কমল বৰাৰ ইটো সিটো
শ্ৰী মহিম আচাৰ্য্য, তেজপুৰ
দুপৰীয়াৰ সময়।আহাৰ মাহৰ গৰম।কেবাদিন ধৰি বৰষুণৰ দেখা দেখি নাই। ৰ'দ বৰ চোকা খাওঁ খাওঁ মূৰ্তি ।।বাৰিচুকত থকা কঠাল জোপাৰ তলতে কমল বৰাৰ অস্থায়ী সিংহাসন।কিছুসময় ৰ'দত কাম কৰাৰ পাচত তাতেই ক্ষন্তেক জিৰনী লয় তেও।পুৰনী অস্কাৰ টিভিৰ পিচফালৰ খোলা ওলোটাই মাটিত পাৰি সজা হৈছে বৰাৰ ৰাজসিংহাসন। সিংহাসনত আমাৰ বৰা মহাশয় বিৰাজমান।ঘামত সৰ্বশৰীৰ তিতা ।পিন্ধনত কাটাগেন্জী আৰু হাফপেন্ট।কিছুদিন নুখুৰোৱা দাঢ়ি আৰু অযত্নপালিত চুলিৰে যথেষ্ট সুন্দৰ দেখাগৈছে মহাশয়ক।গাৰ দুৰ্গন্ধৰ কাৰনে বোলে মহ-জোকেও বেছি দিগ্দাৰি নকৰে। এটা একলিটাৰৰ মগত বেলৰ চৰ্বত এমগ আৰু এহাতত গিলাচ লৈ মহাৰানী বৰানীৰ যথাস্থানত আগমন।বাৰিত বেলগছ নাই ,কিন্তু নিতৌ ঘৰৰ সকলোৱে বেলৰ চৰ্বত খায়। ইয়াৰোপৰি মাজে মধ্যে দুই এক গোটা বেল বিলাবলৈকো থাকে। ইফালে বজাৰৰ পৰা কোনো কাহানীও বেল কিনি অনা ৰেকৰ্ড নাই। ৰহস্যৰ পম খেদি আবিস্কাৰ কৰা হ'ল যে এয়া মৰ্নিং ৱাকৰ বাহাদুৰি। পুৱা ৰাস্তাৰ কাষৰ বেলগছত বৰাৰ আগত কোনো উপস্থিত হবই নোৱাৰে । কাৰন ইমান পুৱাই কোনেনো বিচনাৰ আমেজ এৰে কমল বৰাৰ দৰে!বেলৰ বাবেই মানুহটো ইমান ৰাতিপুৱাই উঠে বুলি বহুতেই নহঁহাও নহয় । অৱশ্যে বেলতো বছৰৰ কেইদিনমান হে পোৱা যায়, কিন্তু মানুহটো সদায় পুৱা একেসময়তে যায়, বাবে সেই দুৰ্নামৰ পৰা ৰক্ষা পৰে তেও।-- হেৰা মিনতি,বাৰিষাৰ সময়ত এই বনবোৰ ইমান ফটককৈ বাঢ়ে যে বৰ খং উঠিছিল হে।-- উঠিছিল মানে ?এতিয়া কি খং নুঠে নেকি?-- এতিয়া কেলৈ উঠিব ?এতিয়াতো প্ৰেম হৈছে প্ৰেম বুজিছা ।--প্ৰেম?!তাকো এই অপতৃনৰ সৈতে?একো নুবুজিলোঁ ।-- এই বনসোপাৰ কাৰনে কম গালি খাইছিলোঁ নে তোমাৰ ?কাপোৰ মেলা ঠাইত ইমান বন হৈছে,চিকুনাই নিদিয়ে কিয়, জোকৰ ভয়ত যাবই নোৱাৰি । আকৌ কোৱা ,ফুলনিত সোমাবই নোৱাৰি ,আকৌ কোৱা, বাৰিৰ ফালে যোৱা ৰাস্তাৰ বন গুচাই নিদিয়ে কিয়, দিনৰ দিনটো ক'তনো ঘুৰি ফুৰে মানুহটো!!-- এতিয়াও তো গজে?--গজে।কাৰনেইতো লকডাউনৰ সময় ব্যস্ত ৰাখিলে।ফুলনিৰ গুচাই উঠি চোতাল চাফাকৰোঁমানে ফুলনিত উঠিলেই; চোতাল অতাই বাৰিৰ শেষ কৰোঁমানে চোতাল একেই ।পিচফালে কাপোৰ মেলা ঠাই শেষ কৰি উঠিলেই ফুলনি ৰেডি।চাবলৈ গলে গোটেই লকডাউন এই বনবোৰেই ব্যস্ত ৰাখিলে।সেইকাৰণে প্ৰেম বুজিছা ।-- অ!!!কথা ক'ৰবাত!!
কমল বৰাৰ ইলেক্চন ডিউটি
মেটেৰিয়েল কেন্দ্ৰৰ পৰা যাবতীয় সকলো বস্তু লৈ ভোট কেন্দ্ৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে সকলোৱে ।তেওঁলোকক নি ভিতৰুৱা গাঁৱৰ প্ৰাথমিক বিদ্যালয় এখনত নমাই দিলে।আজিকালি অৱশ্যে বিদ্যালয় বিলাকত শৌচাগাৰ আৰু ৰান্ধনী ঘৰৰ ব্যৱস্থা নথকা নহয় ।কমল বৰাহঁতৰ কেন্দ্ৰৰ বিদ্যালয়খনৰ শৌচাগাৰৰ অৱস্থা তেনেই পুতৌলগা। ৰাতিৰ লেঠাটো যেনেতেনে তাতেই মাৰিলে বৰাদেৱে।ওচৰৰে এঘৰত খোৱাৰ ব্যবস্থা কৰা হ'ল। বেচিকৈ তেল মছলা নিদিয়া গাৱলীয়া খানা,বৰাৰ প্ৰিয় । গতিকে তেওঁ ভালেই পালে । লগৰ দুজনমানে কিন্তু মুঠেই ভাল নাপালে। আধাপেটীয়া হৈ থাকিল ।যাবতীয় কাম শেষ কৰি কিছুসময় শুবলৈ পালে তেওঁলোকে। কলিতা বোলা এজনৰ নাকৰ যিহে শব্দ হয়, যেন মটৰচাইকেল হে চলাইছে! ৰাতিপুৱা সোনকালে উঠি কিছু খৰধৰ কৰিব লগীয়া হ'ল; সেই মকপোল বোলা শনিটো আছেই নহয় ! ভোট আৰম্ভ হ'ল ।সুন্দৰভাবে চলি গৈ আছে। দুটামান বজাত কমল বৰাৰ ডাঙৰপানী(মানে শৌচ) চুব লগীয়া হ'ল ।খৰধৰকৈ গৈছিলহে ফেচাটোৰ দৰে উভতি আহিল । স্কুলৰ দমকলটো মৃত, মানে বেয়া হৈ গ'ল । কি কৰে এতিয়া! যেনে তেনে চেপি ধৰি পোলিং বিষয়াক পৰিস্থিতি চম্ভালিবলৈ কৈ দৌৰা দৌৰিকৈ ভাতৰ ব্যৱস্থা কৰা মানুহ ঘৰলৈ গ'ল।বাহিৰত ছোৱালী এজনীক দেখা পালে।ছোৱালী, লৰা, বুঢ়া চাবলৈ সময় নাই ।ডেলিভাৰী পেইনৰ সীমা পাৰ হওঁ হওঁ ।- হেৰা ভন্টি বাহিৰলৈ যোৱা, মানে পাইখানা কোনফালে হে ? মোৰ অলপ আৰ্জেন্ট বুজিছা ।কোনোমতে সুধিলে বৰাই।-- সৌৱা জোপোহাটোৰ পাছফালে ।সেইটো ঘটিটোত পানী লৈ যাওক।কুৱাৰ ওচৰত খুটি এটাৰ ওপৰত উবুৰিয়াই থোৱা ঘটিটোৰ ফালে দেখুৱালে। ভাবিবলৈ সময় নাই।একেকোবে কোৱাঁৰ পৰা এবাল্টি পানী তুলি ঘটিটোত ভৰাই ছোৱালীজনীয়ে আঙুলিয়াই দিয়া ঠাইলৈ গৈ বৰাই অৱস্থান ললে।সৰু জোপোহা এটাই ইমান ধুনীয়াকৈ আৰ কৰিছে যে আচৰিত লাগিল বৰাৰ ।ৰাস্তাৰে অহাযোৱা কৰা মানুহ, ঘৰৰ বাহিৰ ভিতৰ কৰা মানুহ বৰাই সুন্দৰকৈ দেখা পাই আছে ;কিন্তু তাত বহি থকা মানুহটোক কোনেও দেখা নাপায় ।চাঙ এখনৰ মাজত থকা খালি ঠাইত সামান্য হেলনীয়াকৈ এচটা টিং লগাই নিষ্কাষনৰ ব্যৱস্থা কৰা আছে। অস্থায়ী ব্যৱস্থা যদিও কোনো দুৰ্গন্ধ নাই।তিনিফালে বেৰ আছে কিন্তু আগফালে বেৰ বা দুৱাৰ একোৱেই নাই।কিন্তু জোপোহাই সুন্দৰকৈ বেৰৰ কাম কৰিছে ।সৰুকালত গাঁৱত গলহেকাৰী শৌচাগাৰলৈ মনত পৰিল বৰাৰ ।দৰ্জাৰ ঠাইত চটী বা বস্তা ফালি দীঘল কৰি পৰ্দাৰ দৰে আৰি দিয়া হয়।ভিতৰ সুমুৱাৰ আগতে এবাৰ গল হেকাৰি দি লব লাগে।ভিতৰত থকাজনে লগে লগে প্ৰত্যুত্তৰ দিয়ে।উহ ৰক্ষা! প্ৰথম দ্ৰব্য পিন্ড নিষ্কাষন কৰি বৰাই স্বস্তিৰ নিশ্বাস পেলালে । কিন্তু ই কি ? চাঙৰ তলত কিবা জন্তুৰ লৰচৰ অনুভৱ কৰিলে।হেলনীয়া টিং চটাৰ ফাকেৰে তললৈ জুমি চোৱাৰ লগে লগে বৰাৰ বুকু চিৰিংকৈ গ'ল, ভয়ত পেপুৱা লাগিল । বৰা বহিথকা চাঙটোৰ তলতে দুটা প্ৰকান্ড গাহৰি ।বৰাই নিষ্কাষন কৰা দ্ৰব্যৰ ওপৰত হেতাওপৰা কৰিছে।বৰাই বৰ ভয় খালে। ভয় হ'ল যদিহে উৎসৰ ফালে পোনায়।বেচেৰাই সিমানতে কৰ্ম সমাপ্ত কৰি সীমিত পানীৰে যেনে তেনে পৰিস্কাৰ হৈ জীও লৈ উলাই আহিল।
________________