• theoxygentimes@gmail.com

Blog


                                                        লাজতে কোঁচ মোচ খালোঁ

মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম ,  অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম                                                                                                                                                                       

পুৱা বজা৷ অসম বন্ধৰ আইন শৃংখলা কৰ্তব্য সামৰি থানাৰ পিনে খোজ লৈছোঁহে এজাক মানুহে মলিয়ন ধুতি-কামিজ, শুভ্ৰ দাড়ি-চুলিৰে, কপালত ত্ৰিপুণ্ড চন্দনৰ ফোঁট, আশী উদ্ধৰ্ সাধু-সন্যাসী যেন লগা বৃদ্ধ এজনক টানি লৈ যোৱা দেখি ৰৈ গলোঁ৷ বৃদ্ধজনে অনিতা নামৰ 9-১০বছৰীয়া নাবালিকা এজনীক অপহৰণ কৰিছে বুলি ৰাইজৰ আৰোপ৷ তেওঁলোকৰ লগতেই ময়ো থানালৈ খোজকাঢ়ি গলোঁ৷ বৃদ্ধ চক্ৰৱতী তেওঁলোকৰ গাঁৱৰ শিৱ মন্দিৰৰ পূজাৰী৷ মন্দিৰৰ কাষৰ ৰমেশ দাসৰ জীয়েক অনিতাই নিতৌ ফুল তুলি মন্দিৰত দি আহে৷ লিখিত অভিযোগ অনুসৰি দুদিন আগেয়ে পূজাৰীক ফুল দিবলৈ যোৱা ছোৱালীজনী ঘৰলৈ ঘূৰি অহা নাই৷ সেয়ে পূজাৰীৰ বিৰুদ্ধে অপহৰণ কৰি গায়ব কৰা বুলি দেউতাক ৰমেশে এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ বিৱৰণ জেনেৰেল ডায়ৰীত টুকি পূজাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৪ ধাৰাত অভিযোগ উত্থাপন কৰোঁ৷

পূজাৰী চক্ৰৱতীক জেৰা কৰি ভাষ্য লবলৈ নৌপাওঁতেই থানা পৰিসৰত মানুহৰ ভিৰ লাগিল৷ ৰাস্তাতো মানুহৰ সোঁত দৃষ্টিগোচৰ হল৷ ৰাইজৰ মাজৰপৰা শ্লোগান আৰম্ভ হল৷ পূজাৰীয়ে অনিতাক কত লুকুৱাইছে পুলিচে উদ্ধাৰ কৰিবই লাগিব-কৰিবই লাগিব..............৷ ঘটনাৰ তদন্ত কৰিবলৈ নৌপাওঁতেই ৰাইজৰ আক্ৰোশ বাঢ়ি গৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হল৷ চিলনীৰ সন্মূখত পৰা সাপৰ দৰে মোৰ অৱস্থা৷ বাহিৰৰ মানুহৰ হৈ চৈ দেখি পূজাৰীয়ে কিবা খুলিব বুলি ভাবি সোধা-মেলা কৰিব লৈছোঁহে, উত্তেজিত যুৱক কেইজনমান সোমাই পূজাৰীক মোৰ সন্মূখতে দাঢ়ি-চুলি টানি ঘুচিয়াবলৈ ধৰিলে৷ তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ পুলিচ বল পয্যাৰ্প্ত নথকাত, ভগবানৰ ভৰসাৰ বাহিৰে মোৰ উপায় নাছিল৷ অপ্ৰত্যাশিত এনে পৰিস্থিতি আহি পৰিব বুলি কল্পনাও কৰা নাছিলোঁ৷ চাওঁতে চাওঁতে বৃদ্ধজনৰ পকা দাড়ি-চুলি আধা আধি উভালিয়েই পেলালে৷ পীড়াত তেওঁ আৰ্তনাদ কৰিব ধৰিলে৷ মাটিত টোপা-টোপে তেজ পৰিছে৷ কি কৰোঁ কি নকৰোঁ হৈ সহ-প্ৰভাৰীক চি.আৰ.পি.এফ মাতিবলৈ সংকেত দি বাহিৰলৈ ওলাই ডাঙৰকৈ চিঞৰি কলোঁ- আপোনালোকে আমাক কাম কৰিবলৈ দিয়ক, শান্ত হওঁক, উত্তেজিত নহ, কথাটো বুজি লওঁ৷কাৰ কথা কোনেনো শুনিবহ্ল বৃদ্ধ পূজাৰী দোষী হয় নে নহয় ন্যায়ালয়ে বিচাৰ কৰা আগেয়েই জনতাৰ আক্ৰোশৰ বলি হৈ মৰি যাব বুলি শংকিত হলোঁ৷ যদি মৰিয়েই যায়, কাইলৈ সঞ্চাৰ ও প্ৰিটিং মাধ্যমৰ গৰম খবৰ হৈ ওলাব৷ আৰক্ষী জিম্মাত থকা বয়োবৃদ্ধৰ অকাল মৃত্যুবুলি বৰ বৰ হৰফেৰে বাতৰিৰ শিৰোনামা দখল কৰিব৷ সেই সময়তে গুলি-বাৰুদ, লোহাৰ ঢালেৰে সজ্জিত চি. আৰ. পি. এফৰ দল আহি যুদ্ধম্‌ দেহি তৎপৰতাৰে সাজু হৈ থকা দেখি আশী বছৰ গৰকা বৃদ্ধক মাৰ-ধৰ কৰা সাহসী যুৱকবোৰ জনসমুদ্ৰত নিমিষতে বিলীন হল৷ অকস্মাতে আৰক্ষী অধীক্ষকে থানাত পদাৰ্পণ কৰে৷ তেওঁক দেখি ময়ো সাহস গোটালোঁ, কিয়নো-ভাৰতীয় কায্যৰ্বিধি আইনৰ ৩৬ নং দফাত প্ৰভাৰীৰ ওপৰৰ বিষয়া থানাত উপস্থিত হলে থানা প্ৰভাৰীৰ দায়িত্বভাৰ অধীক্ষকৰ জিম্মালৈ হস্তান্তৰিত হব৷ উত্তেজিত জনতাক সাম্য কৰাৰ পাল অধীক্ষকৰ ওপৰত পৰিল৷ অধীক্ষকে ৰাইজৰ মাজৰ পৰা পাঁচজনক মাতি আনি আলোচনাত বহিল৷ বাক্‌-বিতণ্ডাৰ মাজতে সমাধানকল্পে দুদিনৰ ভিতৰত অপহূত অনিতাক উদ্ধাৰ কৰি পূজাৰীক কঠোৰ শাস্তি বিহিবলৈ তেওঁলোকে চৰ্ত ৰাখে৷ অধীক্ষক মহোদয়ে ৰাইজৰ চৰ্ত মঞ্জুৰ কৰাৰ লগে লগে বাৰিষাৰ ওফন্দা লহৰ লাহে লাহে মন্থৰ হৈ যোৱাদি জনতাৰ সোঁতো নিজম হৈ পৰে৷ পৰিস্থিতি সাম্য  হোৱাৰ ফলত আধা লিখা জৱানবন্দী পুনৰ লিখিবলৈ পূজাৰীৰ পিনে লক্ষ্য কৰোঁতে নকল দাড়ি গোঁফেৰে অভিনয় কৰিবলৈ ওলোৱা কৌতুক অভিনেতা যেন দেখি হাঁহি সামৰিব নোৱাৰি মূখ ঢাকি নাহাঁহি নোৱাৰিলোঁ৷ আজো নাতি সম ছোৱালীক কেনেকৈ অপহৰণ কৰিব বুলি তেওঁৰ প্ৰতি দয়া জাগিল৷ বৃদ্ধক গ্ৰেপ্তাৰ কৰি আদালতলৈ চালান কৰাৰ লগতে দুদিনৰ ভিতৰত পূজাৰীৰ বিৰুদ্ধে সাক্ষ্য সংগ্ৰহৰ নিৰ্দেশ দি অধীক্ষক মহোদয় ওলাই যায়৷ বয়োবৃদ্ধ পূজাৰী দোষী হলে ঠিকেই নহলেও হাজোতৰ সমান সুৰক্ষিত স্থান তেওঁৰ বাবে নাই বুলি থিৰাং কৰিলোঁ৷ অভিযোগ মতে তেওঁৰ জৱানবন্দী এশ শতাংশই কামত নাহিলেও ভাৰতীয় কায্যৰ্বিধিৰ ১৬১ ধাৰাৰ খাতিৰত ভাষ্য লিখিবলৈ বাধ্য হলোঁ৷ সেই আইনৰ ধাৰা ৫৩ মতে তেওঁক হাস্পাতাললৈ নি স্বাস্থ্য পৰীক্ষা কৰোৱাই অনিচ্ছাস্বত্ত্বেও তেওঁক সেই বিধিৰ ধাৰা ৫০[1]ৰে গ্ৰেপ্তাৰ কৰি কাৰণ দশোৰ্ৱা জাননী সহ দুদিনৰ বাবে পুলিচৰ জিম্মাত ৰাখিবলৈ আদালতলৈ নিবেদন জনালোঁ৷ অসম বন্ধৰ ফলত সৃষ্টি হোৱা অৰাজকতাৰআইন-শৃংখলাৰ কৰ্তব্য পালনাৰ্থে আগদিনা পুৱাই ওলাই যোৱা আৰক্ষী বপুৰা  পিছদিনা আবেলি ৩টাত ঘৰ পালোঁ৷যোৱা ৰাতি দূৰৈৰ গাঁৱৰ পৰা লগ ধৰিবলৈ অহা শ্ৰীমতীক দেখিহে মোৰ সম্বিৎ ঘূৰিল৷ ফোন এটাতো কৰিব পাৰেবুলি মনৰ বেদনা দুচকুয়েদি বাহিৰ কৰিলে৷ পিছত শ্ৰীমানৰ চাকৰিয়েই তেনেকুৱা বুলি তেৱোঁ বুজি ললে সম্ভৱ৷  পিছদিনা পুৱা টাত সহকম¹ৰ সৈতে ঘটনাস্থলীলৈ ৰাওনা হওঁ৷ গাড়ীখন মন্দিৰৰ সন্মুখত ৰাখি অনিতাৰ ঘৰলৈ যাওঁ৷ মন্দিৰৰ কাষতেই অনিতাৰ ঘৰ৷ আমাক দেখি এজন দুজনকৈ মানুহৰ সংখ্যা বাঢ়িল৷ অনিতাৰ দেউতাক ৰমেশ দাস আৰু মাক কাজলী দাসক সোধা-মেলা কৰি তেওঁলোকৰ সাক্ষ্য লিখি ললোঁ৷ দাস-দাসনী দুয়ো বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ বোবা বায়েকৰ সৈতে অনিতাক ঘৰতে থৈ আগদিনাই ঘৰৰ পৰা ওলাইছিল৷ সৰুৰে পৰা অনিতাই ঈশ্বৰৰ প্ৰতি অগাধ আস্থা ভক্তি ৰাখিছিল৷ পূজাৰ বাবে নিতৌ ফুল তুলি আনিছিল৷ কোনজনা ভগৱানক কোনবিধ ফুল অৰ্পণ কৰা হয় সেয়াও জানিছিল৷ দেউতাক ৰমেশে হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়ে৷ মন্দিৰ প্ৰতিষ্ঠা হোৱাৰে পৰা চক্ৰৱত¹য়েই পূজাৰী ৰূপে আছে৷ পূজাৰীৰ আচল ঘৰ কত কোনেও নাজানে, কাহানিও সোধাও নাই৷ আজিলৈ তেওঁৰ আত্মীয় কোনো অহাও দেখা নাই, তেওঁ মন্দিৰ এৰি কলৈকে যোৱাও নাই৷ ৰাইজৰ আপোন, দৰ্শনাথীৰ শ্ৰদ্ধাৰ পাত্ৰ আছিল৷ অত দিনলৈ তেওঁৰ বদভ্যাস বা চৰিত্ৰত কলংকৰ দাগ পৰা কথা দেখা-শুনা নাই৷ তেওঁৰ অতীত সম্বন্ধে জানিবলৈ মোৰ মন গল৷ ঠিকনাহীন ব্যক্তিৰ পৰিচয় লওঁ কাৰপৰা বুলি ভাবি মনৰ ইচ্ছা মনতে ৰাখি থলোঁ৷ গোট খোৱা ৰাইজৰ জবানবন্দী ললোঁ৷ অপহৰণ কৰা কোনেও দেখা নাই৷ নিখোঁজ হোৱা দিনা পুৱা ফুলৰ পাত্ৰ লৈ মন্দিৰলৈ যোৱা দেখে কিন্তু ওলাই যোৱা কোনেও দেখা নাই বা লক্ষ্য কৰা নাই৷ সেয়ে পূজাৰীয়েই তাইৰ অপহৰণকৰ্তা বুলি ৰাইজ নিশ্চিত হৈছে৷ পুলিচবল মন্দিৰত প্ৰৱেশ কৰোঁ৷ আমাৰ আগে-পিছে মানুহৰ ভিৰ৷ জোতা-বেল্ট খুলি শিৱলিঙ্গত প্ৰণিপাত কৰি কাবৌ কৰিলোঁনিতৌ তোমাৰ অৰ্চনাৰ হকে ফুল বিচাৰি অনা ফুল কুমলীয়া শিৱভক্ত ছোৱালীৰ অপহৰণকৰ্তাক দেখুৱাই দিয়া প্ৰভু বুলি শৰনাপন্ন হওঁ৷ চাৰিওপিনে লেৰেলি যোৱা ফুল, বেলপাত সিঁচৰিত, এফালে পিতলৰ সৰু টিং আৰু তামৰ ঘটি৷ এই দুদিনে মন্দিৰত কোনেও পূজা যে কৰা নাই, মজিয়াৰ স্বৰূপ দেখিয়েই ধৰিব পাৰি৷ যদিহে পূজাৰী নিৰ্দোষী হয়, তেন্তে মন্দিৰৰ এনে দুৰ্গতিৰ কাৰক মই নিজেই বুলি অনুতপ্ত হওঁ৷ একো চিন-চাব নোপোৱাত চিন্তিত হৈ ৰাস্তালৈ ওলাই যাওঁ৷ অতৰ্কিতে এটা প্ৰকাণ্ড শকত আৱত বগা ষাঁড়গৰুয়ে আগভেটি ধৰি দুচকুৱেদি অশ্ৰুধাৰা বোৱালে৷ কিমাশ্চয্যাৰ্ম শিৱবাহন বৃষভে বিনাদোষত পূজাৰীক গ্ৰেপ্তাৰ কৰা কাৰ্য্যত নে অথবা শিৱভক্ত অনিতাৰ নিখোঁজক লৈ বৃষভৰাজে চকুলো বোৱালে, এই দুই প্ৰশ্নই মোক আৱৰি ধৰিলে৷ পশুৰ ভাষা বুজি নাপালেও অনুমান কৰিব পাৰি৷ মনুষ্যৰ ভাৱনাক পশুৱেও মূল্য দিয়ে৷ ষাঁড়বাবাক মনে মনে সেৱা জনাই কলোঁ- পূজাৰীক বিনাদোষত গ্ৰেপ্তাৰ কৰিছোঁ যদি মোক ক্ষমা কৰা৷আচৰিত, ষাঁড়েও তৎক্ষণাতে সকাৰাত্মক ইঙ্গিত দি মূৰটো তল ওপৰ কৰিলে৷ তথাপি পূজাৰীৰ শোৱনি কোঠা চাবলৈ মন গল৷

  মন্দিৰৰ গাতে লগাই পূজাৰীৰ সৰু কক্ষ৷ এচুকত ৰন্ধা-বঢ়া, আন চুকত বিচনা৷ নিৰীক্ষণত একো সন্দেহজনক বস্তু দেখা নাপালোঁ৷ বিচনা চাদৰ নাই, গাৰু সঠিককৈ ৰখা, লেপ-গাৰু, কঁথা-আঠুৱা এটা এটাকৈ জোকাৰি মজিয়াত পেলালোঁ৷ লেপৰ মাজত সৰু ছোৱালীৰ পেন্টী আৰু বিচনা চাদৰত তেজৰ চেকুৰা দেখি জিকাৰ খাই কঁপিবলৈ ধৰোঁ৷ বৃদ্ধৰ কাণ্ড বুজিবলৈ বেছি পৰ নালাগিল৷ ফুলকুমলীয়া কুমাৰীৰ ওপৰত নৰাধমৰ পাশৱিক কায্যৰ্ত কঠোৰতম শাস্তি বিহিবলৈ ভাৰতীয় কায্যৰ্বিধিৰ ধাৰা ১০২মতে বিচনা চাদৰ আৰু পেন্টী জব্দ কৰোঁ৷ ভণ্ড পূজাৰীয়ে দোষ স্বীকাৰ কৰি অনিতাক উলিয়াইদিলে কিছু সকাহ হলে হয় বুলি ভাবিলোঁ৷ ভবা কথা নহয় সিদ্ধি, বাটত আছে কনা বিধিমতে বিধিয়ে বা কোন দিশে ঠেলি পঠিয়াব৷ জব্দ কৰা কাপোৰ-কানি লৈ আমি বিয়লি ৩টাত থানা পাওঁ৷ পূজাৰীক ইতিমধ্যে ন্যায়ালয়ৰ পৰা থানালৈ অনা হৈছে৷ তেওঁক দেখিয়েই ঘৃণা আৰু ক্ৰোধত একেকোবে দুয়োবিধ কাপোৰ দেখুৱাই কাৰ বস্তু বুলি সুধিলোঁ৷ আমি সকলো কথা গম পালোঁ, মাত্ৰ তোমাৰ মূখে শুনিব খোজোঁ৷ সঁচাকৈ কলে কিজানিবা পাপৰ বোজা কমেই ! হৰিৰ শৰণ লোৱা বয়সৰ পাপকৰ্ম কেতিয়াও নুলুকায় আৰু আজীৱন পিছো নেৰে৷’  পলকতে তেওঁ চেহেৰা মলিন কৰি কবলৈ ধৰিলে- মই এই বিষয়ে একোয়েই নাজানোঁ৷এক কোব মৰাৰ লগে লগে ছোৱালীজনীক বলাৎকাৰ কৰি লাচ পুখুৰীত পেলোৱা কথা স্বীকাৰ কৰে৷ বেচেৰী কুমাৰীজনীয়ে যৌৱনত প্ৰৱেশ কৰাৰ আগেয়েই নৰভক্ষীৰ কোপ দৃষ্টি পৰি জীৱন হেৰুৱালে৷ উপায়ুক্ত মহোদয়ক ফোনযোগে কথাখিনি কৈ ইনকোৱেষ্টবাবে মেজিষ্টে˜ট এজনক থানালৈ পঠিয়াবলৈ অনুৰোধ জনালোঁ৷ ৩-৪০বজাত মেজিষ্ট্ৰেট আহি পালে৷ পুনী, মেটেকা, শেলাইৰে আবৃত পুখুৰীলৈগৈ ভণ্ড পূজাৰীক ৪.১০টাত গৈ পালোঁ৷ তলমূৱাকৈ ডুব যোৱা লাচটো অনিতাৰ বুলি আমাৰ পিছে-পিছে যোৱা মানুহবিলাকে চিনাক্ত কৰে৷ নিৰ্বস্ত্ৰ লাচটো বাহিৰলৈ উলিয়াই আনি ইনকোৱেষ্ট কৰা হয়৷ যৌনাঙ্গ আৰু মলদ্বাৰাত গোট মৰা তেজ লাগি ধৰা, উখহা৷ অপৰাধী বৃদ্ধই নিৰ্বস্ত্ৰ কৰি কামনা চৰিতাৰ্থ কৰি ক্ষণিক মজা ললে, কিন্তু আজীৱন অনুতাপ আৰু আত্মগ্লানিৰ জুয়ে  দহি-দহি পুৰি পেলোৱা কথা অধমৰ মনত খেলোৱা নাছিল৷   মেজিষ্টে˜টে লাচৰ ইনকোৱেষ্ট লিখি ললে৷ ময়ো ৰাইজৰ জৱানবন্দী লিখিত ৰূপে ললোঁ৷ কাম সমাধা কৰি লাচ লৈ থানালৈ আহোঁ৷  ৰাতি ৭ টাত পুনৰ ভণ্ড বাবাৰ জৱানবন্দী লওঁ৷ ভাৰতীয় দণ্ডবিধিৰ ১৬২ধাৰা অনুসৰি আৰক্ষীয়ে লোৱা জৱানবন্দীত অভিযুক্তৰ চহী নললেও হয়, কাৰণ ন্যায়ালয়ে সেই জৱানবন্দী গ্ৰহণ নকৰে৷ কিন্তু পুলিচৰ জিম্মাত থকা অভিযুক্তই পুলিচৰ লগতে গৈ লুকাই ৰখা বস্তু-বাহানি দেখুৱাই উদ্ধাৰ কৰা খণ্ডত দি ইণ্ডিয়ান এভিডেন্স এক্ট ১৮৭২,ধাৰা ২৭অনুসৰি অভিযুক্তৰ চহী লোৱা নিতান্তই জৰুৰী৷ সেই জৱানবন্দী ন্যায়ালয়ে গ্ৰহণযোগ্য বুলি বিচাৰ কৰে৷ পিছদিনা ১১বজাত অনিতাৰ নিখোঁজ হোৱা অভিযোগ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৬/৩০২/২০১সংলগ্ন কৰিবলৈ আদালতত প্ৰাৰ্থনা জনাই আবেদন জনালোঁ৷ দোষীকো আদালতলৈ প্ৰেৰণ কৰিলোঁ৷ বিচনা চাদৰৰ তেজ মানুহৰ হয় নে নহয় পৰীক্ষা কৰিবলৈ বিধি মতে ফৰেন্‌চিক পৰীক্ষাগাৰলৈ পঠিয়ালোঁ৷ বিলম্ব নকৰাকৈ বিশেষজ্ঞ পৰীক্ষকে মানুহৰ তেজবুলি নিশ্চিত কৰে৷ মৃতকৰ যৌনাঙ্গ আৰু মলদ্বাৰৰ পৰা প্ৰচুৰ ৰক্তক্ষৰণ হোৱা বাবে মৃত্যু হোৱা বুলি পোষ্টমৰ্টম ৰিপোৰ্টে জনায়৷ অভিযুক্ত চক্ৰৱত¹ৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৬৪/৩৭৬/৩০২/২০১মতে দোষাৰোপ কৰি বিচাৰৰ বাবে ন্যায়ালয়লৈ পত্ৰ প্ৰেৰণ কৰিলোঁ৷ ভাবিছোঁ- এনে জঘন্য অপৰাধীক ফাঁচীকাঠত ওলোমোৱাৰ লগে-লগে প্ৰাণবায়ু উৰি কষ্ট ভোগ নকৰাকৈ মৰি যায়৷ সেয়ে আজীৱন কাৰাবাস খাটি তিলতিলকৈ অনুতপ্ত হৈ মৃত্যুৰ কামনাৰে যমলৈ বাট চাই ৰলে উচিত শাস্তি পালে হয়৷ ইয়াৰ বাবে ন্যায়ালয়ৰ ন্যায়লৈ প্ৰতীক্ষা কৰিবই লাগিব৷

      ভাৰতীয় দণ্ডবিধি আইন ঃ

  1. ধাৰা   ৩৬৪ -হত্যাৰ বাবে অপহৰণ কৰা৷
  2.               ৩৭৬ - বলাৎকাৰ
  3.               ৩০২ - হত্যাৰ দণ্ড
  4.              ২০১ - চিন চাব মচি পেলোৱা, নাইকীয়া কৰা৷

Post a Comment