লেছেৰি বোটলা দিনবোৰ সোঁৱৰি...
অঞ্জন বাচকোটা
চমাৰ দলনি, চতিয়া, বিশ্বনাথ, অসম
আঘোনৰ সোণোৱালী দিনবোৰ কৃষক বন্ধুসকলৰ বাবে সোণগুটি চপোৱাৰ বহু অপেক্ষাৰ দিন৷ অসমৰ গ্ৰামাঞ্চলৰ সকলো কৃষক ব্যস্ত হৈ পৰে এইকেইদিন৷ কাৰোবাৰ আইজং, চাপৰ আইজং, চৰকাৰী জহা, কাৰোবাৰ ৰঞ্জিত অথবা দলনিৰ বাওতলী৷ আগতীয়াকৈ পকা ধানসমূহ কোনোবাই কালী পূজাৰ আগে-পিছে কাটিবলৈ আৰম্ভ কৰিছে৷ আজিকালি গাঁৱৰ দাৱনীবোৰ কিছু নিষ্কৰ্মা হৈছে বোলে৷ কিবা জৱকাৰ্ড আৰু পঞ্জাৱৰ পৰা অহা চাউলেৰে তেৰাসবৰ ভঁৰাল টনকীয়াল৷ দাৱনী বিচাৰি তেওঁলোকৰ ঘৰলৈ গ’লে প্ৰায়ে বিমুখ হৈ ওলটি আহিবলগীয়া হয়৷ গ্ৰামাঞ্চলৰ কৃষক বন্ধুৱে সেয়েহে ওচৰৰ বাগানসমূহৰ পৰা ভাৰাতীয়া দাৱনী পূৰ্বে বন্দোবস্তি কৰা অনুসৰি গাড়ীৰে অনা-নিয়াৰ সু-ব্যৱস্থা কৰি দিবলগীয়া হোৱাৰ ওপৰি বেলি লহিওৱাৰ পূৰ্বে প্ৰতিগৰাকীৰ হাতত নগদ ২০০ ধৰাই দিব লাগিব৷ ১১ বজাত কাম আৰম্ভ, ১১.৩০ বজাত চাহ-বিস্কুট আৰু ১.৩০ বজাত চাহ জলপান৷ ঘড়ীৰ কাটা ৪ ত লাগিলেই ধানৰ মুঠি এৰি দিয়াৰ সংকল্প৷ এয়া নিশ্চয় যুগ পৰিৱৰ্তন৷ আমিবোৰেও আকৌ চাউল কিনি খালেহে নিজকে ডাঙৰ মানুহ যেন অনুভৱ কৰো৷
কৰ্মসংস্থান বহু দূৰত৷ ডিচেম্বৰ মাহ৷ দিনবোৰ অত্যন্ত চুটি৷ আজি আমাৰো ধানসমূহ ঘৰলৈ গাড়ীৰে অনাৰ কথা৷ গাঁৱৰ ট্ৰেক্টৰবোৰেও খুউব ফাঁকি দিয়ে৷ ৰাতি হ’লে সবৰে কাম পিছদিনা কৰি দিয়াৰ অংগীকাৰ কৰে৷ ৰাতিপুৱা বেলি দেখাৰ লগে লগে ট্ৰেক্টৰ মালিকে কথাৰ সুৰ সলায়, দেখুৱায় আচল ৰং৷ সিহঁত বেচেৰাৰো উপায় নাই৷ কাকনো ধৰিব, কাকনো এৰিব! এই এৰা ধৰাৰ মাজতে নিজৰ কাৰ্য সিদ্ধি কৰিব পৰাটোহে আচল কথা৷ মই কৰ্ম সম্পাদন কৰি ঘৰমুৱা যাত্ৰা কৰিলো৷ বাৰম্বাৰ মোবাইলত ট্ৰেক্টৰ মালিকৰ স’তে যোগাযোগ কৰি আছো৷ সিয়ো আমাৰ সমস্যা বুজি পাইছে৷ অলপতে হোৱা শিলাবৃষ্টিয়ে দ’ ডৰাৰ আইজুংখিনিৰ অৱস্থা বেয়া কৰি পেলাইছে৷ পানীৰ তলৰ পৰা ধানৰ মুঠিসমূহ পাৰলৈ বুলি অনাৰ পৰত যেনতেন সূৰ্য দেৱতাৰ কৃপাত শুকাইছেহে৷ চাপৰ ৰঞ্জিতৰ অৱস্থাও তথৈবচ৷
বাইকখন লৈয়েই চিধাই পথাৰলৈ বাট বুলিলো৷ আঘোনৰ বেলিয়ে হেঙুলীয়া ৰূপ ধাৰণ কৰিছে৷ অলপতে হোৱা বৰষুণজাকে এইবাৰ তুলনামূলকভাবে সোনকালে ঠাণ্ডা নামাই আনিলে৷ পথাৰলৈ বাইক নাযায়৷ ৰাস্তাৰ শেষান্তত বাইকখন থৈ ক্ৰমে খৰ খোজেৰে আগবাঢ়িলো গন্তব্যস্থলীলৈ অথাৰ্ৎ পথাৰলৈ৷ দীঘল দীঘল নৰাৰ মাজত দুটি শিশুয়ে একাণপতীয়াকৈ লেছেৰি লোৰা কাৰ্য প্ৰত্যক্ষ কৰিলো৷ প্লাষ্টিকৰ মোনা এটা লগত লৈ সিহঁতৰ একান্তই ব্যক্তিগত বাতাৰ্লাপত সিহঁত মগন হৈ আছে৷ মোৰ উপস্থিতিক সিহঁতে প্ৰত্যক্ষ কৰা নাই৷ ৰিণি ৰিণি কৈ শুনবিলৈ পালো লেছেৰি বেছি বোলে মাঘৰ বিহুত ভেলাঘৰ সাজি এসাঁজ খাব৷ ইমান ব্যস্ততা আৰু ল’ৰালৰিৰ মাজতো সেই বিৰল দৃশ্য উপভোগ কৰাৰ সৌভাগ্য মই এৰি দিয়া নাই৷ ঘাঁহেৰে পৰিপূৰ্ণ আলিত থিয় হৈ উপভোগ কৰিলো সেই নয়নাভিৰাম দৃশ্য৷ আৰু কিছুসময় উপভোগ কৰিলো হয় যদিও মোবাইলত ট্ৰেক্টৰ মালিকে ওলোটাই মোক ধমকি দিলে মোৰ পলম হোৱা বাবে৷ হয়, সিহঁতে আৰু কিমান জনৰ লখিমীক আঁদৰিব আছেই৷
সেই লেছেৰি বোটলা দৃশ্যৰাজিয়ে আজি মোৰ অন্তৰখন স্পৰ্শ কৰিলে৷ আজিকালি গ্ৰামাঞ্চলতো এই দৃশ্য বিৰল৷ এই বিৰাট অন্তঃসাৰশূন্য পৰিৱৰ্তন হোৱা বেছি বছৰ হোৱা নাই৷ ময়ো জীৱনৰ পয়ঁত্ৰিছটা বসন্ত অতিক্ৰম কৰিছো৷ আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিলো তেতিয়া ডিচেম্বৰ মাহত অনুষ্ঠিতব্য বছেৰেকীয়া পৰীক্ষাসমূহ যেনে তেনে শেষ হয়হে৷ পিছদিনাৰ পৰাই ডাঙৰ মোনা হাতত লৈ লেছেৰি বোটলাৰ ধান্দা৷ কোনখন পথাৰত বেছিকৈ লেছেৰি পাম? লগৰীয়াবোৰৰ পৰা পূৰ্বে সংগৃহীত তথ্য অনুসৰি চাৰি-পাঁচজনীয়া দল আগবাঢ়ো আটাইতকৈ বেছি লেছেৰি বিচাৰি পোৱা দ’ পথাৰবোৰলৈ৷ মনত কিমান যে পৰিকল্পনা! লেছেৰিৰ ধানগুটি ঘৰতে বিক্ৰী কৰা হয়৷ মা-দেউতাকক খাটনি ধৰো সেই টকাৰে জোতা-চেণ্ডেল, ছুয়েটাৰ আৰু বনভোজৰ বাবে ধানৰাশি যোগান ধৰিবলৈ৷ ক’ত যে জল্পনা-কল্পনা!
লেছেৰি বোটলাৰ দৌৰত দিনত লংপেন্ট পিন্ধাৰ কথা মনলৈ সাধাৰণতে নাহে৷ লগৰীয়াৰ সৈতে লেছেৰি বোটলোতে ভৰিত নৰাৰ খোঁচৰ প্ৰতি ভ্ৰূক্ষেপ কৰিবলৈ আহৰিয়ে নাথাকে৷ ৰাতি যেতিয়া লেছেৰিৰ টোপোলাৰ ভাৰ বান্ধি ঘৰলৈ আনি হাত-ভৰি ধুবৰ হয় তেতিয়াহে আচল জ্বালা অনুভূত হয়৷ নৰাৰ খোঁচৰ পৰা তেজ নিৰ্গত হোৱা ভৰিত যেতিয়া ঠাণ্ডা পানীৰ স্পৰ্শ হয় তেতিয়া সৃষ্টি হোৱা খেচ্খেচনিত কান্দি উঠিছিলো৷ পিছত মায়ে আদৰেৰে জুহালৰ কাষলৈ নি মিঠাতেল ঘঁহি দি মৰম কৰিছিল৷ এৰি চাদৰ গাত লৈ জুইৰ উম লৈ থকা দেউতাকৰ ৰঙা চকুৰ চাৱনিত মাকৰ কোলাতেই নিদ্ৰা দেৱীৰ শৰণাপন্ন হওঁ৷
লেছেৰি পৰ্বৰ পিছতেই গৰু গাড়ীত ধান কঢ়িওৱাৰ পৰ্ব আৰম্ভ হয়৷ গাড়ীৰ গাড়োৱান হোৱাৰ হেঁপাহ৷ দাদা-দেউতাক সহায় কৰা ‘লালে’ আৰু ‘ঝালে’ গৰুহালৰ দৃষ্টিনন্দন যুটি৷ দীঘলীয়া শিঙেৰে চটফটীয়া গৰুহালৰ যুটি যুঁৱলিৰ ঢেকা খোলাৰ লগে লগে দৌৰ মাৰে৷ গাড়ীৰ গাড়োৱান হৈ বোজা অক্ষত অৱস্থাত ঘৰলৈ অনাৰ সমস্ত দায়িত্ব মোৰ ওপৰত ন্যস্ত আছিল৷ দাদা-দেউতা গাড়ীৰ পিছে পিছে যায়৷ ধানৰ বোজা চোতালত খালী কৰি পুনৰ পথাৰলৈ বাট বোলোতে ৰাস্তাত সমনীয়াবোৰৰ সন্মুখত মোৰ গাড়ীয়ালা হোৱাৰ গৌৰৱবোধ জাহিৰ হৈ গৈছিল৷ সিহঁতৰ দৃষ্টিত মই অতি ভাগ্যৱান হৈ পৰিছিলো৷ মোক সানুনয় মিনতি কৰি খালী গাড়ীত সিহঁতবোৰ ওলমি উঠি গৈছিল পথাৰলৈকে৷ গাড়ী বোজাই হোৱাৰ অন্তত মই পুনৰ বোজা গাড়ীৰ গাড়োৱান হও, সিহঁতবোৰে পদব্ৰজে আমাৰ চোতাললৈকে আহে পুনৰ খালী গাড়ীত উঠাৰ হেঁপাহত৷ এইদৰে চাওতে চাওতে সোণগুটি চপোৱাৰ পৰ্ব শেষ হৈ যায়৷ ইয়াৰ পিছত চোতালত মৰণা মৰা পৰ্ব৷ ৬-৭ হাল গৰু একত্ৰিত কৰি মৰণা মৰা দৃশ্য আজি বিস্মৃতিৰ গৰ্ভত৷
আমিও প্ৰাথমিক বিদ্যালয় শেষ কৰি মাধ্যমিক আৰু বিশ্ববিদ্যালয়ৰ দেওনা পাৰ কৰিলো৷ আমাৰ পৰিয়ালে কিন্তু আজিও খেতিৰ পৰম্পৰা অৱধাৰিত ৰাখিছে৷ অৱশ্যে তেতিয়াৰ ‘লালে’ আৰু ‘ঝালে’ নাই৷ গৰু আছে কিন্তু অকল গৰুৱেই সমস্ত খেতি চম্ভালিব নোৱাৰি৷ সময়ৰো কথা আছে৷ সেয়েহে ট্ৰেক্টৰৰ সহায় ল’ব লগাত পৰিছো৷ উপাই নাই৷ অনিশ্চা স্বত্ত্বেও যান্ত্ৰিকতাৰ সহায় ল’ব লগাত পৰিছো কাৰণ এনে নকৰিলে সীমাদাৰে ট্ৰেক্টৰৰ সহায়ত সোনকালে খেতি চপাব৷ তেনে কৰিলে নিজৰ পথাৰলৈ যোৱাৰ বাট মৰিব৷
বিজ্ঞান-প্ৰযুক্তি আৰু চহৰমুখী ধামখুমীয়াত আমিবোৰ উটি-ভাঁহি গৈছো৷ যৌথ পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাৰ ঠাইত বাহ লৈছে একককেন্দ্ৰিক পৰিয়াল ব্যৱস্থাই৷ আজিৰ শিশুবোৰৰ স্বাধীনতা খৰ্ব হৈছে৷ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ সিহঁতবোৰৰ জীৱন৷ যান্ত্ৰিক পুতলাবোৰ সিহঁতবোৰৰ খেলৰ সংগী৷ চুবুৰীয়া লগ-সংগবোৰৰ মাজত সিহঁতৰ কোনো সম্পৰ্কই নাই৷ এয়া হৈছে আজিৰ শিশুবোৰৰ জীৱনশৈলী৷ বিদ্যালয়ত পাঠ গ্ৰহণ, ঘৰুৱা শিক্ষকৰ পাঠদান, গৃহকৰ্ম আৰু টেলিভিশ্যন আৰু যান্ত্ৰিক পুতলাৰ সংগই তেওঁলোকৰ গতানুগতিক জীৱন৷
দেৰি হৈ গৈছে৷ আঘোনৰ সোণোৱালী সুৰুজ পশ্চিম আকাশত৷ মোবাইলত পুনৰ ট্ৰেক্টৰ মালিকৰ ফোন৷ সোনকালে পাব লাগে৷ অলপ দীঘল খোজেৰে আগবাঢ়িবলৈ লওতেই নৰাৰ মৰিপাত ভৰিত পাক লাগি উজুটি খালো৷ পুনৰ শৈশৱৰ দিনবোৰলৈ মনটো ওভতি গ’ল৷ উপাই নাই৷ ধান জপাই থোৱা ঠাইত যিকোনো প্ৰকাৰে পাবই লাগিব৷ মই এক প্ৰকাৰ দৌৰ দিলো...ট্ৰেক্টৰৰ ওচৰলৈ....অপেক্ষাৰত মানুহকেইজনৰ ওচৰলৈ.....৷৷
Post a Comment