আদিত্য অংকুৰ নাথ
তেজপুৰ৷
অতীতত আইতাই জোনবাইক লৈ সাধু কৈছিল ৷ কিন্তু আজিৰ মানুহে সেই জোনবাইৰ দেশত খোজ পেলাইছে ৷ ন ন আৱিষ্কাৰেৰে জোনবাইক আমাৰ সন্মুখত আইতাই কোৱা জোনবাইজনীৰ পৰা পৃথক ৰূপত তুলি ধৰিছে ৷ যুগ পাৰ হৈ যোৱাৰ লগে লগে যুৱ প্ৰজন্মৰ মানসিকতালৈও ব্যাপক পৰিৱৰ্ত্তন আহিছে ৷ বৰ্তমান অনলাইনৰ যুগ ৷ ফেচবুক, হাইক, হুৱাটচ্এপ, টুইটাৰ, মেচেঞ্জাৰ আদিয়ে আজিৰ যুৱ প্ৰজন্মৰ মাজলৈ আনিছে আমূল পৰিৱৰ্ত্তন ৷
মাটি আৰু মানুহৰ গোন্ধেৰে জীপাল সংগীতসূৰ্য ড. ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰ গীত শুনিবলৈ ষাঠি-সত্তৰৰ যুৱ প্ৰজন্মই হাবাথুৰি খাইছিল৷ কিন্তু তাৰ বিপৰীতে আজিৰ যুৱ প্ৰজন্মৰ সৰহ সংখ্যকে কেৱল ডি.জে নাইট আদিৰ বাবেহে হাবাথুৰি খায় ৷ ইয়াৰ আঁৰত ইন্টাৰনেটৰ প্ৰভাৱেই সৰ্বাধিক ৷ এইখিনিতে মোৰ নিজা অভিজ্ঞতা এটাৰ কথা ক’ব খুজিছোঁ ৷ অলপতে অসমৰে বিশ্ববিদ্যালয় এখনৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বলীউদৰ গায়িকা অদিতি সিং শৰ্মাৰ অনুষ্ঠান এটিৰ শ্ৰোতা-দৰ্শক হ’ব লগাত পৰিছিল ৷ মঞ্চৰ বহু আঁতৰলৈকে পৰুৱাৰ দৰে লানি নিচিগা জনসমাগম ৷ নিদ্দিৰ্ষ্ট সময়ত বাজি উঠিল বে’চ গীটাৰ, ড্ৰাম, ছেকচ’ফ’ন আদি ৷ সকলোৱে উচ্চ স্বৰে চিঞৰিলে ৷ মোৰ কাণখন তাল মাৰি ধৰিলে ৷ সকলো লাইট অফ হৈ গ’ল ৷ জ্বলিল মাথো মঞ্চৰ সেউজীয়া, ৰঙা, হালধীয়া আদি ডিস্ক’ লাইট ৷ মঞ্চত সুৰৰ লহৰ তুলিলে বলীউদৰ গায়িকা অদিতি সিং শৰ্মাই ৷ তাত উপস্থিত থকা যুৱ সমাজৰ সৰহখিনিয়েই অদিতিৰ অনুৰাগী৷ সুৰৰ তালে তালে তাণ্ডৱ নাচ নাচিবলৈ আৰম্ভ কৰিলে ৷ নাচৰ লগে লগে দেখি-শুনি ভাল নলগা বিভিন্ন কাৰুকাৰ্য ৷ দেশৰ সম্ভাৱনাৰূপে পৰিগণিত এই চাম তৰুণ-তৰুণীৰ সন্মুখত যেন আজিৰ তাৰিখত নিজৰ দেশ, জাতি, মানুহ আৰু সমাজক কেন্দ্ৰ কৰি নাই কোনো সমস্যা ৷ কেৱল ৰং আৰু ৰং ৷
অদিতিৰ অনুষ্ঠানৰ অন্তত আমি প্ৰৱেশ কৰিছিলো সেই ঠাইৰ পৰা নাতিদূৰৈত থকা গ্ৰন্থাগাৰত৷ গ্ৰন্থাগাৰত সোমাই আমাৰ চকুত পৰিল এক ব্যতিক্ৰমী পৰিৱেশ ৷ উদ্দাম ৰং উলাহৰ বিপৰীতে সেইখিনি সময়ত একাংশ ছাত্ৰ-ছাত্ৰী নিমগ্ন হৈ আছিল গভীৰ অধ্যয়নত৷ মোৰ এনে লাগিল অধ্যয়নত ব্যস্ত এনেচাম ছাত্ৰ-ছাত্ৰীৰ পৰাই ছাগে আমি নতুন চিন্তাৰ, নতুন পথৰ সন্ধান পাম৷ নিজৰ আইৰ ভাষা, সুৰ, আইতাৰ সাধুকথা আৰু গুণগুণনি আদিৰ মাজেদিহে আমাৰ পৰিচয় সবল হ’ব৷ নহ’লে ক’ত কেতিয়া কেনেকৈ আমি হেৰাই যাম কোনেও গমকে নাপাব ৷
Post a Comment