Blog

জীৱনৰ উদ্দেশ্যৰ সন্ধানত

Blog Image

জীৱনৰ উদ্দেশ্যৰ সন্ধানত

° নির্মলা দেৱী, গুৱাহাটী

(এক)

° ভক্তি দেৱী। এগৰাকী চিভিল ইঞ্জিনিয়াৰ। যোৱা পঁচিছ বছৰে অষ্ট্ৰেলিয়াৰ ছিডনী চহৰত সুদক্ষ চিভিল প্রযুক্তিবিদ হিচাপে পেয়জল (খোৱাপানী) আৰু ভূজল সম্পর্কে কোম্পানী আৰু অনুষ্ঠানসমূহক দিহা-পৰামৰ্শ দি সেৱা আগবঢ়াই আহিছে। আগেয়ে তেওঁ অষ্ট্ৰেলিয়াৰ সৰ্ববৃহৎ ছিডনী ৱাটাৰ প্ৰকল্পত 'Liveability Strategist' হিচাপে কৰ্ম আৰু সেৱা আগবঢ়াইছিল। প্রায় তিনিকুৰি বছৰ গৰকিবলৈ ওলোৱা এই মহিলাগৰাকীৰ পুত্ৰ, যি ত্রিশোর্ধ্ব বয়স অতিক্ৰম কৰিছে বর্তমান ছিডনীৰেই স্থায়ী বাসিন্দা। কিন্তু মহিলাগৰাকী উভতি আহিছে নিজ দেশলৈ জলসম্পদৰ ব্যৱহাৰ সম্পৰ্কে দিহা-পৰামৰ্শ আগবঢ়াবলৈ। বেংগালুৰুত নিজা কার্যালয় মুকলি কৰি কামো আৰম্ভ কৰিছে। ২০১৯ চনৰ ফ্ৰেৱৱাৰী মাহত ৰাজস্থানৰ আলৱাৰ জিলাৰ নিমলি নামে ঠাইত অৱস্থিত অনিল আগৰৱালা পৰিৱেশ প্রশিক্ষণ প্রতিষ্ঠান (Anil Agarwal Environmental Training Institute, AAETI)'পানীয়ে কথা কয়' (Water speaks) শীর্ষক এলানি কর্মশালাত অংশগ্রহণ কৰাৰ কালছোৱাত এইগৰাকী অংশগ্ৰহণকাৰী প্ৰযুক্তিবিদক বিভিন্ন বিষয়ৰ আলোচনাৰ মাজতে সুধিছিলোঁ, 'স্বদেশলৈ এনেদৰে অকলেই উভতি আহি আপুনি জানো অকলশৰীয়া অনুভৱ কৰা নাই? এই বয়সত আপুনি জানো একাকীত্বত ভোগা নাই ?' তেওঁৰ উত্তৰে মোক ভবাই তুলিলে। এক উৎসাহী উত্তৰ। 'মই কেতিয়াও একাকীত্ব বা অকলশৰীয়া অনুভৱ কৰা নাই, কাৰণ মোৰ এক সুনির্দিষ্ট উদ্দেশ্য আছে। এক সৎ উদ্দেশ্য আছে।"

নিশ্চয়কৈ, সন্মুখত যদি জীৱনৰ এক মহান সামাজিক উদ্দেশ্য থাকে, কামত যদি কোনোধৰণৰ এলাহ আৰু শিথিলতা নাথাকে, মানুহৰ জীয়াই থকাৰ একাকীত্ব বহু পৰিমাণে নোহোৱা হৈ পৰে। অতিপাত ব্যক্তিগত টান, ব্যক্তিগত বিষয়ৰ কেন্দ্ৰীকৰণ, কেৱল নিজৰেই সন্তান, নিজৰেই পিতৃ-মাতৃ বা পৰিয়ালৰ অতি আপোনসকলৰ প্ৰতি একচেটিয়া স্বাৰ্থপৰতাই সাময়িক সুখ প্রদান কৰিলেও, দীর্ঘদিনীয়া নহয়। নিজৰ দক্ষতা আৰু সামর্থ্যৰ এক সামাজিক পৰোপকাৰী উদ্দেশ্যই জীৱনৰ ভাটিবেলাত মধুৰ সন্তুষ্টি আৰু আত্মতৃপ্তিৰ সঁচা সুখ প্রদান কৰে- এই কথাত কোনো সন্দেহ নাই। মূল কথা হ', এনে পৰোপকাৰী উদ্দেশ্যৰ বাবে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱালৈকে ৰৈ থাকিলে মাজৰ সময়ছোৱা (Transition Period) যথেষ্ট কষ্টকৰ হ'ব পাৰে অথবা নিজস্ব চিন্তনবোৰ বিভিন্ন কাৰণত আলিদোমোজাত পৰি বিক্ষিপ্ত হৈ পৰিব পাৰে। অৱসৰপ্ৰাপ্ত অকলশৰীয়া জ্যেষ্ঠসকলৰ লগত কথা-বার্তাত এই কথা স্পষ্ট হয় যে তেওঁলোকৰ অধিকাংশই এনে সামাজিক পৰোপকাৰী কামৰ প্ৰতি নিঃসন্দেহে আগ্রহী, কিন্তু কাম সম্পর্কে কোনো আওভাও পোৱা নাই। লগতে নতুনকৈ কিবা কাম আৰম্ভ কৰিবলৈ দেহাই টানিবনে নাটানে- এই বিষয়ে তেওঁলোক নিজইে দোদুল্যমান। সেয়েহে চাকৰিৰ উপৰি সময়, দেহা আৰু উদ্দীপনা থাকোঁতেই অলপ আগতীয়াকৈ এনেধৰণৰ সামাজিক পৰোপকাৰী ভাব পোষণ কৰি সেইমতেই কামবোৰ পোনাই ল'লে সমাজ ধন্য হ', সমাজৰ লগতে নিজৰো উপকাৰ হ'ব আৰু হয়তো নিজা সামাজিক পৰিসৰৰো বিস্তাৰ ঘটিব। লগে লগে একাকীত্বৰ ভয়াৱহতাও নোহোৱা হ'ব।

(দুই)

পৰীৰ দেশৰ সাধু, জলপৰীৰ সাধু, চৰাই-চিৰিকটিৰ সাধু শুনি ভালপোৱা ছোৱালীজনী লাহে লাহে দৈনিক কাকতৰ খবৰ, বিজ্ঞান-প্রযুক্তিৰ ইতিহাস, সভ্যতা আৰু পৰিবেশৰ ইতিহাস, চিকিৎসা আৰু ঔষধীয় ৰসায়নৰ মনোৰম আবিষ্কাৰৰ কাহিনীবোৰ শুনিও সমানেই ভালপোৱা হ'ল। ৰাতি শোৱাৰ সময়ত কোৱা সাধুকথাৰ মাজতে তাই কেতিয়াবা বিজ্ঞৰ দৰেই প্ৰশ্ন কৰে, 'মা, মানুহৰ জীৱনৰ উদ্দেশ্যনো কি বাৰু ?' মই কিছু সময় থৰ লাগি বৈৰ দিওঁ। মৌন হওঁ। প্রশ্ন আৰু প্রশ্ন সোধাৰ ধৰণ ভিন্ন আছিল, কিন্তু ময়ো একেই প্রশ্ন কৰিছিলোঁ মই মোৰ পিতাক। পিতা মৌন হৈছিল আৰু মিচিকিয়াই সন্তুষ্টিৰ হাঁহি মাৰিছিল। জুলাই মাহৰ গৰমৰ দিনত চোতালতে বনাই থোৱা বাঁহৰ চাংখনত ফুট গধূলি চিত হৈ শুই শুই আকাশৰ তৰালৈ চাই এই প্রশ্ন সুধিছিলোঁ যদিও উত্তৰৰ বাবে তেওঁৰ মুখলৈ বাট চাওঁতে মিচিকিয়া সৰু হাঁহি এটিহে পাৰ হৈ যোৱা দেখা পাইছিলো। জহৰ দিনত পাতল বতাহত কেতিয়ানো নির্ভয়ে টোপনিত ঢলি পৰিছিলোঁ, গমেই নাপাইছিলোঁ। সুবিধাজনক সময়ত কোনো নাথাকোঁতে শহুৰ দেউতাকো পাছলৈ কৰিছিলোঁ সেই একেই প্রশ্ন, 'জীৱনৰ উদ্দেশ্য?' তেওঁৰ উত্তৰ আছিল, 'ময়ো বিচাৰি পোৱা নাই আজিলৈ। হয়তো বিচাৰিয়েই আছোঁ।'

দীর্ঘদিন ধৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি অৱসৰ গ্ৰহণ কৰা মানুহজনে সকলো সময়তে শিক্ষাৰ মহত্ত্ব অতি ভালদৰে বুজি পাইছিল। সুবিধা পালেই সকলোকে জ্ঞানৰ কথা কৈছিল, শিক্ষাৰ মহত্ত্ব বুজাইছিল আৰু সময়-সুবিধা সাপেক্ষে শিক্ষাদানো কৰিছিল। নিজে অৱসৰ গ্ৰহণ কৰাৰ পাছতো প্ৰতি বছৰেই নিজৰ বয়োজ্যেষ্ঠ শিক্ষাগুৰুসকলক তেওঁলোকৰ ঘৰতে শিক্ষক দিৱসৰ দিনা পুৱাতেই গা-পা ধুই গৈ গামোচা আগবঢ়াই সেৱা কৰি থৈ আহিছিল। অথচ অৱসৰ গ্ৰহণৰ পাছত একাকীত্ব কেতিয়াবা তেওঁৰ বাবেও অসহনীয় হৈ পৰা দেখিছিলোঁ। এই একাকীত্ব শাৰীৰিকভাবে অকলশৰীয়া হোৱাৰ বাবে নহয়, এই একাকীত্ব আছিল পৰিয়ালৰ সদস্যসকলৰ মাজতেই থাকি। অৱশ্যে, সময়ৰ ছন্দত ঘৰুৱা বিয়াবাৰু ইত্যাদিত ব্যস্ত হৈ এই একাকীত্ব লাহে লাহে কমি নোহোৱা হৈ গৈছিল। শহুৰ দেউতাই নিজৰ পছন্দৰ কিবা এটা কাম কৰিব বিচাৰিছিল। ওচৰে-পাঁজৰে থকা বিদ্যালয়ত শিক্ষাদানৰ কথা পাতি থকা হ'লেও কিবা কাৰণত নতুনকৈ স্কুলবোৰত এলাগী হোৱাৰ আগতীয়া অনুভৱৰ বাবে এয়া সম্ভৱ নহ'ল। পাছলৈ সম্পর্কীয় দাদা এজন আৰু গাঁৱৰে ভাইটি এজনৰ স'তে মন মিলাত তিনিও দোকান এখন দি অতি ব্যস্ত হৈ পৰিল। অৱশ্যে এনেবোৰ কৰ্মত কেতিয়াবা সমাজৰ প্ৰশ্নৰো উত্তৰদায়ী হ'বলগীয়া হয়। 'কিহৰ বাবেনো বয়সিয়াল মানুহ এজনে নতুনকৈ দোকান দিব লাগে। এই বয়সত বেপাৰীহে হ'বলগীয়া হ'লনে বাৰু! পইচা কম হ'ল নেকি? ইত্যাদি!' শহুৰ দেউতাৰ জীৱন পৰিক্ৰমাৰ এটা সূক্ষ্ম অংশহে। মোৰ দেউতাৰ ক্ষেত্ৰতো একেধৰণৰ অভিজ্ঞতা হৈছিল। অৱসৰৰ পাছত ঘৰৰ ওচৰৰে প্রাইভেট স্কুল এখনত শিক্ষাদান কৰাৰ বাবে আমন্ত্রণো পাইছিল। 'এহ মানুহে কি ভাবিব বাৰু?' এয়াই আছিল এক ডাঙৰ প্রশ্ন! 'এই বয়সতো পইচাৰ খঁক নুগুচিল'- হয়তো মানুহে মন্তব্য কৰিব। এনে বহু কথা ভাবিয়েই পিতা প্রাইভেট স্কুলখনলৈ নগ'ল। মুখেৰে ফুটাই নক'লেও কিছু একাকীত্বই তেওঁকো জুৰুলা কৰিছিল আৰু ইয়াৰ উপশম ঘটাইছিল সাধাৰণ কৃষি-কৰ্মৰ মাজেৰে। আগৰে পৰাই বাৰীত কাম কৰাৰ তেওঁৰ অভ্যাস থকাৰ বাবেই নতুনকৈ তেওঁ একো শিকিবলগীয়া হোৱা নাছিল। লগে লগেই ব্যস্ত হৈ পৰিছিল যদিও বেছি বছৰলৈ দেহাই কষ্টকৰ কামৰ বাবে টানিব পৰা নাছিল।

(তিনি)

'জীৱনৰ উদ্দেশ্যনো কি?'

এই প্ৰশ্নৰ উত্তৰ কঠিন হ'লেও সময়তেই থিৰাং কৰিবই লাগিব। সময় উকলি গ'লে উদ্দেশ্যবোৰ চিহ্নিত নহয়। বিচলিত হয়। উদ্দেশ্যৰ সন্ধানত ওৰেটো জীৱন আলি-দোমোজাত ৰয়, ভাটি বয়সত যেন দোমোজাৰেই ভাৰাক্ৰান্ত হৈ পৰে মানুহ। ছোৱালীজনীৰ প্ৰশ্নৰ উত্তৰ মই দিবই লাগিব। কেইবাটাও প্রজন্ম এই প্রশ্নৰ উত্তৰৰ সন্ধানত আমি অতিবাহিত কৰিলোঁ। আজি আৰু আমি মৌন হ'ব নোৱাৰোঁ। শুদ্ধ-ভুল দুয়োটাৰে সম্ভাৱনা থাকিলেও উত্তৰ এটা লাগিবই। প্রথম এটা উত্তৰে আকৌ নতুন উত্তৰৰ জন্ম দি গৈ থাকিব পাৰিব। মোৰ মনলৈ আহিল, জীৱনৰ উদ্দেশ্য হয়তো এই লেখাৰ আৰম্ভণিতে উল্লেখ কৰা ড° ভক্তি দেৱীৰ দৰে। ড° ভক্তি দেৱী পূর্ণমাত্রাত সুখী নে অসুখী নাজানো। কিন্তু জীৱনটোত তেওঁ নিজে ক্রমাগতভাৱে বিকাশ কৰা দক্ষতাৰ ব্যৱহাৰ কৰিব বিচাৰিছে সমাজৰ বাবে, পৰিৱেশৰ বাবে। অংশগ্ৰহণকাৰী আৰু অভ্যাগতসকলৰ বাবে আয়োজন কৰা স্থানীয় ৰাজস্থানী লোকসংগীতৰ অনুষ্ঠানতো তেওঁক দেখিছিলোঁ। একাষৰীয়াকৈ বহি লেপটপত পানীৰ বিষয়তেই তথ্যসমৃদ্ধ এটি প্রবন্ধ যুগুত কৰাত ব্যস্ত হোৱা সত্ত্বেও অনুষ্ঠানৰ এটি বিশেষ গানে তেওঁক টানি আনিলে মঞ্চৰ মজিয়ালৈ। জন্মৰ পাছৰে পৰা দহ বছৰমান বয়সলৈ দেউতাকৰ চাকৰি সূত্ৰে ৰাজস্থানৰ জয়পুৰত শৈশৱ অতিবাহিত কৰা ড° ভক্তি দেৱীক গানটোৱে নিজৰ শৈশৱলৈ ঘূৰাই লৈ গ'ল। তেওঁ মঞ্চলৈ আগবাঢ়ি গৈ নাচিবলৈ ধৰিলে ৰাজস্থানী লোকসংগীতৰ তালে তালে । তেওঁৰ স'তে মই একেলগে লিখা উল্লিখিত প্ৰবন্ধটোৰ সামৰণি মাৰিবলৈ লেপটপত বহি যেন মই মুহূৰ্তৰ বাবে অনুভৱ কৰিলোঁ জীৱনৰ উদ্দেশ্য আৰু উদ্দেশ্যৰ মাজেৰে জীয়াই থকাৰ মাদকতা।

_____________________________


Share this post
Comments

Please login or register to comment.

No comments yet.

Facebook Comments