Blog

গংগা নাথ উপাধ্যায়: স্বাধীনতা সেনানী আৰু আধুনিক শিঙৰীৰ স্ৰষ্টা

Blog Image

গংগা নাথ উপাধ্যায়: স্বাধীনতা সেনানী আৰু আধুনিক শিঙৰীৰ স্ৰষ্টা

নৱকুমাৰী দেৱী,

সহকাৰী অধ্যাপিকা,দৰ্শন বিভাগ

লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়,

ঢেকিয়াজুলি, শোণিতপুৰ, অসম

প্ৰয়াত গঙ্গা নাথ উপাধ্যায় চাপকোটা, যাক স্নেহভাৱে মাষ্টাৰ বাবুবুলি কোৱা হৈছিল,  এজন নিষ্ঠাবান স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, শিক্ষাবিদ আৰু জনসেৱক আছিল। তেওঁৰ জন্ম ১৯২২ চনৰ ২২ মেতাৰিখে বিশ্বনাথ জিলাৰ পানীভৰাল গাঁৱত পিতৃ জয়নাৰায়ণ চাপকোটা আৰু মাতৃ মনময়া দেৱীৰ ঘৰত হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু গ্ৰাম্য সমাজৰ উন্নয়নৰ বাবে তেওঁ নিজৰ সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল।তেওঁৰ প্ৰাথমিক শিক্ষা পানীভৰাল প্ৰাথমিক বিদ্যালয়ত আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ত বিশ্বনাথৰ মতি চন্দ এম.. স্কুল আৰু চাৰিদুৱাৰৰ নেভিল এম.. স্কুলত মাধ্যমিক শিক্ষা গ্ৰহণ ৰিছিল উচ্চ শিক্ষাৰ বাবে তেওঁ তেজপুৰ একাডেমীত নামভৰ্তি কৰিছিল যদিও পাৰিবাৰিক পৰিস্থিতিৰ বাবে পঢ়া সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১৯৩৪ চনত তেওঁৰ পৰিয়াল শিঙৰী চিতলমাৰীলৈ স্থানান্তৰিত হৈ নিগাজীকৈ বসবাস আৰম্ভ কৰিছিল।১৯৩৬ চনত তেওঁ জানুকা দেৱীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ১৯৪০ চনৰ পৰা ১৯৪৩ চনলৈ তেওঁ চিতলমাৰী এল.পি. স্কুলত শিক্ষকতা কৰে, যাৰ জৰিয়তে তেওঁৰ শিক্ষা-প্ৰতি আজীৱন দায়বদ্ধতাৰ ভেটি স্থাপন হয়।

  ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন তেওঁ এজন সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। ইয়াৰ উপৰিও তেওঁ তেজপুৰ চেচন ৰ্টৰ জুৰী সদস্য হিচাপে সেৱা আগবঢ়াইছিল আৰু বহু শিক্ষা আৰু সামাজিক প্ৰতিষ্ঠানত সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল। তেওঁ পাঁচজন পুত্ৰ আৰু তিনিজনী কন্যাৰ পিতৃ আছিল সততা, মানৱীয়তা আৰু নিঃস্বাৰ্থ সেৱাৰ বাবে পৰিচিত গঙ্গা নাথ উপাধ্যায় চাপকোটা দেৱৰ ২০০৭ চনৰ ২৬ মেতাৰিখে দেহাৱসান ঘটে। দেশপ্ৰেম, শিক্ষা আৰু সমাজকল্যাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান আজিও চিৰস্মৰণীয়।তেওঁৰ অৱদান সমাজৰ বহু দিশত বিস্তৃত আছিল-সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে সংগ্ৰামৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নলৈকে। তলত তেওঁৰ মুখ্য অৱদানসমূহ সংক্ষেপে উল্লেখ কৰা ল।

সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে সংগ্ৰাম : আফিং নিষিদ্ধকৰণ বিষয়া :

ব্ৰিটিছ শাসনৰ সময়ত অসমত আফিং, গাঞ্জা আৰু মদ্যপানৰ আসক্তি ব্যাপক আছিল, িয় জনসাধাৰণৰ শাৰীৰিক স্বাস্থ্য, নৈতিকতা আৰু উৎপাদনশীলতাত গভীৰ প্ৰভাৱ পেলাইছিল। চাহ বাগিছাৰ শ্ৰমিকসকল এই সমস্যাত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছিল। স্বাধীনতাৰ পিছত ১৯৪৮ চনত প্ৰয়াত গঙ্গা নাথ চাপকোটাক জিলা প্ৰশাসনে আফিং নিষিদ্ধকৰণ বিষয়া হিচাপে নিযুক্তি দিছিল। সেই সময়ত সমস্যাৰ ভয়াভয়তা নিজ চকুৰে দেখি তেওঁ নিষ্ঠাৰে কৰ্তব্য পালন কৰিছিল আৰু এই অভিজ্ঞতাই তেওঁক আজীৱন সামাজিক সংস্কাৰৰ পথত আগবঢ়াই নিয়াত সহায় কৰিছিল

গ্ৰাম্য সুৰক্ষা শক্তিশালীকৰণ : গাঁও ৰক্ষী বাহিনী  (V.D.P.):

দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতাৰ মাজত শত্ৰু পক্ষৰ চোৰাং চোৱা বোৰ গাৱে ভূঞে সোমাৱা বুলি খবৰৰ আতংকৰ পৰা জনসাধাৰণক সকাহ, সুৰক্ষা আৰু সাহসৰ বাতাবৰণ সৃষ্টিৰ বাবে চৰকাৰী নিৰ্দেশনা আৰু পৃষ্ঠপোষকতাত ১৯৪১ চনত শিঙৰী অঞ্চলত পোন প্ৰথমবাৰৰ বাবে গঠন হোৱা গাওঁ ৰক্ষী বাহিনীৰ সম্পাদক " এচিষ্টেণ্ট কেপ্তেইন" হিচাবে চাপকোটাদেৱে দায়িত্ব গাত পাতি লৈছিল। চৰকাৰী নিৰ্দেশনাত গাওঁ ভিত্তিক প্ৰত্যেক ঘৰৰ পৰা এজনকৈ সদস্য লৈ পাচঁ জনীয়া দল গঠন কৰি ওৰে নিশা ৰাইজে নিজে , নিজৰ গাওঁৰ সুৰক্ষা প্ৰদান কৰিছিল। সম্পাদকৰ দায়িত্ব হিচাবে তেওঁ কাৰ্যসমূহৰ তদাৰক আৰু নিৰীক্ষণ কৰিবলৈ প্ৰায়েই তেওঁ ৰাতি গাৱে গাৱে গৈ কৰ্তব্য সম্পাদন কৰিছিল বুলি জানিব পৰা যায়।

সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ : শিঙৰী গুপ্তেশ্বৰ মেলা পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সম্পাদক :

শিঙৰী অঞ্চল  ইতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ শিৱ মন্দিৰৰ বাবে বিখ্যাত। ইয়াত প্ৰতিবছৰে শিৱৰাত্ৰি উপলক্ষে অসম, পশ্চিমবংগ, বিহাৰ, ওড়িশা, ভুটান, নেপাল আদি ঠাইৰ পৰা  হাজাৰ হাজাৰ ভক্ত গণৰ সমাগম ঘটি এক মেলামূখী পৰিবেশৰ সৃষ্টি হয়। অসংগঠিত ৰূপত থকা এই মেলা সুসংবদ্ধভাৱে পৰিচালনা কৰাৰ আৱশ্যকতা শিঙৰীৰ ধৰ্ম প্ৰাণ ৰাইজে অনুভৱ কৰি প্ৰয়াত চাপকোটাদেৱক সম্পাদক আৰু অগ্ৰণী সমাজ সেৱক প্ৰয়াত বাহাদুৰ খড়কা ছেত্ৰীক সভাপতিৰ দায়িত্ব অৰ্পণেৰে১৯৪৪-৪৫ চনত " শিঙৰী গুপ্তেশ্বৰ মেলা পৰিচালনা সমিতি " গঠন কৰে। এই সমিতিয়ে সুচাৰুৰূপে মেলা পৰিচালনা কৰি শান্তি শৃংখলা সুনিশ্চিত কৰিছিল। আজিও একে ধাৰে একে নামৰ সমিতিয়ে মেলা পৰিচালনা কৰি আধ্যাত্মিক ঐতিহ্য মহিমামণ্ডিত কৰি আহিছে।

ধৰ্মীয় প্ৰতিষ্ঠানত নেতৃত্ব : লক্ষ্মী নাৰায়ন মন্দিৰঃ

 ১৯৪০ চনত শিঙৰীত লক্ষ্মীনাৰায়ন মন্দিৰ স্থাপন হৈছিল আৰু তাৰ  পাছত শিঙৰী অঞ্চলত বৈদিক শিক্ষাৰ অনুষ্ঠান শ্রী শ্রী লক্ষী নাৰায়ন সংস্কৃত বিদ্যালয় স্থাপন হৈছিল। প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে বিদ্যালয়ৰ দ্বিতীয় কাৰ্য্যকালৰ পৰিচালনা সমিতিৰ সভাপতি হিচাবে দায়িত্ব নির্ব্বা কৰিছিল। ইফালে তেওঁ মন্দিৰ পৰিচালনা সমিতিৰ তৃতীয় কাৰ্য্যকালৰ ১৯৪৬ চনত গঠন হোৱা সমিতিত সভাপতি হিচাবে দায়িত্ব নির্ব্বাহ কৰিছিল।১৯৬২ চনত ব্ৰহ্মপুত্ৰৰ গঢ়াখহনীয়াত লক্ষ্মী নাৰায়ন মন্দিৰ  জাহ যায় তাৰ পিছত আকৌ ১৯৭৪-৭৫ চনত শিঙৰীৰ উচ্চ ভূমি ভাগঅংশত, ৰাইজে  পূনৰ মন্দিৰ স্থাপনৰ বাবে শিলান্যাস কৰিছিল আৰু এই  নৱ গঠিত প্রথম নির্মাণ সমিতিৰ সভাপতি ৰূপে প্ৰয়াত গঙ্গা নাথ উপাধ্যায় দেৱক আৰু প্ৰয়াত  প্রজাপতি শ্রাস্ত্রী দেৱক সম্পাদক ৰূপে দায়িত্বভাৰ অৰ্পণ কৰিছিল।

সাহিত্য আৰু বৌদ্ধিক চর্চাত অৱদান :

১৯৪৭৫৪ চনলৈ তেওঁ তেজপুৰ জিলা কংগ্ৰেছ সমিতিৰ কাৰ্যনিৰ্বাহ সদস্য আছিল ইফালে েওঁ ৯০ দশকত অসম সাহিত্য সভাৰ শিঙৰী শাখাৰ কাৰ্যনিৰ্বাহক সদস্য আছিল আৰু এই ক্ৰমত ১৯ ৮৮ চনত তেওঁ হাইলাকান্দিত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত শিঙৰী শাখাৰ হৈ প্ৰতিনিধিত্ব কৰিছিল।  ১৯৮৬ চনত শিঙৰীত অনুষ্ঠিত শোণিতপুৰ জিলা সাহিত্য সভাৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ তেওঁ অভ্যৰ্থনা সমিতিৰ সভাপতি আছিল। ১৯৮৭ চনত তেওঁ তেজপুৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি ৰূপে নিৰ্বাচিত হৈছিল। ১৯৯৪ চনত তেওঁ নেপালী ভাষাত আত্মজীৱনী স্মৃতিকা গোৰেটাহৰুপ্ৰকাশ কৰে।

শিক্ষাৰ অগ্ৰদূত : শিঙৰী হাইস্কুলৰ প্ৰতিষ্ঠা :

১৯৪৮৪৯ চনত বৃহত্তৰ শিঙৰী অঞ্চলত মাধ্যমিক শিক্ষাৰ অভাৱ আছিল। শিঙৰী অঞ্চলৰ অগ্ৰণী সমাজ কৰ্মী প্ৰয়াত বাহাদুৰ খড়কা ছেত্ৰী আৰু শিঙৰী অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ সহযোগত প্ৰয়াত চাপকোটাই এম..শিক্ষাৰ পাঠদান আৰম্ভ  কৰে। তেনেকৈ ১৯৫১ চনত প্ৰয়াত বাহাদুৰ খড়কা ছেত্ৰীক সভাপতি আৰু প্ৰয়াত গঙ্গা নাথ চাপকোটা দেৱক সম্পাদক হিচাবে লৈ পোন প্ৰথমে শিঙৰীত এম. . স্কুল স্থাপন হয় যিটো পিছলৈ ১৯৫৬ চনত হাইস্কুললৈ উন্নীত হয় আৰু পিছলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈ বৰ্তমানে সমগ্ৰ শিঙৰী অঞ্চলটোৰ উচ্চ শিক্ষাৰ কেন্দ্ৰ হিচাবে সেৱা আগবঢ়া আছে।

চিতলমাৰী মধ্য ইংৰাজী বিদ্যালয় স্থাপন :

 প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে ১৯৭৬ চনত নিজৰ গাওঁ চিতলমাৰীত এখনি এম, , স্কুল স্থাপনৰ কথা চিন্তা কৰি আগবাঢ়িছিল আৰু বহুবাৰ  ৰাইজৰ লগত আলোচনাৰ অন্তত সমাজকৰ্মী প্ৰয়াত মানধ্বজ বহৰা দেৱক সভাপতি আৰু প্ৰয়াত গঙ্গা নাথ উপাধ্যায়দেৱক  সম্পাদক হিচাবে লৈ ১৯৭৭ চনৰ কোনোবা এটি শুভদিনত চিতলমাৰী লাইব্ৰেৰী গৃহত সাময়িক ভাবে শ্রেণী কোঠা সংযোজনেৰে এম, , স্কুলৰ শুভাৰম্ভ কৰিছিল।বর্তমান এই বিদ্যালয় নিজা ভূমিত নিজা গৃহ সমৃদ্ধৰে প্ৰাদেশীকৃত হৈ সমগ্র দক্ষিণ শিঙৰী অঞ্চলৰ উচ্চ প্রাথমিক শিক্ষা গ্রহনৰ অভাৱ পূৰণ কৰি আছে।

 শিঙৰী টোটোলা প্রাথমিক বিদ্যালয় স্থাপনঃ

১৯৪৪/৪৫ চনত প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ৰ পৰামৰ্শমতে শিঙৰী টোটোলা অঞ্চলত এখন প্রাথমিক বিদ্যালয় স্থাপন কৰাৰ উদ্দেশ্যেৰে ৰাজহুৱা সভা হয় আৰু স্কুল স্থাপনৰ বাবে প্রয়োজনীয় ভূমি বৰচলা মৌজাৰ মৌজাদাৰ ৰেৱতী কুমাৰ তামুলী মহোদয়ৰ গাওঁত এডোখৰ খালি মাটি থকা কথা সমাজে নিশ্চিত কৰে সেই মৰ্মে প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে মৌজাদাৰ মহোদয়ৰ পৰা মাটি খিনি স্কুলৰ নামত হস্তান্তৰ কৰোৱাৰ দায়িত্ব লয় আৰু পিছলৈ তামুলীদেৱে স্কুল স্থাপনৰ বাবে উক্ত মাটি দিবলৈ সন্মতি প্রকাশ কৰিছিল আৰু প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে তামুলী দেৱক উক্ত কাৰ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰ কথা তেওঁ নিজা লিখনিত উল্লেখ কৰিছে।

মাষ্টাৰ বাবু”: চিতলমাৰী প্ৰাথমিক বিদ্যালয় :

প্ৰয়াত গঙ্গা নাথ উপাধ্যায় চাপকোটা চিতলমাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাবে নিযুক্ত হোৱাৰ লত  পৰিচিত মহলত তেওঁ মাষ্টাৰ বাবু/ গঙ্গা মাষ্টৰ নামেৰে সৰ্বজন বিদিত  আছিল।

 জুৰি( Jury) হিচাবে কাৰ্য্যাৱলী :

 বৃটিছ শাসন কালত জনসাধাৰণক প্রকৃত আৰু সৰ্ব্বসম্মত ন্যায় বিচাৰ দিয়াৰ প্রক্রিয়াত জিলাস্তৰীয় আদালতত বিচাৰপতিক আৱশ্যক মতে ন্যায় প্রদানত সহায় কৰিবলৈ জিলাৰ বিভিন্ন ঠাই সামৰি সময়ে সময়ে কিছু দায়িত্বশীল ব্যক্তিক মনোনীত কৰিছিল। দক্ষিন ঢেকিয়াজুলিৰ বৃহত্তৰ অঞ্চল সামৰি প্রতিনিধি হিচাবে প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ক মনোনীত কৰাত ১৯৪৫ চনৰ পৰা ১৯৫৪ চনলৈ সুদীর্ঘ বছৰ কাল তেজপুৰ সদৰ ন্যায়ালয়ত তেওঁ জুৰি হিচাবে উক্ত সেৱা আগবঢ়াইছিল।

২য় বিশ্বযুদ্ধ আৰু সুলভ মূলাৰ দোকানঃ

প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে ৰাইজৰ সেৱা কৰাৰ মানসেৰে ১৯৪৩ চনত ইচ্ছাকৃত ভাৱে চাকৰিৰ পৰা অৱসৰ লৈছিল আৰু  ১৯৪৫ চনত  দ্বিতীয় বিশ্বযুদ্ধৰ বিভিষিকাৰ বাবে অত্যাৱশ্যকীয় সামগ্রী সমূহৰ নিয়ন্ত্রিত মূল্যত ৰাইজৰ মাজত বিতৰণৰ ব্যবস্থা হিচাবে কৰ্ত্তব্য জ্ঞান কৰি ৰাইজৰ সুবিধাৰ বাবে  চিতলমাৰী গাওঁত সুলভ মূল্যৰ দোকান আৰম্ভ কৰিছিল কিন্তু বিক্রী হোৱা সামগ্রী বহু সংখ্যক বাকীত বিক্রী দিয়াৰ বাবে যথা সময়ত উক্ত বাকী সমূহ আদায় নোপোৱাৰ ফলত এটা সময়ত দোকানৰ মূলধনও নাইকিয়া হৈছিল আৰু তেনেকৈ কেইটামান বছৰ চলাৰ পাছত মূলধনৰ অভাৱত দোকান বন্ধ কৰিব লগীয়া হৈছিল।

জনসাধাৰণৰ মাজত চিকিৎসা সেৱা :

প্রাক স্বাধীনতা কালত জন স্বাস্থ্য সেৱা উন্নত মানৰ নোহোৱাৰ ফলত হাইজা, কলেৰা, যক্ষ্মা, কলাজ্বৰ আদি ব্যাধি সমূহে জনসাধাৰণক জুৰুলা কৰি পেলাইছিল।সেই সময়ত অৰ্থাৎ ১৯৪৩ চনত জনসাধাৰণক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ "ৰামকৃষ্ণ সেৱাশ্রমেকলাজ্বৰ চিকিৎসাৰ বাবে বিনামূলীয়া ঔষধ ৰাইজৰ মাজত বিতৰণ কৰা কথা গম পাই প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে তেজপুৰলৈ চাইকেলেৰে সময়ে সময়ে গৈ তেওঁলোকে দিয়া কুইনাইন ইত্যাদি ঔষধ সমূহ সংগ্ৰহ কৰি আনি শিঙৰীৰ  ৰাইজৰ মাজত আৱশ্যক মতে বিতৰণ কৰিছিল।প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে ঘৰত "FIRST AID BOX" বুলি লিখা ৰঙা ৰঙৰ টিনৰ বাকচত প্রাথমিক চিকিৎসাৰ সামগ্ৰী - প্লাষ্টাৰ, ডেটল, কপাহ ইত্যাদি সামগ্রী জনসাধাৰণৰ সেৱাৰ বাবে মজুত ৰাখিছিল ইয়াৰোপৰি তেতিয়াৰ দিনত দূর্ঘটনাত হাত ভৰি ভাঙিলে ভঙা হাড় সমূহ যোৰা লগাবলৈ ব্যৱহার্য্য প্রায় " x ১২" চাইজৰ পাতল কাঠৰ পাতও (সুন্দৰকৈ কটা) মজুত ৰাখিছিল আৰু  ইয়াক সময়ত আৱশ্যক মতে ব্যবহাৰ কৰিছিল।

সাংস্কৃতিক দিশ অৱদানঃ

১৯৪০ চনত নিৰ্মাণ হোৱা শিঙৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ প্ৰাঙ্গণত ১৯৪৪ চনত অনুষ্ঠিত দুৰ্গা পূজাৰ সাংস্কৃতিক কাৰ্যসূচীত প্ৰয়াত ভীষ্ম খৰেল আৰু প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ৰ পৰিচালনাত সত্যৱানসাবিত্ৰীনাটক প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰা হৈছিল। উক্ত নাটকখনৰ কণ্ঠ পৰিচালক আছিল প্ৰয়াত ৰাম নাথ খতিৱড়া দেৱ আৰু বিভিন্ন ৰূপত ভাৱৰীয়া হিচাপে প্ৰয়াত প্ৰজাপতি শ্ৰাস্ত্ৰীদেৱ আৰু প্ৰয়াত টঙ্ক নাথ খনাল দেৱ আছিল ।পিছলৈ শিঙৰী লক্ষ্মী নাৰায়ণ মন্দিৰৰ উদ্যোগত প্ৰতি বছৰে অনুষ্ঠিত হোৱা সাৰ্বজনীন দুৰ্গা পূজা, চৌমাসা পুৰাণ, মন্দিৰৰ সৈতে সংলগ্ন ৰংগমঞ্চ নিৰ্মাণ কাৰ্য, লক্ষ্মী নাৰায়ণ সংস্কৃত পাঠশালাৰ দৰে সকলো কামত প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে তেওঁৰ সাধ্য অনুসাৰে সহায় আগবঢ়াইছিল বুলি তেওঁৰ আত্মজীৱনীত উল্লেখ পোৱা যায়।

শিঙৰী ডাকঘৰঃ

প্রাক্ স্বাধীনতা কালত শিঙৰীত ডাকঘৰ নাছিল।প্ৰয়াত গঙ্গা নাথ উপাধ্যায় আৰু প্ৰয়াত বাহাদুৰ খড়কা ছেত্রীয়ে শিঙৰীত ডাকঘৰ স্থাপনৰ বাবে আগ ভাগ লৈ ডাকঘৰৰ উৰ্ধতম কৰ্তৃপক্ষক আবেদন কৰিছিল সেই সময়ত ডাকঘৰ খোলাৰ বাবে ৯৬০.০০ টকা ধনৰাশি চৰকাৰী ভাৱে জমা দিব লাগিছিল। উক্ত ধনৰাশিৰ বাবে প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে প্ৰয়াত বাহাদুৰ খড়কা ছেত্রী দেৱৰ লগত আলোচনা কৰি ঢেকিয়াজুলিৰ লালচন্দ ইন্দ্ৰচন্দ নামৰ দোকানৰ স্বত্বাধীকাৰৰ পৰা নগদ ৯৬০.০০ টকা ধাৰত লৈ  ডাকঘৰৰ কর্তৃপক্ষক জমা দিছিল আৰু তাৰ পাছত শিঙৰীত ডাকঘৰ খোলা হৈছিল।

 চিতলমাৰী লাইব্রেৰী :  

চিতলমাৰী গাওঁত ১৯৫৩ চনত প্ৰয়াত গঙ্গা নাথ উপাধ্যায় , প্ৰয়াত থিৰমায়া দেবী,  প্ৰয়াত হৰিলাল ঘিমিৰে, প্ৰয়াত পদ্মসিং সুতাৰ আৰু চিতলমাৰী গাওঁৰ তেতিয়াৰ অন্যান্য অগ্ৰণী ব্যক্তিৰ অহোপুৰুষাৰ্থ প্রচেষ্টাত "চিতলমাৰী লাইব্ৰেৰী"স্থাপন হৈছিল। এই  চিতলমাৰী লাইব্ৰেৰী অনুষ্ঠান স্থাপনৰ বাবে প্ৰয়াত পদ্ম সিং সুতাৰে নিজৰ মাটি লাইব্রেৰীৰ বাবে দান দিছিল আৰু সেই ভূমি ভাগতে লাইব্রেৰী গৃহ নির্মাণ হৈছিল। ইয়াৰ পাছত ১৯৬২ চনত শিঙৰীৰ মহান অনুষ্ঠান  "জাগৃতি পুস্তকালয়" ব্রহ্মপুত্র নৈৰ গঢ়াখহনীয়াত জাহ যোৱাৰ ফলত  উক্ত লাইব্ৰেৰীৰ পৰা বহুতো মূল্যবান গ্রন্থ, লিখনি সমূহ সংগ্ৰহ কৰি চিতলমাৰী লাইব্রেৰীত ৰখাৰ ফলত লাইব্রেৰী আৰু টনকিয়াল হৈছিল। সেই সময়ত জাগৃতি পুস্তকালয়ৰ সম্পাদিকা  প্ৰয়াত থিৰমায়া দেৱী আছিল।

স্বাধীনতা সংগ্ৰামত বীৰত্ব : ১৯৪২ চনৰ ঢ়েকীয়াজুলি  থানাত  পতাকা উত্তোলন ঘটনা :

"ভাৰত ত্যাগ আন্দোলন' আহ্বানত ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকীয়াজুলি আৰক্ষী থানাত কংগ্ৰেছৰ ত্ৰিৰংগা পতাকা উত্তোলনৰ সিদ্ধান্ত লোৱা ৈছিল প্ৰয়াত কমলা কান্ত দাসৰ নেতৃত্বত হোৱা এই আন্দোলনত প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ে  শিঙৰী অঞ্চলৰ স্বাধীনতা আন্দোলনৰ প্রতি শ্রদ্ধা থকা বুজন সংখ্যক ৰাইজৰ মাজত ঢেকিয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কাৰ্য্যৰ প্ৰতি সহযোগিতা আগবঢ়াই শান্তিপূৰ্ণ সমদলেৰে ঢেকীয়াজুলিলৈ আগবাঢ়ি গৈ তাত অন্যান্য ঠাইৰ পৰা অহা শান্তিপূর্ণ সমদলকাৰীৰ লগত লগ হৈ ঢেকীয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ বাবে আগবঢ়ি আহিবলৈ অনুপ্ৰেৰণা আৰু সাহস যোগাইছিল। শিঙৰী অঞ্চলৰ ৰাইজৰ মাজত হোৱা আলোচনা মর্মে তেওঁ নিজৰ শিঙৰী অঞ্চলৰ সমদলকাৰীৰ লগত উক্ত দিনাৰ কাৰ্য্যস্থলী ঢেকীয়াজুলিত অন্যান্য ঠাইৰ, বিশেষকৈ ঢেকীয়াজুলিত পূবফালৰ সমদলকাৰীৰ লগত যোগসূত্ৰ আৰু সমন্বয় স্থাপনৰ উদ্দেশ্যৰে, তেওঁ আগদিনা অর্থাৎ ১৯ চেপ্তেম্বৰ তাৰিখে আবেলি জহামাৰী গাঁওলৈ আগবাঢ়ি গৈছিল তেখেতৰ বন্ধু প্ৰয়াত মহেশ্বৰ নাথৰ লগত হোৱা আলোচনা মর্মে সেই দিনা ৰাতি জহামাৰী গাঁওত পিছৰ দিনাখন ' লগা আন্দোলনৰ কাৰ্য্যসূচী সম্পর্কীয় অনুষ্ঠিত হোৱা এটি অতি গোপন সভাত মিলিত হৈছিল। পিচদিনা অৰ্থাৎ ২০ চেপ্তেম্বৰ তাৰিখে জহামাৰীৰ পৰা ঢেকিয়াজুলি থানা অভিমুখে যোৱা ভাৰত ত্যাগ আন্দোলনৰ অন্য সমদলকাৰীৰ লগত মিলিত হৈ ঢেকিয়াজুলি থানাত পতাকা উঠোৱা কাৰ্য সূচীত নিতান্ত অন্ত: কৰণেৰে ভাগ লৈছিল। উক্ত দিনাখনৰ তেওঁৰ কৰণীয় কৰ্তব্য সমূহৰ সম্পাদন ঢেকিয়াজুলি থানাত হোৱা শান্তি পূৰ্ণ সমদল কাৰী সত্যাগ্ৰহীৰ ওপৰত প্ৰশাসনৰ নিৰ্বিচাৰ অত্যাচাৰ গুলীচালনাৰ সাক্ষী হিচাবে তেওঁৰ নিজৰ আত্মজীৱনী " স্মৃতিকা গোৰেটাহৰু" বিস্তৃত ৰূপত প্ৰকাশ কৰিছে।

প্ৰয়াত গঙ্গা নাথ উপাধ্যায়ৰ স্বাধীনতা সংগ্রামত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে ভাৰতীয়-নেপালী ইতিহাস সংকলন সমিতি, গুৱাহাটীয়ে ২০২২ চনৰ ১৯ জুনত তেওঁক মৰণোত্তৰভাৱে শ্বহীদ দেউচৰণ উপাধ্যায় সম্মান প্রদান কৰে। প্ৰয়াত গঙ্গা নাথ উপাধ্যায় চাপকোটাৰ বহুমুখী অৱদানে শিঙৰী অঞ্চলৰ ৰাইজৰ সমাজ জীৱনৰ আমূল পৰিবৰ্তন ঘটে। তেওঁৰ জীৱন আজিও ভৱিষ্যত প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণা স্বৰূপ হৈ ৰʼব।

                                                             


Share this post
Comments

Please login or register to comment.

HIRAK
বহুত ধুনীয়া প্ৰবন্ধ হৈছে। পঢ়ি ভাল লাগিল।
28 Mar 2026 06:07 PM
Facebook Comments