Blog

ন সূৰুযৰ সন্ধানত

Blog Image

ন সূৰুযৰ সন্ধানত

 

প্ৰণিতা চহৰীয়া

প্ৰবক্তা,অসমীয়া বিভাগ

ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়

ঢেকিয়াজুলি, শোণিতপুৰ অসম

 

শৈশৱ

মনে বিচাৰে আজি মোৰ

হেৰুওৱা শৈশৱৰ দিনবোৰ

ত এৰি আহিলোঁ মই

প্ৰাণ খোলা হাঁহিবোৰ

আকৌ ঘূৰাই পাব বিচাৰো

শান্তিৰ টোপনিৰ আঁচলখনি

কোনে কাঢি. নিলে আশাবোৰ

উজ্জ্বল পথৰ মাজতে

নিঃসংকোচে কোৱা মোৰ ভাষাবোৰ

হেৰাই গল কেনেকৈ

ব নোৱাৰো কিয় আজি

সংকোচ ভাব হয়

কিবা যেন লুকুৱাই ৰাখিছোঁ

মৌন মোৰ মনোভাব

কিয় কাঢি. নিলা আপোনসকলক

মোৰ শৈশৱৰ মৰমবোৰ

আজিও লৰালি ধেমালি নাতৰিলেহেঁতেন

তেওঁলোকৰ আলসুৱা মৰমত

অকাল বৃদ্ধ হৈ গলোঁ

অভিমানবোৰো লোপ পালে

কাৰ সন্মুখত সাদৰ দেখুৱাম

সকলো শূন্য হৈ গ

মাত্ৰ বুকু ভৰি ৰ

মৰমীয়াল মুখৰ প্ৰতিচ্চবি দুখন৷

------------------

অশ্ৰু

নিশাৰ কুলু কুলু ধ্বনিৰে বোৱা

বোৱতী নদীৰ

তপত অশ্ৰুধাৰা

যেন তিনিজনী বাই-ভনীৰে চকুলো

সন্ধ্যা, ললিতা

আৰু কান্তাৰ

দিনত তীৰ্থযাত্ৰীৰ অহৰহ আগমন

নিশা মাথোন

ঝিলিৰ মাত

কুলু কুলু নদীৰ ধ্বনিৰ বাঁহীৰে

নিস্তব্ধতা, নীৰৱতাৰে

বিৰাজমান৷

নিশাৰ নিস্তব্ধতা কিহৰ বাবে বাৰু ?

আৰু, চকুলো সৰে

কিহৰ বেদনাত ?

হয়তো কাৰোবালৈ মনত পৰে

কিন্তু কাৰ

গভীৰ আবেদনলৈ

অশ্ৰুধাৰা টোপাটোপে সৰে

মনত পৰিবলৈওতো

কোনো নাই

কোনোবা অদূৰত থকা বন্ধু-বান্ধৱী

ওহো, নহয় !

কোনোটো নাই তেনেকুৱা

মা-দেউতাৰ বাবে নেকি বাৰু ?

সেয়াওতো

নহয় যেন লাগে

তেনেহলে তপত অশ্ৰু কিহৰ ?

আবেগ-বিহ্বল

ভাব-প্ৰৱণতা কিহৰ?

ইমান জৰাজীৰ্ণ অৱস্থাৰ সন্মুখীন

কেনেকৈ হ

বাৰু?

স্মৃতিশক্তিয়ে ঢুকি নাপায়

উচ্ছ পবৰ্তশৃঙ্গৰ

সাঁথৰ৷

--------------

ৰিক্ত হৃদয়

অতীতক সুঁৱৰি

মোৰ ৰিক্ত হৃদয়খনিয়ে

হাঁহাকাৰ কৰি উঠে

প্ৰতিটো কঠিন বাস্তৱত

দুগালে দুধাৰি অশ্ৰুৰ বন্যা বোৱাই

সেউজী পাতৰ কোঁহ বিচাৰি

বাউলি হৈ পৰিছোঁ

শুধ বগা

এপাহ ফুল যদি

থাকিলেহেঁতেন মোৰ সৰু হৃদয়ত

চিৰ প্ৰশান্তিৰ প্ৰতীক হ’লোহেঁতেন

সৰু সৰু সূতা গাঁঠি

ঢুকি পোৱাৰ কঠিন প্ৰয়াস

আজি শুকান বালিৰ মহাশূন্যত

লেখি লেখি মলচি গ’ল

সন্ধিয়াৰ জোনাকীবোৰ

সেয়াই চিৰন্তন লগৰী হ’ল

যৌৱনৰ পদূলিত খোজ পেলাওতেই

ৰচিছিলো কতযে ৰঙীন সপোন

মনসাগৰৰ ভাব দেউলত

স্মৃতিৰ জুহালত উমাই থৈ

তেজী গোলাপৰ সপোনবোৰ

তৰাৰ আখৰেৰে লিখিলোঁ

দূবৰিৰ দলিচাত৷

------------

সপোন

এছাটি মলয়া বতাহে

হিয়া চুই গৈছিল

এটি কোমল সন্ধিয়াত

সপোন দেখিছিলোঁ মই

কোনোবা অলীক স্বৰ্গৰ

এক উদ্যানৰ অপ্সৰা

জোনটিৰ ক্ষীণ পোহৰত

মই আৰু মোৰ আৱেগ

বহিছিলোঁ ঘূৰণীয়া দলিচাত

চাৰি চকুৰ ভাষাৰে

অপলক নেত্ৰেৰে চাইছিলোঁ

মিলনৰ বহল সাগৰক

পৃথিৱীখন ৰঙীন দেখাইছিল

এটি বহল মুহূৰ্তৰ বাবে

কুঁৱলীবোৰ লাগিছিল মুকুতা

গভীৰৰ পৰা গভীৰতালৈ

মৰমৰ শীৰ্ষবিন্দুত

থিয় দি ক্ষন্তেক জিৰালোঁ

মনৰ দুৱাৰ মেলি

বহুৱালো কলিজাৰ আসনত

সলজ্জ হাঁহিৰে নয়ন তিয়াই

হঠাৎ পোহৰ পৰিল

পুৱাৰ বেলিটিয়ে কলে

বাস্তৱ নহয় সেয়া

অলীক কল্পনা তোমাৰ৷

--------------------------

তোমালোক সু‍ঁৱৰি

মোৰ কবিতাৰ ভাষা

অনৰ্গল বৈ পৰা শব্দৰ পুথিভঁৰাল

নিদ্ৰাদেৱীৰ কোলাত থকা ভৱিষ্যত

সপ্তসুৰী বাঁহীৰ ৰিণিকি শুনা সুৰ

নৱযৌৱনৰ প্ৰভাতী পখিলাটি

আহিবা হয়তো নতুন বতৰা লৈ

দেও দি দি উৰি উৰি

ফুলৰ মৌ চুমি নৱজীৱন বিচাৰি

ৰখি আছোঁ নিৰ্জন দ্বীপত

আশাৰ মৃদু সঁফুৰা বিচাৰি

মই আজি ডেউকা ভগা পখী

কুহেলিকাৰ আঁৰে আঁৰে ফুৰিছোঁ

ভৱিষ্যতৰ সোণোৱালী সপোনবোৰ

মোহাৰি পেলাবলৈ দি অজ্ঞাত জীৱনক

প্ৰতিটো উজ্জ্বল পুৱাৰ পোহৰে

কঢি.য়াই আনে মোৰ বাবে নিৰাশা

সকলো শেষ হৈ গ

ব নোৱাৰো কিহৰ আশাত জীয়াই আছোঁ

ভয় লাগে মোৰ মৃত্যুলৈ

জীয়াই থাকিব বিচাৰো মই ক্ষুদ্ৰ জীৱ হলেও

যদিও মই মদাৰৰ সমতুল্য

যদিও মোৰ এই পৃথিৱীত মৰমৰ আসনখন নাই

আজি মই ভাগৰি পৰিছোঁ

কৰ্কশ ভাষাবোৰে মোক বৰকৈ আমনি কৰিছে

আপোনবোৰ আজি পৰ হ

মোৰ উপস্থিতি যেন আজি বিতৃষ্ণাদায়ক

মই হেৰাই গলো

গভীৰ সোঁৱৰণীৰ গৰ্ভত

কোনেও বুজি নেপালে মোক

চোৱা মোক মোৰ হিয়াৰ প্ৰতিচ্চবি দুখন

তোমালোকৰ মৰমৰ ধন আজি ক ?

____________________

 


Share this post
Comments

Please login or register to comment.

No comments yet.

Facebook Comments