বাবৰি মছজিদৰ ফিৰিঙতি
মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম
১৯৯২ চনৰ কোনোবা এদিন আবেলি ৪ টা মান বজাত থানাৰ বাৰাণ্ডাত থিয় হৈ ৰাস্তাৰ পিনে চাই আছোঁ৷ হঠাৎ আগে আগে বগা বিশালকায় ষাঁডগৰু, পিছে পিছে বিশ্ব হিন্দু পৰিষদৰ হাইলাকান্দি জিলাৰ সদস্য সম্পাদকৰ সৈতে অন্য সদস্য কেইজনমান, লগতে ১৫/২০ জনমান চেমনীয়া ল’ৰা এজাক থানা চৌহদত প্ৰৱেশ কৰিলে৷ কৌতুহল বশতঃ ময়ো বাৰাণ্ডাৰ পৰা নামি ষাঁড়টোৰ ওচৰ পালোঁ৷ মোক দেখা পোৱাৰ লগে লগে জুমটোৱে ‘ষাঁড় গৰু কটা চহৰীয়াক গ্ৰেপ্তাৰ কৰক-গ্ৰেপ্তাৰ কৰক’ বুলি চিঞঁৰিব ধৰিলে৷ ষাঁড়টোৰ কটা ঠাইডোখৰ বিচাৰোতে পিছ ঠেঙৰ তপিনাৰ কাষত বখলিওৱা দেখা পালোঁ৷ মানুহৰ জুমটোক শান্ত কৰিবৰ বাবে ওচৰৰে পশু চিকিৎসক ‘নাথ’ক মাতি পঠিয়ালোঁ৷ লগতে উপ-পৰিদৰ্শক ‘আলী’ক চহৰীয়াক শোধ-পোচৰ বাবে থানালৈ লৈ আহিবলৈ পঠিয়ালোঁ৷ চিকিৎসক নাথে আহি গৰুটোৰ আঘাত পোৱা ঠাইডোখৰত আয়’ডিন, মলম সানি দিলে৷ আইনমতে কোনো এজন ব্যক্তিক দোষী সাব্যস্ত কৰিবলৈ হ’লে সাক্ষীৰ প্ৰয়োজন৷ কিন্তু এনে পৰিস্থিতিত সাক্ষীৰ কথা উলিওৱাৰ লগে লগে উপস্থিত আটাইকেইজনেই আবেগত সাক্ষী হৈ ওলাব৷ যাৰ ফলত ‘কেৰ্কেটুৱাই তামোল খায়, নেওলক বান্ধি কিলায়’ লেখীয়া হ’বগৈ বুলি ভয়৷ তাত থকা মানুহবোৰৰ অধিক আৱেগিক হোৱা পৰিলক্ষিত হ’ল৷ ভাবিলোঁ- ঘটনাটো জামিনযোগ্য৷ যদিহে আলীয়ে চহৰীয়াক লৈ আহে তেন্তে জামিন মঞ্জুৰ কৰিম আৰু বিষয়টোৰ মোখনি মাৰিম৷ আপত্তিকাৰীক এজাহাৰ দিবলৈ ক’লোঁ৷ চহৰীয়াক গ্ৰেপ্তাৰ কৰি জামিনত মোকলাই নিলে সাপো মৰিব, লাঠিও নাভাঙিব বোলাৰ দৰে অভিযোগকাৰীও সন্তুষ্ট হ’ব, গোচৰীয়াও মুকলি হ’ব আৰু ময়ো সমস্যা সমাধান কৰি সুখী হ’ম৷প্ৰায় আধা ঘণ্টাৰ পিছত আলী বাবু থানাত উপস্থিত হ’ল৷ সুধিলোঁ-চহৰীয়া ক’ত ? ‘গাড়ীৰ পৰা নামি আহি আছে’ কোৱাৰ লগে লগে দেখিলোঁ দীঘলকৈ একোছা শুভ্ৰ দাড়িৰে, দামী লুঙী, আঁঠুলৈ পৰা বগা পাঞ্জাৱী কামিজ পৰিহিত ওখ, শকত-আৱত সুঠাম দেহৰ মানুহজন থানাত সোমাই আহিল৷ আলীয়ে ভুলবশতঃ অন্য কাৰোবাক অনা নাইতো বুলি শংকিত হ’লোঁ৷ নাম বোলে চহৰীয়া ! দেখাত আন কিবা, কি চহৰীয়া-কেনেকৈ চহৰীয়া পীৰ-পয়গম্বৰ বা কাজী মোল্লাতো নহয় বুলি নিজেই প্ৰশ্নৰ পাক-ঘূৰনিত সোমাই পৰিলোঁ৷ ভাবি আচৰিতো হ’লোঁ৷ অভিযোগকাৰীৰ দাবী অনুযায়ী বৃদ্ধজনক লক-আপত ভৰালোঁ৷ সময় তেতিয়া সন্ধিয়া, বেলি ডুবো-ডুবো, চন্দ্ৰোদয়ৰ বেলা৷ চহৰীয়াক লক-আপত দেখি অভিযোগকাৰীও ক্ৰমান্বয়ে আঁতৰি ঘৰমুৱা হ’ল৷ থানা চৌহদ বিজুলীৰ পোহৰত দিন-ৰাতি একাকাৰ৷ ষাঁড়টো থানাৰ প্ৰৱেশ দ্বাৰত থিয় হৈ নেগুৰডাল লৰাই উগাৰি আছে৷ ময়ো স্বস্তিৰ নিশ্বাস এৰি টেবুলত ৰখা বিশ্ব হিন্দু পৰিষদৰ পেডত লিখা এজাহাৰখন চাব ধৰিলোঁ৷ অপৰাধীৰ নাম, উপাধি হানিফুৰ ৰহমান দেখি বিচূৰ্তি খালোঁ৷ মোৰ জীৱনৰ এয়া এক নতুন উপলব্ধি৷ এই বিষয়ে আজিলৈ অনভিজ্ঞতাৰ খাতিৰত কাৰো আগত প্ৰকাশ কৰা নাছিলোঁ৷ এজাহাৰ মতে দোষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আইনৰ ৪২৯ নং ধাৰাত অভিযোগ দাখিল কৰিলোঁ৷ চহৰীয়াক সোধ-পোচ কৰি জামিনত মুক্তি দিবলৈ বুলি লক-আপৰ পৰা নিজৰ কক্ষলৈ আনিবলৈ নিৰ্দেশ দিলোঁ৷ মোক ওচৰত দেখা পায়েই চহৰীয়াই গহীন-গম্ভীৰ ভাৱেৰে সুধিলে-‘মহাশয়, কি অপৰাধত এৰেষ্ট ৱাৰেণ্ট নোহোৱাকৈ ঘৰৰ পৰা আনি মোক লক-আপত ভৰালে? লক-আপত ভৰোৱাৰ আগতে মই অথবা মোৰ ফলীয়া হৈ আইনে কি কয় বুলি জানিবৰ কাৰো প্ৰয়োজন নাছিলনে ?’ বিষয়টো তেনে হ’ব বুলি মই কল্পনাই কৰা নাছিলোঁ৷ পৰিস্থিতি শান্ত কৰিবলৈ গৈ একো নভবাকৈ সহজ পন্থা অৱলম্বন কৰিছিলোঁ, পন্থাটো কাইটীয়াহে হ’ল৷ হয়, ভুল মোৰেই৷ আইন অনুসৰি প্ৰথমে সোধ-পোচ, তাৰ পাছতহে সাক্ষীৰ আধাৰত গ্ৰেপ্তাৰ৷ চহৰীয়াৰ কোনো প্ৰশ্নৰ উত্তৰেই মোৰ ওচৰত নাছিল৷ঠিক সেই সময়তে এজন দুজনকৈ ইছলাম সম্প্ৰদায়ৰলোক আহি থানা চৌহদ ভিৰ কৰিব ধৰিলে৷ বাহিৰত উত্তেজিত কণ্ঠেৰে চিঞঁৰিব ধৰিলে- ‘বিনা দোষত মৌলবী মহোদয়ক গ্ৰেপ্তাৰ কৰাক লৈ আমি প্ৰতিবাদ কৰিম৷’ ভিতৰে বাহিৰে প্ৰতিবাদকাৰীৰ ভিৰ৷ তাৰে মাজৰ এজন আগবাঢ়ি আহি ক’লে-‘মৌলবী মহোদয়ক আমি কিয় জামিনত নিম? কি অপৰাধত তেখেতক অনা হ’ল? বিনা দোষত লক-আপত ভৰাই আকৌ জামিন দিয়া কোন দেশৰ আইন?’ চেগ চাই কঠীয়া ৰোৱাৰ দৰে বাহিৰত থকাবোৰে চিঞঁৰিব ধৰিলে-‘নিৰপৰাধীজনক আমি জামিনত কিয় নিম? যিজনে আনিছে সেইজনেই সন্মান সহকাৰে থৈ আহক’ বুলি টেঁটু ফালিব ধৰিলে৷ মোৰ বিবেককো যেন ক’লা মেঘে ঢাকি ৰাখিলে৷ আইন অনুসৰি কোনো জগৰীয়াক থানালৈ আনিলে ব্যক্তিগত জামিন বা কাৰোবাৰ জামানতত এৰি দিব পৰা যায়৷ তেওঁলোকে হেনো জামিনেই নলয়, ব্যক্তিগত জামিনৰ প্ৰশ্নই নুঠে৷ তেওঁলোকেও নিনিয়ে, ময়ো বিনা জামিনত এৰি দিব নোৱাৰা স্থিতি আহি পৰিল৷ মৌলবীক যেনেতেনে মোকোলাই নিদিলে জনসমুদ্ৰই থানা ঘেৰাও কৰাৰ আশংকা বাস্তবায়িত হোৱাৰ উপক্ৰম হ’ল৷ এনে পৰিস্থিতিয়ে মোক বিপাঙত পেলালে৷ এনে পৰিস্থিতিত বিবেকেও কাম নকৰে৷ ধৈয্যৰ্ও নোহোৱা হয়৷ তথাপি এনে অৱস্থাত ধৈয্যৰ্ই একমাত্ৰ সাৰথি৷ দৈব্যক্ৰমে মা সৰস্বতীয়ে মোৰ জিভাতে থিতাপি ল’লে হ’বলা কাঁচক হীৰাইহে কাটে বুলি জানি ময়ো আলী বাবু, আলী বাবু বুলি উচ্ছস্বৰে মাতিলোঁ৷ আলীও তৎক্ষণাৎ উপস্থিত হ’ল৷ থানাৰ গাড়ীতে মৌলবীক ঘৰত থৈ আহিবলৈ তেওঁক নিৰ্দেশ দিলোঁ৷ বিনা দোষত গ্ৰেপ্তাৰ কৰাক লৈ ন্যায়ৰ দোহাই দি ৰাইজ উত্তেজিত হৈছে৷ মৌলবীক উঠাই নিয়া গাড়ীৰ পিছে পিছে যোৱা প্ৰতিবাদকাৰীৰ সমদল পিচ হুঁহকি গ’ল৷ পৰিস্থিতি শাম কাটিল৷ পিছলৈ বাৰু দেখা যাওঁক বুলি স্বস্তিৰ নিশ্বাস পেলালোঁ৷ সময় তেতিয়া মাজ ৰাতি ১২ টা বাজিছে৷ নিদ্ৰাদেৱীৰ কোলাৰ উম পাইছিলোহে বাহিৰত চাৰ চাৰকৈ আতংকিত মাতেৰে কোনোবাই চিঞঁৰিছে৷ দুৱাৰ খুলি দেখোঁ- আমাক গাখীৰদিয়া ‘ঝা’ উপাধিধাৰী, শৰীৰত কেঁচা তপত তেজৰ ধাৰা বোৱাই কঁপি কঁপি থিয় হৈ আছে৷ ওচৰত গৈ দেখোঁ-চোকা অস্ত্ৰৰ আঘাত৷ আক্ৰমণ কোনে কৰিছে বুলি সোধাৰ লগে লগে ভয়ে-ভয়ে কান্দি ক’লে-‘চাৰ কেইজনমান ইছলাম সম্প্ৰদায়ৰ মানুহে হাতে-হাতে দা-যাঠী, বল্লম, কুঠাৰ লৈ আমাৰ ঘৰত জুই লগাবলৈ উদ্যত হোৱা দেখি মই পলাবলৈ ধৰোঁতে মোৰ ওপৰত আক্ৰমণ কৰিলে৷ কোনোমতে প্ৰাণ বচাই ইয়ালৈ আহিছোঁ৷ ‘ঘৰত এতিয়ালৈ কোনো সাৰি নগ’ল চাগৈ চাৰ’ বুলি কৈ বাৰাণ্ডাতে তেওঁ ঢলি পৰিল৷ পলম নকৰাকৈ তেওঁক চিকিৎসালয়লৈ পঠিয়ালোঁ৷ নিজে ‘ঝা’ৰ হৈ এজাহাৰ লিপিবদ্ধ কৰি থানাৰ গাড়ীত এদল চিপাহী লৈ ঘটনাস্থলীলৈ ৰাওনা হ’লোঁ৷ ঘটনাস্থলী থানাৰ পৰা প্ৰায় চাৰি কিঃ মিঃ নিলগৰ পথাৰৰ মাজৰ নিৰ্জন ঠাইত অৱস্থিত৷ গাড়ীৰ পৰা নামি খোজকাঢ়ি আগবাঢ়িলোঁ৷ জুইৰ শিখা আৰু উদ্ধৰ্মুখী ধোঁৱা অনুসৰণ কৰি ওচৰ পোৱা মাত্ৰকে পোৰা মঙহৰ গোন্ধ পাওঁ৷ গোহালিত বন্ধা নিৰ্জু গৰু জুইত জ্বলি শেষ৷ কিছু দূৰৈত ‘ঝা’ ৰ মাক, দেউতাক আৰু ভায়েকৰ ক্ষত-বিক্ষত দেহা সংজ্ঞাহীন হৈ পৰি আছে৷ খণ্ড-বিখণ্ড দেহাৰে জুইত জ্বলি থকা নৰমাংস পিণ্ডটো সম্ভৱ আমাৰ গাখীৰৱালাৰ কনিষ্ঠ পুত্ৰৰ৷ বয়স প্ৰায় ১১ বছৰ৷ আঘাতপ্ৰাপ্তবোৰক ততাতৈয়াকৈ গাড়ীত তুলি চিকিৎসালয়লৈ লৈ আহিলোঁ৷ চৰকাৰী চিকিৎসালয় বন্ধ দেখি খঙে চুলিৰ আগ পালেগৈ৷ চকীদাৰক লৈ ডাক্তৰক মাতি আনিবলৈ তেওঁৰ বাসভৱনলৈ গৈ বাহিৰৰ পৰা কেবা বাৰো মাতিলোঁ৷ ডাক্তৰৰ কোনো সাৰ-সুৰ নাই৷ খঙত অগ্নিশৰ্মা হৈ দুৱাৰত জোৰেৰে গোৰ মাৰিলোঁ৷ দুৱাৰখন মেল খালে৷ চৰকাৰী আবাস, ঠিকাদাৰে কমিচন খাই সজা ঘৰ৷ শুই থকা চিকিৎসকক চুলিত ধৰি থানালৈ লৈ আহিলোঁ৷ মোৰ ক্ৰোধাগ্নি দেখি চিকিৎসক হতভম্ব৷ ওঁঠযুগল যেন টেপ মৰা৷ নহ’বনো কিয়, এনে জৰুৰীকালীন অৱস্থাত কৰ্তব্যৰ প্ৰতি গাফিলতি কৰি ঘৰত পেট পেলাই সপোনপুৰীত মস্ত৷ পিছলৈ আহতসকলক প্ৰাথমিক চিকিৎসা প্ৰদান কৰি শিলচৰ মেডিকেললৈ পঠিয়ালোঁ৷ The Indian Evidence Act ৩২অনুসৰি কোনো ব্যক্তিয়ে মৃত্যু-শয্যাৰ পৰা চিকিৎসকৰ আগত কোৱা বিৱৰণ সত্য বুলি ধৰা হয় বুলি জানি থানাৰ উপ-পৰিদৰ্শকক ডাক্তৰৰপৰা ভাষ্য লবৰ বাবে প্ৰতিবেদন লিখি দি পুলিচৰ ভেনত আহতসকলক উঠাই উন্নত চিকিৎসাৰ বাবে মেডিকেললৈ পঠিয়াই নিজে খোজকাঢ়ি থানা আহি পাওঁতে সময় তেতিয়া পুৱা ৬ বাজিছে৷ থানাৰ পৰাই উপপৰিদৰ্শকক ঘটনাস্থলীলৈ গৈ পোৰা মঙহ টুকুৰা আনি ফৰেন্চিক ৰিপোৰ্টৰ বাবে প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিলোঁ৷ থানাৰ পহৰাদাৰে এজাপ এজাহাৰ আনি টেবুলত থলে৷ হিচাব কৰিলোঁ, সেইদিনা মন্দিৰ, মছজিদ তথা দুয়ো সম্প্ৰদায়ৰ ঘৰ-বাৰী জ্বলাৰ বাবদ ৩০ খন এজাহাৰ আছিল৷ ক’লৈ যাওঁ, কি কৰোঁ, সৰ্বদিশে ধোঁৱা-কোঁৱা দেখিলোঁ৷ যেন দুয়ো পক্ষৰ এজাহাৰকাৰীৰ প্ৰতিযোগিতাহে৷ গোষ্ঠী সংঘৰ্ষৰ ৰূপ লোৱা কায্যৰ্ক ৰোধ কৰিবলৈ ক’ৰ পৰা আৰম্ভ কৰোঁ ভাবি তত নোপোৱা হ’লোঁ৷ থানাত কৰ্মচাৰীৰ সংখ্যা সীমিত৷ মোকৰ্দমা লিপিবদ্ধ কৰি তদন্তৰ বাবে গাইপতি ৫-৬ খনকৈ এজাহাৰ বাচিবলৈ বাধ্য হ’লোঁ৷ দিনৰ ১০-৩০ টাৰ পৰা থানা এলেকাত অনিদ্দিৰ্ষ্ট কালৰ বাবে সান্ধ্য আইন ঘোষণা হ’ল৷ স্কুল-কলেজ, হাট-বজাৰ, দোকান, কায্যাৰ্লয়, কাছাৰী অনিদ্দিৰ্ষ্ট কালৰ বাবে বন্ধ হ’ল৷ মন্দিৰ, মছজিদৰ সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ল৷ চৌবিশ ঘণ্টাই পেট্ৰ’লিং৷ কৰ্তব্যৰ বাবে চিপাহী-অফিচাৰক য’লৈকে পঠোৱা হয়, তাতেই স্থায়ী হৈ ৰয়৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মস্কিল৷ ডি. আই. জি. পিৰ ওচৰত ফোৰ্চ বিচাৰি কৰা আবেদনো অসাৰ হ’ল৷ আমাৰ পানীত হাঁহ নচৰা অৱস্থা৷ এনেদৰে ন দিন ন ৰাতি থানা চৌহদত টাকুৰী ঘূৰাদি ঘূৰিয়েই আছোঁ৷ ওপৰৱালা বিষয়া আহি নিৰ্দেশৰ ফৰমান জাৰি কৰে৷ প্ৰতিদিনেই একেই নিৰ্দেশ, কেচেটৰ চকৰীৰ দৰে৷ দিনে-ৰাতিয়ে পহৰা, পেট্ৰ’লিং৷ শোৱন-খাৱন দেহাই পাহৰি গ’ল৷ অভিযোগকাৰীৰ এজাহাৰ গ্ৰহণ, অভিযুক্তক গ্ৰেপ্তাৰ কৰি ওৰে ৰাতি সোধ-পোচ৷ দুয়ো সম্প্ৰদায়ৰ বিকৃত মনৰ মূধাফুটা দাদাহঁতৰ অনুসন্ধান, গ্ৰেপ্তাৰ, গালি-গালাজ ভৎৰ্সনা,দাবী-হুমকি আওকাণ কৰি এশ এবুৰি সমস্যাৰ মাজত মৰি-হজি হ’লেও জীয়াই থাকিবই লাগিব৷ গোষ্ঠীগত সংঘৰ্ষৰ জুইকুৰাই জিলা অতিক্ৰমি ৰাজ্যলৈ সম্প্ৰসাৰণ হৈছে৷ এনেতে গভীৰ সাগৰত জাল মাৰি আন্ধাৰে-মুন্ধাৰে খেপিয়াই ফুৰিবই লাগিব৷ তাতে উলুৰ লগতে বগৰী পোৰাৰ ভয়৷ প্ৰতিপক্ষই প্ৰতিপক্ষৰ অভিযোগ দি জুইত ঘিঁউ ঢালিছে৷ এজাহাৰবোৰ চালনীৰে চালি সাক্ষী নামৰ মলখু বাচি ল’বই লাগিব৷ সাক্ষী, তদন্ত নামৰ বিষয়বোৰৰ প্ৰতি আমনি লগা হ’ল৷ চাওঁতে চাওঁতে দিনবোৰ সৰাপাত সৰাদি উৰি যাবলৈ ধৰিছে৷ বিচনাৰ লগত সম্পৰ্ক ছেদ হৈ গৈছে৷ সমস্যাৰ ওৰ নপৰা ফলত আৰু অত্যধিক পৰিশ্ৰমৰ ফলত চিনাকি মানুহবিলাককো চিনি নোপোৱাৰ দৰে অনুভৱ হ’বলৈ ধৰিছে৷ খাকী পোচাকবোৰ চিন্তা, কষ্ট তথা বদনামৰ প্ৰতীক বুলি ভাবি নিজকে ঘৃণা উপজিবলৈ ধৰিলে৷ আকৌ ভাবোঁ-এই পোচাকযোৰেই মোৰ লগতে পৰিয়ালৰ অন্ন-বস্ত্ৰৰ যোগানধাৰী যেতিয়া নিষ্ঠাৰে কৰ্তব্য পালন কৰাই মোৰ ধৰ্ম৷ চৰকাৰী নিমখে ওঁঠযুৰি আঠা লগোৱাৰ বাবে কাৰো আগত মনস্তাপ বিবৰিবও নোৱাৰোঁ৷ এনে পৰস্পৰ বিৰোধী ভাৱনাই দোলা মাৰি মন ভৰি পৰে৷ হলৌ-জপৌ পেণ্টত বেল্টৰ ঘাট মাৰি মাৰি ঘৰৰ সতেজ শাক-পাচলি, খাটি গাখীৰ, পুখুৰীৰ সজীৱ মাছলৈ মনত পেলাই জিভাৰ পানী ৰখাব নোৱাৰিলোঁ৷ শিলচৰ মেডিকেলৰ পৰা উপপৰিদৰ্শক আহি ‘চাৰ’ বুলি কোৱাত দিবা স্বপ্ন ভাঙি কাল্পনিক জগতৰপৰা বাস্তৱ জগতলৈ উচপ খাই উঠি আহতসকলৰ খবৰ ল’লোঁ৷ ডাক্তৰে দিয়া আহতৰ ভাষ্যৰ প্ৰতিলিপি মোক চম্জাই দি ঠিকেই আছে বুলি উত্তৰ দিলে৷ লিখিত ভাষ্য চালোঁ৷ টুকুৰা-টুকুৰ কৰি জুইত দিয়া মাংসপিণ্ডটো আমাক সদায় গাখীৰ দিয়া ল’ৰা কমলৰ আছিল৷ মোৰ সমস্ত শৰীৰ দুখ-বেদনা, গ্লানিত কঁপিবলৈ ধৰিলে৷ ল’ৰাটোৰ মৰমলগা চেহেৰা, মাত-কথা, খোজ-কাটল মোৰ চকুৰ আগত চিনেমাৰ ৰীল ঘূৰাদি ঘূৰিবলৈ ধৰিলে৷ কমলৰ মাক-দেউতাকৰ ভাষ্যৰ প্ৰতিলিপিত চকু পৰিল, তাক কাটিবলৈ খেদি অহা মানুহজন তাৰেই শিক্ষাগুৰু আছিল৷ ‘ছাৰ মই আপোনাৰেই ছাত্ৰ, মোক নামাৰিব’ বুলি প্ৰাণভিক্ষা খোজোঁতে, গৰু কটা দীঘল দাৰে শিৰচ্ছেদ কৰি টুকুৰা-টুকুৰকৈ জুইত দিয়ে’ বুলি দেউতাকৰ প্ৰতিবেদনৰ ভাষ্য পঢ়িলোঁ৷ বুকুত শোকে খুন্দা মাৰি মোৰেই ডিঙি শুকাই গ’ল৷ হায় ৰে মানৱতা! ধৰ্মৰ মহানতা! গুৰুৰূপী ভণ্ডৰ গুৰুদক্ষিণা৷ ইফালে মুনচিৰ আলি, হিকমৎ আলি, মোবাৰক আলি, কেৰামত আলি, চফিকুল আলি, শকুৰ আলি, মনোহৰ আলি আদিয়ে ঘৰৰ আচবাব, কাপোৰ-কানি, য’ত যি পায় গোহালিৰ গৰু, গঁৰালৰ হাঁহ-পাৰ, ছাগলী আদিৰ ওপৰত জাপি দি জুই লগাই নিঃশেষ কৰিলে৷ ওপৰোক্ত অপৰাধীবোৰক ইতিমধ্যে বিভিন্ন ধাৰাত গ্ৰেপ্তাৰ কৰি জেল হাজোতত ভৰাই দিয়া হৈছিল৷ ঘটনাৰ দিনাই কাকো দোষী সাব্যস্ত নকৰাকৈ গোৱালৰ হৈ এজাহাৰ দিছিলোঁ৷ আৰক্ষী চকী বিষয়াৰ দায়িত্ব ও কৰ্তব্যৰ খাতিৰত এজাহাৰখন ৰেজিষ্টাৰ্ড কৰি পঠিয়ালোঁ৷ সেইদিনাই হাতে-হাতে মানুহ কাটিব পৰা হাতিয়াৰ লৈ গোৱালৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি গৃহস্থক অস্ত্ৰাঘাতেৰে হত্যা কৰি প্ৰমাণ মোচনৰ বাবে জুইত দিয়া, ঘৰ, গোহালি, গঁৰাল জ্বলাই নিৰপৰাধী প্ৰাণীক জীৱন্তে জুইত দি হত্যা কৰা, পৰিয়ালৰ তিনিজন সদস্যক চোকা অস্ত্ৰেৰে হানি-খুচি মৃতপ্ৰায় কৰা, ভিন্ন সম্প্ৰদায়ক ঘৃণাৰ চকুৰে চোৱা, হিংসাৰ জুই বিয়পোৱা, শক্ৰতাক উদগনি যোগোৱা অপৰাধী আলী ভাতৃবোৰক ভাৰতীয় দণ্ডবিধি ধাৰাৰ ১৪৭/১৪৮/ ১৪৯/ ৪২৯/ ৪৩৫/ ৪৩৬/ ৪৪৭/ ৩২৬/ ৩০২/১৫৩ [ক] ২০১ দোষৰ সাক্ষী প্ৰমাণ পাই গোৱালৰ হৈ দিয়া এজাহাৰত ওপৰোক্ত ধাৰা সংলগ্ন কৰি মহামান্য আদালতত প্ৰাৰ্থনা পত্ৰ প্ৰেৰণ কৰিলোঁ৷ দোষীক সেইবোৰ ধাৰাতে গ্ৰেপ্তাৰ কৰা বুলি দেখুৱাবলৈ লিখিত প্ৰতিবেদন দাখিল কৰিলোঁ৷ লগতে আহত পৰিয়ালৰ জবানবন্দী সংগ্ৰহ কৰি গ্ৰেপ্তাৰ কৰা লোকবোৰেই আক্ৰমণকাৰী হয় বুলি প্ৰমাণ সহকাৰে স্পষ্ট কৰি দিয়া হৈছে৷মৃতক কমল ঝাৰ ফৰেন্চিক ৰিপ’ৰ্ট মতে জুইত জাহ যোৱামঙহবোৰ মানুহৰেই মঙহ বুলি প্ৰমাণিত হ’ল৷ সেই ঘৃণনীয় অপৰাধৰ বিৰুদ্ধে পয্যাৰ্প্ত সাক্ষী সংগ্ৰহ কৰি উচিত বিচাৰৰ বাবে আদালতত ন্যায্য প্ৰাপ্তিৰ আবেদন দাখিল কৰিলোঁ৷ আজিও সেই জঘন্য হূদয় বিদাৰক দৃশ্যই নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য কৰায় যে-‘জাতীয় প্ৰেমৰ এনাজৰীতকৈ গুৰু-শিষ্যৰ, অভিভাৱক-সন্তানৰ, প্ৰতিৱেশী ভাই-বন্ধুৰ লেখীয়া সম্বন্ধৰ সূতাডাল দুৰ্বল নেকি?
______________
ভাৰতীয় দণ্ডবিধি আইন
১৪৩ : সন্ত্ৰাস বিয়পোৱা দণ্ড৷
১৪৮ : হত্যা কৰিব পৰা অস্ত্ৰ লৈ সন্ত্ৰাস বিয়পাবলৈ সাজু হোৱা৷
১৪৯ : বেআইনীভাৱে একত্ৰিত হৈ সংঘৰ্ষৰ প্ৰয়াস কৰা৷
৪২৯ : গো-হত্যা অথবা আঘাত কৰা, যাৰ মূল্য হওক কমেও ৫০টকা৷
৪৩৫ : ১০০ টকাতকৈ বেছি মূল্যৰ বস্তু বিস্ফোট তথা জ্বলাই নষ্ট কৰা৷
৪৩৬ : জুই লগাই ঘৰ জ্বলোৱা–৩০২ হত্যাৰ দণ্ড৷
৪৪৭ : অনধিকাৰ প্ৰৱেশৰ দণ্ড–২০১, প্ৰমাণ নষ্ট কৰাৰ দণ্ড৷
৩২৬ : ইচ্ছাকৃতভাৱে ডাঙৰ অস্ত্ৰেৰে আঘাত কৰাৰ দণ্ড৷
১৫৩ [ক]: ধৰ্ম, বৰ্ণ, জাতিৰ ভিত্তিত শত্ৰুতা বিয়পোৱা আৰু শান্তি-সম্প্ৰীতিৰ বিৰুদ্ধে কাম কৰা৷
____________________________
Post a Comment