Blog

সমিধান বিচাৰি

Blog Image

          সমিধান বিচাৰি

(অসম সাহিত্য সভাৰ, ঢেকিয়াজুলি শাখাৰ সৌজন্যত)

   প্ৰণিতা চহৰীয়া, প্ৰবক্তা, অসমীয়া বিভাগ, ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়, ঢেকিয়াজুলি, শোণিতপুৰ, অসম।

 

সেই দিনাখন আছিল জোনাক নিশা

তৰাবুলীয়া পোহৰেৰে পোহৰোৱা

হিয়া জুৰোৱা এটি নিয়ৰসিক্ত সুবাসৰ

ৰামধেনুৰ সাতো ৰঙেৰে ৰঙাই তোলা

আলফুলে পাৰি থোৱা এখনি শীতল দলিচাৰ দৰে

চেৰাপুঞ্জীৰ গৰ্ভত বৈ যোৱা

জিৰি জিৰি পাহাৰী জুৰিটিৰ

অন্তৰ পৰশাই তুলিব পৰা

পাৰৰ ঘাঁহনিডৰাত হালি-জালি নচা

হালধীয়া ফুলবোৰৰ পাপৰিৰ দৰে

পুৱতি নিশাৰ কিন-কিনীয়া বৰষুণজাকৰ

মাজেৰে প্ৰস্ফুটিত হোৱা সৌন্দৰ্যসুষ¸মা

শিল্পী মনৰ খোৰাক জগাই তোলা

এটি কোমল অনুভৱৰ সান্নিধ্যতাৰে

উপচি পৰা নদীৰ দুয়োকূল

এতিয়া চোৱা সেইয়া কৃষ্ণপক্ষৰ নিশা

ঘোপমৰা অন্ধকাৰৰ কৱলত আবদ্ধ

হালধীয়া ফুলৰ পাপৰিবোৰো কʹলা

জুৰিটিৰ কুল কুল ধ্বনিও উতলা৷

 

            --------------


Share this post
Comments