• theoxygentimes@gmail.com

Blog


   ডঃ ৰশ্মিৰেখা শর্মা

 উপ আৰক্ষী অধীক্ষক, সদৰ

 শোণিতপুৰ।

 

যদিও অন্য জীৱ জন্তুতকৈ মানুহৰ জীৱনৰ গড় আয়ুস বেছি, মানুহৰ সভ্যতাৰ ইতিহাস আৰু বিশ্বব্ৰহ্মাণ্ডৰ ক্ৰমবিকাশ ইত্যাদিলৈ লক্ষ্য কৰিলে এগৰাকী লোকৰ গড় আয়ুসৰ পৰিমাণ একেবাৰে নগন্য বুলি ধাৰণা কৰিব পাৰি। তাতেই আকৌ জন্ম হৈ জ্ঞান বুদ্ধিৰ বিকাশ হোৱাৰ পৰা আৰম্ভ কৰি অন্যান্য প্ৰাকৃতিক কাৰ্যত নিয়োজিত সময়খিনি  বা বিভিন্ন ৰোগ ব্যাধি তথা বৃদ্ধকালক বাদ দিলে কৰ্মক্ষম কামৰ সময় অতি তাকৰ হৈ পৰে। তদুপৰি অৰ্থপাৰ্জনৰ বাবে কৰা সময়তো আছেই। এতিয়া নিজৰ উত্তৰণৰ বাবে যদি কিবা কৰিবলগীয়া হয় তেন্তে আমাৰ বাবে সময়ৰ যথেষ্ট নাটনি হয়। আমি সেইবাবেই সচৰাচৰ মানুহৰ মুখৰ পৰা শুনা পাওঁ মোৰ হাতত এক্কেবাৰে সময় নাই।

সময় অমূল্য। মানুহে টকা পইচা খৰছ কৰিবৰ বাবে বিভিন্ন পৰ্যায়ত বাজেট বনাই লয়। এইখিনিতে এটা কথা অতি গুৰুত্বপূৰ্ণ যে টকা খৰছ কৰিম বুলি আমি দুই চাৰিদিন পিছুৱাই থাকিব পাৰোঁ কিন্ত্ত এবাৰ খৰছ হৈ যোৱা সময় যেনেকৈ ঘূৰাই নেপাওঁ ঠিক তেনেকৈ পিছলৈ খৰছ কৰিম বুলি সেই সময়খিনি থৈ দিব নোৱাৰো।  সময়ৰ টিকনি সদায় আগফালে উৰে বুলি বিজ্ঞলোকে কয়। সেইকাৰণে টাইম বাজেটিংৰ অতিশয় গুৰুত্ব আছে।

টাইম বাজেটিংনো কি...

 সময় হৈছে আমাৰ একমাত্ৰ ব্যক্তিগত সম্পত্তি। সময় কেনেদৰে খৰছ কৰা যায় সেয়া সেই ব্যক্তিজনৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন ধণাত্মক কার্য সকৰাত্মক ভাবে তথা নিজৰ প্ৰয়োজন অনুসৰি কৰিবৰ বাবে হাতত থকা সময়ক ভাগ বটোৱাৰা কৰি লোৱাটোৱে টাইম বাজেটিং। বেছি গুৰুত্ব পূৰ্ণ কামৰ বাবে বেছি সময় আৰু কম গুৰুত্ব পূৰ্ণ কামৰ বাবে কম সময় ভগাই লব লাগে। যদি কৰিব লগীয়া কাম সময়তকৈ আগতে কৰি শেষ হৈ যায় তেন্তে সেই ৰাহি হোৱা সময় খিনি অন্য বেলেগ কামত লগাব পৰাকৈ ভাগ কৰি থব পাৰি। টকা পইচা খৰছৰ ক্ষেত্ৰতো আমি বাজেট বনাই লৈহে আগবাঢ়ো ।

পৃথিৱীত এনে কোনো ব্যক্তি নাই যি দিনটোত চৌবিশ ঘণ্টাতকৈ বেছি সময় লাভ কৰিছে। আইনষ্টাইন, মাদাৰ টেৰেছা, লিওনাৰ্ড দা ভিঞ্চি,জে কে ৰাউলিং আদি বিশ্ব বিখ্যাত ব্যক্তিসকলে জীৱনত প্ৰতিষ্ঠা লাভ কৰিছিল যদিও বেলেগ সাধাৰণ লোকতকৈ বেছি সময় কোনোপধ্যেই পোৱা নাছিল। ষ্টিফেন হকিন্স, আলকজেন্ডাৰ গ্ৰাহাম বেল, নিক ভয়েছিছ আদিসকল বিশেষ ভাবে সক্ষম লোক হলেও সময়ক নিজৰ অধীনত আনি জীৱনত প্ৰতিষ্ঠা লাভ কৰিছে।

 আমাৰ সমাজৰ পৰা সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী নিচেই তাকৰ।

যি সকল ছাত্র ছাত্ৰীয়ে জীৱনৰ এক বিশেষ লক্ষ্য লৈ আগবাঢ়িব খোজে তেওঁলোকৰ বাবে সময়ৰ পৰিকল্পনাৰ দৰকাৰ। দীৰ্ঘ ম্যাদী লক্ষ্যৰ প্ৰাপ্তিৰ বাবে হ্ৰস্বকালীন একো একোটা পৰিকল্পনা কৰি লব লাগে। আজি দিনটোত মই কি কি কাম কৰিম তাৰ তালিকা ৰাতিপুৱা অথবা আগদিনা ৰাতিয়েই বনাই থৈ আকৌ ৰাতি শোৱাৰ আগতে কামবোৰৰ অগ্ৰগতিৰ খতিয়ান লব লাগে। বিশ্বখ্যাত মনিষী এলেন লোকেনে কৈছে..." সময়ক নষ্ট কৰা মানে জীৱনক নষ্ট কৰা। কিন্তু  সময়ক চালনা কৰা মানে আপোনাৰ জীৱনক আপোনাৰ নিয়ন্ত্ৰণলৈ অনা।সেয়েহে সময়ক যিমান দূৰ সম্ভৱ কামত লগাওঁক। সময় মানে জীৱন । তাৰ অভাৱ পূৰণ কৰিব নোৱাৰি। "

টাইম বাজেটিঙৰ ফলত আত্ম – নিয়মানুবৰ্তিতাৰ উত্তৰণ ঘটে, কৰ্মৰাজিৰ গুণগত মানদন্ডৰ শ্ৰীবৃদ্ধি হয়, ব্যক্তিত্বৰ বিকাশ হয়, মানসিক উৎকৰ্ষ সাধন হয়, কৰ্মস্পৃহা বৃদ্ধি পায় আৰু নতুন নতুন দুৱাৰ মুকলি হয়। টাইম বাজেটিঙ এক প্ৰকাৰৰ কলা বা আৰ্ট।ব্যক্তি বিশেষে নিজৰ কৰ্মৰ ওপৰত ভিত্তি কৰি এই কলাৰ দ্বাৰা সময়ক  সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে।

Post a Comment