লীলা কান্ত তিমচিনা
ডিব্ৰুগড়
Email: lilakanta.timsina@gmail.com
1982 চনৰ কথা।তেতিয়া মই বিশ্বনাথ কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পাছ কৰি ওলাইছোঁ।বিজ্ঞান শাখাত আছিলোঁ।P U ৰ ৰিজাল্টো ভালেই হৈছিল।77% পাইছিলোঁ।গতিকে পৰৱৰ্তী শিক্ষাৰ কাৰণে মেডিকেল,ইঞ্জিনীয়াৰিং ,ভেটেৰিনেৰী,এগ্ৰিকালচাৰ চবতে আবেদন কৰিলোঁ।আটাইবোৰতেই এডমিছন পালোঁ।কিন্তু মোৰ ইচ্ছা আছিল অভিযন্তা হোৱাৰ। গতিকে ইঞ্জিনিয়াৰিং টেষ্টো দিলোঁ।অসমৰ ইঞ্জিনিয়াৰিং কলেজ বোৰত চিট পালোঁ।কিন্তু মোৰ ইচ্ছা আছিল শিলচৰৰ আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া । তাতো চিট পালোঁ।ডাঙৰ দাদাক লগত লৈ এডমিছন লবলৈ গলোঁ।আমাৰ ঘৰ গমিৰিপালৰ পৰা লামডিং লৈ গলোঁ।তাত বাইদেউ এজনী আছিল।তেওঁলোকৰ ঘৰতে এৰাতি থাকিলোঁ।পাছদিনা।ত্ৰিপুৰাৰ ধৰ্মনগৰ যোৱা ট্ৰেইনত উঠিলোঁ।বদৰপুৰত নামি আৰু এখন ট্ৰেইনত শিলচৰ গলোঁ।সুকলমে admission লোৱা হৈ গল।তাত এৰাতি থাকিলোঁ।শিলচৰ মেডিকেল কলেজৰ প্ৰবক্তা ডাঃ বিবেক উপাধ্যায়ৰ quarter ত থাকিলোঁ। পাছদিনা ঘৰলৈ ঘূৰি আহিলোঁ।আৰু 15 দিন পাছত শ্ৰেণী আৰম্ভ হব।ঘৰ এৰিব লাগিব বুলি দুখত ভাৰাক্ৰান্ত হবলৈ ধৰিলোঁ।Homesickness য়ে জুমুৰী দি ধৰিলেহি।যোৱা দিন আহি গল।এইবাৰো দাদাই যাব থবলৈ।পানপুৰ ঘাটেদি ফেৰী পাৰ হব লাগিব।ফেৰী ঘাট পোৱাৰ আগতে সৰু এখন নদী আছিল।সেইখন নাৱত পাৰ হব লাগে।তাৰেই নাৱৰীয়া ললিত কাই অৰ্থাৎ ললিত দাস।যেতিয়া নাৱত উঠিলোঁ, ললিত কায়ে বঠা মাৰিব আৰম্ভ কৰিলে।মই হিয়া ঢাকুৰী কান্দিবলৈ ধৰিলোঁ।ললিত কায়ে মোক বুজাইছে,নাকান্দিবি,পঢ়ি শুনি ডাঙৰ মানুহ হবি, চাকৰি কৰিবি,ধেৰ টকা পাবি।নাও পাৰ হৈ ফেৰীত যাত্ৰা আৰম্ভ কৰিলোঁ।বহুদিন পাছত মই পাছ কৰি মেলি আহি চাকৰি এটাত সোমালোঁ। এবাৰ ছুটীত ঘৰলৈ গৈছিলোঁ।মোৰ ওচৰলৈ এজন আলৰ বুঢ়া আহিলে।মোৰ খবৰ খাতিৰ ললে।কত চাকৰি কৰোঁ সুধিলে।কিমান দৰমহা পাওঁ সুধিলে।অৱশেষত তেওঁ মোৰ পৰা এশ টকা এটা খুজিলে।মই কিন্তু তেওঁক চিনি পোৱা নাই।মই সুধিলোঁ,আপুনি কোন হয়।তেওঁ কলে, কেলেই মই ললিত কাই নহয় নেকি!মই নাও মাৰি তোক নদী পাৰ কৰাইছোঁ ।তই বহুত কান্দিছিলি,মই কত বুজনি দিলোঁ,পাহৰি গলি?মই লাহেকৈ পাঁচ শ টকা এটা উলিয়াই ললিত কাইক দিলোঁ।তেওঁ হাত দাঙি আশীৰ্বাদ দি গুছি গল।
_____________________
Post a Comment