• theoxygentimes@gmail.com

Blog


অসমীয়া ছহীদ , ভাতৃ দ্বিতীয়াৰ ৰাজ্যিক বন্ধ আৰু আমাৰ অনুভব

***********

ড৹চিন্তা মণি শৰ্মা

অধ্যক্ষ

বিশ্বনাথ মহাবিদ্যালয়,বিশ্বনাথ,অসম

 

কাৰ্গিল যুদ্ধত 7 জুলাই 1999ত প্ৰাণ আহুতি দিয়া ছহীদ কেপ্টেইন বিক্ৰম বাত্ৰাই কৈছিল- "Either I will come back after hoisting the tricolor ,or I will come back wrapped in it, but I will be back for sure." ভাৰতবৰ্ষত সতসহস্ৰ জোৱানে দেশৰ বাবে আত্ম বলিদান দিছে আৰু তেওঁলোকৰ পাৰ্থিৱ শৰীৰ তিৰংগ পতাকাৰে মেৰিয়াই ছহীদৰ মৰ্য্যদা প্ৰদান কৰা সেই কৰুণ দৃশ্যৰ সাক্ষী প্ৰত্যক্ষ বা পৰোক্ষ ভাবে আমি হৈ আহিছো। জাতীয় পতাকাৰ মৰ্য্যদা অক্ষুন্ন ৰাখিবলৈ নিজকে দেশৰ বাবে আত্ম বলিদান দিয়া প্ৰক্ৰিয়া ধাৰাবাহিক ভাৱে  চলি আছে আৰু নিসন্দেহ চলি থাকিব। অসমী আইৰ অসংখ্য সন্তানে বিভিন্ন সময়ত ভাৰতৰ অখণ্ডতা অক্ষুন্ন ৰখাৰ উদ্দেশ্যে শত্ৰু পক্ষৰ লগত বীৰদৰ্পে যুদ্ধত অবতীৰ্ণ হৈ শত্ৰুক পৰাস্ত কৰিছে আৰু কেতিয়াবা দুৰ্ভাগ্যজনক ভাবে মৃত্যুবৰণ কৰিছে। 20 অক্টোবৰ, 2019 দিনটো অসমবাসীৰ বাবে এক বিষাদৰ দিন কিয়নো এই দিনটোতেই অসমীয়া গোৰ্খা সন্তান পদম বাহাদুৰ শ্ৰেষ্ঠই ভাৰতীয় সৈন্য বাহিনীৰ 3/9 গোৰ্খা ৰেজিমেন্টত হাবিলদাৰ হিচাপে কৰ্মৰত থাকোঁতে কাশ্মীৰৰ কুপৱাড়া জিলাৰ তাংগধাৰত পাকিস্তানী সন্ত্ৰাসবাদীৰ আৰ্টিলেৰী আক্ৰমণত প্ৰাণ আহুতি দিব লগা হৈছিল আৰু  এনেদৰে অসমৰ আন এজন সাহসী সৈনিকে আত্ম বলিদান দিলে।দেশৰ বাবে প্ৰাণ আহুতি দিয়া পদম বাহাদুৰ শ্ৰেষ্ঠৰ ককা মান বাহাদুৰ শ্ৰেষ্ঠও 1962 চনত প্ৰথম গোৰ্খা ৰেজিমেন্টৰ কেডাৰ হিচাপে  চীনা-ভাৰত যুদ্ধত প্ৰাণ আহুতি দিছিল। অসমীয়া হিচাপে পদম বাহাদুৰ শ্ৰেষ্ঠ আৰু তেওঁৰ ককাকে দেশৰ বাবে দিয়া আত্ম বলিদানক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। বীৰ বীৰাংগনাই নিজৰ সৌৰ্য আৰু অপৰিসীম বীৰত্বৰে মহীয়ান কৰা ৰাজ্য হ'ল অসম।বিৰাল্লিছৰ স্বাধীনতা সংগ্ৰামত গোলাঘাটৰ ধনশিৰি মহকুমাৰ বিপ্লবী যুঁজাৰু কুশল কোঁৱৰ হ'ল প্ৰথম বাৰৰ বাবে ফাঁচী কাঠত ওলমা সেই আন্দোলনৰ ছহীদ। একেদৰে  বীৰাংগনা কনকলতা,  মুকুন্দ কাকতিৰ বীৰত্বৰ গাথাই উত্তৰ পুৰুষক সদায় অনুপ্ৰাণিত কৰি আহিছে। কাৰ্গিল যুদ্ধত পৰম বীৰত্ব দেখুৱাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা কেপ্টেইন জিন্টু গগৈক লৈ আমি অসমবাসী সদায় গৌৰৱান্বিত।2019 চনৰ 25 মে তাৰিখে  নগালেণ্ডৰ মন জিলাত উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত অসম ৰাইফলছৰ হাবিলদাৰ কালি প্ৰসাদ শৰ্মাই জীৱন আহুতি দিছিল। তেওঁ তেজপুৰৰ অসমীয়া গৌৰ্খা সন্তান আছিল। তাৰ ঠিক এসপ্তাহ পিছতে বিশ্বনাথ জিলাৰ সন্তান হাবিলদাৰ  নীৰজ ছেত্ৰীয়ে ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হ'ল। আমাৰ এই লেখাত দুটা প্ৰসংগ আলোচনা কৰিব বিচাৰিছো। প্ৰথম হ'ল ছহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ নিথৰ দেহ ৰাষ্ট্ৰীয় মৰ্য্যদাৰে পঞ্চভূতত বিলীন হোৱাৰ আগত চৰকাৰী প্ৰতিশ্ৰুতি আৰু এতিয়ালৈ সেই প্ৰতিশ্ৰুতিৰ অগ্ৰগতি আৰু দ্বিতীয়টো হ'ল গেৰ্খাসকলৰ জাতীয় উৎসব "ভাতৃ দ্বিতীয়া"ৰ দিন ৰাজ্যিক বন্ধ  ঘোষণা কৰাৰ পিছত বিভিন্ন লোকৰ পৰা অহা  প্ৰতিক্ৰিয়া। ছহীদ কুশল কোঁৱৰৰ একে জিলা আৰু মহকুমাৰ আন এগৰাকী বীৰ সন্তান পদম বাহাদুৰ শ্ৰেষ্ঠ  সৰুৰে পৰা সাহসী, কষ্টসহিষ্ণু আৰু দেশভক্তিৰ ভাবধাৰাৰে সংপৃক্ত  আছিল। 2001 চনত বিবাহ সম্পন্ন হোৱা কেইমাহমান পিছতে 3/9 গোৰ্খা ৰেজিমেন্টত সৈনিক হিচাপে যোগদান কৰি NSG ৰ কামাণ্ডো হিচাপে কঠোৰ প্ৰশিক্ষণ লোৱা পদমে পৰৱৰ্তী সময়ত Counter Insurgency of Jungle Warfare School ৰ পৰা Sub - Conventional Operations ৰ Diploma লাভ কৰিবলৈ সক্ষম হৈছিল। বিভিন্ন  ঠাইত চাকৰি সূত্ৰে কাৰ্যনিৰ্বাহ কৰা পদম বাহাদুৰ শ্ৰেষ্ঠই জম্মূ কাশ্মীৰতে বিভিন্ন সময়ত তিনিবাৰ দায়িত্ব পালন কৰিছিল। ঘৰৰ ককাৰ পৰা সাহসিকতাৰ আদৰ্শৰে অনুপ্ৰাণিত পদম বাহাদুৰ শ্ৰেষ্ঠই আৰম্ভণিৰ পৰাই কৰ্তব্যত অতি সাহসিকতাৰ পৰিচয় দি আহিছিল। যুদ্ধৰ কৌশলত নিপুণ পদম বাহাদুৰৰ শৰীৰলৈ 2017 চনতে  সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰিছিল যদিও তেওঁ নিজৰ কৌশলৰ বাবে কথমপি ৰক্ষা পৰিছিল। নিজ মাতৃভূমি অসমত 2019ত ঘূৰি আহিব'লৈ মন মেলা পদমে বিভাগীয় কৰ্তৃপক্ষক অৱসৰ লোৱাৰ উদ্দেশ্যে আবেদনো জনাইছিল।কিন্তু উৰ্দ্ধতন বিষয়াই পদম বাহাদুৰ শ্ৰেষ্ঠৰ বীৰত্ব অনুধাৱন কৰি অৱসৰৰ সলনি হাবিলদাৰলৈ পদোন্নতি দি জম্মূ কাশ্মীৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত ললে। শত্ৰুক সদায় পৰাভূত কৰিবলৈ সক্ষম পদম বাহাদুৰ শ্ৰেষ্ঠই নিজৰ স্থিতি সলনি কৰি কামত লাগি গ'ল।কিন্তু 20 অক্টোবৰ, 2019 পদম বাহাদুৰ শ্ৰেষ্ঠৰ বাবে একে নেথাকিল।নিষ্ঠুৰ সন্ত্ৰাসবাদীৰ আৰ্টিলেৰী আক্ৰমণত আত্ম বলিদান দিব লগা হ'ল।  জীৱন বলিদান দিবলৈ সদাপ্ৰস্তুত পদম বাহাদুৰে মৃত্যু বৰণ কৰিলে। ফিল্ড মাৰ্শ্বাল ছেম  মানিকশ্বয়ে কোৱা কথা " If a man says he is not afraid of dying,he is either lying or he is a Gurkha." পদম বাহাদুৰ শ্ৰেষ্ঠৰ ক্ষেত্ৰত এশ শতাংশই প্ৰযোজ্য হ'ল।

যোৱা 7 নবেম্বৰ, 2020 তাৰিখে পদম বাহাদুৰ শ্ৰেষ্ঠৰ বছেৰেকীয়া শ্ৰাদ্ধৰ দিনা গোলাঘাট জিলাৰ বৰপথাৰৰ হাতিখূলি স্থিত বাসস্থানত অসম নেপালী সাহিত্য সভা,অসম গোৰ্খা সন্মিলন আৰু গোৰ্খা ছাত্ৰ সংস্থাৰ গোলাঘাট জিলা সমিতিৰ যৌথ উদ্যোগত এক মহৎ কাম কৰা হ'ল যাৰ সাক্ষী হোৱাৰ সৌভাগ্য  আমিও পালোঁ।"শ্বহীদ" শীৰ্ষক এক স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিলে আয়োজকে । পদম বাহাদুৰ শ্ৰেষ্ঠৰ স্মৃতি যুগমীয়া কৰিবলৈ এক আদৰণীয় আৰু অনূকৰণীয় পদক্ষেপ ল'লে। স্মৃতিগ্ৰন্থ খন উন্মোচন কৰিব লাগে বুলি দহ দিন আগতে সেই অঞ্চলৰ উদীয়মান যুবক তথা সমাজ সচেতক গোপাল শ্ৰেষ্ঠই আমন্ত্ৰণ জনোৱাত আমি সন্মতি প্ৰদান কৰিছিলো। আমি গোপাল শ্ৰেষ্ঠৰ  আন্তৰিক আমন্ত্ৰণ গ্ৰহণ কৰি 7 তাৰিখে পূৱা 8:30 বজাত ওলালো আৰু প্ৰায় 11:30 বজাত বোকাখাতৰ বন্ধু তিলক শৰ্মাৰ গৃহত আহাৰ গ্ৰহণ কৰি 12 মান বজাত গন্তব্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। তিলক শৰ্মাই গাড়ীৰ ষ্টিয়েৰিং নিয়ন্ত্ৰণ কৰা বাবে  প্ৰায় এশ কিলোমিটাৰ পথ আঢ়ৈ ঘন্টাতে অতিক্ৰম কৰিলোঁ নহলে আমি আৰু পলম কৈ পালো হয় অসমৰ চাৰিওফালে বাট পথ উন্নয়ন হৈছে কিন্তু শিলনীজানৰ পৰা বৰপথাৰৰ বাট আৰু বৰপথাৰৰ পৰা শ্বহীদ পৰিয়ালৰ ঘৰলৈ যোৱা পথ একেবাৰে দুখ লগা বাটতে ফোন কৰি স্মৃতি চাৰণ সভাৰ কাম আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়া ' কিয়নো ঠিক এক বজাত এই সভা আয়োজন কৰাৰ কথা আছিল আৰু প্ৰশাসনৰ ফালৰ পৰা সময় মতে  SDPO শ্ৰীযুতা পংকজ য়াদব (IPS), মহকূমাধিপতি কিশান জ্যোতি ডেকা(ACS) লগতে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰা, সাহিত্যিক বুধীন ফুকনকে আদি কৰি আমন্ত্ৰিত অতিথি সকল উপস্থিত হৈছিল কাজীৰাম বিষ্টৰ পৌৰোহিত্যত সম্পন্ন  সভা অসম নেপালী সাহিত্য সভাৰ মাণ্ডলিক  সম্পাদক তিলক শৰ্মাই উদ্বোধন কৰে। বন্তি বৰাই দুখ প্ৰকাশ কৰিলে যিখন প্ৰাৰ্থমিক বিদ্যালয়ত শ্বহীদ শ্ৰেষ্ঠই পঢ়িছিল সেয়া বন্ধ হৈ গৈছে সাহিত্যিক বুধীন ফুকনে কলে আমি সকলোৱে নিজৰ পৰিচয় অসমীয়া বুলি দি গোৰ্খা জাতীয় অনুষ্ঠানৰ লগতে সকলো সংগঠন একত্ৰিত হৈ পদম বাহাদুৰ শ্ৰেষ্ঠ অসমীয়া জাতিৰ শ্বহীদ হোৱা হেতুকে প্ৰবল দাবীৰে মূখ্যমন্ত্ৰীয়ে শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ ঘৰলৈ 2019 আগষ্টতে আহি  বাসস্থান লৈকে পথ অচিৰেই পকীকৰণ কৰি শ্বহীদৰ নামত নামাকৰণ কৰা যি ঘোষণা কৰিছিল তাক বাস্তবায়িত কৰাৰ দিশত আগবাঢ়িব লাগে ছহীদৰ কন্যাই সাংবাদিকৰ আগত কান্দিলে ক্ষোভত, এক আবেগিক পৰিবেশ ।আমাৰ হাতত  "শ্বহীদ" স্মৃতিগ্ৰন্থ উন্মোচন কৰা পাল আহিল আমি চমু বক্তব্য ৰাখিলো অসম আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ছহীদ হৈছে গোৰ্খা জনগোষ্ঠীৰ যুবক যুবতীঅসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি পাবলৈ অহা অন্তৰায়ৰ সময়ত অসুবিধা হৃদয়ংগম কৰি লোকপিয়লত স্বইচ্চাৰে মাতৃভাষা অসমীয়া বুলি লিপিবদ্ধ কৰাইছে এই গোৰ্খালোকে।বৈচিত্ৰপূৰ্ণ অসমীয়া মহাজাতিৰ অভিন্ন অংগ স্বৰূপ এই জনগোষ্ঠীয়ে নিজ সংস্কৃতি সংৰক্ষণৰ লগতে অসমৰ মাটি,পানী আৰু জলবায়ুৰ লগত বিলীন হৈ অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিছেঅসমত নেপালী মাধ্যমৰ বিদ্যালয় নেলাগে বুলি নেপালী সাহিত্যৰ উত্তৰণৰ হকে কাম কৰা অসম নেপালী সাহিত্য সভাই উদ্যোগ লৈছে।বৰ্তমান প্ৰায় পচিশ লাখ গোৰ্খা জনগোষ্ঠীৰে পৰিবেষ্ঠিত অসম মুলুকত সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু অন্যান্য ক্ষেত্ৰৰ উন্নয়নত  কেতিযাও নিজক মূলসুঁতিৰ পৰা পৃথক ৰখা নাই  ভাষা আন্দোলনৰ বেলিকা অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত আগবাঢ়ি আহিছে অসম আন্দোলনত  ছয় গৰাকী গোৰ্খা অসমীয়া সন্তানে প্ৰাণ আহুতি দিছে।এই আন্দোলনৰ প্ৰথম গৰাকী  মহিলা শ্বহীদ বৈজয়ন্তী দেবী অসমীয়া গোৰ্খা  আজিৰ পৰা দুশ পাঁচ বছৰ আগতে গঠিত গোৰ্খা ৰেজিমেন্টত মকৰল হৈ সহস্ৰ জনে প্ৰাণ আহুতি দিছে, আহোম শাসন কালতো মানৰ আক্ৰমণ পৰা পৰিত্ৰাণ পাবলৈ গোৰ্খা সৈনিকে আহোমৰ হৈ যুঁজ দি মানক খেদি সহায় কৰা কথা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে কাহানিও নিজকে মূলসুঁতিৰ পৰা পৃথক নেভাবি সদায় অসম মাতৃৰ হকে নিজকে সমৰ্পণ কৰি অহা এই জনগোষ্ঠীটোৰ  ইমান ত্যাগৰ পিছতো কেতিয়াবা এই জনগোষ্ঠীক শংকাৰ দৃষ্টিৰে চোৱা হয়। যি ঘৰৰ ককা আৰু নাতি দুয়ো ভাৰতীয় সামৰিক সেৱাত মকৰল হৈ দেশৰ বাবে প্ৰাণ আহুতি দিছে, সেই ছহীদ পৰিয়ালৰ বাবে মূখ্যমন্ত্ৰীয়ে নিজেই গৈ ঘোষণা কৰাৰ পাছতো এবছৰ হৈ গ'ল, পকীপথ শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ ঘৰলৈকে নিৰ্মাণ হোৱা নাই । ঘৰ চলিবলৈ অতি টান হোৱা পৰিয়ালটোৰ কাকো চাকৰি দিয়া কথাই উঠা নাই।

***

ভাতৃ দ্বিতীয়াৰ দিনটোক অসম চৰকাৰৰ হৈ চৰকাৰী বন্ধৰ দিন ঘোষণা শেহতীয়াকৈ মূখ্য মন্ত্ৰীয়ে নিজেই কৰিছে বৃহত্তৰ অসমীয়া জাতিৰ অভিন্ন অংগ গোৰ্খা জনগোষ্ঠীৰ এই দিনটো চৰকাৰী বন্ধ ঘোষণা কৰা বাবে প্ৰথম বাৰৰ বাবে ছাত্ৰ ছাত্ৰীয়ে দ্বিধাহীন ভাবে ভাতৃ দ্বিতীয়া পালন কৰিব পাৰিব বুলি ভাবিছে ইয়াতো কিন্তু অন্তৰায় নথকা নহয় ভাতৃ  দ্বিতীয়াৰ দিনাখন বিবিএ পৰীক্ষা আছে গুৱাহাটী বিশ্ববিদ্যালয় অধীনৰ কলেজত। প্ৰতিবাৰেই এই পবিত্ৰ দিনটোত ষাণ্মাষিক পাঠ্যক্ৰমৰ অধীনত কলেজ বা বিশ্ববিদ্যালয়ত পৰীক্ষা থাকে বা ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হয় আৰু জাতীয় মহান উৎসব পালনত ব্যৰ্থ হয় অসংখ্য গোৰ্খা জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰী। সেইবাবে  বহু বছৰ ধৰি গোৰ্খা সকলৰ মহান জাতীয় উৎসব ভাতৃ দ্বিতীয়াৰ দিন সীমিত বন্ধৰ ঠাইত চৰকাৰী বন্ধ বুলি ঘোষণা কৰাৰ দাবী উত্থাপন হৈ আহিছিল যাক সমুজ্জ্বল ভট্টাচাৰ্য্য প্ৰমুখ্যে গোৰ্খা সকলক অসমীয়া জ্ঞান কৰা অনেক ব্যক্তিয়ে সমৰ্থন জনাইছিল। দুবছৰ আগত সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই গুৱাহাটীৰ সামূহিক ভাতৃ দ্বিতীয়াত অংশ গ্ৰহণ কৰি গোৰ্খা ভগ্নীৰ হাতৰ 'ভাই ফুটা' গ্ৰহণ কৰি এই দিনটোক চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছিল। অসমীয়া হিচাপে নিজকে  পৰিচয় দিয়া, অসমীয়া জাতীয় জীৱনৰ সংকটৰ সময়ত নিজক উসৰ্গা কৰিবলৈ সদা প্ৰস্তুত এই জনগোষ্ঠীৰ আটাইতকৈ ডাঙৰ পৰ্ব "ভাতৃ দ্বিতীয়া"ৰ দিনটো বন্ধ ঘোষণা কৰোঁতে পৰিতাপৰ বিষয় যে নিজকে বুদ্ধীজীবি বুলি জাহিৰ কৰিব বিচৰা এচাম  লোকে মাত্ৰ কেইজনমানক সন্তুষ্ট কৰিবলৈ ভাতৃ দ্বিতীয়াৰ দিন বন্ধ ঘোষণা কৰা হ'ল বুলি সামাজিক মাধ্যমত মন্তব্য দিয়া দৃষ্টিগোচৰ হৈছে। এই দিন চৰকাৰী বন্ধ হোৱাত তেওঁলোকে মনোকষ্টত ভূগিছে  আৰু  ফেচবূকত নিজৰ অসন্তুষ্টি  বেকত কৰিছে। তেওঁলোকৰ আপল'ড চাই অনেকে গোৰ্খা জনগোষ্ঠীক বিভিন্ন ভাষাৰে তুচ্ছ তাচ্ছিল্য কৰিবলৈ কুণ্ঠা বোধ কৰা নাই। বৈচিত্ৰময় অসমীয়া মহাজাতিৰ গাইগুটীয়া জনগোষ্ঠীৰ মাজত এনে চিন্তা যদি বিৰাজ কৰি থাকে, অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰিব পৰা যাব  জানো ?

                                                                                                               ______________

Post a Comment