মহেন্দ্ৰ কুমাৰ নাথ
গ্ৰন্থাগাৰ, তেজপুৰ বিশ্ববিদ্যালয়
‘‘মোৱামৰীয়া বিদ্ৰোহ, গৃহ কন্দল, আৰু মানৰ আক্ৰমনত নিশকতীয়া হোৱা অসম ১৮ শ খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ যোৱাৰ পিছৰ দুটা দশক অসমীয়া ভাষাৰ বাবে মৰ আঁউসী স্বৰূপ৷’’ (ডঃ নগেন শইকীয়া- অসম বন্ধুঃ ভূমিকা, পৃষ্ঠা – ৬) ১৮৩৭ চনৰ আইন অনুসাৰে ভাৰতবৰ্ষৰ সকলো স্থানীয় চৰকাৰে আদালত -পঢ়াশালিত মাতৃভাষা চলোৱাৰ নিয়ম কৰিলে যদিও অসমত ইয়াৰ ওলোটাটো হ’ল৷ অসমত অসমীয়া ভাষাক শিক্ষা, প্ৰশাসন আদিৰ পৰা নিৰ্বাসন দি অসমীয়াৰ ওপৰত প্ৰৰোচনমূলক ভাৱে বঙলা ভাষা জাপি দিয়া হ’ল৷
অসমীয়া ভাষাক নিৰ্বাসিত কৰাৰ এই সময়খিনিতে অসমত সংঘটিত হোৱা এক অভিনৱ ঘটনাই ভাষা ৰ্নিবাসনৰ বিপৰীতে অসমবাসীলৈ এক সুখৰ খবৰ কঢ়িয়াই আনিলে৷ অসমীয়া ভাষা সাহিত্যৰ এন্ধাৰ আকাশত এই খবৰ যেন এছাটি আলোক ৰেখাৰ বহুৰঙী বিচ্চুৰণ৷ সেইয়া হ’ল অসমত ব্যাপ্তিষ্ট মিছনাৰীৰ পদাৰ্পণ৷ আমেৰিকাৰ ব্যাপ্টিষ্ট মিছনাৰী ৰেভাৰেণ্ড ব্ৰাউন আৰু কট্টৰ দম্পত্তিয়ে ১৮৩৬ খ্ৰষ্টাব্দত অসমৰ মাটিত ভৰি থৈ অসমীয়া ভাষা সাহিত্যৰ দিশত এক নৱজাগৰণৰ সূচনা কৰিলে৷ মিছনাৰীৰ আগমন অবিহনে হয়তো অসমীয়া ভাষা চিৰদিন আমাৰ পৰা বিতাড়িত হৈ ৰোৱাৰ পৰিণতিত আজিৰ তাৰিখতো বঙলা ভাষাকে আমি আমাৰ মাতৃভাষা ৰূপে মানি ল’বলৈ বাধ্য হ’লোহেঁতেন৷
অসমীয়া ভাষা এক স্বকীয় ভাষা ৰূপে সমৃদ্ধ হৈ বৰ্তি ৰোৱাৰ গুৰিতে আমেৰিকান ব্যাপ্তিষ্ট মিছনাৰীসকলৰ গুৰুত্বপূৰ্ণ অৱদান অনস্বীকাৰ্য্য৷ এই ব্যাপ্টিষ্ট মিছনাৰীসকলৰ লগতে অসমীয়া ভাষা-সাহিত্যক সঞ্জীৱিত কৰাত অহোপুৰুষাৰ্থ কৰোতাসকলৰ নামৰ সতে গভীৰ বাবে সংপৃক্ত হৈ আছে ঐতিহ্যমণ্ডিত শোণিতপুৰ জিলাৰ অখ্যাত গাঁৱৰ নিধিৰাম কেওঁটৰ নাম৷ এই নিধিৰামেই পৰৱৰ্ত্তী সময়ত নিধি লেৱি ফাৰৱেল নামেৰে অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত এক উজ্জ্বল নক্ষত্ৰৰূপে সৰ্বকালৰ বাবে উদ্ভাসিত হৈ ৰয়৷
‘ব্যাপ্টিষ্টসকলে অসমীয়া ব্যাকৰণ, অভিধান, পঢ়াশলিয়া পুথি, জ্ঞান বিজ্ঞানৰ পুথি লিখি, প্ৰকাশ কৰি, আলোচনী তথা খবৰ কাগজৰ উৎকৃষ্ট নিদৰ্শন ‘অৰুণোদই’ চলাই পঢ়াশালি আদালতত অসমীয়া ভাষাৰ হেৰোৱা ঠাই পুনৰুদ্ধাৰৰ যুঁজত প্ৰথম আৰু শক্তিশালী যুঁজাৰু হৈ অসমীয়া লোকক নতুন অসমীয়া ভাষা লিখাত কলম ধৰাই, অসমীয়া শব্দাৱলীত ইংৰাজী শব্দ সম্ভাৰ আৰু অসমীয়া বাক্য ৰীতিত ইংৰাজী প্ৰভাৱ সুমুৱাই অসমীয়া ভাষাক মৃত সঞ্জীৱনীৰে নতুন জীৱন দিলে; আধুনিক সাহিত্য সৃষ্টিৰ বাবে অসমীয়া ভাষাৰ পথাৰত প্ৰথম নাঙল চোঁচৰালে আৰু আটাইতকৈ ডাঙৰ কথা অসমীয়া মানুহক আত্ম প্ৰত্যয় শিকালে৷’ (ড॰ মহেশ্বৰ নেওগ)। ব্যাপ্টিষ্ট মিছনাৰীৰ তত্বাৱধানত আৰম্ভ হোৱা ‘অৰুণোদই’ যুগ আচলতেই অসমীয়া ভাষাৰ ক্ষেত্ৰত ‘বাট বিচৰা-বাট কটাৰ যুগ৷’
শোণিতপুৰ জিলাৰ পূব প্ৰান্তৰ বৰঙাবাৰীৰ সুতাৰ গাঁৱত ১৮২৩ চনত জন্ম লাভ কৰা নিধিৰাম কেওঁট ভাষা-সাহিত্যৰ এই বাট কটাৰ যুগ’ৰ সেনানীসকলৰ মাজৰে এগৰাকী অন্যতম আৰু অগ্ৰণী সৈনিক৷ ড॰ মহেশ্বৰ নেওগৰ ভাষাত নিধি লেৱি ফাৰৱেল হ’ল ‘অসমীয়া গদ্য শৈলীৰ প্ৰধান প্ৰবৰ্ত্তক৷’
আমেৰিকাৰ ব্যাপ্টিষ্ট মিছনাৰীয়ে শদিয়াত প্ৰতিষ্ঠা কৰা বিদ্যালয়ত স্কুলীয়া শিক্ষা গ্ৰহণ কৰা নিধিৰামে পঢ়া শুনাৰ লগে লগে মিছনাৰীৰ দ্বাৰা স্থাপিত ছপাশালতো কাম কৰিবলৈ লয়৷ মিছনাৰীসকলৰ লগত ছাঁটোৰ দৰে লাগি থকা নিধিৰামে আনকি মিছনাৰীসকলে জয়পুৰত স্থাপন কৰা ছপাশালতো ছপাশালৰ কৰ্মী হিচাপে যথেষ্ট কাল ধৰি নিষ্ঠাৰে কাম কৰে৷ সেই সময়ত চৈধ্য বছৰীয়া নিধিৰামৰ কৰ্মকুশলতা দেখি খোদ ব্ৰাউন চাহাব প্ৰশংসাত পঞ্চমুখ হৈছিল৷ ব্ৰাউন চাহাবৰ ভাষাত - ‘নিধিৰাম তীক্ষ্ণ বুদ্ধিৰ, চোকা, কৰ্মকুশল অধ্যয়নশীল ছাত্ৰ আছিল৷’
জয়পুৰত থকা সময়ছোৱাত এদিন অকলশৰে অধ্যয়নত নিমগ্ন থকা চৈধ্য বছৰীয়া নিধিৰামে এসন্ধ্যাৰ ইংৰাজী প্ৰাৰ্থনাত অংশ লোৱাৰ পিছত প্ৰাৰ্থনাই তেওঁৰ অন্তৰ চুই গ’ল৷ তেওঁ নিজকে পাপত নিমজ্জিত আত্মা যেন উপলব্ধি কৰি পাপমুক্তিৰ বাবে, ত্ৰাণকৰ্ত্তাৰ বাবে হাহাকাৰ কৰি উঠিল৷ তাৰ পিছতেই নিধিৰামে যীশু খৃষ্টৰ অনুগামী হ’বলৈ সিদ্ধান্ত ল’লে৷ নিধিৰামৰ ইচ্চানুসৰি ১৮৪১ চনৰ ১৩ জুনৰ দিনা জয়পুৰৰ বুঢ়ী দিহিঙৰ পাৰত ব্ৰনচন চাহাবে নিধিৰামক খৃষ্টান ধৰ্মত দীক্ষিত কৰালে৷ তেতিয়াৰ পৰাই সুতাৰ গাঁৱত জন্ম গ্ৰহণ কৰা শোণিতপুৰীয়া নিধিৰাম কেওঁট ‘নিধি লেৱি ফাৰৱেল’ ৰূপে পৰিচিত হ’ল৷ সমগ্ৰ জীৱনজুৰি মিছনৰ একনিষ্ঠ আৰু বিশ্বাসী কৰ্মী হৈ ৰোৱা প্ৰথম গৰাকী অসমীয়া খৃষ্টানধৰ্মীলোক নিধি, প্ৰথম গৰাকী অসমীয়া খৃষ্টান ধৰ্মী নাৰী থুকু আবিৰ সতে ১৮৪৭ চনৰ ২২ ফেব্ৰুৱাৰিত বিবাহ পাশত আৱদ্ধ হয়৷ সেই সময়ত থুকু আবি ব্ৰনচন চাহাবে নগাঁৱত প্ৰতিষ্ঠা কৰা Orphan Institute ৰ ছাত্ৰী আছিল৷ ইয়াৰ পিছত আমেৰিকান ব্যাপ্তিষ্ট মিছনৰ দ্বাৰা নিধি ১৮৫১ চনত ‘প্ৰথম শ্ৰেণীৰ সহকাৰী পুৰোহিত’ নিযুক্ত হ’ল৷ পুৰোহিত নিযুক্ত হোৱাৰ পিছত তেওঁ মিছনাৰীসকলক লগত লৈ কেতিয়াবা নাৱেৰে, কেতিয়াবা খোজ কাঢ়ি সমগ্ৰ অসমৰ চুক কুণ ভ্ৰমণ কৰিলে৷
এই কথা সৰ্বজনবিদিত যে সেই সময়ৰ বঙালী লোকসকলৰ হেঁচাত অসমীয়া ভাষাক কেৱল এক দোৱান অথবা বঙালীৰ উপভাষা হিচাবে প্ৰতিপন্ন কৰাৰ গভীৰ ষড়যন্ত্ৰ অব্যাহত আছিল৷ আনকি আশ্চৰ্যজনক কথা হ’ল ১৮৩৭ চনত প্ৰকাশিত উইলিয়াম ৰবিনচনৰ ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ (Grammar of the Assamese language) শীৰ্ষক গ্ৰন্থত অসমীয়া ভাষাক বঙালী ভাষাৰ সতে সাদৃশ্য থকা বা একে ভাষা বুলি মুকলিভাৱে উল্লেখ কৰি অসমীয়া ভাষাৰ অস্তিত্ব আৰু অধিক বিপদাপন্ন কৰি তুলিছিল৷ পৰিতাপৰ কথা হ’ল আনন্দৰাম ঢেকিয়ালফুকনকে ধৰি দুই এজন অসমীয়াৰ বাহিৰে সেইখিনি সময়ৰ চৰকাৰী স্কুল পৰিদৰ্শক উইলিয়াম ৰবিনচনৰ এনে অপব্যাখ্যাৰ বিৰুদ্ধে সকলো অসমীয়া নিমাত হৈ ৰৈছিল৷ ইয়াৰ বিপৰীতে মিছনাৰীসকলৰ চিন্তাধাৰা আছিল সুকীয়া৷ তেওঁলোকে অসমত বঙালী ভাষাৰ প্ৰবৰ্ত্তন আৰু প্ৰচলন কামনা কৰা নাছিল৷ অসমীয়া ভাষাটো যে এটা স্বতন্ত্ৰ আৰু পৃথক ভাষা সেইটো প্ৰতিপন্ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ ব্ৰনচন চাহাবৰ নেতৃত্বত চলা অসমীয়া ভাষাক পুনৰ প্ৰচলনৰ যুদ্ধত নিধি আছিল এগৰাকী অগ্ৰণী যুঁজাৰু৷ অৱশেষত এই যুদ্ধত ১৮৭৩ চনত মিছনাৰীসকলে বিজয় সাব্যস্ত কৰে৷ অসমীয়া ভাষা নিজা আসনত পুনৰ অধিষ্ঠিত হ’ল৷
মিছনাৰীসকলৰ সহযোগত নিধি লেৱিয়ে নিজকে এগৰাকী সুদক্ষ লেখক, কবি, অনুবাদক হিচাপে গঢ়ি তোলা কাৰ্য সমগ্ৰ অসমীয়া জাতিৰ বাবে এক সুখৰ খবৰ ৰূপে পৰিগণিত হৈ ৰ‘ল ৷ ১৮৩৩ খৃষ্টাব্দত উইলিয়াম কেৰিৰ তত্বাৱধানত প্ৰকাশিত বাঙালী আৰু সংস্কৃত বাইবেল অসমীয়া পঢ়ুৱৈৰ বাবে যথোপযুক্ত নহয় বুলি বিবেচনা কৰি ইয়াক শুদ্ধ আৰু সৰল অসমীয়াত প্ৰকাশৰ বাবে ব্ৰাউন চাহাব আৰু নিধিয়ে ব্যৱস্থা গ্ৰহণ কৰিলে৷ নিধিয়ে নিজাকৈ বাইবেলৰ প্ৰথম আৰু দ্বিতীয় চেমুৱেল, প্ৰথম আৰু দ্বিতীয় ৰজা অনুবাদ কৰি প্ৰকাশ কৰে৷ অসমীয়া বাষাৰ ‘প্ৰভূগীত’ বা ঈশ্বৰৰ প্ৰশস্তি সম্পন্ন খৃষ্টীয় ধৰ্মগীতো তেওঁ ১৮৫০ চনত মিছন প্ৰেছৰ পৰা প্ৰকাশ কৰি উলিয়ায়৷ সেইসমূহ খৃষ্টীয় ধৰ্মগীতৰ যথেষ্ট সংখ্যক এতিয়াও অসমৰ বিভিন্ন ঠাইৰ গীৰ্জাঘৰবোৰত প্ৰচলিত হৈ আছে৷
১৮৪৬ খৃষ্টাব্দত শিৱসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ হৈ ওলায় অসমীয়া ভাষাৰ প্ৰথম বাৰ্ত্তালোচনী ‘অৰুণোদই’৷ তেওঁলোকৰ আশাসুধীয়া চেষ্টাৰ বলতে অৰুনোদইয়ে বিভিন্ন স্তৰৰ ৰাইজৰ মৰম সমাদৰ বুটলিবলৈ সক্ষম হৈছিল৷ অসমীয়া ভাষাক নিজা আসনত স্থলাভিষিক্ত কৰাত অৰুনোদইৰ ভূমিকা আছিল অতুলনীয় ৷ নিধি আছিল এই অৰুনোদই বাৰ্ত্তালোচনীৰ এগৰাকী নিয়মীয়া লেখক৷ মোছাৰ বিৱৰণ, সুবুধি বচন, মধু ৰস, সৰগৰ বিৱৰণ, নৰকৰ বিৱৰণ, নিস্তাৰৰ উপায়, পুৰুষে পুৰুষে প্ৰভূ আমাৰ আশ্ৰয়, হিন্দুস্তানৰ বুৰঞ্জী, ছেংগিজখাৰ ৰাজ্যৰ বিৱৰণ ইত্যাদি অৰুণোদইত প্ৰকাশিত নিধিৰ লেখাই পঢ়ুৱৈৰ অন্তৰ স্পৰ্শ কৰাৰ বিষয়ে শুনা যায়৷ ১৮৬৫ চনত প্ৰকাশ হৈ ওলায় নিধি ৰচিত ‘ভাৰতীয় দণ্ড বিধি আইন শীৰ্ষক ইণ্ডিয়ান পেনেল কোড সম্পৰ্কীয় উল্লেখনীয় গ্ৰন্থখন৷ ১৮৭৪ চনত ই ডব্লিউ. ক্লাৰ্কৰ দ্বাৰা সম্পাদিত আৰু প্ৰকাশিত ‘পদাৰ্থ বিদ্যাৰ সাৰ’ শীৰ্ষক প্ৰকৃতি বিজ্ঞান সম্পৰ্কীয় আন এখন জনপ্ৰিয় গ্ৰন্থৰ পাণ্ডুলিপিও নিধিয়ে প্ৰস্তুত কৰি উলিয়াইছিল৷
১৮৭৩ চনৰ ২৮ জানুৱাৰীত পঞ্চাছ বছৰ বয়সত এই গৰাকী অসম সন্তানে শিৱসাগৰত মৃত্যু বৰণ কৰে যদিও তেওঁৰ স্মৃতি সৌধত সুদীৰ্ঘ কালৰ বাবে খোদিত হৈ ৰৈছিল এনে এশাৰী বাকী - লেখক, পুৰোহিত কবি আৰু এগৰাকী অনুবাদক হিচাপে তেওঁৰ অসাধাৰণ প্ৰতিভা আৰু ক্ষমতা প্ৰতিপন্ন কৰি থৈ গৈছে৷ তেওঁ স্বাভাৱিকতেই অসমৰ ভাষা সাহিত্যাকাশৰ সৰ্বকালৰ এক উজ্জ্বল শোণিতপুৰীয়া নক্ষত্ৰৰূপে বিবেচিত হৈ ৰ’ব৷ (বিভিন্ন গ্ৰন্থ আৰু লেখা আদিৰ সহায়ত)।।
Post a Comment