চাকৰিয়ালৰ আয়ুস ৰেখা এনেকুৱাই নে ?
মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম, অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম ।
দুপৰীয়া এক বাজিছে। বিশেষ কামবশতঃ চন্তৰী এজনক লৈ ওচৰৰে গাঁও এখনলৈ বাইক লৈ যাওঁ। কৰণীয় সামৰিছোঁহে গুপ্তচৰ এজন আহি নূৰ আলি ঘৰত থকা আৰু বিশেষ এটা সংবাদৰ ইংগিত দিলে। সংবাদ শুনি গাত তত নোহোৱা হ'ল। 'নুৰ আলি' গাঁও বা অঞ্চলৰ সন্ত্রাস, ডকাইত। যাৰ নাম শুনিয়েই সকলো ভয়ভীত হয়। ডকাইতি বা হত্যা কৰা দেখিলেও কোনেও চিনি পোৱা বা দেখা বুলি নাম প্রকাশ কৰিবলৈ ভয় কৰে। যোৱা কেইবা বছৰৰ পৰা সন্ত্রাস চলাইও পুলিচৰ হাতত ধৰা পৰা নাই অথবা ধৰিবলৈ সাহস গোটাব পৰা নাই। বিজুলীৰ দৰে আহি ঢেৰেকণীৰ গর্জন মাৰি আঁতৰি যায়। প্রশাসনৰ বাবে বৰবিহ হৈ পৰিছে।
থানালৈ ঘূৰি আহি অস্ত্ৰধাৰী চিপাহী লৈ যাবলৈও সময়ৰ অভাৱ। হাতত অহা চিকাৰ পলাই যোৱাৰ সম্ভাৱনালৈ চাই তাৰে পৰা অকলে যোৱাটোকে শ্রেয় বুলি ভাবি লগত নিয়া চন্তৰী আৰু গুপ্তচৰৰ লগত পদব্রজে ওলালোঁ। নুৰ আলিৰ ঘৰ সেই ঠাইৰ পৰা বহু দূৰৈত আৰু ৰাস্তাও বিপদ সংকুল। পাকৈত ডকাইতক কৰায়ত্ব কৰিবলৈ এজন মাত্র চিপাহীক লগত নিয়াটো যুক্তিকৰ জানো বুলি ভাবি মনে-মনে কম্পমান হৈ আছোঁ। অৱশ্যে সেই গাঁৱৰ ৰাইজে আগে-পিছে সৰু-বৰ কামত আৰক্ষীক সহায় কৰা কথাই মোৰ আত্মবিশ্বাস জগাই তুলিছে। সময়ৰ সৈতে আমিও আগুৱাই আছোঁ। ৰাস্তাৰ দুয়োকাষে সৰু-বৰ জোপোহা গছ। ওখ গছবোৰত বৰল, কোদো, মৌ-মাখিৰ বাহ। গাঁৱলীয়া ৰাস্তা, বৰষুণ এজাক দিলেই বাৰিষা নে খৰালি ধৰিব নোৱাৰি। আলতীয়া বোকা মাটি, পিচলি পৰাৰ ভয়। ভূতৰ ওপৰত দানৱ পৰাদি ৰাতিৰ অন্ধকাৰে আৱৰি ৰাখিছে। টৰ্চৰ পোহৰত খেপিয়াই খেপিয়াই গৈ আছোঁ। হঠাৎ গছ এজোপাৰ ওচৰত এহাল পুৰুষ মহিলাৰ মাত শুনা পালোঁ। ওচৰত গৈ গম পালোঁ মৌ বাহৰ পৰা মৌ চাক সংগ্রহ কৰি বিক্ৰী কৰা দম্পতি বুলি। প্লাষ্টিকৰ ডাঙৰ বাকেটত লাখ লাখ মৌ পোৱালী কলমলাই থকা দেখি জীৱশ্ৰেষ্ঠ মানৱৰ নিৰ্দয়তা, স্বার্থসিদ্ধি আৰু মানসিক তৃপ্তিৰ বাবে নৰাধমলৈ গতি কৰা সংকীর্ণ মনোভাৱৰ মনুষ্যত্বক গৰিহণা দি আগবাঢ়ি গ'লোঁ। ৰাতি ১১ বজাত নুৰ আলিৰ ঘৰৰ ওচৰ পালোঁ। গুপ্তচৰে ভি.ডি.পি সচিব, গাঁওবুঢ়া আৰু নুৰৰ ঘৰৰ দিশ-নিৰ্দেশনা দি নিজ ঘৰলৈ সি গুচি গ'ল। ৰাতিয়েই হওক বা দিনতেই হওক আৰক্ষীৰ বাবে গাঁওখনৰ মূখিয়ালবোৰেই সহায়ক হয়। এই মুখিয়ালকেইজনৰ সহায়ত নুৰৰ ঘৰ ঘেৰাও কৰা হ'ল। খেৰ-বাঁহেৰে সজা এটা কোঠালীৰ জুপুৰী। মুখিয়ালৰ হতুৱাই উচ্চস্বৰে কেইবাবাৰো মতাৰ পিছত চকুযুৰি মোহাৰি সি বাহিৰলৈ ওলাল। অঘাইটং অপৰাধী, সন্ত্রাস সৃষ্টিকাৰী ডকাইত, হত্যা, লুণ্ঠন, ব্যভিচাৰ এনে বহু বিশেষণেৰে বিভূষিত মানুহজন নিশ্চয় অসুৰৰ দৰে স্থূলকায়, পালোৱান বুলি ভবাৰ বিপৰীতে নিশকতীয়া ছাল-ছিগা শীর্ণদেহী, চকু-গাল সোমোৱা, ছাল-বাকলিৰে আৱৰা অস্থি-পুঞ্জৰ, দেখি বিশ্বাস কৰিবই নোৱাৰিলোঁ। চিলনীয়ে চিকাৰ ধৰাৰ দৰে থাপ মাৰি ধৰিলোঁ, সি ভিজা মেকুৰীৰ দৰে হ'ল। তাৰ কুকর্মই গাঁওবাসীক অতিষ্ঠ কৰি থৈছিল। সেয়ে এজন-দুজনকৈ ৰাইজ গোট খাই চক্ৰবেহু গঢ়ি সাৰি যাব নোৱাৰাকৈ আৱৰি ধৰি চিপাহীৰ হাতত চাই আমি নুৰৰ ঘৰ তালাচী কৰি পিস্তল ক'ত আছে সুধিলোঁ। 'নাই' বুলি সংক্ষেপে উত্তৰ দিলে। অপৰাধীৰ মিথ্যাচাৰ শিৰাই শিৰাই ব্যাপ্ত বুলি জানি বিশেষ সূত্ৰই দিয়া খবৰৰ ভিত্তিত দুৱাৰমুখৰ ওপৰৰ খেৰৰ চালিত আঙুলিয়াই মূখিয়ালক খুচৰিবলৈ নিৰ্দেশ দিলোঁ। মূখিয়ালে চাৰিটা গুলিসহ আমেৰিকাত নির্মিত পিস্তল এটা উলিয়াই আনে। সকলো বস্তুবোৰ বাজেয়াপ্ত কৰি সকাহৰ নিশ্বাস এৰি মুখিয়াল, ভিডিপি সচিব, গাঁৱৰ দুজন ব্যক্তিসহ নুৰ আলিক লগত লৈ থানালৈ ৰাওনা হওঁ।
থানাত উপস্থিত হৈ নূৰক লক্আপত ভৰাই, ভিডিপি সচিবসহ আন দুজনক চাহ মিঠাইৰে আপ্যায়ন কৰোঁ। অভ্যাগতক বিদায় দি নুৰৰ আপ্যায়নত লাগি গলোঁ। প্রথমে মৰমৰ ভাষা প্ৰয়োগ কৰি বুজালোঁ- 'চা নুৰভাই, মানুহ এদিনতে চোৰ বা ডকাইত নহয়, জন্মগতও নহয়, লগ-সংগৰ পাকত পৰি তোৰ দৰে ভাল মানুহ এটা আজি এই পৰ্য্যায় পালি, আজিলৈ যি কৰিলি, কৰিলি; তাকে ভাবি নাথাকি প্রায়শ্চিত্ত কৰ। সঁচা কথা ক'লে তোৰো প্রায়শ্চিত্ত হ'ব, শাস্তিও কম হ'ব। সেয়ে আজিলৈ ক'ত, কেতিয়া, কাৰ প্ৰৰোচনাত ডকাইতি কৰিলি আৰু তোৰ সঙ্গী বন্ধু-বান্ধৱ কোন কোন আছিল সঁচা-সঁচিকৈ ক। মই সকলো কথা জানো, কিন্তু তোৰ মুখেৰে শুনিব বিচাৰোঁ। একোকে নুশুনা ভাও জুৰি তলমূৰ কৰি সি বহিয়েই থাকিল। হৃদয়ত শান্তিৰ মলয়া বোৱাই আৰামত বহাদি বহিয়েই আছে, সময়ো বাগৰি গৈছে। খঙৰ গৰম তেজে মোক বাৰে বাৰে লাঠিডাল দাঙিবলৈ দিহা দি আছে। অহৰহ বিধে বিধে প্ৰশ্নৰ তাগিদাত চাৰি ঘণ্টাৰ মুৰত যেনিবা তাৰ ওঠযুটিৰ তলা খোল খালে। বহু বছৰৰ পৰা পুঞ্জীভূত ঘটনা-পৰিঘটনা, দূর্ঘটনা-দুষ্কাৰ্য্য, ঠগ-প্রবঞ্চনা, হত্যা-লুট আদি কৰি অপৰাধ জগতৰ লগ-বন্ধুবোৰৰ নাম-ঠিকনা এফালৰ পৰা কৈ গ'ল, সহকর্মীয়ে লিপিবদ্ধ কৰি গ'ল।
পিছদিনা নুৰ আলিৰ দুষ্কাৰ্য্য আৰু সজীৱ গুলিসহ বিদেশী মাৰনাস্ত্ৰ ৰখা অপৰাধত জেললৈ প্ৰেৰণ কৰিলোঁ। সেই ৰাতিয়েই নুৰে দিয়া অপৰাধীৰ নাম ও ঠিকনামতে খানাতালাচী কৰোঁ, কিন্তু কোনো অপৰাধীকে আটক কৰিব পৰা নগ'ল। তাৰেই এজন পৰামৰ্শদাতা খানতালাচ কৰিবলৈ ঘৰত উপস্থিত হোৱা গম পাই আমাৰ অগোচৰে পিচ দুৱাৰেদি পলাই সাৰিল। ওপৰোক্ত অপৰাধীবিলাকৰ নাম থানাৰ ৰেকৰ্ড বহীত বহুবাৰ চুৰি-ডকাইতিৰ মোকদমাত ৰুজু কৰা হৈছে।
চোৰ-ডকাইত ধৰাৰ পেচাগত নিচাত নিশাটো পাৰ হৈ প্ৰভাতৰ ৰঙা বেলিয়ে দেখা যে দিলে গমেই নাপালোঁ। চৰাই-চিৰিকতিৰ লগতে গাঁৱৰ মানুহবিলাকো নিজ নিজ কর্তব্যত ব্যস্ত। সেই গাঁৱৰে কেইজনম মানুহৰ সহায়ত মুকুট আলি নামৰ ডকাইতৰ পৰামৰ্শদাতাৰ ঘৰ ঘেৰা কৰোঁ। এটা কোঠালীৰ, কহুঁৱাৰ চালি আৰু ইকৰাৰ বেৰ থকা ঘৰ। ভিতৰলৈ সোমাব ধৰোঁতে কোনো মতে লজ্জা ঢাক খোৱা ফটা শাৰী পিন্ধা হাড় ছালৰ ক্ষীণকায় মহিলা এগৰাকীয়ে কেঁচুৱা কোলাত লৈ দুৱাৰত আগভোটি ধৰি 'ঘৰত কোনো মতা মানুহ নাই, আপোনালোক ভিতৰলৈ যাব নোৱাৰে, জবৰদস্তি কৰি সোমালে হৈ-চৈ কৰিম, তেতিয়া দেখিব' বুলি আৰক্ষীন লোককে সাৱধান কৰিলে। কথাবোৰ শুনি ডকাইতৰ ঘৈণীয়েক যেন লাগিল। হাতৰ লাঠিডালেৰে বাহিৰলৈ ওলাই যাবলৈ ইংগিত দি ভিতৰলৈ সোমালোঁ। ফটা কঁথা পাৰি থোৱা বাঁহৰ চাং, এচুকৰ তক্তা এটাত তলা মৰা টিনৰ বাকচ, ফুলাম কাপোৰেৰে ঢকা। চাবি খুজিলোঁ-নাই নিদিলে। লাঠিডালেকে তলাটোত একোব দিলোঁ, খোল খালে। ৰংচঙীয়া কাপোৰৰ মাজত সোণৰ নেকলেচ এটা পালোঁ। নেকলেচৰ মোহত মানুহজনীয়ে অশ্রাব্য মাত মাতি কাম নিদিয়াত কান্দিব ধৰে। থানা পাওঁতে ৰাতি ১০ বাজিল। গাঁৱৰ ডকাইতি হোৱা ঘৰবোৰৰ গৃহস্থক মাতি পঠিয়াই নেকলেচ দেখুৱালোঁ। এজাহাৰৰ বৰ্ণনা ভিত্তিত আচল গৰাকীৰ হতুৱাই নিশ্চিত কৰালোঁ।
থানাৰ ৰেকৰ্ড অনুসৰি মুকুট আলি এসময়ৰ অঘাইতং ডকাইত। বয়স হোৱা বাবে ডকাইতহঁতৰ পৰামৰ্শদাতা আৰু বৰ্তমান শাসনাধিষ্ঠ দলৰ ভিতৰুৱা মানুহ হৈ পৰিছে। তাৰ ঘৰ আৰু আত্ম গোপনৰ সম্ভাব্য স্থানত তালাচী কৰা স্বত্বেও কোনো দাগী অপৰাধীকে আটক কৰিব নোৱাৰি মন গধুৰ হৈ আহিল। ইফালে নানাজনৰ নানা মত। কথাৰ চলতে 'চোৰ-পুলিচৰ মিতিৰালি, দুয়ো একেটা মুদ্রাৰে ইপিঠি-সিপিঠি' বুলি কোৱা-কুই শুনিবলৈ পাওঁ। অধিকাৰৰ সীমাৱদ্ধতা নথকাহেঁতেন জোকৰ মুখত চুণ সানি দিলোঁ হয়। কিন্তু নোৱাৰি; শাসনাধিষ্ঠ ৰাজনেতাৰ নাম লৈ দাবী-ধমকিৰে সন্ত্রাসবাদীক সজ নেতালৈ পৰিবৰ্তন কৰিবলৈ শিল-পটাৰ হেঁচা মূৰত লৈ ফুৰিবলগীয়াও হয়। দিনে-ৰাতিয়ে বিধে-বিধে ফোন আহে, ভিন্ ভিন্ সূৰত, ভিন্ ভিন্ কায়দাৰে। এনে তত্বক প্রত্যাহ্বান জনাই দুগুণ উৎসাহেৰে অভিযান চলাই শান্তি-শৃংখলা ৰক্ষাৰ দায়িত্ব কান্ধ পাতি লোৱাটো আমাৰ কৰ্তব্য।
নুৰ-মুকুটৰ দৰে অপৰাধীৰ শিপাৰ জাল কিমান বিশাল ভাবি আচৰিত লাগে। এদিনৰ ঘটনা উনুকিয়াব খোজোঁ-মোৰ কৰ্মব্যস্ততাৰ মাজতে ফোন এটা আহিল। শিষ্টাচাৰ সহ নমস্কাৰ জনালোঁ আৰু নিজৰ পৰিচয় দিলোঁ। সিফালৰ পৰা হিতোপদেশমূলক বার্তা ভাঁহি আহিল যে-'আমি চৰকাৰী মানুহ, দেশ শাসন কৰোঁ, মোৰ এলেকাত কোন ভাল কোন বেয়া, চকুৰ পচাৰতে আছে, বেয়া মানুহক ভাল হ'বলৈ সময়-সুযোগ দিব লাগে, ৰত্নাকৰো পিছতহে বাল্মীকি হৈছিল' ইত্যাদি ইত্যাদি। আচৰিত; 'ইয়াত মাৰিলোঁ টিপা, গড়গাঁও পালেগৈ শিপা'ৰ দৰে চোৰ-নেতাৰ সম্পৰ্ক! ময়ো নাচোৰ বান্দা, অভিযান তীব্ৰতৰ কৰিলোঁ। 'অন্তিম সাৱধান বাণী'ৰে মোক বিচলিত কৰিবলৈ উঠিপৰি লাগিল। এয়া দেখোন চোৰ পুলিচৰ ৰণ নহয়, ৰাজনেতা-প্ৰশাসনৰহে অনাতাঁৰ ৰণ, বাকযুদ্ধ। ময়ো বাধ্য হৈ ক'লো যে-'ময়ো চৰকাৰী মানুহ, চৰকাৰী চাকৰিয়াল, এই চাকৰি আপোনাৰ জহত পোৱা নাই। নুৰ-মুকুটৰ সম্পৰ্ক আপোনাৰ এতিয়াৰ, কিন্তু আমাৰ সম্পৰ্ক বহু দিন আগৰ। জন-ধনৰ সুৰক্ষা, জনসাধাৰণৰ আশা-আকাংক্ষা, তাতোকৈ উর্দ্ধত দেশ মাতৃৰ সেৱাই আমাৰ প্ৰধান কৰ্তব্য' বুলি ফোন কাটি দিলোঁ। কিমাশ্চৰ্য্যম্, ভাল কাম কৰাবোৰকো দুর্নীতিৰ ৰখীয়াবোৰে বোকা পানী ছটিয়াই আগভেটি ধৰে! চাকৰি জীৱনৰ স্বাধীনতা এইবোৰ মানুহৰ হাতৰ বাঘজৰী নেকি? ৰাজনেতাৰ প্ৰত্যাহ্বান নেওচি মুকুট আলিৰ অভিযান আৰু তীব্ৰতৰ কৰি তুলিলোঁ। দাবী-ধমকি বিফল হোৱাত উকীলৰ হতুৱাই প্রলোভনৰ টোপোলা যাচিব ধৰিলে। তাকো প্রত্যাখ্যান কৰি চেঁচা পানী ঢালি দিলোঁ।
অৱশেষত চুক্তি ৰাখি মুকুটক হাজিৰ কৰাবলৈ বাধ্য হ'ল। চুক্তি মর্মে তাক কোনো ধৰণৰ শাৰীৰিক শাস্তি বিহিব নোৱাৰোঁ। অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ অপৰাধীক কাৰাগাৰলৈ নিক্ষেপ কৰিবই লাগিব। সেয়ে চুক্তি মানি ল'বলৈ বাধ্য হ'লোঁ। ৰাতি ১০ মান বজাত উকীল মহোদয়ে মুকুটক লৈ থানাত হাজিৰ হ'ল। সোধ-পোচৰ বাবে বিশেষ কক্ষত ৰাখি সুধিলোঁ- ৰাজনীতিৰ মুখা পিন্ধা ৰাজনেতাৰ হতুৱাই ফোন কৰালি, প্রলোভনৰ টোপোলা যাচিলি, অৱশেষত উপায়ন্তৰ হৈ চৰকাৰী আলহী হৈ আহিলি। কিমান দিন লোকৰ ধনেৰে জীৱন ধীয়াবি ? লোকৰ শাওপাত কিমান খাবি? প্রস্তৰ মূৰ্তিৰ দৰে সি অলৰ-অচৰ, নেকলেচ দেখুৱালোঁ-নাই, নাচায়। কলা-বোবাৰ দৰে একোকে যেন দেখা শুনা নাই। ধৈৰ্য্যৰো সীমা থাকে। দুটামান পূৰ্ণহতীয়া চৰত ইন্দ্রিয়ই যেন সাৰ পালে। লগে লগে চকু-মুখৰ সঞ্চালন হ'ল।
সত্য সদায় প্রতাৰিত, কিন্তু পৰাজিত নহয়। মুকুট আলীৰ শিৰৰ মুকুট লণ্ডভণ্ড কৰি, অপৰাধীৰ ৰমৰমীয়া ঠাইখনৰ পৰা সন্মানৰ মুকুট শিৰত লৈ সগৌৰৱে থানা মূৰব্বীৰ দায়িত্ব অক্ষত ৰাখিলোঁ। তথাপি মন কুঠৰীৰ গৰ্ভত ৰাজনেতাৰ কু-অভিসন্ধিৰ বৰবিহে মাজে-মাজে মোক খোঁচ মাৰি ধৰে। দাগী নেতাৰ দয়া-মায়াই চৰকাৰী চাকৰিয়ালৰ আয়ুস ৰেখা নেকি? ভাবিলে মনটো টেঙাই যায়।
_______________________