Blog

মানুহে মানুহৰ আলহী

Blog Image

   মানুহে মানুহৰ আলহী

         

  নৱকুমাৰী দেৱী,

 সহকাৰী অধ্যাপিকা,দৰ্শন বিভাগ

 লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়,

 ঢেকিয়াজুলি, শোণিতপুৰ, অসম

  মানুহ : --

এই বিশ্বব্রহ্মাণ্ডৰ ৰচয়িতা হ'ল স্বয়ং ঈশ্বৰ। ঈশ্বৰেই এই বিশ্বজগতত বিভিন্ন বস্তুৰ সৃষ্টি কৰি তেওঁৰ মহিমাৰ যে এক অদ্ভুত শক্তি আছে তাক বিশ্বমানসত প্রকাশ কৰিছে। ঈশ্বৰ সৃষ্ট মানুহেও বিশ্বজগতৰ আঁৰৰ মূলত কি ৰহস্য আছে তাক জানিবলৈ অহৰহ প্ৰয়াস কৰিয়েই থাকে।  বিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী আনকি আধ্যাত্মিকতাবাদীয়েও নিজৰ নিজৰ কৌশল আৰু মার্গ দর্শনেৰে পৃথিৱীৰ বস্তুৰাজিৰ ওপৰত ন-ন তথ্য আৱিষ্কাৰ কৰি আছে। ঈশ্বৰ সৃষ্টিৰ মূলতত্ব অনুসন্ধান কৰিবলৈ জিজ্ঞাসু মন থকা প্রাণীয়েই হ''মানুহ'। মানুহ হৈছে ঈশ্বৰৰ এটা অংশ আৰু ই  নিজে স্বয়ংক্ৰিয় নহয়।  মানুহৰ সৃষ্টি হয় আত্মা আৰু পঞ্চভূতেৰে (বায়ু, অগ্নি, মাটি, পানী, আৰু আকাশ) নির্মিত শৰীৰৰ মিলনৰ দ্বাৰা। আত্মা আৰু শৰীৰৰ সংযোগত মানুহ জীৱন্ত অৰ্থাৎ প্রাণবন্ত হয়। আত্মাই  শৰীৰৰ পৰা পৃথকত্ব কৰিলেই মানুহৰ হয় মৃত্যু। সেয়ে মানুহ হয় ঈশ্বৰৰ অধীন কাৰণ মানুহৰ নিজৰ হাতত মৃত্যুৰ চাবিকাঠি নাই। আত্মা আৰু শৰীৰৰ মিলন মাতৃগৰ্ভত হ'লেহে মানুহে 'মানুহ' ৰূপে জন্ম গ্ৰহণ কৰি এই পৃথিৱীত স্থান পায়। মানুহে নিজক মই বা মোক বুলি কয় , সেয়ে 'মই' বা 'মোক' মানুহ হিচাপে এই পৃথিৱীত ৰখা ব্যক্তি হ'ল ভগৱান। ভগৱানৰ অংশ মানৱ শৰীৰত থকালৈকেহে মানুহে  গর্ব কৰি 'ব পাৰে  মই -  আমি ডাক্টৰ, ইঞ্জিনিয়াৰ,  প্রফেচাৰ, বিজ্ঞানী, ৰাজনীতিবিদ, মন্ত্রী ইত্যাদি ইত্যাদি বুলি। যিদিনা প্রভুৱে 'মোৰ' বা 'মই' বোলা শৰীৰৰ পৰা যাম বুলি ভাবি 'ওলাই যাব' সিদিনা 'মই' বা 'মোৰ' বুলি ক'বলৈ কোনো ব্যক্তিৰে একোৱেই নাথকিব। সেইদিনা মানুহৰ  মূল্যাংকন হ'ব তেওঁ কৰা কৰ্মৰ ভাল-বেয়াৰ ওপৰত।  মানুহে এই পৃথিৱীত গর্ব কৰি পাপ, পুণ্য, ন্যায়-অন্যায় , খং ৰাগ, , পৰচৰ্চা, ইতিকিং, পৰোপকাৰ, আনৰ লগত তুচ্ছ ব্যৱহাৰ কৰিব পাৰে, প্রভুৱে দিয়া তেওঁক জীৱনৰ  সময়খিনি লৈকেহে, কিন্তু তাৰ এক মিনিটো তেওঁ ইফাল - সিফাল আৰু একো কৰিব নোৱাৰে। গতিকে প্রভুৱে নির্ধাৰণ কৰি দিয়া সময়খিনিত মানুহে জীৱনত কেনেকৈ দিন অতিবাহিত কৰিব তাৰ সম্পূর্ণ স্বাধীনতা মানুহৰ হাতত। কিন্তু তাৰ পৰা সৃষ্টি হোৱা কৰ্মফলৰ লাভ- লোকচান, শান্তি-অশান্তি, পাপ আৰু পুণ্যৰ মালিক হ'ল স্বয়ং ভগৱান।

মানুহৰ গুণ:--

মানুহৰ গাত সত্ব, ৰজ আৰু তম গুণ থাকে। এই  সত্ব, ৰজ আৰু তম গুণৰ বিষয়ে শ্ৰীমদ্ভাগৱত গীতাত এই দৰে পোৱা যায়:- সত্ত্বং ৰজস্তম ইতি গুণাঃ প্ৰকৃতিসম্ভবাঃ নিবধ্নন্তি মহাবাহো দেহে দেহিনমব্যয়ম্ ॥ (গীতা ১৪/৫) অৰ্থাৎ  হে মহাবাহু (অৰ্জুন), সত্ত্ব, ৰজ আৰু তমঃপ্ৰকৃতিৰ পৰা উৎপন্ন হোৱা এই তিনিটা গুণে অৱিনশ্বৰ আত্মাক শৰীৰৰ ভিতৰত আৱদ্ধ কৰি ৰাখে ।সেয়ে মানুহৰ গাত সত্ব গুণ  থাকিলে  মানুহ সাত্বিক ভাৱাপন্ন হয় আৰু সাত্বিক অৱস্থাত মানুহৰ বুদ্ধিৰ দ্বাৰা ধৰ্ম, জ্ঞান, বৈৰাগ্য, ঐশ্বৰ্য্য ইত্যাদি ইত্যাদি ধৰণৰ গুণবোৰৰ উদয় হয়। এই অৱস্থাত মানুহে প্রসন্নতা, সন্তুষ্টি, ধৈর্য্য, ক্ষমা আৰু আধ্যাত্মিকতাৰ ফালে ধাবিত হৈ ধর্মশাস্ত্ৰবোৰ অধ্যয়নৰ উপৰিও যাগযজ্ঞ কৰাতো ব্রতী হয়।  মানুহৰ গাত  'ৰজ' গুণৰ ৰ প্রাধান্য থাকিলে তেওঁক  'ৰাজস' বা 'ৰাজসিক' বোলা হয়। ৰজগুণে সত্ব আৰু তমগুণক শক্তি প্ৰদান কৰি তাৰ দ্বাৰা কৰ্ম কৰোৱায়। ৰাজসিক গুণৰ ফলত মানুহে অকল নিজৰ লাভ আৰু কার্যসিদ্ধিৰ কথা ভাৱি জীৱন-যাপন কৰাত ব্রতী হয়। এই গুণৰ ফলত মানুহ উশৃংখল, উত্রাৱল, খং আৰু অলপতে উত্তেজিত হোৱা দেখা যায়।  আকৌ মানুহৰ গাত তম গুণৰ  প্রাধান্য থাকিলে তেওঁক 'ভূতাদি' বা 'তামস' বোলা হয়। তামসিক গুণসম্পন্ন মানুহে নিজৰ অজ্ঞানতাৰ বলত সমাজৰ হানি কৰি হ'লেও নিজৰ স্বার্থ সিদ্ধি কৰিবলৈ যত্ন কৰে। তম গুণসম্পন্ন মানুহ এলেহুৱা, লোভী আৰু অকল সংসাৰী জীৱন-যাপনৰ ইচ্ছা পূৰণত আসক্ত হয়।

মানুহৰ কৰ্ম পন্থা স্বাধীন , কিন্তু ফলাফল ঈশ্বৰৰ অধীন: -----

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্রীকৃষ্ণই অর্জুনক ফলাফলৰ আশা নকৰি কৰ্ম কৰিবলৈ এই দৰে নিৰ্দেশ দিছিল:- কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন। মা কর্মফলহেতুর্ভূমা তে সংগোহস্তকর্মণি।। (২। ৪৭) অৰ্থাৎ "কৰ্মতেই তোমাৰ অধিকাৰ, কর্মফলত তোমাৰ কোনো অধিকাৰ নাই। কর্মফল যেন তোমাৰ কৰ্ম প্ৰবৃত্তিৰ হেতু নহয়, কৰ্মত্যাগো যেন তোমাৰ প্রবৃত্তি নহয়।”  ইয়াৰ দ্বাৰা বুজা যায় যে মানুহৰ কেৱল শাস্ত্রবিহিত কৰ্মবোৰ কৰি যোৱাৰ বাবে  অধিকাৰ  আছে। কিন্তু তাৰ পৰা উৎপন্ন হোৱা  কৰ্মফলৰ ওপৰত মানুহৰ কোনো অধিকাৰ নাই। সেয়ে মানুহে এই পৃথিৱীত নিজ চিন্তা ধাৰাৰে ভাল বা বেয়া কৰ্ম কৰিলেও তাৰ ফলাফল কিন্তু ঈশ্বৰেহে নিৰ্ধাৰণ কৰে।

মানুহৰ দ্বাৰা ঈশ্বৰক কৃতজ্ঞতা জ্ঞাপন: ---

এই পৃথিৱীত মাটি, পানী, বায়ু, জুই, আকাশ, গছ-গছনি, চৰাই-চিৰিকটি, জীৱ-জন্তু, মানুহ, নদ-নদী, সাগৰ-মহাসাগৰ, পর্বত-শৃংগ একেলগে সু-সামঞ্জস্যভাৱে  থাকে। এই পৃথিৱীত থকা সকলো বস্তুসমূহ ইটো-সিটোৰ পৰিপূৰক আৰু মানুহৰ বাবে সকলো বস্তুৰেই দৰকাৰ , এটাক বাদ দি আনটোৰ অস্তিত্ব নাথাকে। ভগৱানৰ এই বৈচিত্রময় প্রকাশত  সকলো মানুহে নিজক  'মানুহৰূপে' স্বীকাৰ কৰি আনৰ আগত পৰিচয় দিয়ে তাৰ মূল কাৰণ হ' মানুহৰ ওপৰত ভগৱানৰ অপাৰ আৰ্শীবাদ । এই পৃথিৱীত ভগৱানৰ আৰ্শীবাদৰ কাৰণেই  জীৱই মানুহৰ স্থানত জন্ম গ্রহণ কৰি  স্বয়ংক্ৰিয় ভাৱে কৰ্ম কৰি থাকে। সেয়ে মানুহে ঈশ্বৰক অন্তৰেৰে কৃতজ্ঞতা  জ্ঞাপন কৰিব লাগে। পাহাৰ পৰ্বত , নদী, সাগৰ,জীৱ-জন্তু, গছ-গছনি, চৰাই-চিৰিকটি,  পোক-পৰুৱা ইত্যাদি ইত্যাদি স্বতন্ত্ৰ ভাৱে থাকে যদিও সেইবোৰৰ ওপৰত মানুহৰ দ্বাৰা নাইবা অন্য বস্তুৰ দ্বাৰা  অবিৰত ভাৱে শাসন হৈ থাকে তাক কোনেও নুই কৰিব নোৱাৰে।  মানুহ বুদ্ধিবৃত্তি সম্পন্ন জীৱ সেয়ে নিজে নিজক পৰিচালিত কৰে আৰু ই অন্য জীৱৰ দ্বাৰা  পৰিচালিত নহয়।

মানুহৰ লগত বন্য জীৱ - জন্তুৰ সংঘাত: ---

ইশ্বৰ সৃষ্ট পৃথিৱীত প্ৰকৃতি জগতৰ বুকুত মানুহে ঘৰ বান্ধি বসবাস কৰি থাকে । কিন্তু এই  পৃথিৱীত মানুহে নিজৰ লাভৰ কাৰণে হাবি জংঘল কাটি ডাঙৰ ডাঙৰ অট্টালিকা, ফেক্টৰী আৰু বিভিন্ন ধৰণৰ বৃহৎ উদ্যোগ স্থাপন কৰি ব্যাপাৰ বাণিজ্য কৰি আহিছে। ফলত  অৰণ্য ধ্বংসৰ যজ্ঞলীলা আৰম্ভ হোৱাৰে পৰা বন্যপ্রাণীয়ে মানুহৰ ওপৰত কৰা অত্যাচাৰ টি.ভিত প্ৰত্যক্ষ ৰূপত আৰু বাতৰিৰ শিৰোনামাত প্রতিদিনেই দেখা যায়।  তাৰোপৰি কৃষক সকলে বিভিন্ন বস্তুৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ যাওঁতে মাটি আৰু উৎপাদিত বস্তুত ঔষধ ব্যৱহাৰ কৰাৰ ফলত কীট-পতংগ, ভেকুলী, কেঁচু, চৰাই-চিৰিকটিৰ বিনাশ পূর্ণ গতিত হ'বলৈ ধৰিছে ফলত খাদ্যৰ অনাটনত সৰীসৃপৰ লগতে অন্যান্য বন্যপ্রাণীয়ে নিজৰ ঠাই এৰি বাহিৰলৈ বিচৰণ কৰাত বাধ্য হৈছে ।ইয়াৰ মূল কাৰণ হ''বিনাশ কালে বিপৰীত বুদ্ধি' অর্থাৎ ভগৱানে এই পৃথিৱীত তেওঁ সৃষ্টি কৰা বস্তুসমূহক এই জগতত ইটো-সিটোৰ পৰিপূৰক বুলি সেই ধৰণেৰেই সৃষ্টিতে ব্যৱস্থা কৰি দিছিল। কিন্তু এই পৃথিৱীত এটা প্রাণী জাতিয়ে আন এটা প্রাণী জগতৰ ওপৰত যেতিয়াই অত্যাচাৰ আৰু ধ্বংসলীলা প্ৰকৃতিৰ নিয়মৰ বিপৰীতে আৰম্ভ কৰিবলৈ  ধৰিলে তেতিয়াৰ পৰাই ওলোটাকৈ সিটোৰ ওপৰতো অত্যাচাৰ আৰু ধ্বংসৰ সীমাৰ চূড়ান্ত ৰূপ দেখা পোৱা পায়। ইয়াৰ পৰিণতি স্বৰূপে বর্তমানে জীয়াই থকা মানুহবোৰ বিভিন্ন ধৰণৰ বেমাৰত আক্ৰান্ত হোৱাৰ লগতে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ  ভুক্তভোগী হৈ আছে। বর্তমানে এই পৃথিৱীত দেখা যায় ক'ৰবাত যদি বন্যপ্রাণী হাতী আৰু বাঘৰ দ্বাৰা মানুহৰ ওপৰত অত্যাচাৰ, আন ক'ৰবাত পানীৰ নাটনি, আন ক'ৰবাত বানপানীৰ ধ্বংস যজ্ঞ, 'ৰবাত জুইৰ অগ্নি গৰ্ভ,  আন ক'ৰবাত দুর্ভিক্ষ, মহামাৰী আৰু তাৰোপৰি ইখন দেশৰ লগত আনখন দেশৰ  মানুহৰ মাজত মানুহৰেই বিদ্বেষ ভাৱৰ সংঘর্ষ। ইয়াৰ মূল কাৰণ যদি বিচাৰি যোৱা যায়, তেন্তে মানুহে মানুহৰ বাবে কৰা অনুচিত চিন্তা ধাৰা আৰু  প্রকৃতিৰ বিপৰীতে সম্পাদিত কর্মবোৰ দৃষ্টিগোচৰ কৰিলেই ইয়াৰ উত্তৰ পোৱা যায় ।গতিকে মানুহ ৰূপত জন্মগ্রহণ কৰি যদি মানুহে অসৎ, অন্যায়, ধ্বংসকাৰী, শোষণকাৰী, হত্যাকাৰী, ন্যায়বিৰোধী, আৰু অ-পৰোপকাৰী ইত্যাদি ইত্যাদি কৰ্ম কৰে তেন্তে তেওঁক প্ৰকৃত মানুহ বুলি ঈশ্বৰে গণ্য কৰিবনে বাৰু। ? কিন্তু ইমান গুঢ় ৰহস্য জানিবলৈ মানুহে চেষ্টা কৰা দেখা নাযায় কাৰণ আজিকালি সকলো মানুহেই ভোগবাদী চিন্তা ধাৰাৰে পৰিচালিত। সেয়ে এই পৃথিৱীত মানুহৰ লগত মানুহৰ বিদ্বেষ হোৱাৰ উপৰিও বন্যজীৱৰ লগতো সংঘাত ঘটি থকা দেখা যায়।

মানুহৰ শৰীৰ , আত্মা , মৃত্যু  আৰু মোক্ষ: ---

বেদ, উপনিষদ, ধর্মীয় বিভিন্ন শাস্ত্র আৰু দর্শন শাস্ত্রতো পূর্নজন্মৰ কথা উল্লেখ আছে যে জন্মিলেই মৰিব লাগিব, মৰিলে আকৌ জন্ম গ্রহণ কৰিব লাগিব। একেটা মুদ্রাৰে যেন ইপিঠি-সিপিঠি। ইয়াৰ বৰ্ণনা সুন্দৰকৈ আমি শ্রীমদ্ভাগৱত গীতাত  এইদৰে পাওঁ - মৃত্যুঃ সৰ্বহৰশ্চাহম্ উদ্ভৱশ্চ ভবিষ্যতাম্। অৰ্থাৎ শ্ৰী কৃষ্ণই কৈছে যে -  মই সেই মৃত্যু, যিয়ে সকলো বস্তু শেষ কৰি দি হৰণ কৰোঁ আৰু মই সেই শক্তি, যাৰ দ্বাৰা ভৱিষ্যতত সকলো নতুন বস্তুৰ জন্ম হয়।  অৰ্থাৎ, ঈশ্বৰেই জীৱনৰ শেষ (মৃত্যু) আৰু নতুন জীৱনৰ আৰম্ভণি (উৎপত্তি)  - এই দুয়োটা  নিয়ন্ত্ৰণ কৰে। মানুহৰ আত্মাৰ বিষয়ে শ্ৰীমদ্ভাগৱত গীতাত এই দৰে পোৱা যায়: --

ন জায়তে ম্ৰিয়তে  ৱা কদাচিন্

নায়ং ভূত্বা ভৱিতা ৱা ন ভূয়ঃ।

অজো নিত্যঃ শাশ্বতোহয়ং পুৰোণো

 ন হন্যতে হন্যমানে শৰীৰে।। (২/২০)

ইয়াৰ অৰ্থ হ'ল- আত্মাৰ কেতিয়াও জন্ম বা মৃত্যু নহয়। ইয়াৰ কেতিয়াও জন্ম হোৱা নাছিল, বর্তমানেও জন্ম হোৱা নাই আৰু ভৱিষ্যতেও জন্ম নহ'ব। আত্মা অজ, নিত্য, চিৰস্থায়ী আৰু আদিম। শৰীৰ নিহত হ'লেও আত্মা নিহত নহয়।" আকৌ আত্মাই শৰীৰ ত্যাগ কৰা আৰু নতুন শৰীৰ ধাৰণ কৰা  বিষয়ত শ্ৰীমদ্ভাগৱত গীতাত এই দৰে পোৱা যায়:----

ৱাসাংসি জীর্ণানি য়থা ৱিহায়

নৱানি গৃহ্নাতি নৰোহপৰাণি।

তথা শৰীৰাণি ৱিহায় জীর্ণান্য

ন্যানি সংয়াতি নৱানি দেহী।। (২/২২)

অর্থাৎ "যিদৰে মানুহে জীর্ণ বস্ত্ৰ পৰিত্যাগ কৰি নতুন বস্ত্ৰ পৰিধান কৰে, তেনেদৰে আত্মাই জীর্ণ শৰীৰ ত্যাগ কৰি নতুন শৰীৰ ধাৰণ কৰে।”  শ্ৰী মদ্ভাগৱত গীতাত মোক্ষ প্ৰাপ্তিৰ বাবে এই দৰে বৰ্ণনা পোৱা যায়:-  সৰ্ৱধৰ্মান্ পৰিত্যজ্য মামেকং শৰণং ব্রজ। অহং ত্বাং সৰ্ৱপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ।। (১৮/৬৬) অৰ্থাৎ 'যিয়ে সর্বধর্ম পৰিত্যাগ কৰি একমাত্ৰ মোৰে শৰণ লয়, মই তেওঁক সকলো পাপৰ পৰা মুক্ত কৰোঁ।' অৰ্থাৎ মানৱ জীৱনৰ সৰ্বশ্রেষ্ঠ আৰু সর্বোৎকৃষ্ট অভিজ্ঞতা হ'ল মোক্ষ । মোক্ষ সম্ভাৱনা, সংকল্প আৰু সতত চেষ্টাৰ দ্বাৰা ফলপ্রসু হয়। মুক্তি লাভ কৰা প্ৰচেষ্টা এক সুন্দৰ কলা, ই জীৱনৰ এক শ্রেষ্ঠতম উপলব্ধি। পৰমাত্মাৰ  লগত সংযুক্ত হোৱাৰ নামেই হ'ল মোক্ষ বা মুক্তি। মুঠতে এই পৃথিৱীত মানুহে যেতিয়ালৈকে ভগৱানৰ নিচিনা চিন্তা-চর্চা কৰি ভগৱৎ স্বৰূপে  কর্ম কৰিব নোৱাৰিব তেতিয়ালৈকে মানুহৰ  এটা শৰীৰৰ পৰা মৃত্যু হ'লেও সেই আত্মাই ন-ন শৰীৰত প্ৰৱেশ কৰি পুনঃপুন জন্ম গ্রহণ কৰিব লাগিব। আত্মাই মানুহৰ শৰীৰত থাকি যেতিয়া ভগৱৎৰ দৰে কর্ম সম্পাদন কৰি শেষ কৰিব তেতিয়াহে সেই আত্মাৰ মোক্ষ প্রাপ্তি হ'ব।

  বিশ্ব বৰেণ্য ব্যক্তিসকল মৰিও অমৰ:-----

বিশ্বাস কৰিবলৈ অসম্ভৱ হ'লেও মহৎ কামে মানুহক এই পৃথিৱীত মহান কৰাৰ লগতে বিশ্বমানৱত পৰিণত কৰে । আগৰ দিনৰ মানুহৰ চিন্তা ধাৰা আৰু এতিয়াৰ মানুহৰ চিন্তা ধাৰাৰ  মাজত বহুত অৰ্থাৎ আকাশ - পাতাল পার্থক্য। আগৰ দিনৰ জ্ঞানী ব্যক্তিসকল যেনে --- গৌতম বুদ্ধ, ° সর্বপল্লী ৰাধাকৃষ্ণণ, ৰবীন্দ্র নাথ ঠাকুৰ, শ্রী অৰবিন্দ, মহাত্মা গান্ধী, মাদাৰ টেৰেছা, শ্রী মা, লতা মংগেশকাৰ, লোকমান্য বাল গংগাধৰ তিলক , কনকলতা, সতী জয়মতী , কল্পনা চাউলা ইত্যাদি ইত্যাদি ব্যক্তি সকলে নিজে কৰ্মক্ষেত্ৰত থাকিও সমাজ,  দেশ , ৰাষ্ট্ৰ, আৰু  বিশ্বকল্যাণৰ কৰ্মত ব্রতী হৈ বিশ্বমানৱৰ স্থানত নিজৰ নাম ৰাখি থৈ গৈছে। সেয়ে  প্রত্যেক বছৰে হয় তেওঁলোকৰ জন্মদিন নাইবা মৃত্যুদিনত  বৰ্তমানৰ  মানুহে তেওঁলোকৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি  সশ্রদ্ধ প্রণাম জনায় আৰু তেওঁলোকৰ কর্ম বুৰঞ্জীৰ অৱদান সোঁৱৰে আৰু তেওঁৰ মানৱীয় অৱদান প্ৰচাৰ কৰাত ব্রতী হয়। সেয়ে তেওঁলোক মৰিও এই পৃথিৱীত অমৰ। কিন্তু বর্তমান সময়ত অধিকাংশ মানুহ জ্ঞানী হ'লেও নিজৰ ঘৰৰ পৰিয়ালবৰ্গৰ বাবেহে মাত্র কর্ম কৰি শান্তি লভিব বিচাৰে , আনৰ বাবে কল্যাণকামী কাম কৰি নিজৰ বহুমূলীয়া সময় অতিবাহিত কৰাটো অনর্থক বুলি ভাৱে। সেয়েহে বর্তমানৰ অধিকাংশ মানুহৰ পৰিচয় মৃত্যুৰ পিছতেই শেষ হোৱা যেন অনুমান হয়। মানুহ শিক্ষাগত ডিগ্রীৰে জ্ঞানী হ'ব পাৰে কিন্তু সেই জ্ঞানক যদি প্রায়োগিক ৰূপত ব্যৱহাৰ কৰা নহয় তেতিয়া তেওঁ শিক্ষাগত ডিগ্রীৰহে জ্ঞানী ব্যক্তি হ'ব। কিন্তু বিশ্বমানৱৰ জ্ঞানীৰ শাৰীত তেওঁ কেতিয়াও নিজক অমৰ কৰি ৰাখিব নোৱাৰিব। এই পৃথিৱীত নিজে নিজৰ বাবে সর্বশ্রেষ্ঠ কর্ম কৰিলেও তাক কোনেও শ্রেষ্ঠ কর্ম বুলি গণ্য নকৰে বৰঞ্চ নিজে আনৰ বাবে কৰা কর্মইহে তেওঁলৈ 'শ্রেষ্ঠ মানৱৰ' সম্মান দিবলৈ সকলোৱে সকলো সময়তে উৎফুল্লিত হৈ সাজু থাকে। সেয়ে মহৎ কামে মানুহক মোক্ষ প্রদান কৰি এই পৃথিৱীত যুগমীয়া কৰি ৰাখে।

    অতিথি দেবো ভৱ : ----

এই পৃথিৱীত মানুহে যদি কোনোবাই কাৰোবাৰ ঘৰত যায় বা নিজ ঠাইৰ পৰা অন্য ঠাইলৈ যায় তাত তেওঁক' 'আলহী'বা অতিথি বুলি সম্বোধন কৰা হয়। হয়, সচাঁকৈয়ে এই পৃথিৱীত মানুহৰ স্থান আলহীৰ শাৰীত। ভগৱানে এই পৃথিৱীত  মানুহক জন্ম গ্রহণ কৰাই তেওঁৰ জগত দর্শন কৰিবলৈ এটা নির্দিষ্ট সীমাৰ ভিতৰত মানুহক স্থান দি এই পৃথিৱীলৈ পঠিয়াই দিয়ে। মানুহেও ঈশ্বৰৰ নির্দেশ অনুসৰি এই পৃথিৱীত সৰুৰ পৰা বৃদ্ধ অৱস্থালৈকে পর্যায়ক্রমে গতি কৰি সদৌ শেষত প্রভুৰ চৰণত নিজকে উৎসর্গা কৰে। ঈশ্বৰৰ এই পৃথিৱীত মানুহ হ'ল ক্ষণস্থায়ী প্রাণী। ক্ষণস্থায়ী মানুহৰ এই পৃথিৱীত ভগৱানে দিয়া সময়লৈকেহে দেশ আৰু কালত স্থান। সময় শেষ মানে সকলো শেষ, মাথোঁ থাকি যায় মহৎ কর্মৰ বুৰঞ্জী। গতিকে মানুহে সঁচাকৈয়ে এই পৃথিৱীৰ আলহী আৰু ইয়েই মানুহৰ মাজত যুগে যুগে চিৰন্তন সত্যৰূপে প্রকাশিত হৈ আহিছে। এই মানুহৰূপী অতিথি - আলহীক প্ৰাচীন ভাৰতীয় সংস্কৃতিত ভগৱান সদৃশ ৰূপত  স্থান দিয়া হৈছে। ইয়াক  তৈত্তিৰীয় উপনিষদৰ  'শিক্ষাৱল্লী'ৰ একাদশ অনুবাকত এইদৰে পোৱা যায়:--- "অতিথি দেবো ভৱ" (২) অৰ্থাৎ মানুহেই হ'ল আলহী, আলহীয়েই হ'ল অতিথি আৰু এই অতিথিক ভগৱান" বা " দেৱতাৰ দৰে জ্ঞান কৰি সেৱা কৰিব লাগে। অৰ্থাৎ মানুহ হ'ল ঈশ্বৰৰ অংশ, সেয়ে  মানুহে মানুহক ঈশ্বৰ ৰূপত গ্ৰহণ কৰি জীৱনত কৰ্ম কৰিবলৈ শিকাটো ভাৰতীয় সংস্কৃতিৰ ই এক মূল আদৰ্শ।

   -----------------------------

 


Share this post
Comments

Please login or register to comment.

No comments yet.

Facebook Comments