মানুহ গঢ়ে এখন সমাজে
ড° নির্মলা দেৱী, গুৱাহাটী
পৃথিবীৰ বহুতো বিকশিত দেশত পৰিৱেশজনিত স্বাস্থ্য এক গুৰুত্বপূৰ্ণ পঠনীয় বিষয়। পৰিৱেশজনিত মানসিক স্বাস্থ্যৰ ওপৰতো বিগত সময়ছোৱাত বহু গবেষণা হৈছে আৰু কোৱা হৈছে যে পৰিৱেশে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গভীৰ প্ৰভাৱ পেলায়। পৰিৱেশ তথা বায়ুমণ্ডলৰ বায়ু, ধূলিকণা আৰু জীৱাণুৰ দৰেই আমি প্রকৃততে এখন পৰিৱেশ সৃষ্ট অনর্গল কথা-বার্তা আৰু ভাবৰ সমুদ্রত জীৱন-যাপন কৰোঁ। চৌপাশৰ পৰিৱেশৰ এই ভাব-সমুদ্রত শত-সহস্র নেতিবাচক, নিৰপেক্ষ আৰু ইতিবাচক আশা, আকাংক্ষা, ভাবনা, আবেগ, যুক্তি-তর্ক, ভাষা-দর্শন ইত্যাদি অসম্পাদিত তথ্যপ্রবাহে,ধূলিকণাই শ্বাস-প্রশ্বাসত জটিলতা সৃষ্টি কৰাৰ দৰেই আমাৰ মন-মগজুবোৰো বিভ্রান্তিকৰ কথাৰে ওপচাই ৰাখি জটিল কৰি পেলায়। বিদ্যায়তনিক, গৱেষণা, দক্ষতা বিকাশ, সৃষ্টিকর্ম আদি গুৰুতৰ কৰ্মসম্পাদন কৰা প্ৰতিজন ব্যক্তিয়ে এই কথা অনুধাৱন কৰে। দিনটোৰ কিছু বিশেষ সময় আছুতীয়া কৰি একান্ত মনোনিবেশেৰে 'কেৱল নিজস্ব চিন্তনৰ বাবে' প্রতিদিনে অকণমান সময় ব্যৱহাৰৰ অভ্যাস গঢ়ি তুলিব পাৰিলে ই বিভ্রান্তিকৰ ভাব-সমুদ্ৰৰ পৰা কিছু সময় আঁতৰাই ৰখাত সহায়ক হ'ব। দীর্ঘদিনীয়া এনে অভ্যাসে বিভ্রান্তকাৰী কাৰকসমূহৰ প্ৰতি আমাৰ মানসিক প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এনে বিভ্রান্তি প্ৰতিৰোধী মানসিক শক্তি ক্ষমতাৰ অর্জন প্রত্যেক গুৰুত্বপূৰ্ণ কামৰ বাবেই প্রয়োজন। মানসিক প্রশান্তি, জীৱনীমুখী চিন্তন, দায়িত্ববোধ, শিষ্টাচাৰ আৰু মিতভাষৰ অভ্যাসে অযুত বিচ্যুতিৰ মাজতো নিজৰ কৰ্মক্ষেত্ৰত আৰু আন সৃষ্টিশীল কর্মত আত্মনিয়োগ কৰাৰ অৱকাশ প্রদান কৰে। নিজস্ব আছুতীয়া সময়ৰ অৰ্থ- সমাজৰ পৰা সম্পূর্ণ বিচ্ছেদ নহয়। ইয়াৰ অৰ্থ কিছু সময়ৰ মুক্ত চিন্তনৰ বাবেহে সময় ব্লক কৰা। যেনেদৰে, আমি বিদ্যালয়লৈ যোৱাৰ সময় ব্লক কৰোঁ, অফিচ-কাছাৰী-সভা-সমিতিৰ বাবে সময় ব্লক কৰি সেইমতে প্রগ্রেম তৈয়াৰ কৰোঁ, যিদৰে খেলা-ধূলাৰ বাবেও নির্দিষ্ট সময় ঠিক কৰোঁ, ঠিক একেদৰে নিজস্ব চিন্তনৰ বাবেও এক নির্দিষ্ট সময় ব্লক কৰা উচিত। পুনঃ, কোৱা বাহুল্য মাথোন যে এই আছুতীয়াকৰণ বা ব্লক মানে পৰিয়ালৰ সদস্য, আত্মীয়-স্বজন, ওচৰ-চুবুৰীয়া বা সমাজৰ সকলো ত্যাগ কৰা নহয়। বৰঞ্চ ইয়াৰ ওলোটাহে। কাৰণ, এনেদৰে নিজৰ বাবে কিছু সময় নির্দিষ্ট কৰি দৈনন্দিন কাম আৰু চিন্তন একাগ্রচিত্তে সম্পন্ন কৰাৰ পাছত তুলনামূলকভাৱে কামৰ বোজাৰ চাপ কমি যায় আৰু মনটোও সন্তুষ্টিৰে ভৰি উঠে। ফলত, সজীব আৰু সন্তুষ্ট মনেৰে আন মানুহৰ সৈতে কথা-বার্তাও অধিক মননশীল আৰু সুখকৰ হয়। সমাজ জীৱন আমাৰ সুখৰ আধাৰ। সকলো সাধনাৰ মূল ভেটি। পিতৃ-মাতৃ, আত্মীয়-স্বজন, নিজৰ গাঁও আৰু সমাজৰ অৰিহণাই একোজন ব্যক্তিৰ সাধনাৰ ভেটি বান্ধে। ঠিক একেদৰে, এই সাধনাৰ জৰিয়তে আৰ্জিত সফলতাৰ সামাজিক ভাগে এজন মানুহৰ সুখ-আনন্দত অৰিহণা যোগায়। এবাৰ এজন লোকক এটা বিচ্ছিন্ন দ্বীপত তেওঁ বিচৰা সকলো বস্তু-বাহানি আৰু সা-সুবিধাৰে থাকিবলৈ দিয়া হ'ল। নির্দিষ্ট সময়ৰ বিৰতিৰ পাছত দ্বীপৰ পৰা ঘূৰি অহাত তেওঁক সোধা হ'ল যে তেওঁ তেনে স্বাচ্ছন্দ্যত থাকি কিমান আনন্দিত অনুভৱ কৰিছিল। উত্তৰ আহিল, মুঠেই আনন্দিত নহয়। নিজৰ অভিজ্ঞতা বিবৰি ক'লে যে তেওঁ কোনো সুখ অনুভৱ নকৰিলে; কাৰণ তেওঁ 'কিয় আৰু কেনেদৰে সুখী' তেনেধৰণৰ অন্তৰে বিচৰা মনৰ কথা কাকোৱেই ক'ব নোৱাৰিলে। অর্থাৎ, কোনেও ভাগ নোপোৱা, স্বাৰ্থপৰ, অকলশৰীয়া সুখৰ পৰিমাণ কম। সেয়েহে কোৱা হয়, সুখ বিলাই দিব পাৰিলে ই দুগুণলৈ বৃদ্ধি পায়। ঠিক একেদৰে, সমাজৰ নিশ্চিত দৃঢ় ভেটি কেবল জীৱনৰ কঠিন কর্ম বা সুখ-ঐশ্বৰ্যৰ ভাগ-বাটোৱাৰাৰ বাবেই নহয়, সফলতাৰ শিখৰত আৰোহণ কৰি সেই উচ্চতাত নিজৰ আৰু সমাজৰ হকে গৰ্বেৰে টিকি থাকিবলৈও আধাৰশিলাৰ দৰে প্ৰয়োজন হয় সমাজৰ। একে সময়তে, ব্যক্তিৰ সফলতায়ো এখন সমাজ সমৃদ্ধিশালী কৰি গঢ়ি তোলে। সমাজৰ কৰ্ষণ কৰে। সমাজৰ ধ্যান-ধাৰণা আৰু জীবন-দর্শন বিকশিত কৰে। অর্থাৎ সফল ব্যক্তি আৰু সমাজ ইটো-সিটোৰ পৰিপূৰক। ইটোৱে সিটোৰ ভাৰসমতা ৰক্ষা কৰে আৰু এনেদৰেই সফল ব্যক্তি সমষ্টিৰ দ্বাৰা সৃষ্টি হয় এখন বিকশিত আৰু সমৃদ্ধিশালী সমাজৰ। ঠিক সেইদৰে পৰিপূৰক ভূমিকা পালন কৰি এখন বিকশিত সমাজেও সৃষ্টি কৰে সেই সমাজৰ সফল ব্যক্তিৰ। এইখিনিতে মনত পৰিছে ক'ৰবাত পঢ়া এটি সাধুকথালৈঃ এদিন সৰু ল'ৰা এটা তেওঁৰ দেউতাকৰ স'তে চিলা উৰুৱাবলৈ ওলাল। চিলা উৰিল, ল'ৰাটোৱে অসীম আনন্দ লভিলে। লাহে লাহে চিলাই আকাশৰ বহু ওপৰত অৱস্থান কৰিলে। এনেতে দেউতাকে ক'লে- "চোৱাচোন চিলাখন ইমান ওপৰতো কেনেকৈ বতাহতে ভাহি আছে, নাচি আছে।” আনন্দতে পুত্ৰই উত্তৰ দিলে, "সঁচাই, তুমি বহু ওপৰলৈ চিলাখন উৰুৱাই লৈ গৈছা। মোৰ দেখিয়েই ভাল লাগি গৈছে।" দেউতাকে পুনৰ ক'লে, "বাৰু, তোমাৰ মনলৈ এনে ভাব অহা নাইনে যে এই সূতাডালৰ বাবেই চিলাখন আৰু বেছি ওপৰলৈ উধাব পৰা নাই?" "হয়, হয় দেউতা। সূতাডাল নাথাকিলে চিলাটো যে আৰু কিমান ওপৰলৈ যাব পাৰিলেহেঁতেন।" দেউতাকে সূতাডাল ছিঙি দিলে। সূতাৰ বন্ধনৰ পৰা মুক্ত হৈ চিলাটো প্রথমে আকাশৰ কিছু ওপৰলৈ গ'ল। কিন্তু অলপ পাছতেই সোঁ-সোঁৱাই তললৈ নামিবলৈ ধৰিলে। তললৈ নামি-নামি হঠাতে ক'ৰবাত অদৃশ্য হৈ গ'ল, নিৰুদ্দিষ্ট হৈ গ'ল চকুৰ পচাৰতে। ল'ৰাটোৱে গগন ফলা চিঞৰ মাৰি ক'লে, "দেউতা, দেউতা, কিবা এটা কৰা। কিবা উপায় কৰা দেউতা..." কিন্তু তেতিয়া আৰু একো কৰাৰ উপায় নাছিল। ল'ৰাটো ম্রিয়মাণ হৈ পৰিল। এইবাৰ দেউতাকে ল'ৰাটোক জীৱন দৰ্শনৰ পাঠ দিলে এইদৰে, "জীৱনত বহু উচ্চতালৈ ধাবিত হৈ উচ্চ শিখৰত আৰোহণ কৰাৰ পাছত চিলাৰ সূতাৰ বান্ধোনৰ দৰে মানুহৰো ভাব হ'ব পাৰে-ঘৰ-পৰিয়াল, অনুশাসন, সন্তান-মাক-দেউতাকৰ বান্ধোনত থমকি ৰ'বলগীয়া হৈছে। বহুতে এনে বান্ধোনৰ পৰা মুক্ত হ'ব খোজে। কিন্তু, প্রকৃতার্থত এই বান্ধোনেই মানুহক সফলতাৰ শীৰ্ষত স্থিৰভাৱে টিকি থকাত অৰিহণা যোগাই থাকে, অলক্ষিতে তললৈ সৰি পৰি যাবলৈ নিদিয়াকৈ। এই বান্ধোনসমূহ নাথাকিলে হয়তো ব্যক্তি ক্ষণিকৰ বাবে আৰু অধিক, উচ্চতালৈ উধাব পাৰে কিন্তু সময়ৰ লগে লগে পতন অনিবার্য। সেই সূতা ছিঙা চিলাখনৰ দৰেই।" ড° সর্বপল্লী ৰাধাকৃষ্ণন স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ আছিল বিংশ শতাব্দীৰ ভাৰতবৰ্ষৰ এজন অন্যতম দার্শনিক আৰু গুৰু। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষকসকল দেশৰ সৰ্বশ্রেষ্ঠ জ্ঞানী লোক হোৱা উচিত। ভাৰতবৰ্ষৰ উপ-ৰাষ্ট্ৰপতি পদ অলংকৃত কৰাৰ আগতে তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ আছিল। বিশ্ববিদ্যালয়ৰ পৰা বিদায় লোৱাৰ পৰ্বত তেওঁক বিশ্ববিদ্যালয়ৰ বিদ্যার্থীৰ এক বিৰাট সমদলে আগবঢ়াই নিছিল। বিদায়ৰ ক্ষণত এজন ছাত্রই ৰাধাকৃষ্ণনক অনুৰোধ জনালে- "ছাৰ, আমাক জীৱনৰ শিক্ষা এটা দিবনে?" ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে ক'লে, "তোমালোক সকলোৱে হাত ওপৰলৈ দাঙাচোন ।’’ সকলোৱে হাত দাঙিলত পুনৰ যিমান পাৰে সিমানেই ওপৰলৈ দাঙিবলৈ ক'লে। তৃতীয়বাৰলৈ ৰাধাকৃষ্ণনে সমুহ জ্ঞানপিপাসু ছাত্র-ছাত্রীক তেওঁলোকৰ নিজৰ সৰ্বশক্তিৰে যিমান পাৰে চেষ্টা কৰি হাতখন ওপৰলৈ দাঙিবলৈ ক'লে। তাৰ পাছত দুখন ভৰিৰ কেৱল যেন বুঢ়া আঙুলিৰ ভৰতেই আকাশ ধিয়াই থকা জ্ঞানপিপাসুৰ সমদলক সম্বোধন কৰি ক'লে, "এয়াই জীৱনৰ বাণী। তোমালোকৰ হাত দুখনে সর্বোচ্চ ওপৰলৈ ধিয়ালেও ভৰিৰ বুঢ়া আঙুলিয়ে স্পৰ্শ কৰি থাকে মাটিৰ পৃথিৱী।" সাফল্যৰ উচ্চতম শীৰ্ষত উপনীত হোৱাৰ পথত বহু মানুহে এই কথা পাহৰি যায় আৰু ভৰিৰ তলৰ মাটি, মাটিৰ মানুহ আৰু সমাজৰ পৰা বিচ্ছেদিত হোৱাৰ উপক্রম হয়। দীর্ঘদিনৰ এনে বিচ্ছেদেই মানুহৰ উদ্বেগ, হতাশা আৰু সকলো থাকিও একো নথকাৰ দৰে অসুখী জীৱনৰ মূল কাৰণ। স্বার্থান্বেষী, আত্মকেন্দ্রিক সফলতা প্রায়েই খহি পৰে আৰু সফলতাৰ পতনৰ বিপৰ্যয়ৰ দৰে যন্ত্রণা আন একো নাই। অপত্য মৰম-চেনেহৰ কোলাত আলসুৱা হিচাপে ডাঙৰ-দীঘল কৰি, তাৰ পাছতো আলস্যৰ সমস্ত সামগ্রী প্রদান কৰাৰ চেষ্টাৰে আমি উঠি অহা শিশু-কিশোৰসকলক কেনে জীৱন দৰ্শন প্রদান কৰিছোঁ। অত্যধিক আলস্য, বিলাসিতা আৰু কেৱল পাৰ্থিৱ সমৃদ্ধিৰ প্রতি আসক্তি অথবা সমৃদ্ধি আহৰণৰ উদ্দেশ্যে পঢ়া-শুনা, পাশ্চাত্যৰ প্ৰতি অকাৰণ অত্যধিক অনুৰাগ আৰু মোহৰ সৃষ্টিৰ বাবেইনে এই কষ্টকৰ প্ৰতিযোগিতা ? উঠি অহা শিশু আৰু কিশোৰৰ প্ৰাকৃতিক সহজাত দায়িত্ববোধ আৰু শিষ্টাচাৰ অভিভাৱকেই কাঢ়ি লৈ গৈছে নেকি? কিছুমান কথা জানিলেও বাৰে বাৰে, পুনঃ পুনঃ আওৰাই থকা উচিত। ওপৰৰ দুয়োটা কাহিনীয়েই সেইবাবেই উল্লেখ কৰা হ'ল যাতে আমাৰ দায়িত্ববোধে আকৌ এবাৰ আমাৰ হৃদয়ত কম্পন তোলে। সফলতাৰ স'তে জীৱনৰ দিগ্দর্শন কৰে। পিতৃ-মাতৃ, শিক্ষাগুৰু আৰু সমাজৰ চিন্তন আৰু জীবন-দর্শনে একোজন নৱজাত শিশুক সেই ঠাইতে তিল তিলকৈ মানুহ হিচাপে গঢ়ি তোলে। মানুহে গড়ে এখন সমাজ। সমাজে গড়ে একোজন মানুহ। পৰস্পৰৰ এই নিৰ্ভৰশীলতা আৰু ভাৰসাম্যই সৃষ্টি কৰে সমাজৰ আটিলতা, ঐক্য আৰু বিকাশৰ সামাজিক লক্ষ্য। এজন ব্যক্তিয়ে কোনবোৰ বিষয় বা বস্তুক আটাইতকৈ বেছি অগ্রাধিকাৰ দিয়ে তাৰ ওপৰতেই নিৰ্ভৰ কৰে তেওঁৰ চৰিত্ৰ। সেইদৰে, এখন সমাজে কোনবোৰ বিষয়, আদর্শ বা প্রমূল্যক অগ্রাধিকাৰ প্ৰদান কৰে তাৰ পৰাই পৰীক্ষণ হয় সমাজখনৰ চৰিত্ৰৰ। ব্যক্তি আৰু সমাজৰ পৰস্পৰ নিৰ্ভৰশীল চৰিত্ৰ, জীৱন দৰ্শন আৰু মূল্যবোধে এখন সমাজৰ বৰ্তমানৰ চৰিত্ৰৰ লগত ভৱিষ্যতৰ স্বৰূপ তৈয়াৰ কৰে।
______________________