Blog (Guest)

Assamese

টাইম বাজেটিং

ডঃ ৰশ্মিৰেখা শর্মা

 উপ আৰক্ষী অধীক্ষক, সদৰ

 শোণিতপুৰ।

যদিও অন্য জীৱ জন্তুতকৈ মানুহৰ জীৱনৰ গড় আয়ুস বেছি, মানুহৰ সভ্যতাৰ ইতিহাস আৰু বিশ্বব্ৰহ্মাণ্ডৰ ক্ৰমবিকাশ ইত্যাদিলৈ লক্ষ্য কৰিলে এগৰাকী লোকৰ গড় আয়ুসৰ পৰিমাণ একেবাৰে নগন্য বুলি ধাৰণা কৰিব পাৰি। তাতেই আকৌ জন্ম হৈ জ্ঞান বুদ্ধিৰ বিকাশ হোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য প্ৰাকৃতিক কাৰ্যত নিয়োজিত সময়খিনি  বা বিভিন্ন ৰোগ ব্যাধি তথা বৃদ্ধকালক বাদ দিলে কৰ্মক্ষম কামৰ সময় অতি তাকৰ হৈ পৰে। তদুপৰি অৰ্থপাৰ্জনৰ বাবে কৰা সময়তো আছেই। এতিয়া নিজৰ উত্তৰণৰ বাবে যদি কিবা কৰিবলগীয়া হয় তেন্তে আমাৰ বাবে সময়ৰ যথেষ্ট নাটনি হয়। আমি সেইবাবেই সচৰাচৰ মানুহৰ মুখৰ পৰা শুনা পাওঁ মোৰ হাতত এক্কেবাৰে সময় নাই।