• theoxygentimes@gmail.com

Blog


কি দুঃসময় একবিংশ শতিকাৰ:২০২০

 

ড০ ৰোহিত চন্দ্ৰ ৰাভা

অধ্যক্ষ,নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়,

শোণিতপুৰ, অসম

 

নিলগত কি হাহাকাৰ সামাজিক জীৱন

মৃত্যুৰ বিভীষিকা

আপোনজনৰ আৰ্তনাদ

হৃদয়বোৰ গলিছে মামবাতিৰ দৰে

গলি গালি সিহঁতো নি:শেষ হৈছে

কাৰোবাৰ ঘৰ শুদা হৈ '

নিমাওমাও দিনা-ৰাতি

চাৰিওদিশে মহামাৰীৰ আতংক

মহামাৰীৰ সন্ত্ৰাস

বোমাৰ দৰে অন্য এক আক্ৰমণ

আৰু

আৰু আক্ৰমণৰ শৃংখলডাল দিনক দিনে সম্প্ৰসাৰণ হৈয়ে আছে।

এতিয়া শৃংখলডাল সমগ্ৰ পৃথিৱীতে বিয়পিছে

পৃথিৱী খন এতিয়া আতংকিত

 

 মৃতুৰ ক্ষণ গণিছে খেনোৱে

খেনোৱে মৃত্যুৰ সতে অহৰহ যুঁজিছে

যুঁজি যুঁজি অকাল মৃত্যু সাৱটিছে

খেনোৱে পুত্ৰহাৰা পিতৃহাৰা মাতৃহাৰা স্বামীহাৰা পত্নীহাৰা হৈছে

'ৰবাত গৃহহীন হৈছে নৰনাৰী

সাধাৰণ জনতা হৈছে ক্ষুধাতুৰ

নাই খাবলৈ একো

হৈছে গৃহ বন্দী

উপায় বিহীন সংসাৰ

এতিয়া একমাত্ৰ উপায় হৈছে লক ডাউন

নিলগত আগৰ দৰে গাড়ী মটৰৰ কোলাহল নাই

নাই খেল ধেমালিৰ চিঞৰ-বাখৰ

ৰাস্তা-ঘাট বাট-পথ নিজাম পৰিছে

খেতি পথাৰৰো জন প্ৰাণীহীন

বজাৰ-সমাৰবোৰ মৰিশালীৰ দৰে '

নগৰ চহৰবোৰো

ফুল কুমলীয়া মুখকেইখনো শেতা পৰিছে

সৰ্বনাশী সময়ৰ দু:চিন্তাত সকলো ব্যাকুল

অধীৰ অপেক্ষাত..... কেতিয়া উদ্ভাৱন ' ভেকচিন

কেতিয়া উদ্ভাৱন ' চিকিৎসাৰ মেডিচিন

 

নিলগত কিনো হাহাকাৰ সমাজ জীৱন

কিনো হাহাকাৰ !

কি দু:সময় একবিংশ শতিকাৰ-২০২০

                   _________________

 

Post a Comment