইমান দেৱ দেবী থকা স্বত্তেও আমি কিয় ভয় কৰিব লাগে ।। পাকিস্তানক পৰাস্ত কৰিবলৈ আমাৰ আধা ভগৱানক পঠালেই হল ।। ভগৱানে যদি আমাৰ হৈ যুদ্ধ কৰিলেতো আমাৰ জয় নিশ্চিত ।।
এজনে ক'লে, আমেৰিকাৰ বৰ্তমানৰ জনসংখ্যাৰ সমান আমাৰ ভগৱানেই আছে ।। আমি হিন্দু 90 কোটি ।। তাৰ মানে তিনিজনৰ কাৰণে এজন ভগৱান ।।আমাৰ কোনো চিন্তাৰ কাৰণেই নাই ।।
ইমান ভগৱান কত থাকে বাৰু ? স্বৰ্গত নিশ্চয় সকলোৰে নিজৰ নিজৰ ফ্লেট আছে চাগে ।। এই সকলোবোৰ কথাত তেওঁৰ তাচ্ছিল্যৰ মধুৰ সুৰ স্পষ্ট ।।বন্ধুৰ তেত্ৰিছ কোটি ভগৱানৰ ভ্ৰান্তি ভাঙি দিলো ।।
হ'মচিক বা গৃহ প্ৰীতি
লীলা কান্ত তিমচিনা
ডিব্ৰুগড়
Email: lilakanta.timsina@gmail.com
1982 চনৰ কথা।তেতিয়া মই বিশ্বনাথ কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পাছ কৰি ওলাইছোঁ।বিজ্ঞান শাখাত আছিলোঁ।P U ৰ ৰিজাল্টো ভালেই হৈছিল।77% পাইছিলোঁ।গতিকে পৰৱৰ্তী শিক্ষাৰ কাৰণে মেডিকেল,ইঞ্জিনীয়াৰিং ,ভেটেৰিনেৰী,এগ্ৰিকালচাৰ চবতে আবেদন কৰিলোঁ।আটাইবোৰতেই এডমিছন পালোঁ।কিন্তু মোৰ ইচ্ছা আছিল অভিযন্তা হোৱাৰ।
তিহাৰঃ গোৰ্খা জনগোষ্ঠীৰ এক উল্লেখযোগ্য পৰ্ব
তিহাৰঃ গোৰ্খা জনগোষ্ঠীৰ এক উল্লেখযোগ্য পৰ্ব
- অঞ্জন বাচকোটা
ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুকীয়া আচাৰ-ৰীতি, পৰম্পৰা, সংস্কৃতি থকাৰ দৰে গোৰ্খাজনগোষ্ঠীৰো বহু আপুৰুগীয়া ৰীতি-নীতি, সংস্কৃতি, পৰম্পৰা, উৎসৱ-পাৰ্বণ আদি আছে৷ তিহাৰ তেনে এক উল্লেখযোগ্য পৰ্ব৷ কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ পৰা শুক্লপক্ষৰ দ্বিতীয়া তিথিলৈকে পাঁচদিন ধৰি এই তিহাৰ উৎসৱ পালন কৰা হয়৷ এই পাঁচদিৱসীয় উৎসৱক ‘যম পঞ্চক’ বুলিও কোৱা হয়৷ তলত এই উৎসৱৰ এক চমু খতিয়ান দাঙি ধৰা হৈছে-
অসমীয়া ছহীদ , ভাতৃ দ্বিতীয়াৰ ৰাজ্যিক বন্ধ আৰু আমাৰ অনুভব
অসমীয়া ছহীদ , ভাতৃ দ্বিতীয়াৰ ৰাজ্যিক বন্ধ আৰু আমাৰ অনুভব
***********
ড৹চিন্তা মণি শৰ্মা
অধ্যক্ষ
বিশ্বনাথ মহাবিদ্যালয়,বিশ্বনাথ,অসম
কাৰ্গিল যুদ্ধত 7 জুলাই 1999ত প্ৰাণ আহুতি দিয়া ছহীদ কেপ্টেইন বিক্ৰম বাত্ৰাই কৈছিল- "Either I will come back after hoisting the tricolor ,or I will come back wrapped in it, but I will be back for sure." ভাৰতবৰ্ষত সতসহস্ৰ জোৱানে দেশৰ বাবে আত্ম বলিদান দিছে আৰু তেওঁলোকৰ পাৰ্থিৱ শৰীৰ তিৰংগ পতাকাৰে মেৰিয়াই ছহীদৰ মৰ্য্যদা প্ৰদান কৰা সেই কৰুণ দৃশ্যৰ সাক্ষী প্ৰত্যক্ষ বা পৰোক্ষ ভাবে আমি হৈ আহিছো। জাতীয় পতাকাৰ মৰ্য্যদা অক্ষুন্ন ৰাখিবলৈ নিজকে দেশৰ বাবে আত্ম বলিদান দিয়া প্ৰক্ৰিয়া ধাৰাবাহিক ভাৱে চলি আছে আৰু নিসন্দেহ চলি থাকিব। অসমী আইৰ অসংখ্য সন্তানে বিভিন্ন সময়ত ভাৰতৰ অখণ্ডতা অক্ষুন্ন ৰখাৰ উদ্দেশ্যে শত্ৰু পক্ষৰ লগত বীৰদৰ্পে যুদ্ধত অবতীৰ্ণ হৈ শত্ৰুক পৰাস্ত কৰিছে আৰু কেতিয়াবা দুৰ্ভাগ্যজনক ভাবে মৃত্যুবৰণ কৰিছে।
গ্ৰন্থ সমালোচনাঃ পাঠকীয় দৃষ্টিৰে পূৰ্ণ কুমাৰ শৰ্মাৰ ‘প্ৰভাত-যামিনী’
-অঞ্জন বাচকোটা
গ্ৰন্থ পৰিচয়ঃ
গ্ৰন্থখনৰ নামঃ প্ৰভাত যামিনী
গ্ৰন্থকাৰঃ পূৰ্ণ কুমাৰ শৰ্মা
প্ৰকাশকঃ ভাৰতীয় সাহিত্য প্ৰকাশন, তেজপুৰ
প্ৰকাশন বৰ্ষঃ ২০১৪
বিভাগঃ একাংকী নাটক সংকলন (অসমীয়া)
মূল্যঃ ৫০/-
প্ৰাপ্তিৰ স্থানঃ পূৰ্ণ কুমাৰ শৰ্মা, ভ্ৰাম্যভাষ-৯১০১৩১৫৬০৭
নাট্য সংকলনৰ বিষয়বস্তুঃ
নাট্যকাৰ, নাট্যভূষণ পূৰ্ণ কুমাৰ শৰ্মা অসমীয়া, নেপালী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী বৰ্ষীয়ান সাহিত্যিক। প্ৰভাত যামিনী শ্ৰীশৰ্মাৰ তিনিখন অসমীয়া একাংকী নাটকৰ একত্ৰ সংকলন। নাট্য সংকলনটোৰ প্ৰথম নাটকৰ নাম হ’ল-‘প্ৰভাত-যামিনী’। আধুনিক সমাজ ব্যৱস্থাত চলি থকা উচ্চ মধ্যবৃত্ত পৰিয়ালৰ ভিতৰচ'ৰাৰ মনোবৈজ্ঞানিক চিত্ৰৰ কাষে কাষে অন্য নিম্ন বৰ্গীয় সামাজিক চিন্তনৰ এক ফচল। এই ফচলৰ সোৱাদ সমাজৰ মানুহে যুগে- যুগে, পুৰষে- পুৰুষে, চামে-চামে ভূগি আহিছে, ভুগিব লাগিছে আৰু হয়তো ভুগি থাকিব।কণপিতৌ আৰু তৰামাই নামৰ দুটি চৰিত্ৰই প্ৰেম আৰু বিবাহৰ ফলাফলৰ প্ৰসংগৰে আৰম্ভ কৰা নাটক বিভিন্ন ঘটনাৰ মাজেৰে গতি কৰি প্ৰভাত-তৰামাই, কণপিতৌ-যামিনীৰ বিবাহত সমাগত দিনৰ বাবে এক যোগাত্মক ধাৰণা দিয়াৰ প্ৰয়াস দৰ্শকে ক'ব নোৱাৰাকৈ নাট্যকাৰে সন্তৰ্পনে দি গৈছে। অভিনয়ৰ মঞ্চত চোৱা জীৱন্ত নাটক আৰু পঠন সামগ্ৰীৰ ৰূপত পঢ়ি অনুভৱ কৰা প্ৰভাত-যামিনীৰ সাফল্য এই খিনিতে।এফালে ৰায়চাহাৱ ধৰণীধৰ বুজৰবৰুৱাৰ ক্ষমতাৰ আসক্তি আনফালে অসহায় মাতৃ আৰু বিধবা বৌৰ দীনতাৰ পৃষ্ঠভূমিত প্ৰভাতৰ বুকুত জ্বলি উঠে বিপ্লৱৰ জুই।নিবনুৱা প্ৰভাতৰ বুকুত থকা প্ৰেম হাবিয়নীত কল্পনাৰ চহৰ হৈছিল। পিছে ঘৰলৈ অহা সময়তে যামিনীৰ বলাৎকাৰৰ ঘটনাই সমস্ত মানুহখিনিক মানৱতাৰ এটা বিন্দুত থিয় কৰালে।ইয়াতে নাটকৰ ভাৱাত্মক যবনিকা ঘটে।
চিৰাজ খানৰ ‘চৰ চাপৰিৰ হেৰাই যোৱা পৰম্পৰা’ পঢ়ি উঠি
- অঞ্জন বাচকোটা
ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ পৰা নাওমান নিলগত থকা পাঁচমাইলৰ সাহিত্যসেৱী, কৰ্মঠ সংগঠক, সংবাদসেৱী চিৰাজ খান স্থানীয় অঞ্চলৰ এগৰাকী সকলোৰে পৰিচিত ব্যক্তি৷ অসমৰ প্ৰতিষ্ঠিত বাতৰি কাকত, আলোচনী আদিত তেখেতৰ লেখাসমূহ নিয়মিত ৰূপত প্ৰকাশ নাপালেও নিজৰ মনৰ ভিতৰত উদয় হোৱা ভাবনা, চিন্তা-চেতনাক সাহিত্যৰ বিভিন্ন উপাদান যেনে গল্প, কবিতা, প্ৰবন্ধ আদিৰ মাজেদি প্ৰকাশ কৰি আহিছে৷ এগৰাকী অৱসৰী ব্যক্তি যদিও দুৰন্ত তৰুণৰ দৰে সাহিত্য-সংগঠন, লিখা-মেলা, পুঁথি প্ৰকাশনৰ কামত নিজৰ গাঁঠিৰ ধন ভাঙি কাম কৰা লোক হ’ল চিৰাজ খান ৷
শেৱালি
নৰহৰি চুতীয়া
তেজপুৰ
সূৰ্যটো গাৰুৰ তলত লৈ
শুই আছিল তাই
এখনি নীলিম আকাশত
দুচকুত সাঁচি থৈছিল
মেঘৰ চছ্মা পিন্ধি বৰষুণ |
'টো', 'তো', 'টা', 'টি' আদিৰ কথাঃ
আজি আপোনালোকলৈ 'টো' আৰু 'তো'-ৰ বিষয়ে দুটামান কথা আগবঢ়াইছোঁ । বেছি দীঘল নকৰোঁ, চুটিকৈয়ে ক'ম ।
১। তোমাকতো /তোমাকটো মই কথাটো কৈছিলোঁ।
২। জীৱনটো/ জীৱনতো ক্ষণস্থায়ী ।
৩। সেইটোতো/ সেইতোটো ডাঙৰ কথাই হ'ল !
৪। মইতো/ মইটো আগতেই জানিছিলোঁ ।
৫। তইতো/ তইটো এনেকুৱা কৰিব নালাগিছিল ।
শৰৎ বন্দনা
আহিন আৰু কাতি মাহ শৰত ৠতুৰ অন্তৰ্গত।।শৰতৰ আকাশত আকাশ নিৰ্মল ।। শুকুলা মেঘেৰে আচন্ন হৈ থাকে ।।শৰতৰ নিশাবোৰ বৰ আমেজভৰা।।চন্দ্ৰ আৰু অসংখ্য তৰাৰে নিশাৰ আকাশখন তিৰবিৰাই থাকে।।জলাশয়বোৰ বিভিন্ন ধৰণৰ দেশী বিদেশী পক্ষীৰ বিচৰণ থলী হয়।।এনে কোনো জলাশয় বা সৰোবৰ নাই যত পদুম ফুল ফুলি নাথাকে ।।এনে কোনো পদুম নাই যত কোনো ভোমোৰা নাই।।এনে কোনো ভোমোৰা নাই যি অনবৰতে গুণগুণাই নাথাকে।।শৰত কহুৱা ফুলাৰ বতৰ।।শৰতৰ ৰদ অত্যন্ত প্ৰখৰ ।।ইয়াৰ বিজ্ঞান সন্মত কাৰণো নোহোৱা নহয় ।।বাৰিষা চাৰিওফালে দূষিত পানীৰে জলমগ্ন হৈ থাকে ।।পানীত বিভিন্ন ধৰণৰ বীজানু ,জীৱ জন্তুৰ মল মুত্রৰে পানী দূষিত হৈ থাকে ।।শৰতৰ এই প্ৰখৰ ৰদে এই বীজানু বোৰ নাশ কৰে।।
নিধি লেৱি ফাৰৱেল অসমৰ ভাষা-সাহিত্য আকাশৰ এক শোণিতপুৰীয়া নক্ষত্ৰ
মহেন্দ্ৰ কুমাৰ নাথ
গ্ৰন্থাগাৰ, তেজপুৰ বিশ্ববিদ্যালয়
‘‘মোৱামৰীয়া বিদ্ৰোহ, গৃহ কন্দল, আৰু মানৰ আক্ৰমনত নিশকতীয়া হোৱা অসম ১৮ শ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ দুটা দশক অসমীয়া ভাষাৰ বাবে মৰ আঁউসী স্বৰূপ৷’’ (ডঃ নগেন শইকীয়া- অসম বন্ধুঃ ভূমিকা, পৃষ্ঠা – ৬) ১৮৩৭ চনৰ আইন অনুসাৰে ভাৰতবৰ্ষৰ সকলো স্থানীয় চৰকাৰে আদালত -পঢ়াশালিত মাতৃভাষা চলোৱাৰ নিয়ম কৰিলে যদিও অসমত ইয়াৰ ওলোটাটো হ’ল৷ অসমত অসমীয়া ভাষাক শিক্ষা, প্ৰশাসন আদিৰ পৰা নিৰ্বাসন দি অসমীয়াৰ ওপৰত প্ৰৰোচনমূলক ভাৱে বঙলা ভাষা জাপি দিয়া হ’ল৷