Blog

মহাসংকট কাল

Blog Image

মহাসংকট কাল

 

ৰাজীৱ শর্মা, অধিবক্তা, ওদালগুৰি

 

এবাৰ ইফালে এবাৰ সিফালে

ঘনে ঘনে

মোৰ দুচকু

বন্ধ ঘৰৰ চাৰিবেৰত

খুন্দা খাই

' ' চিটিকি পৰিছে

সিঁচৰতি সপোনবোৰ দুহাতত বুটলিছোঁ

বাহিৰত ধুমুহাৰ তাণ্ডৱ

মহাসংকট কাল

তথাপি বেদনাক্লিষ্ট বুকুত আছে

অফুৰন্ত হেঁপাহ

মনত গুথিছো আশা

মোৰ পক্ষে অপেক্ষাৰ বাদে

কোনো বিকল্প নাই

অন্য পথ , পথ্য নাই

নাই আয়-উপায়

বাহিৰত নে ভিতৰত

' জানো অক্সিজেন কমিছে

আৰ্তনাদ ক্ৰমাৎ বাঢ়িছে

বিকট চিঞৰ বেহু ফালি

সোমাই আহিব খোজে

আমি নাক মুখ ঢাকিছো

নিজকে ক্ষুদ্র কক্ষত বন্ধ কৰিছোঁ

কিমান সময় ধৰি

এজন সুস্থ মানুহ

উশাহ নোলোৱাকৈ

জীয়াই থাকিব পাৰে-

মই নাজানো

মই গমি চাওঁ

মাজে মাজে গমি চাওঁ

ঠিকমতে উশাহ লৈ আছোনে?

হয়তো কৰবাত দূষিত বায়ু সেৱন কৰি

পৰ্যাপ্ত উশাহ নোলোৱাকৈ

জীয়াই আছো

মই নাজানো

কি অপেক্ষা কৰিছোঁ মই--

জীয়াই থকাৰ তীব্ৰ বাসনা

নে

নমৰাপৰ্যন্ত জীয়াই থকাৰ যাতনা!

আমি মৰিবলৈকে জীয়াই আছোনে

জীয়াই জীয়াই মৰিছো!

ঘৰবোৰ শ্মশানত পৰিণত হৈছে নে

আমি শ্মশান ঘৰ সাজিছো!

এতিয়া মহাসংকট কাল চলিছে

চিঞৰ বাখৰ বাঢ়িছে

কোনোবাই মৃত্যু গণিছে

কোনোবাই এমুঠি অক্সিজেন বিচাৰিছে

তথাপিও আমি জীয়াই আছো

মনত পুহিছো আশা

উশাহ নিশাহৰ সৈতে

ঘনে ঘনে লৈছো

মহাসংকট কালত

জীৱন সংগ্ৰামৰ সংকল্প

_________________


Share this post
Comments

Please login or register to comment.

No comments yet.

Facebook Comments