ড০ নিৰ্মলা দেবী
গুৱাহাটী
ৰ’মানা এক’ষ্টা বেনুএল’ছ [Romana Acosta Benuelos] মাৰ্কিন যুক্তৰাষ্ট˜ৰ প্ৰথম লেটিনো কোষাধ্যক্ষ [Latina Treasurer - ১৯৭১-১৯৭৪] আৰু এগৰাকী অসাধাৰণ উদ্যোগী ব্যৱসায়ী৷ আমেৰিকাৰ আৰিজ’না প্ৰদেশৰ মিয়ামিত দৰিদ্ৰ প্ৰৱাসী মেক্সিকান পৰিয়ালত জন্ম গ্ৰহণ কৰা [১৯২৫] বেনুএল’ছক ১৯৩৩ চনত আমেৰিকাৰ গ্ৰেট ডিপ্ৰেছনৰ সময়ত হাজাৰ-হাজাৰ আন প্ৰৱাসী মেক্সিকান আমেৰিকান পৰিয়ালৰ লগতে চৰকাৰে দেশান্তৰ কৰিছিল৷ চৰকাৰে পুনৰ ঘূৰাই অনাৰ প্ৰত্যাশাৰে মেক্সিকোলৈ গমন কৰা বেনুএল’ছৰ পৰিয়ালটি মেক্সিকোৰ চ’নাৰা [Sonara] নামৰ এখন সৰু ঠাইত বসবাস কৰিবলৈ লয়৷ ষোল্ল বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হোৱা বেনুএল’ছ ওঠৰ বছৰ বয়সত দুটি সন্তাৰ মাতৃ হয়৷ ১৯৪৩ চনত দুটি পানীকেঁচুৱা সন্তান আৰু স্বামীৰে সৈতে আমেৰিকাত এক নতুন সুন্দৰ স্বৰ্গসুখৰ জীৱন আৰম্ভ কৰাৰ সপোন লৈ টেক্সাছৰ এল্ পাচোৰ দিশেৰে আমেৰিকা যুক্তৰাষ্ট˜ত প্ৰৱেশ কৰিবলৈ লোৱাৰ পথত বেনুএল’ছৰ পতিয়ে তেওঁক পৰিত্যাগ কৰে৷ দুটি এমাডিমা সন্তানৰ স’তে কুৰি বছৰীয়া অসহায় মাতৃগৰাকী তেতিয়া দৰিদ্যভৰা জীৱনৰ কঠিনতম সময়ত৷ হাতত থকা কেইটামান মাৰ্কিন ডলাৰেৰে সন্তানকেই খুৱাবলৈ নোজোৰে৷ আমেৰিকাৰ দিশেই আগুৱাই যাবনে অহা বাটেৰে ঘূৰি যাব এতিয়া ? এনে খামখুমীয়াত তেওঁ হাতত থকা সাঁচতিয়াৰে কেলিফ’ৰ্নিয়ালৈ যোৱা বাছৰ টিকট কৰিলে৷ তেওঁ আত্মবিশ্বাসী আছিল যে তাতেই কিবা কাম নি(য়কৈ যোগাৰ কৰিব পাৰিব৷ ভবামতেই হল৷ বেনুএল’ছে ৰুটি বনোৱা ৰান্ধনীৰ কাম যোগাৰ কৰিব পাৰিলে৷ মাজৰাতিৰ পৰা পুৱা ছয় বজালৈ ৰুটি বনায় আৰু কেইটামান ডলাৰ আৰ্জন কৰে৷ প্ৰতিদিনৰ আৰ্জনৰ পৰা ডলাৰে প্ৰতি এটা ডাইম [দহ চেন্ট] সযতনে সাঁচি থয়৷ তাইৰ মগজুত এটি সপোন খেলিছিল অহৰহঃ সাঁচতীয়া ধনেৰে এদিন নিজৰ ৰুটীৰ দোকান খুলিব৷
এদিন এনেদৰেই জমা হোৱা ধন হাতত লৈ বেংকলৈ গ’ল৷ মেনেজাৰক লগ পাই ধনখিনি দেখুৱাই দোকানৰ প্ৰয়োজন হোৱাকৈ ঋণ দিবলৈ অনুৰোধ জনালে৷ বেংকৰ ঋণক উচিতভাৱে কামত খটুৱাই বেনুএল’ছ পঁচিশ বছৰ বয়সত সৰু ৰুটিৰ দোকানৰ স্বত্বাধীকাৰী হ’ল৷ আত্মবিশ্বাস আৰু বুকুত পুহি ৰখা সফলতাৰ চিএপটত ভেঁজা দি অবিৰাম অক্লান্ত পৰিশ্ৰমেৰে পোন্ধৰ বছৰৰ মূৰত তেওঁ উপনীত হল ব্যৱসায়ৰ উচ্ছতম শিখৰত৷ ১৯৭২ চনত যুক্তৰাষ্ট্ৰ ট্ৰেজাৰাৰৰ পদ শুৱনি কৰে তেওঁ৷ জীৱনে চৰমপযাৰ্য়লৈ দুখ আৰু দৰিদ্ৰৰে ডিঙিলৈকে উপচাই দিওঁতেওঁ বেনুএল’ছৰ মানসপটত তৰাৰ দৰে তিৰবিৰাই আছিল কিবা এটা কৰাৰ সপোন৷ চৰম পৰিস্থিতিকো আওকান কৰি এনে দূৰন্ত সপোন মন-মগজুত অনবৰতে কঢ়িয়াই লৈ ফুৰা মানুহ জীৱন সংগ্ৰামৰ ধুমুহাত পৰি হাৰ মনাৰ বিপৰীতে অধিক কঠিন আৰু পৰিশ্ৰমী হৈ, অধিক শক্তিশালী হৈ ওলাই আহে৷
এনে এক সফলতাৰেই পূৰ্ণ গতিশীল ছবি মানসপটত লৈ ঘূৰি ফুৰিছিল অলিম্পিক সাঁতোৰবিদ মাইকেল ফেল্পছে৷ শৈশৱৰে পৰা ADHD (Attention-deficit/hyperactivity disorder)ৰোগত আক্ৰান্ত মাইকেল ফেল্পছে- সেই সপোনৰ পম খেদি সকলো শাৰিৰীক প্ৰতিবন্ধকতা অতিক্ৰম কৰি অসাধাৰণ পাৰদৰ্শিতা বিকশিত কৰিছিল৷ দূযোৰ্গ আৰু শৰীৰৰ চৰম প্ৰতিবন্ধকতাক নেউচি ভাৰতবৰ্ষৰ অৰুণিমা সিন্হাই মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত আৰোহণ কৰিছে৷
‘হোৱাৰ সম্ভাৱনা ক্ষীণ, নহয় - নোৱাৰোঁ’ জাতীয় সকলোবোৰ নেতিবাচক চিন্তা-ভাৱনা- শব্দ পাহৰি যাব লাগিব৷ তেতিয়াহে ‘হবই, নিশ্চিত, সম্ভৱ, সুন্দৰ চিন্তন আদি ইতিবাচক শব্দবোৰ মন মগজুত স্থায়ীভাৱে ৰোপিত হ’ব৷ এবাৰ এনে গতিশীল, শক্তিশালী, ধনাত্মক শব্দ মনমগজুত স্থায়ীভাৱে ৰোপিত হ’লে জীৱনলৈ নতুন ইতিবাচক শব্দৰ বীজৰ আগমন আৰু অংকুৰণ ঘটিব, পোখা মেলিব শব্দবোৰে, ঠাল-ঠেঙুলিয়ে ভৰি পৰিব শব্দৰ শক্তি, মানসিক শক্তি হৈ পৰিব অদম্য৷ এনে অদম্য মানসিক শক্তিৰ অধিকাৰী মানুহৰ বাবে পৃথিৱীৰ কঠিনৰ পৰা কঠিনতম কামো হৈ পৰে সূচল৷ এই সফল অসাধাৰণ লোকে সফলতাৰ দূৰন্ত সপোন এনে অন্তহীন দিগন্ত প্ৰসাৰিত ৰূপত দেখে যে এই পৃথিৱীৰ কোনো প্ৰকাৰৰ অৱৰোধ বা [distraction] য়েই তেওঁলোকৰ মস্তিস্কত প্ৰৱেশ কৰাৰ ছিদ্ৰ বিচাৰি নাপায় ৷ এনে পযাৰ্য়লৈ দূৰন্ত কেন্দ্ৰীভূত সপোন দেখা লোকৰ বাবে সফলতা অনিবাৰ্য৷
(এই লেখাভাগ লেখিকাৰ সদ্য প্ৰকাশ পাব লগীয়া কিতাপ 'লক্ষ্য মনুষ্যত্ব'ৰ পৰা লোৱা হৈছে।)
-----------------------------
Post a Comment