তিহাৰঃ গোৰ্খা জনগোষ্ঠীৰ এক উল্লেখযোগ্য পৰ্ব
- অঞ্জন বাচকোটা
ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ সুকীয়া আচাৰ-ৰীতি, পৰম্পৰা, সংস্কৃতি থকাৰ দৰে গোৰ্খাজনগোষ্ঠীৰো বহু আপুৰুগীয়া ৰীতি-নীতি, সংস্কৃতি, পৰম্পৰা, উৎসৱ-পাৰ্বণ আদি আছে৷ তিহাৰ তেনে এক উল্লেখযোগ্য পৰ্ব৷ কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীৰ পৰা শুক্লপক্ষৰ দ্বিতীয়া তিথিলৈকে পাঁচদিন ধৰি এই তিহাৰ উৎসৱ পালন কৰা হয়৷ এই পাঁচদিৱসীয় উৎসৱক ‘যম পঞ্চক’ বুলিও কোৱা হয়৷ তলত এই উৎসৱৰ এক চমু খতিয়ান দাঙি ধৰা হৈছে-
কাউৰী তিহাৰঃ
কাৰ্তিক কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা এই উৎসৱ পালন কৰা হয়৷ যমৰাজৰ দূত হ’ল কাউৰী৷ কাউৰী পূজনৰ গুৰুত্বপূৰ্ণ অৰ্থ হ’ল যমৰাজক সন্তুষ্ট কৰি ৰখা৷ প্ৰতিগৰাকী বাই-ভনীয়েকে নিজৰ ককাই-ভাইৰ দীঘাৰ্য়ু কামনা কৰি যমৰাজৰ দূতস্বৰূপ কাউৰীক পূজা কৰে৷ এইদিনা পূৱা প্ৰস্তুত কৰা খাদ্যসম্ভাৰ কাউৰীক উৎসৰ্গা কৰা হয়৷ তাৰ পিছতহে সকলোৱে ভোজন গ্ৰহণ কৰে৷ যমৰাজক সন্তুষ্ট কৰি ৰখাই হ’ল এই পূজাৰ প্ৰধান তাৎপৰ্য৷
কুকুৰ তিহাৰঃ
কাৰ্তিক কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিৰ দিনা প্ৰভুভক্ত কুকুৰৰ পূজা কৰা হয়৷ এই চতুৰ্দশীক ‘নৰক চতুৰ্দশী’ বুলিও কোৱা হয়৷ প্ৰবাদ অনুসৰি ভগৱান শ্ৰীবিষ্ণুয়ে এইদিনাখনেই অসুৰ ৰজা নৰকাসুৰক বধ কৰিছিল৷ নৰকাসুৰৰ মাতৃ বসুমতীয়ে শোকবিহ্বল হৈ ভগৱান শ্ৰীবিষ্ণুৰ আৰাধনা কৰে৷ আই বসুমতীৰ আৰাধনাত সন্তুষ্ট হৈ ভগৱান বিষ্ণুয়ে বৰদান দিব বিচৰাত বসুমতীয়ে তেখেতৰ পুত্ৰৰ মৃত্যু তিথিৰ দিনা সমগ্ৰ বিশ্ব আলোকময় হওক বুলি কামনা কৰাত ভগৱান বিষ্ণুয়ে সন্মতি প্ৰদান কৰে৷ সেয়েহে এইদিনা সমগ্ৰ বিশ্বতেই দীপান্বিতা পালন কৰা হয়৷ কুকুৰকো যমৰাজৰ দূত বুলি জনা যায়৷ এইদিনাও প্ৰত্যেক গোৰ্খাজনগোষ্ঠীয় লোকে ঘৰৰ পোহনীয়া কুকুৰক ফুলৰ মালা পিন্ধাই নানাবিধ খাদ্যসম্ভাৰ আগবঢ়ায়৷ সমাজ জীৱনত কুকুৰৰ অস্তিত্ব অতীজৰে পৰা বিদ্যমান হোৱা দেখা যায়৷ সেয়েহে এইদিনা কুকুৰ তিহাৰ পালন কৰা হয়৷
গাই তিহাৰঃ
কাৰ্তিক অমাৱস্যাৰ দিনা গাইগৰুক সাক্ষাৎ লক্ষ্মী দেৱীৰ অৱতাৰ বুলি নেপালী জনগোষ্ঠীয় লোকে বিশ্বাস কৰে আৰু এইদিনা পূজা-অৰ্চনা কৰে৷ গোৰ্খাজনগোষ্ঠীৰ গাই তিহাৰ অসমীয়া সংস্কৃতিৰ বাপতি সাহোন বিহুৰ গৰু বিহুৰ সৈতে সাদৃশ্যযুক্ত৷ গোৰ্খাসমাজ জীৱনত গাইগৰুৰ অস্তিত্ব অতীজৰে পৰা বিদ্যমান৷ ভগৱান শ্ৰীকৃষ্ণক গোপালক বংশৰ বংশধৰ বুলি গোৰ্খাসমাজ জীৱনৰ ইতিহাসৰ পৃষ্ঠাই স্বীকৃতি দিছে৷ দুগ্ধ উৎপাদন আৰু গো-পালন গোৰ্খাজনগোষ্ঠীয় লোকৰ জীৱন জীৱিকাৰ প্ৰধান আহিলাস্বৰূপ৷ এইদিনা পূৱা প্ৰতিগৰাকী গৃহস্থই গা-পা ধুই নিজৰ চোতালখন চিকুনাই গৰুবোৰক ন-পঘা দি বান্ধি থয়৷ ইয়াৰ পিছত পানী ছটিয়াই গা ধোৱায়৷ শিঙত মিঠাতেল আৰু নানাৰঙী ৰঙেৰে বোল সানে৷ পৰিয়ালৰ জ্যেষ্ঠজনে সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে দ্বীপ-কলহ স্থাপন কৰি চেঁউৰী গাইক পৰিক্ৰমা কৰি পূজা কৰে৷ পিঠাগুৰিৰে প্ৰস্তুত কৰা বিশেষ ৰুটী (পানী মিঠৈ), (নেপালী ভাষাত ‘বাবৰ’ বুলি কোৱা হয়) আৰু তুঁহগুৰিৰ বিশেষ খাদ্য প্ৰদান কৰে৷ সন্ধিয়ালৈ গোহালিত জাক দি পুনৰ ধূপেৰে পূজা কৰাৰ অন্তত গৃহস্থৰ লক্ষ্মী পূজা পৰ্ব আৰম্ভ হয়৷ এই লক্ষ্মী পূজাত ঘৰৰ ধন-সম্পত্তি, সোণ-ৰূপৰ আ-অলংকাৰ আদিৰ পূজা কৰে৷ পূজাৰ অন্তত গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে ঘৰে ঘৰে গৈ ‘ভৈলী’ খেলে৷ ভৈলী হ’ল নেপালী সমাজৰ জীয়াৰীসকলে পৰিৱেশন কৰা গীত বিশেষ৷ নাটকীয় ভঙ্গীমাৰে সংগীতৰ তালে তালে এই নৃত্য পৰিৱেশন কৰে৷ ‘ভৈলী’ হৈছে অসমীয়া সমাজৰ হুঁচৰিৰ লেখীয়া৷
গৰু তিহাৰঃ
গৰু তিহাৰ কাৰ্তিক শুক্ল পক্ষৰ প্ৰতিপদ তিথিৰ দিনা পালন কৰা হয়৷ গৰু তিহাৰৰ দিনা গৃহস্থৰ গোহালিৰ দমৰা আৰু বলধ গৰুক পূজা কৰা হয়৷ এইদিনা পূৱা গৃহস্থই গোহালিৰ দমৰা আৰু হালোৱা গৰুক চোতালত ন-পঘাৰে বান্ধে৷ পৰিয়ালৰ জ্যেষ্ঠ্য সদস্যসহিতে অন্যান্যসকলে সম্পূৰ্ণ বৈদিক ৰীতিৰে পূজা কৰে৷ চোতালৰ মাজভাগত গোবৰৰ গোৱৰ্ধন পৰ্বতৰ প্ৰতিকৃতি সাজি ৰখা হয়৷ এইদিনা প্ৰথমে গোৱৰ্ধন পৰ্বতৰ পূজা কৰা হয়৷ ইতিহাস আৰু প্ৰবাদ অনুসৰি গোকুলত গোপালকসকলে প্ৰতিদিনাই ইন্দ্ৰ দেৱতাৰ পূজা কৰি আহিছিল৷ কিন্তু এবাৰ ভগৱান শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি ইন্দ্ৰৰ সলনি গোৱৰ্ধন পাহাৰৰ পূজা কৰিবলৈ পৰামৰ্শ দিয়ে৷ গোপালকসকলে ধাৰণা কৰিছিল যে প্ৰতিদিনে ভগৱান ইন্দ্ৰৰ পূজা কৰিলে গোকুলত বৃষ্টিপাতৰ অভাৱ নঘটিব আৰু কৃষিকৰ্ম লহপহকৈ বাঢ়ি আহিব বুলি৷ কিন্তু ভগৱান শ্ৰীকৃষ্ণই বস্তুনিষ্ঠতাৰ নিদৰ্শন দাঙি ধৰি গোৱৰ্ধন পাহাৰৰ পূজা কৰিলেহে গোকুলবাসী অধিক লাভান্বিত হ’ব বুলি যুক্তি প্ৰদৰ্শন কৰি প্ৰকৃতি পূজা কৰিবলৈ উৎসাহ দিছিল৷ প্ৰকৃতি জীয়াই থাকিলেহে গোকুল জীয়াই থাকিব আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা তেতিয়াহে সম্ভৱ হ’ব যেতিয়া মানুহে পৰিৱেশ সংৰক্ষণ আৰু সংবৰ্ধনত আত্মনিয়োগ কৰিব৷ প্ৰভু শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতে গোকুলবাসীয়ে সেয়েহে গোৱৰ্ধন পাহাৰৰ পূজা আৰম্ভ কৰিবলৈ লোৱাৰ খবৰ পাই দেৱৰাজ ইন্দ্ৰ খঙত অগ্নিশৰ্মা হৈ গোকুলবাসীৰ ওপৰত পোটক তুলিবলৈ ঢেৰেকনি-গাজনিৰে বৃষ্টিপাত কৰায়৷ তেনেস্থলত গোপালকসকলে গোৱৰ্ধন পূজা কৰে আৰু ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰাত স্বয়ং ভগৱানে নিজ হাতেৰে গোৱৰ্ধন পাহাৰ দাঙি ধৰি সমগ্ৰ গোকুলবাসীক আশ্ৰয় প্ৰদান কৰাৰ লগতে সম্ভাব্য বিপদৰ পৰা পৰিত্ৰাণ দিছিল৷ সেই প্ৰবাদ আৰু জনশ্ৰুতি অনুসৰি গৰু তিহাৰৰ দিনা প্ৰত্যেকগৰাকী গোৰ্খাজনগোষ্ঠীৰ লোকে গোৱৰ্ধন পাহাৰৰ পূজা কৰে৷ গোৱৰ্ধন পাহাৰৰ সাদৃশ্যযুক্ত গোবৰৰ টিলাত দৈৰ অৰ্ঘ্য নিবেদন কৰি গৰুসমূহক পৰিক্ৰমা কৰা হয়৷ ন-পঘা আৰু নাকী-মোখোৰা পিন্ধাই নানাবিধ ৰঙৰ বোল সানে আৰু ফুলৰ মালা পিন্ধায়৷ সন্ধিয়ালৈ গাঁও-অঞ্চলৰ ডেকা ল’ৰাই মিলি সমজুৱাকৈ ‘দেউচী’ খেলে৷ দেউচী হ’ল অসমীয়া সমাজ জীৱনৰ হুঁচৰিৰ লেখীয়া৷
ভাতৃ দ্বিতীয়া / ভাই তিাহাৰঃ
কাৰ্তিক মাহৰ শুক্ল পক্ষৰ দ্বিতীয়াৰ দিনা ‘ভাই টিকা’ উৎসৱ পালন কৰা হয়৷ এইদিনা বিবাহিতা বাই-ভনী আৰু অবিবাহিতা বায়েক-ভনীয়েকে নিজৰ ককাই-ভাইৰ কপালত পিঠাগুড়িৰে দীঘলীয়া ফোঁট লগাই দিয়ে৷ নাৰ্জী ফুলৰ মালা পিন্ধাই যমৰাজৰ পূজা কৰে৷ নিজৰ ককাই-ভায়েকৰ দীৰ্ঘ জীৱনৰ কামনা কৰি এই ‘ভাই টিকা’ উৎসৱ পালন কৰা হয়৷ ককাই-ভায়েকেও ভগ্নীসকলক আজীৱন সন্তুষ্ট আৰু সুখী কৰি ৰখাৰ অংগীকাৰবদ্ধ হোৱাৰ লগতে তেওঁলোকক আজীৱন প্ৰতিৰক্ষা কৰিব বুলি প্ৰতিজ্ঞা কৰে৷ বাই-ভনীয়ে নানাবিধ খাদ্য সম্ভাৰেৰে নিজৰ ককায়েক-ভায়েকক আপ্যায়িত কৰাৰ লগতে কাপোৰ-কানি, বস্ত্ৰাদি প্ৰদান কৰে৷ ইয়াৰ বিপৰীতে ককাই-ভায়েকে দক্ষিণা আৰু বস্ত্ৰ দান কৰে৷
গোৰ্খাজনগোষ্ঠীয় লোকৰ অতি হেঁপাহৰ এই উৎসৱটি অতীজৰে পৰা পৰম্পৰাগতভাবে পালন কৰি আহিছে৷ এইদৰেই নেপালী সমাজ জীৱনত তিহাৰ উৎসৱ পালন কৰাৰ ৰীতি প্ৰচলিত হৈ আহিছে৷ এই ‘যম পঞ্চক’ৰ শেষৰ তিনিটা দিনক তিহাৰ বুলি কোৱা হয়৷ এই তিহাৰ উৎসৱৰ মুখ্য উদ্দেশ্য হ’ল দীৰ্ঘ জীৱন কামনা কৰি যমৰাজক সন্তুষ্ট কৰি ৰখাৰ্থে এই ‘যম পঞ্চক’ অথাৰ্ৎ তিহাৰ উৎসৱ পালন কৰা৷ ইয়াৰ বিধিগত তাৎপৰ্য যিহেই নহওক কিয় গোৰ্খাসমাজত ইয়াৰ মহত্ত্ব বহুত৷ এই উৎসৱত নেপালীসকলৰ বিশেষ ৰুটী ‘ঘুমাউনী/ ঘুমাকা ৰুটী /চেলৰুটী’ প্ৰস্তুত কৰা হয়৷ সমগ্ৰ বিশ্বত সিঁচৰিত হৈ থকা প্ৰতিগৰাকী গোৰ্খাসম্প্ৰদাৰ লোকে এই উৎসৱ মহাধুমধামেৰে পালন কৰে৷ আজিৰ বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ যুগতো আধ্যত্মাবাদৰ সৈতে একাত্মভাবে জড়িত এই হেঁপাৰ উৎসৱৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ্থে প্ৰতিজন গোৰ্খা সংকল্পবদ্ধ ৷
(চমাৰ দলনি, চতিয়া, বিশ্বনাথঃ ৭০০২৭০২২৬৮)
Post a Comment