Blog

ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা

Blog Image

ৰাজীৱ শৰ্মাৰ দুটা কবিতা :সাৱধানবাণী আৰু মুক্ত মনৰ কথা

 সাৱধানবাণী

পূব, পশ্চিম, উত্তৰ, দক্ষিণ-

ওপৰে তলে -- চৌদিশে--

যতেই নাথাকক কিয়

মোৰ অগোচৰে নিচেই কাষত

নতুবা আঁতৰত

যতেই বিচৰণ নকৰক কিয়

মোৰ অনিষ্ট বিচৰাজনক

মুকলি প্ৰত্যাহ্বান

হুচিয়াৰ! হুচিয়াৰ!

চালাক,চতুৰ,চয়তান

দেশৰ, দেহৰ শত্ৰু

যিয়েই নহক কিয়

মোক আক্ৰমণ কৰিবলৈ

ৰাতিৰ আন্ধাৰত

মোৰ শোৱাপাঠীত

ওলমি থকা আঠুৱাৰ ভিতৰত

প্ৰবেশ কৰি

লুকাই থকা তেজপিঁয়া

মোৰ দেহৰ শত্ৰু

'লা 'হৰ দৰে

সিহঁতে ভূল কৰে

সিহঁতে ভাবে

আন্ধাৰ মানে 'লা

কিন্তু সিহঁতে নাজানে

'লা মানেই অদৃশ্য নহয়

 ------------------

মুক্ত মনৰ কথা

সূৰ্য্যৰ জুইত

নোপোৰে জোন

খহি নপৰে তৰা

কিয়নো

সেই জুইৰ উত্তাপত থাকে

আকৰ্ষণ আৰু ভালপোৱা

দিনত নে

ৰাতিৰ আন্ধাৰত

কেতিয়াকৈ আহো মই

তোমাৰ কাষলৈ-

খোলাখুলিকৈ কোৱা

যেনেদৰে

মুক্ত মনৰ নেদেখা কথাবোৰ

মই কওঁ তোমাক............

 

 

 


Share this post
Comments