শৈশৱ
( অসম সাহিত্য সভাৰ, ঢেকিয়াজুলি শাখাৰ সাহিত্য সভাৰ সৌজন্যত)
প্ৰণিতা চহৰীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়, ঢেকিয়াজুলি, শোণিতপুৰ, অসম।
মনে বিচাৰে আজি মোৰ
হেৰুওৱা শৈশৱৰ দিনবোৰ
কত এৰি আহিলোঁ মই
প্ৰাণ খোলা হাঁহিবোৰ
আকৌ ঘূৰাই পাব বিচাৰো
শান্তিৰ টোপনিৰ আঁচলখনি
কোনে কাঢি নিলে আশাবোৰ
উজ্জ্বল পথৰ মাজতে
নিঃসংকোচে কোৱা মোৰ ভাষাবোৰ
হেৰাই গল কেনেকৈ
কব নোৱাৰো কিয় আজি
সংকোচ ভাব হয়
কিবা যেন লুকুৱাই ৰাখিছোঁ
মৌন মোৰ মনোভাব
কিয় কাঢি নিলা আপোনসকলক
মোৰ শৈশৱৰ মৰমবোৰ
আজিও লৰালি ধেমালি নাতৰিলেহেঁতেন
তেওঁলোকৰ আলসুৱা মৰমত
অকাল বৃদ্ধ হৈ গলোঁ
অভিমানবোৰো লোপ পালে
কাৰ সন্মুখত সাদৰ দেখুৱাম
সকলো শূন্য হৈ গল
মাত্ৰ বুকু ভৰি ৰল
মৰমীয়াল মুখৰ প্ৰতিচ্চবি দুখন৷
_____________