ভাৰতীয় সাহিত্যত অনুবাদৰ ভূমিকা
কৰবী বৰ্মন
নলবাৰী, অসম
৭৮৯৬৯৪৫০৯৮
অনুবদ্যতে ইতি অনুবাদ+ঘঞ ইতি অনুবাদঃ। অনুবাদ শব্দৰ বুৎপত্তি গত অৰ্থ হ'ল পাঠটো আগত লৈ সেইমতে কৰা।মলিনিয়েৰ উইলিয়ামচৰ মতে 'saying after or again ,responding by way of explanation' । অনুবাদৰ ইংৰাজী প্ৰতিশব্দ translation শব্দৰ উৎপত্তি লেটিন translatum শব্দৰ পৰা আহিছে।
অনুবাদৰ পৰিসৰ ব্যাপক। সাম্প্ৰতিক কালত বিশ্বৰ লগতে ভাৰতটো অনেক সাহিত্য ৰাজি ৰচনা হৈ আছে। ভিন্ন ঠাইত ভিন্ন ভাষাত ভিন্ন সাহিত্য ৰাজিৰ সোৱাদ ল'বলৈ ভাষাৰ সম্যক জ্ঞান থকাটো দৰকাৰ। কিন্তু ইমান ভাষিক আহৰণ কৰাটো সম্ভৱ নহয়। সেয়ে ইয়াৰ বাবে প্ৰয়োজন হয় এজন অনুবাদকৰ উৎকৃষ্ট অনুবাদ।যাৰ দ্বাৰা অনেক সাহিত্যৰ আভাস পোৱাটো সম্ভৱ হয়। সাহিত্য ৰাজি আজি বিশ্বমুখী হ'ব পাৰিছে একমাত্ৰ অনুবাদৰ যোগেদি।সেয়ে সাহিত্যৰ পৰিসৰ ক্ৰমে ক্ৰমে বিশাল হৈ আহিছে।গিলবাৰ্ট হিঘেট(Gilbert Highet) নামৰ বিশিষ্ট পণ্ডিত গৰাকীয়ে তেওঁৰ the classical tradition নামৰ বিখ্যাত গ্ৰন্থ খনত অনুবাদৰ গুৰুত্ব আলোচনা কৰি লিখিছে যে অনুবাদে সাধাৰণতে কোনো মহৎ কৰ্ম সৃষ্টি নকৰে, কিন্তু মহৎ কৰ্মৰ সৃষ্টি হোৱাত প্ৰায়ে সহায় কৰে। (Translation doesn't usually create great work s but it often helps great works to be corrected)।ড০ প্ৰফুল্ল কটকীয়ে তেওঁৰ পুথিত অনুবাদৰ বিষয়ে এনেদৰে মন্তব্য দাঙি ধৰিছে -"অনুবাদ অবিহনে ইউৰোপীয় নৱজাগৰণৰ সূচনাই নহ'ল হেঁতেন বুলি কটূক্তি কৰা নহ'ল।
অনুবাদৰ কথা আলোচনা কৰাৰ বাবে তুলনা মূলক সাহিত্যৰ কথা উল্লেখ নকৰিলে অনুবাদী সাহিত্য ৰ গুৰুত্ব আধৰুৱা যেন হ'ব। তুলনা মূলক সাহিত্য, সাহিত্য জগতৰ অতি গুৰুত্বপূৰ্ণ বিষয়। তুলনামুলক সাহিত্যৰ লগত ওতঃপ্ৰোত ভাবে অনুবাদ জড়িত। অনুবাদ অবিহনে ভিন্ন ভাষিক সাহিত্যৰ তুলনাও সম্ভৱ নহয়। সাহিত্য সমুহ নিজৰ ভাষিক গণ্ডীৰ ভিতৰত আবদ্ধ নাৰাখি অনুবাদে বিশ্বমুখী কৰি তুলিলে। বিংশ শতিকাত যেতিয়া তুলনা মুলক সাহিত্য ই এটা স্বতন্ত্ৰ অনুশীলন হিচাপে প্ৰতিষ্ঠা লাভ কৰিলে তেতিয়া অনুবাদ সাহিত্যও জড়িত অধিক গুৰুত্ব লাভ কৰিলে। অসমীয়া সাহিত্যত অৰুনোদইৰ পাততে অনুবাদে ভূমূকি মাৰিছিল,ঠিক তেনেকৈ অন্য সাহিত্য বোৰতো অনুবাদৰ ভূমিকা আছে।
অনুবাদ এটা জটিল প্ৰক্ৰিয়া।এই ক্ষেত্ৰত অনুবাদৰ ভূমিকা অধিক। এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ অনুবাদ কৰোঁতে মূল পাঠ বিকৃত নকৰাকৈ সম্যক পাঠ অনুবাদ কৰাটো অনুবাদকৰ প্ৰধান কাম।অন্য কোনো সাহিত্য যদি এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা হয় তেতিয়া অনুবাদকৰ কিছুমান দিশৰ প্ৰতি জ্ঞান থকা দৰকাৰ-
১) ভাষিক জ্ঞান , অনুবাদকৰ ভাষিক জ্ঞান থকাটো নিত্যান্তই প্ৰয়োজনীয়। ভাষাৰ লগতে শব্দ সম্ভাৰ, ব্যাকৰণগত ভিন্ন দিশ ,অনুদিত আৰু মূল দুয়োটা পাঠৰ থকাটো অতি আৱশ্যক।
২)মূলপাঠ বিকৃত নকৰাকৈ মনোগ্ৰাহী কৰা।
৩) অনুবাদ কৰিবলগীয়া পাঠটোৱে নিৰ্দেশ কৰা বিষয় বস্তুৰ উপলব্ধি।
৪) দুয়োটা ভাষাই প্ৰতিনিধিত্ব কৰা সমাজ দুখনৰ সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক দিশৰ পৰিপূৰক জ্ঞান।
৫)মৌলিক প্ৰতিভা।
ইয়াৰ উপৰিও বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে অনুবাদকৰ প্ৰকাৰ ভেদ সম্পৰ্কে ব্যক্ত কৰিছে-
১) আক্ষৰিক অনুবাদঃ ইয়াক শব্দানুবাদ বোলা হয়। ইয়াৰ অৰ্থ হল-ভাষাৰ পোনপটীয়া অনুবাদ।
২)ভাবানুবাদঃএই অনুবাদত পাঠৰ মূল ভাবৰ সাল সলনি নকৰি গ্ৰহণ বৰ্জন নীতিৰে অনুবাদ কাৰ্য সম্পাদন কৰা হয়।
৩)সাৰানুবাদঃঅনুবাদ কৰোঁতে বহু অনুবাদকৰে পাঠৰ মূল সাৰ গ্ৰহণ কৰি স্বকীয় কৰি তোলে।
৪) ব্যাখ্যানুবাদঃঅনুবাদ সাহিত্যত অনুবাদকজনে ব্যাখ্যাকাৰী ৰূপে পৰিগণিত হয়।
৫) ৰূপান্তৰনঃমুল পাঠৰ গঠন অনুদিত পাঠটিত কেতিয়াবা সম্পূৰ্ণ সলনি হ'বও পাৰে।
তুলনা মূলক সাহিত্যত অনুবাদৰ গুৰুত্ব অধিক।বিশ্ব সাহিত্যটো অনুবাদৰ ভূমিকা যথেষ্ট।কাৰন সাহিত্য বিশ্বমূখী হোৱাৰ গুৰিতে আছে অনুবাদ ৰীতিৰ অপৰিসীম দান। অনুবাদ অবিহনে কোনো ভাষিক সাহিত্য বিশ্বমূখী হোৱাটো প্ৰায় কঠিন।ড০ বানীকান্ত কাকতিয়ে কৈছে, 'আজিকালিৰ দিনটো যি ভাষাত বিশ্ব সাহিত্যৰ জেউতি পৰা নাই তাক মানুহে নিচলা বুলি ভাবে। ইংৰাজী, ফৰাচী, আদি যিবোৰ ভাষাত অতি ওখ ধৰণৰ মৌলিক সাহিত্যৰ লেখজোখ নাই, সেইবোৰ ভাষাতেই আনদেশৰ ডাঙৰ ডাঙৰ নাম জ্বলা গ্ৰন্থ বোৰৰ অনুবাদ আগেয়েই প্ৰকাশ হয়। সেইবোৰ দেশত নিজ ভাষা-ভাষী লোকৰ অন্তৰৰ পোহৰ আৰু আন ভাষা-ভাষী মানুহৰ বাহিৰৰ পোহৰ পৰিবলৈ জ্ঞানৰ খিৰিকী দুৱাৰ সদায় মেলা থাকে।
অনুবাদৰ ক্ষেত্ৰত ভাৰতীয় সাহিত্য পিছ পৰি থকা নাই।সময়ৰ লগে লগে অনুবাদ সাহিত্যৰ পৰিসৰ বৃদ্ধি হৈছে। মোগল যুগত সংস্কৃত সাহিত্যৰ অনুবাদ পাৰ্ছী ভাষালৈ হৈছিল।দাৰাচিকোৱে পাৰ্চীয়ান পণ্ডিতৰ পৰা উপনিষদৰ পাৰ্ছী অনুবাদ কৰাইছিল।যেতিয়া আধুনিক ভাৰতীয় ভাষা সমূহৰ উৎপত্তি হয়, তেতিয়া ভাৰতীয় সাহিত্যৰ অনুবাদে বিশেষ ভূমিকা লাভ কৰে।পৈশাচী প্ৰাকৃতত ৰচনা কৰা গুনাঢ্যৰ' বৃহৎ কথা' ৰ বুদ্ধ স্বামীৰ দ্বাৰা' বৃহৎ কথা শ্লোক সংগ্ৰহ' ক্ষেমেন্দ্ৰৰ দ্বাৰা কথা মঞ্জৰী, সোমদেৱৰ দ্বাৰা কথা সৰিৎসাগৰকে ধৰি বিভিন্ন জনে সংস্কৃতলৈ বহুখিনি অনুবাদ কৰে।প্ৰাকৃতৰ পঞ্চাস্তিকায় ,পঞ্চসংগ্ৰহ,বিংসতিবিংসিকা,আদি জৈন ধৰ্ম গ্ৰন্থ সংস্কৃতলৈ অনুবাদ হয়। প্ৰত্যেকটো ভাৰতীয় ভাষাই সংস্কৃত,প্ৰাকৃত আৰু অপভ্ৰংশ সাহিত্যৰ অনুবাদেৰে নিজ নিজ সাহিত্যৰ ভেটি নিৰ্মাণ কৰি ললে। ৰামায়ণ, মহাভাৰত, ভাগৱত,গীতা উপনিষদ, কালিদাসৰ ৰচনাৱলী, পঞ্চতন্ত্ৰ জয়দেবৰ গীত গোবিন্দ আদি সংস্কৃত সাহিত্য সমূহ অন্য আধুনিক ভাৰতীয় ভাষালৈ অনুদিত হৈছিল।ইংৰাজ, জাৰ্মান, পাৰ্ছী আদি বিদেশী ভাষাৰ পৰা হিন্দী, সংস্কৃত, গুজৰাটী,উড়িয়া আদি প্ৰাদেশিক ভাষালৈ অনুবাদ হয়। সংস্কৃতলৈ অনুবাদ হোৱা গ্ৰন্থৰ ভিতৰত প্ৰধানকৈ ছেক্সপীয়েৰৰ 'হেমলেট'টেম্পেষ্ট, গ্যেটেৰ 'ফাউষ্ট', ৰবীন্দ্ৰনাথ ঠাকুৰৰ'কালেৰ যাত্ৰা',ওমৰ খৈয়ামৰ'ৰুবাইত',কেশৱ দাসৰ'ৰসিক প্ৰিয়া', বিহাৰী দাসৰ'বিহাৰী সতসই' আদি উল্লেখযোগ্য।
আনহাতে জৰ্জ ফৰ্ষ্টাৰে 'শকুন্তলা'নাটক, পীটাৰ কোহলেনে'ঋতুসংহাৰ',ৰকেটে' গীত গোবিন্দ' জাৰ্মান ভাষালৈ অনুবাদ কৰে।
মধ্যযুগত অন্য সাহিত্যৰ দৰে অসমীয়া সাহিত্যও সংস্কৃত বা আন ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুদিত হৈছিল। তাৰ ভিতৰত শংকৰদেৱে কৰা মূল সংস্কৃতৰ পৰা ভাগৱতৰ অনুবাদ, মাধৱদেৱৰ ভক্তি ৰত্নাৱলী আদি অসমীয়া সাহিত্যৰ উল্লেখনীয় বৰঙণি। ইয়াৰ উপৰিও বাংলা, হিন্দী,উড়িয়া আদি সাহিত্য অসমীয়া সাহিত্যলৈ অনুবাদৰ যোগেদি প্ৰবেশ ঘটিছে। অনুদিত সাহিত্যৰ ভিতৰত আছে-
১) কৃষ্ণ চন্দ্ৰৰ 'ফুটপাথ কে ফৰিস্তে'ৰ অনুবাদ দিলীপ তালুকদাৰৰ 'ফুটপাথৰ দেৱদূত'।
২)অমৃতলাল নাগৰৰ 'বুন্দ ঔ'ৰ সমুন্দৰ'ৰ নিৰ্মল প্ৰভাৱ বৰদলৈয়ে কৰা অসমীয়া অনুবাদ'বিন্দু আৰু সিন্ধু'।
৩) মুন্সী প্ৰেমচান্দৰ'গোদান'ৰ নিৰুপমা ফুকনে কৰা অসমীয়া অনুবাদ'গোদান'।
৪) ৰবীন্দ্ৰনাথ ঠাকুৰৰ'চোখেৰ বালিৰ' অসমীয়া অনুবাদ ড০ মহেন্দ্ৰ বৰাৰ 'বিনোদিনী'।
----------------------
Post a Comment