Blog

যুৱ প্ৰজন্ম আৰু আধ্যাত্মিক শিক্ষাঃ এক চমু অবলোকন

Blog Image

যুৱ প্ৰজন্ম আৰু আধ্যাত্মিক শিক্ষাঃ এক চমু অবলোকন

অঞ্জন বাচকোটা

ঠিকনাঃ চমাৰ দলনি, নাগশংকৰ, বিশ্বনাথ

(লেখক সাহিত্য অকাদমীৰ যুৱ পুৰস্কাৰ ২০২০ প্ৰাপক)

বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ চৰম উকৰ্ষৰ যুগ। ইতিমধ্যে কৃত্ৰিম বুদ্ধিমত্তাই আমাক বহু দূৰ আগুৱাই লৈ গৈছে। আমি বহু পাইছোঁ বিনিময়ত বহু হেৰুৱাইছোঁ। বিজ্ঞানৰ এই অভিনৱ আবিস্কাৰে আমাৰ সৃষ্টিশীলতাক প্ৰত্যাহ্বান জনাইছে। আজি গল্প, কবিতা, উপন্যাস লিখিবলৈ কলমৰ আগটো ক্ষয় কৰাব নালাগে। আপুনি মাত্ৰ কৃত্ৰিম বুদ্ধিমত্তাক হুকুম দিলেই হল। লেখা প্ৰস্তুত হৈ যাব। এতিয়া ডাঙৰ প্ৰশ্নটো হল আমি কৃত্ৰিম বুদ্ধিমত্তাৰ দাস হম নে এই প্ৰত্যাহ্বানক গ্ৰহণ কৰি আমাৰ সৃজনশীলতা তথা সৃষ্টি কৰ্ম নিজেই কৰি যাম।আজিৰ মানুহক সকলো বস্তু একে সময়তে লাগে, লাগ বুলিলেই হাততে লাগে। তেনে ক্ষেত্ৰত খুউব কম সংখ্যক মানুহহে নিজৰ বিবেকৰ ব্যবহাৰ কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা নিজৰ প্ৰয়োজনীয়খিনি লৈ বাকী কাম নিজেই কৰাৰ পক্ষত থাকিব। বাকী গৰিষ্ঠ সংখ্যক কিন্তু সহজলভ্যতাৰ পিছত দৌৰিব। এই সহজলভ্যতা, কোনো কষ্ট নকৰাকৈ বহুত কিবা কিবি লাভ কৰাৰ লালসাই আমাক কিন্তু দাস কৰি পেলাব। আমাৰ বিবেক বন্ধকত থাকিব।

এতিয়া যুব প্ৰজন্ম বুলিলে আমি কাক বুজোসাহিত্য অকাদমীয়ে ৩৫ বছৰ বা তাৰ অনুৰ্ধক যুৱ বুলি স্বীকৃতি দিছে। চৰকাৰীভাবে ৪০ ৰ তলৰখিনিক যুব বুলি কোৱা হয়। সেয়া যিয়েই হওঁক আমি আমাৰ এই আলোচনাত ৪০ ক ভিত্তি বৰ্ষ হিচাপে বাচি লৈছোঁ। এই যুৱ শক্তি দেশৰ আচল শক্তি। এই শক্তিৰ হাততেই দেশৰ ভবিষ্য নিৰ্ভৰশীল। এটা সময়ত এই যুৱ শক্তিয়ে দেশখনৰ ৰাজনীতি, অৰ্থনীতি, সমাজ নীতি, সাহিত্য, সংস্কৃতি, প্ৰশাসন, প্ৰতিৰক্ষা, শিক্ষাকে প্ৰমুখ্য কৰি সকলো ব্যৱস্থা পৰিচালনা কৰিব লাগিব। তেনেক্ষেত্ৰত দেশৰ যুৱ শক্তি যদি এটা সু-চিন্তিত পথৰ পথিক হয় তেন্তে দেশ এখনে প্ৰগতিৰ বাট বুলিব। অন্যহাতে দেশৰ যুৱ শক্তি যদি উচ্ছৃঙ্খল হয়, বিপথগামী হয় তেন্তে বিশ্ব মানচিত্ৰৰ পৰা সেইখন দেশৰ ছৱি ক্ৰমা ধূষৰ হৈ যাব আৰু কালক্ৰমত একেবাৰে নাইকিয়া হবলৈ বেচি পৰ নালাগিব।

এনে প্ৰেক্ষাপটট আধ্যাত্মিক শিক্ষাৰ প্ৰাসংগিকতা আহি পৰে। আমি বহুতে আকৌ আধ্যাত্মিকতা বুলি কওঁতে কপালত চন্দনৰ ফোট, ধূতি, চাদৰ, ডিঙিত মালা পিন্ধা, টিকনি ৰখা আদি মানুহৰ ছৱিবোৰ মনলৈ আনো। এয়া এক ভ্ৰান্ত ধাৰণা। আধ্যাত্মিকতা হল মনৰ এটি স্তৰ। আপোনাৰ মন-মগজু পৰিস্কাৰ কৰি কেৱল শুদ্ধ চিন্তা-চেতনা, সৰ্বনিয়ন্তাৰ প্ৰতি আস্থা-বিশ্বাসৰ ভাব ৰখা, সকলোকে বসু দৈব কুটুম্বকম ভাবনাৰে চোৱা আদি মানসিক স্থিতক বুজোঁ। আজিৰ একাংশ মানুহে আধ্যাত্মিক শিক্ষা বুলিলে কেৱল ধৰ্ম চৰ্চা, ধৰ্মগ্ৰন্থ অধ্যয়ন, ধৰ্ম প্ৰচাৰ, দেখাক দেখি কৰা ঈশ্বৰ ভক্তি, ঈশ্বৰ নামত হৈ চৈ কৰাটোক বুজি পায়। সেয়া প্ৰকৃত আধ্যাত্মিকতা নহয়। আধ্যাত্মিকতা হল মনৰ এক সুস্থ অনুশীলন যিয়ে মনক শান্ত কৰে, চঞ্চলতা দূৰ কৰি একাগ্ৰ চিত্ত, ধৈৰ্যবান হবলৈ সহায় কৰে আৰু ই এক শৃঙ্খলিত জীৱন যাপনৰ বাবে প্ৰেৰিত কৰে। ই মানুহৰ মনঃস্তত্তৰ সৈতে প্ৰত্যক্ষভাবে সম্পৰ্কিত, বাহ্যিক নহয়।

বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ যুৱ প্ৰজন্মক পৰম্পৰাগত শিক্ষাৰ লগতে আধ্যাত্মিক শিক্ষাৰে দীক্ষিত কৰিব পাৰিলে ভাল। আজিৰ বহু যুৱক-যুৱতী নিচাযুক্ত দ্ৰব্য সেবন, চৌৰ্য বৃত্তি, অনৈতিক যৌন স্পৃহাত আসক্ত হৈ সমাজত সততে সমাজ বিৰোধী কাম-কাজত লিপ্ত হোৱা দেখা যায়। এনে পৰিপ্ৰেক্ষিতত আধ্যাত্মিক শিক্ষা দানেৰে তেনে বিপথগামী যুৱক-যুৱতীক সমাজৰ মূল সূঁতিলৈ ফিৰাই আনিব পৰা যায়।

এই ধৰক শংকৰী কৃষ্টি-সংস্কৃতি চৰ্চাৰ প্ৰতি আমি যদি কম বয়সৰ পৰাই আমাৰ লৰা-ছোৱালীক বাট পোনাই দিব পাৰোঁ তেন্তে তেওঁলোক সৃষ্টিশীল কৰ্মৰ প্ৰতি আগ্ৰহী হৈ উঠিব। তেঁওলোকৰ মনত নেতিবাচক চিন্তা-চেতনাই বাহ লব নোৱাৰে। একেদৰে ধৰ্ম শাস্ত্ৰসমূহৰ বাণী অধ্যয়নে আমাৰ মনৰ পৰিষৰ বহল কৰি তোলে। খোল, তাল, নাগাৰা, বাঁহী, তবলা বাদন আদিৰ শিক্ষা দিব পাৰিলে তেঁওলোকৰ মন সংস্কাৰিত হৈ উঠিব। সংস্কাৰিত যুৱ প্ৰজন্ম হল দেশ এখনৰ অমূল্য সম্পদৰ আকৰ।

এই আধ্যাত্মিক চিন্তাৰ উকৰ্ষ সাধনৰ বাবে আমি নতুনকৈ একো কৰিব নোঁৱাৰিলেও আমাৰ লৰা-ছোৱালীক গ্ৰন্থ অধ্যয়নৰ বাবে প্ৰেৰিত কৰিব পাৰোঁ। জন্ম দিনত আপোনাৰ সন্তানক স্মাৰ্ট ফোন, বাইক বা বহু নামী দামী বস্ত উপহাৰ দিয়াৰ সলনি গ্ৰন্থ উপহাৰ দিয়াৰ উত্তম সংস্কাৰক আমি সকলোৱে আকোৱালি লব পাৰোঁ। গ্ৰন্থ অধ্যয়নে মানুহৰ কল্পনা আৰু চিন্তা শক্তিক প্ৰসাৰিত কৰে। আজিৰ মোবাইল মেনিয়াত আক্ৰান্তসকলে নিজকে পৰিয়াল আৰু সমাজ জীৱনৰ পৰা নিজকে আতৰাই ৰাখিছে। তীব্ৰ মানসিক চাঁপ, কৰ্ম স্থানত কামৰ অত্যাধিক হেঁচা, সৰু-বৰ চিন্তা-দুঃশ্চিন্তাই মানুহক মানসিকভাবে ভাৰাক্ৰান্ত কৰি তোলে, হতাশগ্ৰস্ত কৰি তোলে। তেনে হতাশগ্ৰস্ততাৰ পৰা উদ্ধাৰ পোৱাৰ উত্তম উপায় হল নিজকে আধ্যাত্মিক চিন্তা-চেতনাৰে সম্বৃদ্ধ কৰি আধ্যাত্মিকতাৰ বৰ পথাৰত সপি দিয়া। আধ্যাত্মিকতাৰ জীপাল পৰশত উজ্জীৱিত মন সংকীৰ্ণতা আৰু নেতিবাচক চিন্তা-চেতনাৰ পৰা বহ যোজন আতৰত থাকে। তেওঁলোকে মানসিক সুস্থিৰতা বজাই ৰাখিব পাৰে আৰু এখন সৰ্বাঙ্গ সুন্দৰ জীৱন অতিবাহিত কৰিব পাৰে।

প্ৰস্তুত প্ৰবন্ধত আমি আনুষ্ঠানিক আধ্যাত্মিক শিক্ষাৰ পোষকতা কৰা নাই। আমি ইয়াত অনানুষ্ঠানিক আধ্যাত্মিক শিক্ষাৰ পোষকতা কৰিছোঁ যিয়ে আত্মিক, মানসিক আৰু মানবীয় প্ৰমূল্যবোধৰ বিকাশ সাধন কৰে। ই ধৰ্মৰ ঠেক গণ্ডিৰ পৰা বহু যোজন আতৰত। ই আত্ম-অনুসন্ধান, সত্য, শুদ্ধ, শান্তি, সংযম, সহমৰ্মিতা আৰু মানবীয়তা আদি গুণৰ বিকাশত অৰিহণা যোগায়। আধ্যাত্মিক শিক্ষাই নৈতিকতা গঠন, আত্ম সচেতনতা বৃদ্ধি, মনৰ শান্তি, ধৈৰ্য, সহনশীলতা, সত্য, অহিংসা, নীতি শিক্ষা আদিৰ পাঠ শিকায়। আজিৰ সমাজত বিশেষকৈ যুৱ প্ৰজন্মক সু-চিন্তিত পথ প্ৰদৰ্শনৰ ক্ষেত্ৰত আধ্যাত্মিক শিক্ষাৰ এশ শতাংশই প্ৰয়োজন। পাঠ্যপুথিত নীতি শিক্ষা আৰু আধ্যাত্মিকতা বিষয়টো অন্তৰ্ভুক্ত কৰিব পাৰিলে ভাল হয়। যোগ সাধনা, ধ্যান আৰু নিয়মিত ব্যায়ামে মনক সুস্থিৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

___________________________


Share this post
Comments

Please login or register to comment.

Anjan Baskota
লেখা প্ৰকাশ কৰি উৎসাহিত কৰাৰ বাবে The Oxygen Times ক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
13 Sep 2026 01:20 AM
Facebook Comments