মানৱ দৰদী শিল্পী ড০ ভূপেন হাজৰিকা
ৰিজু দেৱী, ঢেকিয়াজুলি,
শোণিতপুৰ, অসম
১৯২৫ চনৰ ৮ চেপ্তেম্বৰ তাৰিখে অসমৰ পূব-প্ৰান্ত শদিয়াত জন্ম গ্ৰহণ কৰা জনতাৰ শিল্পী তথা সুৰ সম্ৰাট ড০ ভূপেন হাজৰিকাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল প্ৰিয়া হাজৰিকা। নীলকান্ত হাজৰিকা দেৱে শদিয়াৰ চৰকাৰী এম.ই স্কুলত শিক্ষকতা কৰিছিল। উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে সেইসময়ত সেই বিস্তাৰিত অঞ্চলৰ বাবে এই এম.ই স্কুলখনেই আছিল একমাত্ৰ শৈক্ষিক অনুষ্ঠান। তেওঁ এজন শিক্ষক হোৱাৰ উপৰিও নিস্বাৰ্থ সমাজকৰ্মী হোৱাৰ বাবে জাতি-বৰ্ণ নিৰ্বিশেষে সকলো সামাজিক কামকাজতে নিমন্ত্ৰিত হৈ অগ্ৰণী ভূমিকা পালন কৰিছিল। চৰকাৰী বিষয়াৰ পৰা আদি কৰি সকলো খেতিয়ক,ব্যৱসায়ী আৰু সাধাৰণলোকে তেওঁক বৰ আদৰ-সন্মান কৰিছিল। এনেদৰে ওচৰ-চুবুৰীয়াৰ লগতে বিভিন্ন জাতি-সম্প্ৰদায়ৰ লোকৰ আগমন আৰু আত্মীয়তাৰ ফলত শিশুকালৰ পৰাই ভূপেন হাজৰিকা অজানিতে এক বিচিত্ৰ পৰিবেশৰ মাজত সোমাই পৰিছিল আৰু লগতে জনজাতীয়-অজনজাতীয় বাৰেবৰণীয়া ভাষা-সংস্কৃতি,আচৰণ-উৎসৱবোৰৰ লগত পৰিচয় হোৱাৰ সুযোগ লাভ কৰিছিল। ভূপেন হাজৰিকাই ঘৰতে পিতৃ-মাতৃৰ তত্বাবধানত অ,আ,ক,খ শিকি লৈ এবছৰ বয়সতে প্ৰাথমিক শিক্ষা সাং কৰিছিল। পিতৃ নীলকানিত হাজৰিকাই চাকৰি সূত্ৰে ইমূৰৰ পৰা সিমূৰলৈ যাব লগা হোৱাৰ বাবে গুৱাহাটীত তৃতীয় আৰু চতুৰ্থ শ্ৰেনীলৈ পঢ়ি ,ধুবুৰী হাইস্কুলত পঞ্চম আৰু তেজপুৰ চৰকাৰী হাইস্কুলত ১৯৩৬ চনত ষষ্ঠ শ্ৰেনীত নামভৰ্তী কৰে। তেজপুৰত সেইসময়ত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সানিধ্যলৈ আহে। একেৰাহে গীতিকাৰ,সুৰকাৰ,অভিনেতা নাট্যকাৰ আৰু সাহিত্যিক ব্যক্তি দুজনাৰ সংস্পৰ্শত পৰি বিভিন্ন সামাজিক অনুষ্ঠান আদিত আত্মপ্ৰকাশৰ সুযোগ লাভ কৰি চমকি উঠে। সৰুকালৰ পৰাই অতি প্ৰতিভাসম্পন্ন ভূপেন হাজৰিকাই মাত্ৰ ৬ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলৰ বছেৰেকীয়া উৎসৱত গীত গাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীষ আৰু চুমা লাভ কৰিবলৈ সক্ষম হয়। তেনেকৈ তেওঁ বিহুগীত,বৰগীত আদি গাবলৈ আৰম্ভ কৰে। ভূপেন হাজৰিকাৰ জীৱনত বাৰুকৈ প্ৰভাৱ পেলোৱা তিনিটা ঘটনা হৈছে--"বেজবৰুৱাৰ চুমা,ধুবুৰীত বিহুগীত গাই দৰ্শকৰ পৰা পোৱা সমাদৰ আৰু তেজপুৰত বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ সানিধ্য লাভ।" এনেদৰ তেওঁৰ কালজয়ী,বিশ্বব্যাপী যাত্ৰা আৰম্ভ হয়। বাৰ বছৰ বয়সত 'জয়মতী' আৰু 'শোণিত কুঁৱৰী' নাট দুখনৰ গীত ৰেকৰ্ডিং কৰিবৰ বাবে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত সুদূৰ কলিকতালৈ যায় আৰু চেনেলা মিউজিক প্ৰডাক্ট কোম্পানীত প্ৰথম গীত ৰেকৰ্ডিং হয়। এই সুযোগতে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্বৰচিত দুটি গীত 'উলাহতে নাচি-বাগি হ'ল বিয়াকুল' আৰু 'কাষতে কলচি লৈ যায় ঐ ৰচকী বাই'--ভূপেন হাজৰিকাৰ কণ্ঠত বাণীবদ্ধ কৰা হয়। ছাত্ৰাৱস্হাত (তেজপুৰত,১৯৩৬--১৯৪০) জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদে শিশু সুৰকাৰ ভূপেন হাজৰিকাক নাট,ভাওনা,বিহু,বিভিন্ন ধৰণৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সকলোতে লৈ গৈছিল। ফলত স্কুলীয়া জীৱনতেই তেওঁ নিজৰ মিঠা মাত ,সুৰ আৰু কণ্ঠৰ যোগেদি অসমৰ জনগনৰ হিয়াৰ আমঠু হৈ পৰিছিল। ১৯৪০ চনত ভূপেন হাজৰিকাই তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত পৰীক্ষাত বহি মেট্ৰিকত উত্তীৰ্ণ হৈ কটন কলেজত নাম লগাই। ইতিমধ্যে আৰম্ভ হোৱা বিশ্বযুদ্ধৰ ফলত ভূপেন হাজৰিকাৰ শৈক্ষিক,সাংগীতিক সকলো ক্ষেত্ৰতে ব্যাঘাত জন্মিবলৈ ধৰে যদিও ১৯৪২ চনত তেওঁ কটন কলেজৰ পৰা আই,এ পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত আকৌ সময়,পৰিস্হিতিৰ লগত হাৰ নামানি ভূপেনৰ পিতৃ-মাতৃয়ে তেওঁক উচ্চ শিক্ষাৰ বাবে সুদূৰ কাশী বিশ্ববিদ্যালয়লৈ বি.এ.পঢ়িবলৈ পঠাই দিয়ে। দ্বিতীয় মহাসমৰৰ প্ৰতিকূল পৰিস্হিতিতো তেওঁ শিক্ষা আৰু সংগীতক সমানে আগুৱাই লৈ গৈ অৱশেষত ৰাজনীতি বিজ্ঞান বিষয়ত ১৯৪৪ চনত মেজৰসহ স্নাতক আৰু ১৯৪৬ চনত স্নাতকোত্তৰ হোৱাৰ লগতে এজন সুগায়ক ৰূপে পৰিচয় লাভ কৰিবলৈও সক্ষম হয়। ঘৰত দেউতাকৰ পেঞ্চনৰ বাহিৰে আন কোনো উপাৰ্জনৰ ৰাস্তা নথকাৰ বাবে ,ভাই-ভনীৰ শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ বি বৰুৱা কলেজত ছয় সাত মাহ অধ্যাপক হিচাপে কাম কৰে। কিন্তু তেওঁৰ ইস্পিত আৰু সংগীতৰ লগত সম্পৰ্কিত অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি পোৱাৰ বাবে সেই অধ্যাপকৰ চাকৰি তেওঁ ত্যাগ কৰে। পিছলৈ সেই কামো বাদ দি তেওঁ mass communication ৰ ওপৰত গৱেষনা কৰিবলৈ মন মেলিলত গোপীনাথ বৰদলৈ চৰকাৰে এইজনা মেধাৱী শিল্পীৰ বাবে জলপানীৰ ব্যৱস্হা কৰি দিয়ে। ফলত ১৯৪৯ চনৰ চেপ্তেম্বৰ মাহত তেওঁ আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালত্রত লগাই mass communication ত এম.এ পঢ়িবলৈ ধৰিলে আৰু পি.এইচ.ডি গৱেষনাতো মন দিলে। আমেৰিকাত পঢ়ি থকা কালত তেওঁৰ প্ৰিয়ম্বদা পেটেলৰ লগত চিনাকি হৈছিল। তায়ো আছিল সংগীত প্ৰিয়। এই চিনাকী পিছলৈ প্ৰেমলৈ পৰিবৰ্তন হয় আৰু ১৯৫০ চনৰ ১ আগষ্টৰ দিনা নিউয়ৰ্কত দুয়োৰে বিবাহ সম্পন্ন হয়। আমেৰিকাত থকা কালত সেই দেশৰ বিখ্যাত গায়ক পল্ ৰবচনৰ সানিধ্য লাভ কৰিছিল। তেওঁ আছিল মানৱ দৰদী ,সংস্কাৰধৰ্মী লোক। তেওঁৰ সানিধ্যৰ ফলত ভূপেন হাজৰিকাৰ চিন্তাত শোষিত,দলিতৰ প্ৰতি মৰম-দৰদ ভাব জাগ্ৰত হৈছিল,যিবোৰ তেওঁৰ গীত-মাত আদিত প্ৰকাশ পাইছে। ১৯৫৩ চনত আমেৰিকাৰ পৰা ঘুৰি আহি পুনৰ ১৯৫৪ চনৰ আৰম্ভনীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত নিযুক্তি লাভ কৰি সংস্কৃতি সাধনাত ব্ৰতি হয়। ১৯৫৬ চনত বিশ্ববিদ্যালয়ৰ পৰা ভাৰতীয় সাংস্কৃতিক দলৰ সদস্য হিচাপে তেওঁ ৰাচিয়া,ফিনলেণ্ড আদি দেশ ভ্ৰমন কৰি সাহিত্য,বিজ্ঞান, কলাৰ লগতে সংগীত জগতৰ সোৱাদ লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ লগত দলত আছিল অন্য বৰেন্য ব্যক্তসকল যেনে-মেঘনাথ চাহা,মুলক্ ৰাজ আনন্দ,নৰেন্দ্ৰ দেৱ আৰু অধ্যাপক সুন্দৰলাল। কিন্তু,বিদেশৰ পৰা ঘুৰি আহিয়েই চাকৰিৰ পৰা পদত্যাগ কৰি নাট্যকাৰ ফনী শৰ্মাৰ 'পিয়লি ফুকন' কথাছবিৰ সংগীত পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে। এই কাৰ্যৰ বাবে কলিকতাত থকা কালতে নিজ কাহিনীৰে ভৰপূৰ চিত্ৰনাট্য 'এৰাবাটৰ সুৰ' কথাছবি নিজ সংগীত পৰিচালনাত নিৰ্মান কৰে। 'এৰাবাটৰ সুৰ' কথাছবিৰ দ্বাৰা ভূপেন হাজৰিকা অসমৰ লগতে ভাৰতীয় শিল্পী বলৰাজ চাহানী,লতা মংগেশকাৰ,হেমন্ত মুখাৰ্জী আদিৰ মাজত জনাজাত হৈ পৰিল। কিন্তু তেওঁ লাহে লাহে অপযশ,লাঞ্চনাদিও পাবলৈ ধৰিলে। তেওঁৰ জীৱন-সংগিনী প্ৰিয়ম্বদাও তেওঁৰ পৰা আতৰি গ'ল। সমাজৰ পৰা বিভিন্ন অপপ্ৰচাৰৰ সন্মোখিন হৈয়ো তেওঁ নিজৰ মাতৃভূমি অসম আৰু অসমবাসীক ভাল পাবলৈ এৰা নাছিল। "মোৰ যেনেকৈ মোৰ মতে গীত গোৱাৰ স্বাধীনতা আছে, শ্ৰোতাৰ তেনেকৈ মোৰ গীত-মাত ভাল পোৱা-নোপোৱাৰ স্বাধীনতা আছে। এনে স্বাধীনতাক মই শ্ৰদ্ধা কৰোঁ। ১৯৭২ আৰু ৭৩ চনত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত আন্তৰ্জাতিক সংগীত সন্মিলনত অংশ গ্ৰহণ কৰি তেওঁ সমাদৰ লাভ কৰে। ১৯৭৯ চনত নিউয়ৰ্কত সংগীত পৰিবেশন কৰে। ১৯৮০ চনত জাপানৰ পৰা বিশ্বৰ লোকসংগীতৰ গৱেষক আৰু মহান শিল্পীৰ দৰে উচ্চ সন্মান লাভ কৰে। ১৯৮১ চনত পুনৰ টকিঅ' ,ইয়াকোহামা ,কোৰাচিকা আদি ঠাইৰ সংগীত অনুষ্ঠানত সংগীত পৰিবেশন কৰি প্ৰশংসা পায়। ১৯৮৪ চনত বাংলাদেশত সংগীত পৰিবেশন কৰে। ১৯৯২ চনত আমেৰিকাৰ চিকাগো,আটলান্টা,নিউজাৰ্চিত গীত গায়। তেওঁ কল্পনা লাজমীৰ 'ৰ'দালী'ত সংগীত পৰিচালনা কৰাৰ লগতে গীতো গাইছে। ১৯৯৩ চনত তেওঁ চিৰিয়া ভ্ৰমন কৰিবলৈ গৈছিল,য'ত আন্তৰ্জাতিক মহোৎসৱলৈ 'ৰ'দালী'ও আমন্ত্ৰিত হৈছিল। ১৯৬০ চনৰ পৰা ১৯৭১ চনলৈ একেৰাহে অসমত তীব্ৰভাবে ভাষা আন্দোলন গঢ়ি উঠিছিল। আন্দোলনৰ সময়ত ভূপেন হাজৰিকাই অসমৰ উজনি-নামনি,পৰ্বত-ভৈয়াম,নগৰ-চহৰ,হাট-বজাৰ একাকাৰ কৰি জাতীয় অস্তিত্ব ৰক্ষাৰ প্ৰতি ৰাইজক সজাগ কৰিবলৈ ইমূৰৰ পৰা সিমূৰলৈ গীত গাই ঘুৰি ফুৰিছিল।
"জগাই লুইতৰে পাৰ
অসমীয়া জাতিটোৱে অসমীয়া ক'বলৈ
কাকনো কৰিছে বলাৎকাৰ ?"
ভূপেন হাজৰিকাই ১২ খনকৈ চলচিত্ৰ পৰিচালনা কৰিছিল। ৪৪ খন অসমীয়া,৭ খন হিন্দী, ১৫ খন বাংলা, ১ খন কাৰ্বি,১খন ভোজপুৰী কথাছবিৰ সংগীত পৰিচালনা কৰিছিল। সংগীত শিল্পী আৰু গীতিকাৰ হিচাপে তেওঁ দক্ষতা অসামান্য। মানুহে মানুহৰ বাবে,মই এটি যাযাবৰ,অসম আমাৰ ৰূপহী,কত জোৱানৰ মৃত্যু হ'ল,মহাবাহু ব্ৰহ্মপুত্ৰ,........ .......... আদিবোৰ তেওঁৰ চিৰযুগমীয়া গীত। গীতবোৰৰ মাজেৰে বিশ্ব মানৱতাৰ চিত্ৰ ফুটি উঠিছে। এইবোৰ গীতৰ উপৰিও তেওঁ বনগীত,লোকগীত,নিচুকনি গীত আদি লিখি থৈ গৈছে। তেওঁ লিখা গীত-মাতবোৰত সৰু-বৰ সকলো জাতি-জনগোষ্ঠী বড়ো,আদিবাসী,ৰাভা,নেপালী,বিহাৰী,বঙালী,মিঞা,মাৰোৱাৰী আৰু পাঞ্জাৱী সকলোকে সাঙুৰি লৈছে। সেইবাবেই তেওঁ সকলো জাতি-সম্প্ৰদায়লোকৰ হিঁয়াৰ আমঠু আছিল,অতি আদৰৰ আছিল। ভূপেন হাজৰিকাৰ এই বিশাল অৱদানৰ বাবে ৮৫ বছৰীয়া জীৱন কালত দেশ-বিদেশৰ পৰা অনেক পুৰস্কাৰেৰে পুৰস্কৃত হৈছিল। ১৯৭৭ চনত তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মান লাভ কৰে। অসম সাহিত্য সভাৰ ৫৯ তম্ অধিবেশনত সভাপতি পদত অধিষ্ঠিত হয়। ১৯৭৯ চনত আমেৰিকাৰ নিউয়ৰ্কত সংগীত পৰিবেশন কৰি "School Of Honour " সন্মান লাভ কৰে। ১৯৭৯ চনত ৰাষ্ট্ৰপতি আৰ.ভেংকট ৰমনৰ পৰা "শ্ৰী শ্ৰী শংকৰদেৱ বঁটা লাভ কৰে। ১৯৮৮ চনত অসম চৰকাৰে পুনৰ এই বঁটা প্ৰদান কৰে। ১৯৯২-১৯৯৩ চনত "দাদা চাহেব ফাল্কে" বঁটা লাভ কৰে। তেনেকৈ ১৯৯৯ চনত তেওঁ সংগীত নাটক একাডেমীৰ সভাপতি পদত অধিষ্ঠিত হয়। তাৰোপৰি ভাৰত ৰত্ন,পদ্ম ভূষণ(২০০১) অসম ৰত্ন আদি উপাধিও লাভ কৰে। অসমৰ জনগণই মৰম আৰু প্ৰেমৰ উপহাৰ হিচাপে মানৱ দৰদী এইজনা মহান গণশিল্পীৰ নামৰ আগত "সুধাকন্ঠ" যোগ দি বিশেষ শ্ৰদ্ধা প্ৰদান কৰিছে। ভাৰত চৰকাৰে তেওঁৰ জন্মস্হানৰ কাষেদি বৈ যোৱা তেওঁৰ অতিকৈ মৰমৰ লুইত বা ব্ৰহ্মপুত্ৰৰ ওপৰত ভাৰতৰ ভিতৰতে দীঘলতম "ধলা-শদিয়া" দলঙৰ নাম ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰিছে। অসম তথা ভাৰত চৰকাৰৰ ই এক উচ্চ আদৰ আৰু সন্মানৰ প্ৰতীক ৰূপে চিহ্নিত হৈ থাকিব। সমাজৰ দৰদী কন্ঠ,মানৱতাৰ প্ৰতিমূৰ্তী তথা ৰাইজৰ শিল্পীৰ মৃত্যু হয় ২০১১ চনৰ ৫ নভেম্বৰ তাৰিখে। সাংস্কৃতিক-বৌদ্ধিক জগত খনৰ বাবে তেওঁ কৰা অহোপুৰুষাৰ্থক নতশিৰে প্ৰণিপাত জনাইছোঁ।শেষত তেওঁৰ আত্মজীৱনীৰ কথাফাঁকিৰে লিখনিটো সমাপ্ত কৰিব বিচাৰিছোঁ। তেওঁ লিখিছে---"হিয়া উজাৰি মই গাইছোঁ। অসমৰ মাটি,পানী বায়ুৱে মোক পুষ্টি দিছে। এই পূৰ্ণতাৰে মই লৱৰি ফুৰিছোঁ-----লুইতৰ দুয়োপাৰৰ পৰা গঙ্গা,পদ্মা,ভল্গাৰ পাৰলৈ। আটলান্টিক,প্ৰশান্ত মহাসাগৰ অতিক্ৰম কৰি বিশ্বৰ প্ৰান্তে প্ৰান্তে। মই পল ৰবচনৰ উদাত্ত কন্ঠ শুনিছোঁ,বিথোভেনৰ সুৰ শুনিছোঁ,আৰ.ডি.বৰ্মণ,লতা, ঊষাক পাইছোঁ। কিন্তু মই জ্যেতি ককাইদেউৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছোঁ। বলিন দা,ফণী শৰ্মাৰ পৰা উদ্গনি লাভ কৰিছোঁ। এই সকলে মোক ঐতিহ্য শিকাইছে। শ্ৰীমন্ত শংকৰ-মাধৱদেৱৰ অনুপম গীত-মাতে সমৃদ্ধ সংস্কৃতি দিছে। লক্ষ্মীনাথে এইবোৰ আমাৰ সমাজত বহলকৈ বিলাই দিলে। মোৰ জন্মভূমি অসমৰ কোঁহে কোঁহে সংস্কৃতিৰ ৰস আছে। সেইবোৰ যেতিয়া সুৰেৰে,কথাৰে বংগ কিম্বা মহাৰাষ্ট্ৰ,অন্ধ্ৰ,পাঞ্জাৱ,আমে-ৰিকা,ইংলেণ্ড,চীন,জাপান,ৰাচিয়াত গাইছোঁ আৰু কৈছোঁ,তেতিয়াই ৰাইজে সেইবোৰ আদৰি লৈছে..........।"
____________________________
Post a Comment