Blog

“আৰু দুদিনমান থাকিবলৈ পোৱা হ'লে......”

Blog Image

 এজন অৱসৰী শিক্ষকৰ মনৰ কথা :

“আৰু দুদিনমান থাকিবলৈ পোৱা হ'লে......”

 

আৰু দুদিনমান থাকিবলৈ পোৱা হ'লে.......

নাই, নহ'ব

এয়া সময়ৰ আহ্বান

কেনে সময় ?

যি সময়ৰ বুকুত দৃষ্টি হয়

কাৰোবাৰ হা-হুমুনিয়া, বিষাদ-বেদনা

আৰু জীৱনৰ কৰুণ গাথা ।

সেই আহ্বানক স্বীকাৰ কৰিছোঁ

হৃদয়ৰ দুৱাৰত খুন্দিয়াই থকা

সময়ে নিক্ষেপ কৰা দুখৰ শিলাবোৰৰ

আঘাতত  ক্ষত-বিক্ষত হৈ I

সময়ে কাণৰ কাষত ফুচফুচাই ক'লে

মোৰ হেনো বয়স হ'ল।

তথাপি কেইদিনমান থাকিবলৈ

বৰ মন যায় অʼ__

সিহঁতক চাবলৈ মোৰ দুর্বাৰ হেঁপাহ

দুখুনী মাকৰ দুচকুৰ স্বপ্নক

সাকাৰ ৰূপ দিবলৈ অহা সিহঁতৰ

মৰমলগা মুখ কেইখন।

বুজা-নুবুজাৰ দোমোজাত

শ্ৰেণী কোঠাৰ এচুকত বহি

শিক্ষকলৈ চাই থকা সিহঁতৰ

ভয়াৰ্ত চাৱনি

আৰু

শ্ৰেণীত কৰিবলৈ দিয়া প্ৰশ্ন বোৰ

দুৰ্বোধ্য যেন ভাবি

বাহিৰলৈ যোৱাৰ ভাও ধৰি

শিক্ষকৰ অনুমতিৰ বাবে

এখোজ এখোজকৈ আগবাঢ়ি অহা

সিহঁতৰ দুষ্টালিবোৰ চাবলৈ

সিহঁতৰ কোৰ্হালবোৰ কেতিয়াবা অসহনীয় হয়,

তথাপি

পৰিভ্ৰমী পক্ষীৰ কলৰোল বুলি ভাবি

শান্ত হ‌ওঁ তেতিয়া

যেতিয়া ম‌ই নিজকে সিহঁতৰ ঠাইত

আবিষ্কাৰ কৰোঁ।

সেইবোৰ চাবলৈকে

আৰু দুদিনমান থাকিব পৰা হ'লে।

জানো মই নোৱাৰিম

তথাপিও কেইদিনমান থাকিবলৈ

বৰ মন যায় অʼ

শিক্ষকৰ জিৰণি কোঠাত বহি

পাঠৰ প্ৰশ্নবোৰৰ সমিধান বিচাৰি

ইজনে সিজনে আলোচনা কৰিবলৈ

ৰাজনীতি, সমাজনীতি, অৰ্থ নীতিৰ

নীতিজ্ঞান  ল'বলৈ।

নিবিড় সম্পৰ্ক ৰে গঢ়ি উঠা

পৰিয়ালটিক এৰি কোন সতে যাওঁ বাৰু

সেয়েহে ভাবিছোঁ

আৰু দুদিনমান থাকিব পৰা হ'লে।

___________________________


Share this post
Comments