• theoxygentimes@gmail.com

Blog


অভিনৱ সপোনবোৰ

ড০ নিৰ্মলা দেৱী

গুৱাহাটী

 

১৮৬৯ চনত ৰাছিয়ান ৰসায়ন বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলিভে পিৰিঅ'ডিক টেবুল বা পৰ্যাবৃত্ত তালিকাৰ প্রকাশ কৰিছিল। ২০১৯ চনত এই আৱিষ্কাৰৰ ১৫০ বছৰ হ’ ল। IUPAC - য়ে ২০১৯ চনটোক ৰসায়ন মৌলবোৰেৰে গঠিত পিৰিঅ'ডিক টেবুলৰ বৰ্ষ ৰূপে ঘোষণা কৰিছিল।

অসাধাৰণ প্রতিভাধৰ বিজ্ঞানী, উদ্ভাৱনী শক্তিৰ হোতা মেণ্ডেলিভৰ আবিষ্কৃত‘একক’এই পৰ্যাবৃত্ত তালিকাই ডেৰশ বছৰ ধৰি সমগ্ৰ বিশ্বৰ সকলো বিষয়ৰ বিজ্ঞানীসকলক পৃথিৱী তথা বিশ্ব ব্ৰহ্মাণ্ডত বৰ্তি থকা সকলো মৌল অৰ্থাৎ পদাৰ্থৰ ধৰ্ম, ৰূপ আদিৰ পূৰ্বানুমান কৰিবলৈ সহায় কৰিছে। আশ্চৰ্যকৰভাৱে, ডেৰশ বছৰৰ আগতেই মেণ্ডেলিভে তেতিয়া চিনাক্ত আৰু আৱিষ্কৃত নোহোৱা বহুতো মৌলৰ বাবে তালিকাখনত খালী ঠাই  থৈ,প্ৰশ্মবোধক চিন দি ধৰ্ম সম্বন্ধেও ভৱিষ্যদ্বাণী কৰি থৈছিল। যিবোৰ পাছলৈ হুবহু মিলি গৈছিল। ডেৰশ বছৰীয়া দীঘলীয়া যাত্ৰাপথত মেণ্ডেলিভৰ এই পৰ্যাবৃত্ত তালিকাখন সংশোধিত হৈ আধুনিকীকৰণো হ'ল ।  আধুনিক পৰ্যাবৃত্ত তালিকাৰ বিকাশ কৰা হ'ল। কিন্তু এই অসাধাৰণ বিজ্ঞানীজনৰ অনবদ্য আবিষ্কাৰে সমগ্ৰ পৃথিৱীৰ যোৱা ডেৰশ বছৰজোৰা বিজ্ঞান আৰু প্রযুক্তিৰ ইতিহাস, ঔদ্যোগীকৰণ, আৰু বিশ্ব সমাজৰ বিকাশত বিজ্ঞানৰ একক ভাষাৰে অমোঘ ভেটি প্রদান কৰিছে।                                                                                                                                                        

    এই প্রবন্ধৰ মূল কথা পৰ্যাবৃত্ত তালিকাৰ পৰ্যালোচনা নহয় যদিও এই প্রসংগ ইয়ালৈ এইবাবেই অনা হৈছে যে মেণ্ডেলিভে তালিকাখনৰ সম্পূৰ্ণ ৰেহৰূপ প্ৰত্যক্ষ কৰিছিল সপোনত। ৰাসায়নিক মৌলবোৰক এক যৌক্তিক মাত্ৰাত গোটাই, কেনেকৈনো একেলগ কৰিব পাৰি সেইবিষয়ে বহুদিন আৰু মাহ ধৰি মেণ্ডেলিভৰ চিন্তাৰ আদি-অন্ত নাছিল। এইচিন্তাৰ মাজতেই মেণ্ডেলিভে প্রতিবিধ মৌলৰ বাবে একোখনকৈ কাৰ্ড প্রস্তুত কৰিছিল। প্রতিখন কাৰ্ডত মৌলৰ নামেৰে সৈতে আছিল মৌলবিধৰ ধৰ্ম । তেওঁ উপলব্ধি কৰিছিল মৌলবোৰৰ পাৰমাণৱিক ওজন অতি গুৰুত্বপূৰ্ণ ধৰ্ম । কিন্তু কেনেকৈনো এই ধৰ্ম ব্যৱহাৰ কৰি সকলোকে একেটা পেটাৰ্নলৈ আনিব পৰা যায় ভাবি উলিয়াব পৰা নাছিল। নিজে লিখা কাৰ্ডবোৰ তেওঁ বহুপৰলৈ ইফাল-সিফাল কৰি কেনেকৈ মিলাব-_ একো উৱাদিহ নাপাই কাম কৰি থকা ঠাইতে কৰ্মক্লান্ত হৈ টোপনিত লালকাল দিলে। সাৰ পাওঁতে এনেহে লাগিল যেন মেণ্ডেলিভে সপোনতে এটা সঠিক সমাধান সূত্ৰহে বিচাৰি পালে। ইমানদিনে বিচাৰি থকা সমস্যাৰ যুক্তিপূৰ্ণ সমাধান ৷ সপোনত সন্ধান পোৱা তালিকাখন‘লগে লগে তেওঁ এখিলা কাগজত লিখি পেলালে। এইখনেই সেইখন তালিকা, যি আজি ১৫০ বছৰৰ পাছতো বিজ্ঞান আৰু মানৱ জগতৰ বিকাশৰ দৃঢ় ভেটি হৈ আছে। মেণ্ডেলিভৰ নিজৰ কথাত, ‘ In a dream, I saw a table where all the elements fell into a place as required.Awakening, I immediately wrote it down on a piece of paper’.

উল্লেখযোগ্য যে বিজ্ঞানৰ মহৎ সাধনাৰে মহীয়ান এই বিজ্ঞানীজনৰ জন্ম ছাইবেৰিয়াত এটি অতি সাধাৰণ দুখীয়া পৰিয়ালত। সোতৰটাকৈ ল’ৰা-ছোৱালীৰে জাকৰুৱা পৰিয়ালৰ এজন আছিল তেওঁ ৷ মাত্ৰ তেৰ বছৰ বয়সত পিতৃহাৰা হোৱা মেণ্ডেলিভৰ জীৱিকা আৰ্জনৰ একমাত্ৰ পথ সৰু কাৰখানাটো অগ্নিদগ্ধ হয়। তাৰ পাছতো জ্ঞান আহৰণত একান্ত আগ্ৰহী মেণ্ডেলিভৰ মাকে ছাইবেৰিয়াৰ পৰা মস্কোলৈ ৩৫০০ কিল’মিটাৰজোৰা আলিবাট তেওঁক খোজকঢ়াই লৈ গৈছিল। মস্কোত সেই সময়ত থকা বিশ্ববিদ্যালয়সমূহৰ কোনো এখনেও মেণ্ডেলিভক গ্ৰহণ নকৰাত মাতৃ-পুত্ৰই ছেইণ্ট পিটাছবাৰ্গলৈ গমন কৰে আৰু তাতেই পিটাছবাৰ্গ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ পাতনি মেলে।                                                                                

 ঠিক এনেধৰণৰেই কাহিনী জাৰ্মান ৰসায়নবিজ্ঞানী আগষ্ট কেকুলৰ। তেওঁ বহুদিন ধৰি বেনজিনৰ আকাৰ আৰু গঠন প্রণালী কেনেধৰণৰনো হ’ব এই বিষয়ে চিন্তা-ভাবনাত নিমজ্জিত হৈ আছিল। বেনজিনতনো কেনেকৈ কাৰ্বন পৰমাণুবোৰ সজ্জিত হৈ আছে-- কাৰণ ইয়াত থকা কাৰ্বন আৰু হাইড্ৰ’জেনৰ অনুপাত আন সকলোবোৰ একেগোষ্ঠীৰ হাইড্ৰ'কাৰ্বন যৌগৰ সৈতে সম্পূৰ্ণ বেলেগ। ১৮৬৫ চনৰ এটি হিমচেঁচা নিশা ৷ নিজৰ পঢ়া কোঠালিত নিমগ্ন কেকুল। সমাধানসূত্ৰ নোলায়।  ক্লান্ত কেকুলে বহি থকা চকীখন পাছৰ ফালে হলাই কিছু নিলগত কোঠালি উমাল কৰিবলৈ ৰখা জুইৰ ফালে মুখ কৰি ঘুমটিত ঢলি পৰিল। পৰমাণুবোৰে নাচিবলৈ ধৰা এক মনোমোহা দৃশ্য। নাচি নাচি পৰমাণুবোৰে এডাল সাপৰ আকৃতি ল’লে। সাপৰ আকৃতিয়ে কিছুপৰ এনেকৈয়ে নাচি নাচি নেণ্ডৰত কামোৰ মাৰিলে। নেগুৰত কামোৰ মাৰি থকা অৱস্থাতে সাপডালে ঘূৰণীয়া আৰু বিভিন্ন ভংগিমাত নাচি থাকিল অহৰহ হঠাৎ সাৰ পায়েই চকুৰ সমুখত নাচি থকা দৃশ্যটোৱে কেকুলক ‘বেনজিন’ৰ চক্ৰাকাৰ বলয়বোৰৰ ৰূপৰ সন্ধান দিলে। কেৱল এটি  ঐতিহাসিক  উদ্ভাৱনেই নহয়, ৰসায়নৰ ইতিহাসত যুগান্তকাৰী পৰিৱৰ্তনৰো সূচনা হ’ল সপোনৰ দ্বাৰা । তেওঁৰেই ভাষাত,  ‘I was sitting writing at my text book but the work did not progress; my thoughts were elsewhere. I turned my chair to the fire and dozed. Again, atoms wewr gamboling before my eyes…… As if by a flash of lighting, I awake; and this time also, I spent the rest of the night in working out the consequences of the hypothesis.’

  অধিক দূৰলৈ নগৈ আমাৰ দেশৰেই উদাহৰণলৈ যদি চাওঁ, তেন্তে গণিতজ্ঞ আ্ৰীনিবাস ৰামানুজন এক বিৰল উদাহৰণ। মাত্ৰ বত্ৰিছ বছৰ বয়সত অকালতে মৃত্যুবৰণ কৰা অসাধাৰণ বিশ্ববন্দিত গণিতজ্ঞ ৰামানুজনৰ আনুষ্ঠানিক শিক্ষা আছিল তেনেই কম। স্ব-শিক্ষাৰে মহিমামণ্ডিত এইজনা প্রতিভাধৰে নিজৰ চমু জীৱনকালতে চাৰি হাজাৰতকৈ অধিক  Pure Mathematicsৰ সমাধান-সমীকৰণ আদি কৰি থৈ গৈছে। নিদ্ৰামগ্ন অৱস্থাত অৰ্থাৎ সপোনত তেওঁ বেছিভাগ সমাধান বিচাৰি পাইছিল আৰু শুই উঠিয়েই নিজৰ টোকাবহীত টুকি ৰাখিছিল। শ্ৰীনিবাস ৰামানুজনৰ জীৱন গাথাৰ ওপৰত নিৰ্মিত ফিল্ম ‘ The man who knew infinity’ তো এই কথা স্পষ্ট ৰূপত ফুটি উঠিছে। লেখক ৰবাৰ্ট কেনিগেলৰ ১৯৯১ চনত প্রকাশিত একে নামৰ গ্ৰন্থৰ আধাৰত মেথিও ব্ৰাওনৰ নিৰ্দেশত নিৰ্মিত কথাছবিখন মুকলি হৈছিল ২০১৫ চনত। অভিনেতা দেৱ পাটেলে অভিনয় কৰিছে ৰামানুজনৰ ভূমিকাত ৷ সৰহভাগ চিত্ৰগ্ৰহণ কেমব্ৰিজৰ ট্ৰিনিটি কলেজৰ চৌহদত মাদ্ৰাজৰ এটি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা ৰামানুজনে স্ব-শিক্ষাৰ মহিমাৰে কেমব্ৰিজ বিশ্ববিদ্যালয়ত ভৰি দিছিল। কেমব্ৰিজৰ গণিতজ্ঞ গডফ্ৰে হেৰল্ড হাৰ্ডিৰ তত্বাৱধানত শিক্ষাগ্ৰহণ কৰা ৰামানুজনৰ প্রতিভা সন্দৰ্ভত হাৰ্ডিয়ে ‘’ Aesthetics of Mathematics- A mathematicians apology’  শিৰোনামৰ প্রবন্ধ লিখিছে। গণিতৰ বাহিৰেও এই প্রবন্ধৰ বাবে জি এইচ হাৰ্ডি বিশ্বজুৰি বন্দিত ৷ উল্লেখযোগ্য যে গুৰু হাৰ্ডি আৰু ৰামানুজনৰ গুৰু-শিষ্যৰ সম্বন্ধ বিশ্বৰ এক বিৰল বন্দিত সম্বন্ধ। এটা সাক্ষাৎকাৰত যেতিয়া হাৰ্ডিক সোধ| হৈছিল৷ যে “তেওঁৰ জীৱনৰ সবাতোকৈ শ্ৰেষ্ঠ অৱদান কি হাৰ্ডিয়ে নিঃসংকোচে  আত্মসন্তুম্টিৰে উত্তৰ দিছিল যে ‘ৰামানুজনৰ আৱিষ্কাৰ’। হাৰ্ডিৰ নিজৰ ভাষাত তেওঁলোক দুয়োৰে সম্বন্ধ বা সহযোগিতা হ'ল তেওঁৰ জীৱনৰ এক ৰোমাণ্টিক পৰিঘটনা বিশ্বত সৃষ্টিৰ মাদকতা আৱেগিকভাৱে উপস্থাপন কৰা ‘ The man who knew infinity’ ইউটিউবতো উপলব্ধ। ৰামানুজনৰ জীৱন সন্দৰ্ভত নিৰ্মিত তামিল আৰু ইংৰাজী দুয়ো ভাষাতে উপলব্ধ আন এখন চলচ্চিত্ৰ হৈছে ‘ৰামানুজন’ (২০১৪)।

 এনে আন উদাহৰণো আছে, যিসকলে মানুহৰ অভিনৱ উদ্ভাৱনী শক্তিৰ আধাৰ যে নিদ্ৰা তাকে বাৰে বাৰে প্রমাণ কৰিছে। নিৰ্বিগ্ন নিদ্ৰা ফালৰ অৱচেতন অৱস্থাত মগজুৱে দিনটোৰ সংগৃহীত খেলিমেলি খবৰ, তথ্য সকলোকে এক অৰ্থৱহ ৰূপত প্র'চেছ কৰে। সেয়েহে নিদ্ৰাকালৰ সময় হ’ল প্ৰত্যেক মানুহৰে সম্পূৰ্ণভাৱে স্বকীয় সময়। সুস্বাস্থ্যৰ লগতে অনন্য সৃষ্টিৰ মূল ভেটি বান্ধে এই সময়খিনিয়েহে ৷ নব্য উদ্ভাৱন, সৃষ্টিশীলতা, মুক্ত চিন্তন আৰু ‘সফলতাৰ সপোন দেখা প্ৰতিজন কিশোৰ-কিশোৰীয়ে এই সময়কণ সম্পূৰ্ণ সুৰক্ষিত কৰা উচিত। বাধাহীন সুনিদ্ৰাকালৰ এই সময়ে ৰোপণ কৰে মানুহৰ মগজুত অনন্য সৃষ্টিৰ বীজ।

                           _______________________

Post a Comment