এটি অবিস্মৰণীয় ক্ষণ
চিন্তামণি চম্লাগাঞী,বিষয়-শিক্ষক,
লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,
জিলা:ধেমাজি, অসম
জুলাই মাহতে গম পাইছিলোঁ সূৰ্য বাহাদুৰ ছেত্ৰী নামৰ ল'ৰাজনে ফুলবাৰী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে | এই বছৰৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত তেওঁ 79. 5 শতাংশ মাৰ্ক্স আজুৰি আনি সহজ সৰল হোজা পিতৃ-মাতৃক উপহাৰ দিছিল | সুখী হ'ল তেওঁলোক | সূৰ্যৰ মা-দেউতা দুয়োজনে বিশেষভাৱে সক্ষম | সূৰ্য ঘৰৰ ডাঙৰ ল'ৰা | তেওঁৰ পিছত তেওঁৰ ভাইটি -ভন্টী এহাল আছে | আয়ৰ উ্তস বুলিবলৈ একো নাই | বাঁহ-খেৰেৰে নিৰ্মিত জুপুৰিটোত বিজুলী বাতিৰ সংযোগ নাই | গম পালোঁ - সূৰ্যই হেনো সন্ধ্যা প্ৰতিবেশী শুই যোৱাৰ পাছত তেঁওলোকৰ ঘৰৰ বাৰান্দাত উলমি থকা বাল্বৰ পোহৰত অধ্যয়ন কৰিছিল | God helps those who help themselves বোলা আপ্তবাক্য মিছা হ'ব নোৱাৰে |
সূৰ্যক লগ পোৱাৰ অদম্য হেপাহ জাগিল | তেওঁক কিবা প্ৰকাৰে সহায় কৰিব পোৱা হ'লে ....... 'মানুহে মানুহৰ বাবে, যদিহে অকণো নেভাবে.........' সুধাকণ্ঠই আকৌ এবাৰ গাই গ'ল বুকুৰ মাজত | লগে লগে সিদ্ধান্ত ললোঁ |
চেপ্টেম্বৰ মাহৰ 16 তাৰিখ | দেওবাৰ | বন্ধৰ দিন | উপযুক্ত সময় | সূৰ্যক লগ পোৱাৰ বাসনা বুকুত সামৰি ঘৰৰ পৰা ওলালোঁ | লগত মোহন। মোহন উপাধ্যায়। সূৰ্যৰ ঘৰলৈকে গাড়ী নাযায় বাবে কিছু আঁতৰতে গাড়ীখন থৈ অকণমান খোজ কাঢ়িলো। ভাগ্য ভাল আছিল আমাৰ | সূৰ্যক ঘৰতে পালোঁ | সূৰ্যত মই নিজকে বিচাৰি পালোঁ -
"দেউতাৰ চেহেৰা মনলৈ আনিব নোৱাৰা সেই ক্ষীণকায় ল'ৰাটো ..... দৰিদ্ৰতাক নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰা সেই কণমানিটো...... তেজৰ সম্বন্ধ থকা বৰতা-খুৰাহঁতৰ দ্বাৰা লুণ্ঠিত, তিৰস্কৃত, পীড়িত সেই দূৰ্ভগীয়াটো .... | "
ক'ব নোৱাৰাকৈ মোৰো চকু সেমেকিল | সাপেহে সাপৰ ঠেং দেখে বুলি কোৱাৰ দৰে সূৰ্যই যেন মোৰ ভিতৰখন দেখিলে, যেনেকৈ সূৰ্যত মই মোৰ অতীত দেখিলোঁ | এক্ষন্তেকৰ আনুষ্ঠানিকতাৰ পৰত তেওঁক ''ঢাক্কা ট'পী''ৰে অভিনন্দন জনোৱা হয় | মোৰ স্বৰ্গীয় মাতৃৰ পবিত্ৰ সোঁৱৰণত 'স্বৰ্গীয় সুভদ্ৰা দেৱী সোৱৰণী পুৰষ্কাৰ' হিচাপে তৈয়াৰ কৰা এখনি অভিনন্দন - পত্ৰ আৰু চাৰি হাজাৰ টকাৰ এটি নগণ্য ৰাশি তেওঁলৈ যাছিলোঁ | মনৰ মাজেদি এজাক ব'গা পাৰ উৰি গ'ল | মনটো পাতল পাতল লাগিল | জীৱন আৰু কৰ্তব্যক লৈ তেওঁক একাঁজলি পৰামৰ্শ আগঢ়াবলৈ লওঁতেই আৱেগিক হৈ উঠে সূৰ্য | হুকহুকাই কান্দে তেঁও | মৰম- ভালপোৱাৰ প্ৰহাৰত হয়তু ক্ষত-বিক্ষত হৈছিল তেওঁ | প্ৰেম বিনিময় যেন তেওঁৰ বাবে অসহ্যকৰ হৈ উঠিল | বাকৰূদ্ধ হওঁ মই | বুকুত খুন্দা মাৰে এটি অজান শক্তিয়ে | চকু চলচলীয়া হয় | ফেঁকুৰি উঠে সূৰ্যৰ বাকহীন মাতৃ | পিতৃয়ে মূক প্ৰয়াস কৰিছে সূৰ্যক বুজনি দিবলৈ | আৱেগিক হৈ উঠে পৰিৱেশ | মৰমৰ কিমান যে ৰূপ !!
সূৰ্যৰ সৰল পিতৃ-মাতৃৰ চকুত জিলিকিছিল কৃতজ্ঞতা | মানৱতাৰ সম্বন্ধ তেজৰ সম্বন্ধতকৈ উৰ্ধত নহয়নে বাৰু ?
মই উভতিলোঁ | লগত লৈ আহিলোঁ এসাগৰ ভাল লগা, অপৰিসীম পৱিত্ৰতা , অফূৰন্ত মৰম আৰু এবুকু অনাবিল আনন্দ |
______________
Post a Comment