Blog

বাল্যকাল, মই আৰু দেউতাৰ স্মৃতি

Blog Image

                                                      বাল্যকাল, মই আৰু দেউতাৰ স্মৃতি

                                                                              লীলা কান্ত তিমচিনা 

                                                        ডিব্ৰুগড়

        মই তেতিয়া সৰু।হয়তো তিনি বা চাৰি বছৰীয়া।কেইবাদিনৰ পৰা দেউতাৰ গা বেয়া।জ্বৰ উঠে।আৰু কিবাকিবি শাৰীৰিক অসুবিধা।মই বিশেষ বুজি নাপাওঁ।স্থানীয় চিকিৎসাই কাম নকৰাত তেজপুৰ মিছনেৰী হস্পিতালত লৈ গল।তাত এক্সৰে,এণ্ডস্কপি আদি কৰি ঠাৱৰ কৰিলে যে তেখেতৰ খাদ্য নলীৰ কেন্সাৰ হৈছে আৰু কেন্সাৰ হাওঁফাওঁ আদি অঞ্চল লৈ বিয়পি পৰাৰ সম্ভাৱনা আছে বোলে।

      1967/68 চনৰ কথা।মিছনেৰী হস্পিতালে দেউতাক পাঞ্জাৱৰ লুধিয়ানা লৈ ৰেফাৰ কৰিলে।দেউতাক লগত লৈ ৰেলেৰে আমাৰ মাজু খুৰা আৰু গাঁওৰ পুৰোহিত গোবিন্দ উপাধ্যায় লুধিয়ানা লৈ গল।ডাঙৰ দাদাই ৰঙিয়া লৈকে লগ দিলে।প্ৰায় এমাহ পাছত আমাৰ দেউতাক ঘৰলৈ আহিল।তেখেতৰ স্বাস্থ্য খুউব বেয়া।পেটত এটা নলী লগাই দিছে।সেই নলীৰে জুলীয়া খাদ্য খুৱাই।

      লুধিয়ানা ঊলৰ কাপোৰৰ বাবে বিখ্যাত।মোৰ কাৰণে ধুনীয়া চুয়েটাৰ আনি দিছে।আৰু সৰু এটা ঢোল আনি দিছে।দেউতাৰ গা বেয়া,মই নতুন চোলা পিন্ধি গোটেই গাঁও ঢোল বজাই ঘূৰি ফুৰিছোঁ।

     এদিন সেই বিশেষ দিনটো আহিল।দেউতাই শেষ নিশ্বাস ত্যাগ কৰিলে।মোৰ কোনো গম গতি নাই ।ঢোল বজাই ঘূৰি ফুৰিছোঁ।ঘৰত সোমাই দেখিছোঁ,মায়ে চুলি কাটি বগা সাজ পিন্ধি কান্দি আছে।মই একো ধৰিব পৰা নাই।আকৌ উমলিবলৈ গলোঁ।লক্ষ্য কৰিছোঁ যে ওচৰ চুবুৰীয়াই মোক খুউব মৰম কৰিছে।লাহে লাহে গম পালোঁ দেউতা আৰু ঘূৰি নহা ঠাইলৈ গল।

      আগত দেউতাই মোক কোঁচত লওঁতে মই দেউতাৰ গাৰ গোন্ধ চিনি পাইছিলোঁ।দেউতা মৰাৰ বহু দিনলৈকে মই দেউতাৰ আলনাত ৰখা কামিজ শুঙি থাকোঁ, আৰু সেই চিনাকি গন্ধ পাই থাকোঁ ।

                              ____________________________________________


Share this post
Comments

Please login or register to comment.

No comments yet.

Facebook Comments