হাইকু মালা : ১
বিমল কুমাৰ গজিৰেল
গলিয়া, বিশ্বনাথ চাৰিআলি, অসম ।
১)শীতৰ দিন
কোটৰ পকেটেই
গৰম বন্ধু ।
২)জুইৰ তাপ
পেটটো সেকিলও
পিঠিটো ঠাণ্ডা ।
৩)লেপৰ উম
খালী পেটৰ দ্ৰোহ
বিচনা এৰ ।
৪)কৰ্ম প্ৰেৰণা
মন্তব্যৰ মৰম
খোলা অন্তৰ ।
৫)সময় গতি
বোৱতী নদী জল
নাহে উভতি ।
৬)লৰালি কাল
আনন্দৰ নিজৰা
জীৱন ধাৰা ।
৭)অতীত কাল
মিঠা দিনবোৰৰ
স্মৰণ ভাল ।
৮)পুৰণি মিত্ৰ
স্মৃতিৰ জলঙাৰ
উৱলা চিত্ৰ ।
৯)মনৰ ঘৰ
আশাৰ খুটাবোৰ
লৌহ চানেকি ।
৯)মন মন্দিৰ
কোন তুমি গোসানী
প্ৰেমৰ দেৱী !
১০)স্মৃতিৰ পাত
এখিলা এখিলাকৈ
বাৰ্ধক্য গ্ৰাস ।
****
হাইকু মালা :২
১)সৈউজী মন
মনত লুকাভাকু
চেনাই ধন ।
২)মৰমজান
দুখীয়াৰ ঘৰত
অভাবী তলা ।
৩)জেকা মজিয়া
ঘৰৰ ছাল সজ্জা
তৰা লেখীয়া ।
৪)আশাৰ হাট
পুৰণা হিচাপেৰে
বুলিছে বাট ।
৫)কুলিৰ মাত
বসন্তৰ বা লাগি
গা পৰে শাত ।
৬)টুপটুপকৈ
নিয়ৰৰ টোপাল
পুৱাৰ স্বপ্ন ।
৭)চুলিৰ ৰং
আবেলিৰ পৰশ
শোতোৰা গাল ।
৮)তেজাল ঘোঁৰা
যৌৱনৰ চেকুৰ
জীৱন যুঁজ ।
৯)গোলাপ কলি
প্ৰেমৰ গলিয়েদি
কাৰ কাষলৈ !
১০)উৰুখা পজা
চেনেহৰ জৰীৰে
আটিকৈ বন্ধা ।
*****
হাইকু মালা : ৩
১)টুপ টুপীয়া
নিয়ৰ টোপালত
দুবৰি স্নান ।
২)সেউজী ধৰা
কৃষকৰ মনত
আনন্দ ভৰা ।
৩) জোনাকী মেল
সন্ধিয়া চোতালত
বিজুলী খেল ।
৪)পীত বৰণ
হালধীয়া ৰঙেৰে
মতলীয়া মৌ ।
৫)অলি পখিলী
ৰসৰ অণ্বেষণত
ফুলৰ পাহে ।
৬)লৰালি কাল
সোনোৱালী শৈশৱ
অমিয় সুখ ।
৭)পাপৰি ৰেণু
পৰিমল বেষ্টিত
ফুলৰ ৰাণী ।
৮) স্নেহৰ মোল
হৃদয়ৰ গৰাকী
গগনচুম্বী ।
৯)অপ্সৰা নৃত্য
বিহুত নশুৱায়
অন্যথা নাই ।
১০)হাই ৰে হাই
বৰপেটাৰ মঞ্চ
যৌৱন যায় ।
****
হাইকু মালা : ৪
১)মনৰ পখী
ডেউকাৰ বতাহে
জুৰুৱা মন ।
২)মাঘৰ মাহ
কুহুৰ কুহুৰকৈ
শুকান কাহ ।
৩)গেলা বৰালি
তাই যোৱা বাটত
মন গোন্ধায় ।
৪)কৃপণ মন
মৰমৰ মাজতো
বিচাৰে ধন ।
৫)হৰি স্মৰণ
সময়ৰ যাদুটো
অতি নিৰ্মম ।
৬)পৰম সুখ
অচিন মূলুকতো
চিনাকি মুখ ।
৭)অবোধ মন
চুপতিৰ মাজতে
সৰকে ধন ।
৮)আন্জাত গুণ
জালুক জলকীয়া
কিন্চিৎ লোন ।
৯)প্ৰেমৰ পক্ষী
জীৱনলৈ লগৰী
অগ্নিক সাক্ষী ।
১০)জীৱন যুঁজ
তিতা -কেহা মিঠাৰে
মিশ্ৰিত বুজ ।
****
Post a Comment