- অঞ্জন বাচকোটা
ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ পৰা নাওমান নিলগত থকা পাঁচমাইলৰ সাহিত্যসেৱী, কৰ্মঠ সংগঠক, সংবাদসেৱী চিৰাজ খান স্থানীয় অঞ্চলৰ এগৰাকী সকলোৰে পৰিচিত ব্যক্তি৷ অসমৰ প্ৰতিষ্ঠিত বাতৰি কাকত, আলোচনী আদিত তেখেতৰ লেখাসমূহ নিয়মিত ৰূপত প্ৰকাশ নাপালেও নিজৰ মনৰ ভিতৰত উদয় হোৱা ভাবনা, চিন্তা-চেতনাক সাহিত্যৰ বিভিন্ন উপাদান যেনে গল্প, কবিতা, প্ৰবন্ধ আদিৰ মাজেদি প্ৰকাশ কৰি আহিছে৷ এগৰাকী অৱসৰী ব্যক্তি যদিও দুৰন্ত তৰুণৰ দৰে সাহিত্য-সংগঠন, লিখা-মেলা, পুঁথি প্ৰকাশনৰ কামত নিজৰ গাঁঠিৰ ধন ভাঙি কাম কৰা লোক হ’ল চিৰাজ খান৷ তেখেতৰ লিখাসমূহ চিৰাচৰিত অথবা গতানুগতিক লেখাৰ পৰা অলপ পৃথক৷ পাঠক সমাজক নিত্য নতুন চিন্তাৰ খোৰাক দিবলৈ তেখেতৰ কলম সদায় উদ্গ্ৰীৱ হৈ থাকে৷ অনুসন্ধানমূলক লিখনি অথবা গৱেষণাধৰ্মী লিখনি থুপাই লৈ গ্ৰন্থাকাৰে আগ্ৰহী পাঠকলৈ বুলি সমৰ্পণ কৰি দিয়ে৷ বিশ্ব বিদ্যালয়ে প্ৰদান কৰা তেখেতৰ কোনো প্ৰমাণ পত্ৰ নাথাকিব পাৰে কিন্তু মনৰ জোখাৰে, পাঠকৰ প্ৰয়োজন পূৰাব পৰাকৈ ক্ষেত্ৰ অধ্যয়ন কৰি লেখনিসমূহ গোটাই পাঠকৰ হাতত তুলি দিবলৈ তেখেত সদায় প্ৰস্তুত হৈ থকা দেখিবলৈ পোৱা যায়৷ অসমৰ সাহিত্যৰ বৰ পথাৰলৈ চৰ চাপৰিৰ সাহিত্যিকসকলৰ অৱদান অতুলনীয়৷ চৰ-চাপৰিক সমল হিচাপে লৈ ইতিমধ্যে অনেকজনে সাহিত্য নিমাৰ্ণ কৰিছে৷ চিৰাজ খানৰ ‘চৰ-চাপৰিৰ হেৰাই যোৱা পৰম্পৰা’ এইটো দিশৰে এক নৱতম গ্ৰন্থ৷
অসমীয়া সাহিত্যৰ বৰ ভেঁটি নিমাৰ্ণত অসমৰ চৰ চাপৰি অঞ্চলৰ ভূমিকাৰ বিষয়ে আমি ইতিমধ্যে উল্লেখ কৰিছো৷ সাহিত্যৰ লগে লগে নদীপৰীয়া এই চৰ অঞ্চলসমূহে সেউজ বিপ্লবৰ জৰিয়তে দেশৰ অৰ্থনীতিকো টনকিয়াল কৰা দেখা যায়৷ চিৰাজ খানৰ ‘চৰ চাপৰিৰ হেৰাই যোৱা পৰম্পৰা’ শীৰ্ষক গ্ৰন্থত চৰ-চাপৰি অঞ্চলত অতীজৰে পৰা বসবাস কৰা গোৰ্খা জনগোষ্ঠী, ন-অসমীয়া মুছলমান খেতিয়ক সমাজৰ মাজত পুৰুষাণুক্ৰমে চলি অহা পৰম্পৰা যুগ পৰিৱৰ্তন অথবা বিশ্বায়নেই হওক অথবা বিজ্ঞানৰ চৰম অগ্ৰগতিৰ বাবেই কওক হেৰাই যাব ধৰিছে৷ পূৰ্বৰ এনে বহু পৰম্পৰা কালৰ বুকুত বিলীন হৈ গ’ল৷ এই ধাৰা অবিৰতভাবে অগ্ৰগামী হ’লে সমাগত দিনবোৰত আমি আমাৰ আপোন পৰিচয় তথা জাতীয় পৰিচয় হেৰুৱাব লাগিব বুলি লেখক শংকিত হোৱাৰ লগতে এই বিষয়ত আপোনাৰ দৰে সচেতন পাঠকৰো দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে৷
‘চৰ চাপৰিৰ পৰা হেৰাই যোৱা পৰম্পৰা’ সৰ্বমুঠ সাতটা প্ৰবন্ধৰ একত্ৰ সংকলন৷ এই সংকলনটোৰ প্ৰথমটো প্ৰবন্ধ হ’ল ‘গোৰ্খা সমাজত এভুমুকি’৷ আমি ইয়াত উল্লেখ কৰাটো নিষ্প্ৰয়োজন যে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত অতীজৰে পৰা বসবাস কৰা গোৰ্খাসকলৰ উপস্থিতি উত্তৰপূবাৰ্ঞ্চলৰ অন্যান্য ৰাজ্যৰ লগতে অসমত প্ৰাগঐতিহাসিক যুগৰ৷ অসমীয়া জাতিসত্ত্বাৰ ওচৰত জীন যোৱা গোৰ্খা সমাজৰ নামৰ উৎপত্তি, ভাষা-সাহিত্যৰ বিকাশ, ধৰ্ম-দৰ্শন, লোকজীৱন, লোকসাহিত্য, জীৱন প্ৰণালী আদি সকলো দিশ সামৰি লেখকে এক ইতিহাস সম্বলিত প্ৰবন্ধ যুগুত কৰিছে৷ দ্বিতীয়টো প্ৰবন্ধৰ শীৰ্ষক হ’ল ‘গোৰ্খালী মৌখিক সাহিত্যৰ ওখান’৷ নেপালী ভাষাৰ ‘ওখান’ শব্দৰ আভিধানিক অৰ্থ হ’ল ‘মুখ বাগৰি অহা প্ৰবাদ বাক্য’৷ শুনাত তেনেই সাধাৰণ বাক্য যেন লাগিলেও এই ‘ওখান’সমূহে গভীৰ অৰ্থ আৰু জীৱন যোৰা সাধনালব্ধ, অভিজ্ঞতাপুষ্ট নীতি-নিৰ্দেশনাৰ দৰে সাধাৰণ মানুহক জীৱনৰ সঠিক পথৰ সন্ধান দিয়ে৷ গোৰ্খা জনগোষ্ঠীৰ লোক সাহিত্যৰ অন্তৰ্গত ‘ওখান’সমূহ অসমীয়া লোক সাহিত্যৰ ফকৰা যোজনা অথবা জতুৱা ঠাঁচৰ দৰে৷ আমি জানো গোৰ্খা জনগোষ্ঠী হ’ল আৰ্য-অনাৰ্য, সৰু-বৰ অনেক জাতি-জনগোষ্ঠীৰ মহামিলনৰ ফলত গঠিত এক বৃহৎ জাতিসত্ত্বা৷ সেয়েহে সৰু-বৰ জাতি-জনগোষ্ঠী যেনে ৰাই, লিম্বু, মগৰ, তামাং, ছেৰ্পা, গুৰুং, ক্ষত্ৰিয়, ব্ৰাহ্মণ আদিৰ নিজ নিজ ওখান-তুক্কা আদি আছে৷ বৰ্তমান যুগত এইসমূহৰ প্ৰচলন প্ৰায় হেৰাই যাব ধৰিছে৷ লেখক খান দেৱে ক্ষেত্ৰ অধ্যয়নৰ জৰিয়তে বহুকেইটা ‘ওখান’ গোটাই লৈ অসমীয়া অৰ্থ সহিতে সাধাৰণ পাঠকৰ বোধগম্য হোৱাকৈ ব্যাখ্যা আগবঢ়াইছে৷ আমি এইখিনিতে উল্লেখ কৰিবই লাগিব যে গোৰ্খা জনগোষ্ঠীও চৰ-চাপৰিৰ এক জনগোষ্ঠী৷ লেখক নিজে এই জনগোষ্ঠীৰ প্ৰতিনিধি ন’হলেও গোৰ্খা জনগোষ্ঠীৰ পৰিচয় অন্য জাতি-জনগোষ্ঠীৰ সৈতে কৰাই দিব বিচৰা কাৰ্য কেৱল শলাগৰযোগ্যই নহয় অনুকৰণীয়ও৷ বৃহৎ অসমীয়া জাতিসত্ত্বা আজি এচাম স্বাথাৰ্ন্বেষী ব্যক্তিৰ বাবে সংকীৰ্ণতাৰ দিশে ধাবমান হৈ আছে৷ অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ অপূৰ্ব সংমিশ্ৰণত কালক্ৰমত গঢ় লৈ উঠা বৃহৎ অসমীয়া জাতীয়তা, জাতিসত্ত্বা কেৱল এচাম স্বাথাৰ্ন্বেষীৰ ন্যস্ত স্বাৰ্থ পুৰণৰ বাবেই থানবান হ’ব দিব নালাগে৷
আমি ইতিপূৰ্বে উল্লেখ কৰিছো যে অসমীয়া সাহিত্যৰ ভঁৰাললৈ চৰ-চাপৰিৰ সাহিত্যিকসকলৰ যোগদান অতুলনীয়৷ চৰ-চাপৰিৰ মৌখিক সাহিত্য, লোকবচন, লোকোক্তি আদিয়ে বহুসময়ত সাহিত্যিক ৰূপ পৰিগ্ৰহণ কৰা দেখা যায়৷ বিশ্বায়নৰ ভাল প্ৰভাৱৰ সমাহাৰত চহৰমূখী প্ৰৱণতা আৰু ইংৰাজী ভাষাৰ প্ৰতি ধাউতি চৰ-চাপৰিতো ক্ৰমে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে৷ এইসমূহ কাৰকে চৰ অঞ্চলত প্ৰচলিত লোক সাহিত্য, মৌখিক সাহিত্যত বিৰূপ প্ৰভাৱ পেলোৱা দেখা যায়৷ যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলো লোক সাহিত্যৰ প্ৰচলন, ব্যৱহাৰ তথা সংৰক্ষণ-সংবৰ্ধনৰ প্ৰতি মুঠেই আগ্ৰহী নহয় যাৰ বাবে চৰ অঞ্চলৰ লোকসাহিত্য আজি সংকটৰ গৰাহত৷ ‘চৰ-চাপৰিত প্ৰচলিত ফকৰা যোজনা’ শীৰ্ষক সংকলনটোৰ তৃতীয় প্ৰবন্ধত লেখক চিৰাজ খানে সমাজ জীৱনৰ দৈনন্দিন প্ৰচলনৰ পৰা প্ৰায় হেৰাই যাব ধৰা প্ৰায় কুৰিটা ফকৰা যোজনাৰ উল্লেখ কৰি অসমীয়া ভাঙনিসহ পাঠকৰ ওচৰত তুলি ধৰিছে৷ ইয়াৰে কেইটামান হ’ল ‘কুত্তাৰ লেংগুৰ চুঙাত ভৰলেও কি সিধা হয়না’, ‘জাইন্যা হাইনেৰ নাম, কৰে আলা-উদৰাম’, ‘যত কয় তত নয়, তাৰ মধ্যে কিছু কিছু হয়’ আদি৷
গ্ৰন্থখনৰ চতুৰ্থটো প্ৰবন্ধ হ’ল ‘ছুফী পৰম্পৰাত এভুমুকি’৷ ইয়াত লেখকে ছুফী পৰম্পৰাৰ উদ্ভৱ আৰু বিকাশৰ উল্লেখেৰে ভাৰতবৰ্ষ তথা আমাৰ সেউজী ৰাজ্য অসমত এই পৰম্পৰাৰ কিদৰে প্ৰৱেশ হ’ল তাৰ ঐতিহাসিক সাক্ষ্য প্ৰমাণসহ এক বিজ্ঞানসন্মত ব্যাখ্যা দাঙি ধৰিছে৷ গভীৰ জীৱনবোধ আৰু আধ্যাত্মিক চেতনাৰ শীৰ্ষতম উপলব্ধি হ’ল ছুফীবাদ৷ সমন্বয়ৰ প্ৰতীক হিচাপে ছুফীবাদে এমুঠিমান হৃদয়বান লোকৰ মাধ্যমেদি সমন্বয়ৰ সাঁকো নিমাৰ্ণৰ বাবে অষ্ট প্ৰহৰ কাম কৰি আছে৷ ‘চৰুৱা সাঁথৰৰ মাজত লুকাই থকা লোক কাহিনী’ আৰু ‘চৰ-চাপৰিৰ জৰা ফুকা চিকিৎসা মন্ত্ৰ’ সংকলনটোৰ যথাক্ৰমে পঞ্চম আৰু ষষ্ঠস্থানাভুক্ত প্ৰবন্ধ৷ ‘বাউল শিল্পীৰ মুখত শুনা দেৱী দুগাৰ্ৰ বিষয়ে কিছু কথা’ হ’ল সংকলনটোৰ সপ্তমটো প্ৰবন্ধ য’ত বাউল গীতৰ তাত্বিক আৰু আধ্যাত্মিক দিশসমূহৰ লগতে সমন্বয়ৰ কথা উল্লেখ কৰা হৈছে৷
কেৱল সাতোটা গৱেষণাধৰ্মী প্ৰবন্ধৰ একত্ৰ সংকলনটোত লেখকে আমাৰ সমাজ জীৱনৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা লোকসাহিত্য- সংস্কৃতিৰ উপাদানক ধৰি ৰাখিবৰ বাবে এক আত্মিক চেষ্টা কৰা দেখা গৈছে৷ সংকলনটোৰ কলেৱৰ আৰু কেইটামান সেই জাতীয় প্ৰবন্ধৰ সমাহাৰ ঘটাই বৃদ্ধি কৰিব পৰা গ’লহেতেন৷ গ্ৰন্থখনৰ কেইবা ঠাইতো বৰ্ণ বিভ্ৰাট দেখা গৈছে৷ বণাৰ্শুদ্ধিৰ প্ৰয়োজনীয়তাক আওকান কৰা দেখা গৈছে৷ এই বিষয়ে গ্ৰন্থাকাৰক আগলৈ সচেতন হ’বলৈ আহ্বান জনোৱা হ’ল৷ বিষয় বস্তুৰ উপস্থাপন, বৰ্ণনা শৈলী আৰু ব্যাখ্যাৰ ক্ৰমত ব্যৱহাৰ কৰা ভাষা প্ৰাঞ্জল আৰু সাৱলীল৷ লেখকে আধুনিক গৱেষণা পত্ৰ লিখনৰ শৈলী অনুকৰণ কৰি প্ৰবন্ধসমূহ লিখি, প্ৰবন্ধসমূহত প্ৰসঙ্গ আৰু শেষত গ্ৰন্থপঞ্জী অন্তৰ্ভুক্ত কৰা হ’লে গ্ৰন্থভাগৰ গৰিমা দুগুনে বৃদ্ধি পালেহেতেন৷ অধ্যেতা আৰু গৱেষকসকলৰ বাবে অত্যন্ত ফলদায়ী ‘চৰ-চাপৰিৰ হেৰাই যোৱা পৰম্পৰা’ গ্ৰন্থখনি প্ৰকাশ কৰিছে তেজপুৰৰ দৰদী দিচাঙে৷ ২০২০ বৰ্ষত প্ৰকাশিত, আকৰ্ষণীয় বেটুপাতযুক্ত পকাবন্ধাৰ গ্ৰন্থখনিৰ মূল্য মাত্ৰ তিনি কুৰি দহ টকা৷
[ঠিকনাঃ চমাৰ দলনি, চতিয়া, বিশ্বনাথ, অসম, ৭৮৪১৭৫, ভ্ৰাম্যভাষঃ ৭০০২৭০২২৬৮]
Post a Comment