• theoxygentimes@gmail.com

Blog


-অঞ্জন বাচকোটা

গ্ৰন্থ পৰিচয়ঃ

গ্ৰন্থখনৰ নামঃ প্ৰভাত যামিনী

গ্ৰন্থকাৰঃ পূৰ্ণ কুমাৰ শৰ্মা

প্ৰকাশকঃ ভাৰতীয় সাহিত্য প্ৰকাশন, তেজপুৰ

প্ৰকাশন বৰ্ষঃ ২০১৪

বিভাগঃ একাংকী নাটক সংকলন (অসমীয়া)

মূল্যঃ ৫০/-                               

প্ৰাপ্তিৰ স্থানঃ পূৰ্ণ কুমাৰ শৰ্মা, ভ্ৰাম্যভাষ-৯১০১৩১৫৬০৭  

নাট্য সংকলনৰ বিষয়বস্তুঃ

        নাট্যকাৰ, নাট্যভূষণ পূৰ্ণ কুমাৰ শৰ্মা অসমীয়া, নেপালী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা এগৰাকী বৰ্ষীয়ান সাহিত্যিক। প্ৰভাত যামিনী শ্ৰীশৰ্মাৰ তিনিখন অসমীয়া একাংকী নাটকৰ একত্ৰ সংকলন। নাট্য সংকলনটোৰ প্ৰথম নাটকৰ নাম হ-প্ৰভাত-যামিনীআধুনিক সমাজ ব্যস্থাত চলি থকা উচ্চ মধ্যবৃত্ত পৰিয়ালৰ ভিতৰচ'ৰাৰ মনোবৈজ্ঞানিক চিত্ৰ কাষে কাষে অন্য নিম্ন বৰ্গীয় সামাজিক চিন্তনৰ এক ফচল। এই ফচলৰ সোৱাদ সমাজৰ মানুহে যুগে- যুগে, পুৰষে- পুৰুষে, চামে-চামে ভগি আহিছে, ভুগিব লাগিছে আৰু হয়তো ভুগি থাকিব।কণপিতৌ আৰু তৰামাই নামৰ দুটি চৰিত্ৰই প্ৰেম আৰু বিবাহৰ ফলাফলৰ প্ৰসংগৰে আৰম্ভ কৰা নাটক বিভিন্ন ঘটনাৰ মাজেৰে গতি কৰি প্ৰভাত-তৰামাই, কণপিতৌ-যামিনীৰ বিবাহত সমাগত দিনৰ বাবে এক যোগাত্মক ধাৰণা দিয়াৰ প্ৰয়াস দৰ্শকে ক'ব নোৱাৰাকৈ নাট্যকাৰে সন্তৰ্পনে দি গৈছে। অভিনয়ৰ মঞ্চত চোৱা জীৱন্ত নাটক আৰু পঠন সামগ্ৰীৰ ৰূপত পঢ়ি অনুভৱ কৰা প্ৰভাত-যামিনীৰ সাফল্য এই খিনিতে।এফালে ৰায়চাহাৱ ধৰণীধৰ বুজৰবৰুৱাৰ ক্ষমতাৰ আসক্তি আনফালে অসহায় মাতৃ আৰু বিধবা বৌৰ দীনতাৰ পৃষ্ঠভূমিত প্ৰভাতৰ বুকুত জ্বলি উঠে বিপ্লৱৰ জুই।নিবনুৱা প্ৰভাতৰ বুকুত থকা প্ৰেম হাবিয়নীত কল্পনাৰ চহৰ হৈছিল। পিছে ঘৰলৈ অহা সময়তে যামিনী বলৎকাৰৰ ঘটনাই সমস্ত মানুহখিনিক মানৱতাৰ এটা বিন্দুত থিয় কৰালে।ইয়াতে নাটকৰ ভাৱাত্মক যবনিকা ঘটে
           পুথিখনত সন্নিবিষ্ট দ্বিতীয় নাটক হ'সাহসী ৰমণীআহোমসকলৰ ছয়শ বছৰীয়া ৰাজত্বকালত অনেক ঐতিহাসিক ঘটনাৰ লগতে কেবাটাও যুদ্ধ বিগ্ৰহ বা তয়াময়া ৰণ সংঘটিত হৈছিল। তেনে সময়ত বীৰাঙ্গনা মূলাগাভৰুকে মুখ্য কৰি সময়সাপেক্ষ কেবাগৰাকী আহোম ৰমণীয়ে প্ৰকাৰন্তৰে দেশভক্তিৰ নিদৰ্শন দাঙি ধৰিছিল। তেনে এক যুদ্ধকালীন সময়ত এগৰাকী ৰমণীয়ে দেখুওৱা বুদ্ধিমত্তা আৰু সাহসে তেতিয়াৰ আমোলা-বিষয়া, মন্ত্রী-পৰিষদৰ স্বাৰ্থান্বেষী  লোকে প্ৰজাৰ অলক্ষিতে দেশৰ লগত কৰিব বিচৰা অন্যায়ৰ বিৰুদ্ধে যুঁজ দি জয়যুক্ত হৈছিল, তাৰে সুন্দৰ অভিনয় সুচল নাট্য ৰূপান্তৰ ঘটিছে পূৰ্ণকুমাৰ শৰ্মাৰ কাপত।
       ১৫২৫/২৭ খৃষ্টাব্দ  আহোম ৰজা স্বৰ্গদেউ চুকামফা ৰাজত্বকালত, কোঁচৰজা নৰণাৰায়ণৰ আদেশত বীৰ চিলাৰায়ে ৰাজ্য আক্ৰমণ কৰাৰ বাতৰি আহে। মন্ত্রী পৰিষদৰ ডা-ডাঙৰীয়াই ৰজাক শত্ৰু সৈন্যক ভেটি ধৰি উচিত প্ৰত্যুত্তৰ দিয়াৰ সাহস দিয়াটো দুৰৰে কথা, ৰজাক ৰাজহাউলিৰ পৰা পলুৱাই অজ্ঞাত ঠাইলৈ যোৱাৰ পৰামৰ্শ দি প্ৰতিপক্ষৰ ওচৰত ধন-বিত, সোণ-ৰূপ অথবা ৰাজকোঁৱৰ বা কুঁৱৰী ভেটি হিচাপে আগবঢ়োৱা পৰিকল্পনা কৰে৷ অনান্য সামগ্ৰীৰ লগতে পাঁচজন কোঁৱৰৰ তালিকা ঘোষণা কৰা হয়। সেই পাঁচটিৰ ভিতৰত নাটকৰ নায়িকা স্বৰূপ নাংব্লক গাভৰুৰ পুত্ৰৰ নামো আছিল৷ এই কথা গমপায়েই গাভৰু গৰজি উঠিল, নিজৰ সৌৰ্য, বীৰ্য থাকোতে, নিজৰ অবহেলা অকৰ্মন্যতা দোহাই দি, বিনাযুদ্ধে শত্ৰুৰ আগত ভাৰ-ভেটিৰে শৰণাপন্ন হোৱাটো আহোম স্বৰ্গদেউৰ বাবে কিমান লাজ আৰু অপমানৰ বিষয় হ'ব পাৰে- এই কথা ৰাজসভাত গাভৰুৱে কয়। তেওঁ ডা-ডাঙৰীয়াই মতা মানুহ হৈ যদি যুদ্ধলৈ যাবলৈ সাহস নকৰে তেন্তে তেওঁলোকে হাতৰ হেংদাং আমাক দিয়ক আৰু আমাৰ হাতৰ সাৰুমণি পিন্ধি পো-তিৰিৰ সতে ঘৰতে থাকক, মই মোৰ পোক শতৰুৰ হাতত নিদিও বুলি কোৱাত স্বৰ্গদেউ চুকামফাই বিষয়াৰ ষড়যন্ত্রৰ ভেদ ভাঙি পেলায়গাভৰু গৰাকীৰ দেশপ্ৰেমত সকলোৱে নতশিৰ কৰে৷নাংব্লক গাভৰুসহ পনলৈ দিব বিচৰা সকলো কোঁৱৰক মাকৰ কোলালৈ ফিৰাই পঠোৱা হয়। নাটকখনত ৰাজ্য প্ৰশাসনৰ উচ্চ স্তৰত বিষয়া-কৰ্মচাৰীৰ অকৰ্মন্যতা, দুৰ্বলতা আৰু ধনলিপ্সা তথা ৰাজহুৱা সম্পদৰ অপব্যৱহাৰ কেনেদৰে তাহানিৰ পৰা আজিলৈকে ৰং বৰণ সলাই বলবৎ হৈ আহিছে তাক সোঁৱৰাই দিব বিচৰা হৈছে। দেশৰ নাৰীসকল আজি মাত্ৰ নহয় তাহানিৰ পৰাই দেশৰ, জাতিৰ হৈ ন্যায় আৰু উন্নতিৰ বাহক হৈ আহিছে তাৰ এয়া জলন্ত উদাহৰণ। ভাষাৰ প্ৰয়োগ আৰু স্থানান্তৰত কৌতুকপূর্ণ দৃশ্য অৱতাৰণাৰে নাটকখনক উপভোগ্য কৰি তোলাত নাট্যকাৰ সফল হোৱা বুলি স্বীকাৰ কৰিবই লাগিব৷
                নাট্য সংকনটোৰ তৃতীয় নাটক হশিক্ষা কোনে লৈছে?’নাটকখনত আধুনিক শিক্ষিত আৰু সমাজত নিজকে 'আমি অভিজাত শ্ৰেণীৰ' বোল তথাকথিত এক শ্ৰেণীৰ লোকক মূল্যবোধৰ শিক্ষা দিব বিচৰা হৈছে। ইয়াত প্ৰিঞ্চিপাল পংকজনাৰায়ণ দত্তবৰুৱাৰ ঘৰ তথা পাচলি ব্যৱসায় কৰা গেন্ধেলাকাইৰ কৰ্ম, লক্ষ্য আৰু উদেশ্যৰ গইনালৈ নাট্যকাৰে বিভিন্ন নাটকীয় উপস্থাপন আৰু সংলাপৰ মাধ্যমেৰে অকল চাৰ্টিফিকেটৰ শিক্ষাই ব্যক্তিৰ জীৱনত সৰ্বস্ব নহয়, মানুহ মানুহৰ দৰে হ'বৰ বাবে অহংকাৰ শূন্য, সকলোৰে প্ৰতি সমদৃষ্টি সম্পন্ন হোৱাৰ আৱশ্যক বোলা কথাষাৰ প্ৰতিপন্ন কৰিব বিচৰা হৈছে।

সামৰণিঃ   

       তিনিওখন নাটকৰ লক্ষ্য আৰু মূল উদ্দেশ্য হৈছে সমাজ সংস্কাৰ।নাট্যকাৰ এইখন সমাজৰে সৃষ্টি, সমাজখনৰ এজন চিন্তাশীল দ্ৰষ্টা। সমাজৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতা পালন কৰিবলৈ যাওতে তেঁও ৰজাঘৰীয়া, প্ৰজাপক্ষ, ডাঙৰ-সৰু কাৰো মুখলৈ চোৱা নাই। সংকলনটোৰ অতি সৱল আৰু গুৰুত্বপূৰ্ণ দিশটো হল নাট্যকাৰে নাটক ৰচনাৰ ক্ৰমত সমাজৰ উত্তৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পৰা কাৰকসমূহ উল্লেখ কৰাৰ ওপৰিও ইবোৰৰ সমাধানৰ যথোপযুক্ত সমিধান দিবলৈ সীমিত পৰিসৰত থাকিও চেষ্টা কৰিছে। পুথিভাগ বেটুপাতৰ চিত্র অংকন কৰিছে শিল্পী প'ৰী বৰাই আগ কথালিখিছে বিশিষ্ট সমালোচক, সাহিত্যিক, সাহিত্য একাডেমী পৰামৰ্শদাতা সমিতিৰ নেপালী ভাষা বিভাগৰ প্ৰাক্তন সদস্য জ্ঞান বাহাদুৰ ছেত্রীয়ে শেষান্তত কব পাৰি নাট ৰচনাৰ ক্ষেত্ৰত নাট্যকাৰ সফল হৈছে। সংকলনটোত মাজে মাজে বৰ্ণ বিভ্ৰাট দেখা গৈছে। আগলৈ লেখকগৰাকীক এই ক্ষেত্ৰত সতৰ্ক হবলৈ পৰামৰ্শ দিয়া হল।

                                             (চমাৰ দলনি, চতিয়া, বিশ্বনাথ, অসমঃ ভ্ৰাম্যভাষঃ ৭০০২৭০২২৬৮)

                                                                        _____________________

 

 

Post a Comment