অসমৰ লোকবাদ্য ঢোল : এক অৱলোকন
শ্ৰীমহেন্দ্ৰ কুমাৰ নাথ , তেজপুৰ
‘ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে
বহি বৈ আছিলো তাঁত
টোপোলাৰ সেন্দূৰ টোপোলাতে থাকিলে
খাবলৈ নহলে ভাত৷’
ঢোলে ছেৱে ছেৱে কঢ়িয়াই আনে ছন্দ, অবিশ্ৰান্ত সিঁচি যায় কৃষ্টিৰ কঠিয়া৷ ঢোলৰ চাপৰেৰে হয় জাৰি বিপ্লৱৰ নতুন চমন৷ ঢোলে সঞ্জীৱিত কৰে নৱতম সৃষ্টিৰ ভ্ৰুণক৷ ঢোল নহলে বিহু নপকে৷ ঢোলৰ মাত শুনি থেকেচি যঁতৰ ভাঙিবলৈ মন যায়৷ ঢোলৰ চাপৰত গাভৰু নাচনীৰ দেহা সাতখন-আঠখন কৰে৷ গছৰ তলত, বিহু তলিত ঢোলৰ মাত শুনি বঢ়া ভাত কাঁহীতে এৰি থৈ নাচনী ঢাপলি মেলে ঢুলীয়াৰ কাষলৈ৷ পুৰুষৰ জেউতি চৰোৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ঢোল৷ ঢোল নহলে বিহু কিহৰ? ঢোলৰ ছেৱে নাচনীৰ গাত দেওধ্বনি তোলে৷ চ’তমহীয়া বিহু-ঢোলৰ চাপৰত গা উঠিলে ন-বোৱাৰীয়েও হেনো পানী ঘাটত লুকাই লুকাই এপাক মাৰে৷ ঢোলৰ ছেৱে ছেৱে এপাক নাছিলে হেনো বছৰটোলৈ মূৰ ফুৰণি ভাগে৷ সংগীতৰ পিতামহস্বৰূপ ঢোলে এনেদৰেই প্ৰাণ পাই উঠিছে গণশিল্পী ভাৰতীয় গণ নাট্য সংঘৰ আজীৱন সেৱক হেমাংগ বিশ্বাসদেৱৰ কবিতাৰ ছন্দত---
কোনেনো প্ৰথম বাঁহতে বিন্ধাই তুলিছিল
চৰাই চিৰিকতিৰ অনুকৃতি
কোনেনো পশুৰ নাড়ীৰে তাঁৰ লগাই
তুলিছিল প্ৰথম সুৰৰ কম্পন
হেজাৰ হেজাৰ যুগ পাৰ হৈ
সপ্তসুৰ কড়ি কোমল পঞ্চ ডালে ডালে
শ্ৰুতিৰ নিভৃত পদচাৰণ,
বাদ্যযন্ত্ৰৰ অপূৰ্ব বিভূতি
আলাপ জোৰ ঝলাৰ ছন্দ প্ৰকৰণ
সুৰ সংগতিৰ আশ্বৰ্য অৰ্কেষ্ট্ৰা৷
তথাপিতো আদি পিতা সংগীতৰ
ঢুলীয়াৰ ছেও,
আদি বন্য বাঘ মৰা যৌথ অভিযানৰ
শক্তি, সাম্য মিলিত পদক্ষেপৰ ছন্দ,
মিলিত হৃদস্পন্দন..............
ঢুলীয়াৰ ছেও৷
দুৰ্গম পবৰ্তৰ টিঙত
মানুহৰ প্ৰথম বিজয় ঘোষণা
ঢোলৰ চাপৰ৷
ওজা ভাই,
আকৌ লাগে আজি আৰণ্যক ঢোলৰ মাত
নিষ্ফলা মাটিৰ কইনাৰ
গৰ্ভকোষ উদ্দীপিত কৰি
সঞ্জীৱিত সৃষ্টিৰ ভ্ৰুণক
বজ্ৰৰ গৰ্জনে অনা ধুমুহাৰ তালে ৷
ভীষণ মধুৰ তোমাৰ ঢোলৰ চাপৰ,
ভীষণ মধুৰ ৷
নিসংগতাৰ মৰুভূমিত মৰহা
সমাজৰ মৰা সৰাপাত
স্তুপীকৃত আমাৰ বাটত
চৌদিশে কুৰূপা দুষ্কৃতিৰ কংকাল সাধনা৷
ধুমুহাৰ বাঢ়নী লাগে,
লাগে আজি মাটিহীন খেতিয়কৰ
ঢোলৰ চাপৰ,
লাগে লক্ষ জনতাৰ কণ্ঠে কণ্ঠে
আদিম আৰণ্যক বাঘমৰা ৰিঙনিৰ গীত৷
ওজা ভাই -- ছন্দ দিয়া ছেৱে ছেৱে
ধিনিকি ধিনদাও
ধিনিকি ধিনদাও
বৃষ্টি! বৃষ্টি! বৃষ্টি!
অবিশ্ৰান্ত সিঁচি যোৱা
কৃষ্টিৰ কঠীয়া,
বিপ্লৱৰ ঢোলৰ মাৰিৰে কৰা জাৰি
নতুন চমন,
পথাৰে পথাৰে উৰক ৰঙা নিচান---
ধান নিদিওঁ,ধান নিদিওঁ,নিদিওঁ আমাৰ ধান ৷
জনতাৰ বিহুটি আহিব ৰমকে--জমকে ঐ,
জিলিকিব উপেক্ষিত
ৰঙা মদাৰৰ ফুল৷
সংগীত বাদ্যৰ আদি পিতাৰূপী এই বিধ বাদ্য যেন অসমীয়াৰ জাতীয় পৰিচয়ৰো এক অন্যতম বাহক৷ ঢোলৰ প্ৰতি অসমীয়াৰ হেঁপাহ , আন্তৰিকতা আৰু আগ্ৰহৰ কথা, জাতীয় জীৱনৰ লগত থকা অবিচ্চেদ্য সম্পৰ্কৰ কথা ছন্দে ছন্দে গীতে কথাই যেন বিদ্যমান৷
‘চ'তে গ’ই গ'ই বহাগ পালেহি
নাহৰ ফুল ফুলিবৰ বতৰ,
ফুলপানী ছিগাতে ঢোলৰ মাত শুনিছোঁ
গৰকি ভাঙি যাও যঁতৰ৷’
এই ঢোল বাদ্যৰ ইতিহাস অতিকে প্ৰাচীন৷ এই বিশেষ বাদ্যযন্ত্ৰবিধ জনজাতীয় সমাজৰ পৰাই উদ্ভূত বুলি বিদ্বান সকলৰ অনুমান৷ আমাৰ ৰাজ্যতো ঢোল বাদ্যৰ ব্যৱহাৰ যথেষ্ট প্ৰাচীন৷ পুৰণি অসমৰ বিয়াঘৰ, ৰভাতল বিহুতলি, ৰাজবিষয়া আদি অহাযোৱা কৰা বাটছোৱাতো ঢোল বাদ্যক বিশেষ মঙ্গলসূচক বাদ্য হিচাপে ব্যৱহাৰ কৰা হৈছিল ৷ শাস্ত্ৰীয় সংগীত মাৰ্গত চাৰি প্ৰকাৰৰ বাদ্য যন্ত্ৰৰ উল্লেখ পোৱা যায়৷ ঢোল তাৰ ভিতৰৰে আনদ্ধ যন্ত্ৰৰ অন্তৰ্গত৷ঢোলৰ লেখীয়া জন্তুৰ ছালেৰে ছাই লোৱা বাদ্য বিলাকেই হ’ল আনদ্ধ যন্ত্ৰ৷ আমাৰ ৰাজ্যত দবা, দামামা, গোমুখ, কহালা, নাগাৰা, পটহু, ডংকা, দিণ্ডিম, দুন্দুভি, জয়ঢাক আদি বিভিন্ন প্ৰকাৰৰ ঢোলৰ প্ৰচলন আছিল৷ কিন্তু সম্প্ৰতি অসমীয়া সংস্কৃতিত ঢোল বুলিলে জয়ঢোল, ঢেপাঢোল, বৰঢোল, ওজাৰ ঢোল আদি কেই প্ৰকাৰমান ঢোলহে জনপ্ৰিয় হৈ ৰ’ল৷ অতি জনপ্ৰিয় পুৰণি ৰজাদিনীয়া বাদ্য হ’লেও ঢোলৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে সঠিক তথ্য পোৱা নাযায়৷ তেজপুৰত পোৱা প্ৰাচীন ভাস্কৰ্য্যত ঢোল বা ঢোলোকৰ চিত্ৰই তদানীন্তন কালৰে পৰা এই মূলুকত ঢোলৰ প্ৰচলনৰ কথাকে নুসূচায়নে বাৰু? অকল সেয়াই নহয়, মাধৱ কন্দলীৰ ৰামায়ণত ঢোলৰ কথা লিপিবদ্ধ কৰা আছে এনেদৰে--
‘বীৰ ঢাক ঢোল বাজে, তবল দগৰ দণ্ডি,
শৱদ শুনিয়া কোলাহল৷’
সূৰ্যসৰি দৈৱজ্ঞই ওঠৰশ শতিকাত ৰচিত তেওঁৰ ‘দৰং ৰাজবংশাৱলী’ত এনেদৰে উল্লেখ কৰি গৈছে ঢোলৰ কথা--
‘ শংখ-ঘন্টা, কৰতাল দুন্দুভি বজাৱে ভাল
ঢাক-ঢোল ডগৰ নাগাৰা ৷’
আনকি মহাভাৰততো পোৱা যায় ঢোলৰ উল্লেখ ৷ ইফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তন পুথিৰ অন্তৰ্গত ঘুনুচা কীৰ্ত্তনৰ পদত ঢোলৰ কথা লিখা আছে এইদৰে----
‘বাৱে ঢাক-ঢোল ভেৰী মৃদঙ্গ খঞ্জৰী
তাল কৰতাল বাৱে সৱে কৃষ্ণক আৱৰি৷’
তাহানি কালৰ পৰাই ঢোলৰ প্ৰচলন থকাৰ তথ্যৰে ভৰা এই মালিতাখন মন কৰোঁ আহকচোন
‘সত্যযুগে পাতিছিল হৰ-গৌৰী বিয়া,
তেতিয়া বজাইছিল ঢোল অনাদি ঢুলীয়া৷
ত্ৰেতা যুগে পাতিছিল শ্ৰীৰামচন্দ্ৰৰ বিয়া,
তেতিয়া বজাইছিল ঢোল বিনন্দ ঢুলীয়া৷
দ্বাপৰত পাতিছিল ৰুক্মিণীৰ বিয়া,
তেতিয়া বজাইছিল ঢোল নন্দী ঢুলীয়া ৷
কলিযুগে দেৱ বংশী ৰাজা নামি যায়,
সোধন ঢুলীয়াই ঢোল বাই আনিলে নমাই৷’
বিভিন্নজন বিশেষজ্ঞৰ মতে-- মালিতাখনত উল্লেখিত কলি যুগৰ দেৱ বংশী ৰাজা হ’ল আহোম স্বৰ্গদেউ চুকাফা৷ মালিতাখনৰ এই সোধন ঢুলীয়া হ’ল- স্বৰ্গদেউ চুকাফাৰ ৰাজ সভাৰ ঢুলীয়া৷ ঢোল বাদ্যৰ ঐতিহ্যৰ উঁহ বিচাৰি আমি এই বাৰ এই মালিতাখনত চকু ফুৰাওচোন--
‘শুনা সভাসদ মোক নধৰিবা দায়,
ঢোলৰ উৎপত্তি কওঁ গুণক ধিয়াই
আদি সত্য যুগে বাদ্য ভৈল উৎপন,
কৈলাশৰ মহাদেৱে ঢোলৰ জনম৷
গোলোকৰ চামগুটি কৃষ্ণে দিলে ব্ৰহ্মাৰ হাতত,
ব্ৰহ্মাই অপিৰ্লে গুটি ঋষি নাৰদত৷
সেই চাম গুটি নিয়া পৃথিৱীত পঁচাই,
শেষ নিশা দুই পাতি চাম ফুটিয়া ওলাই৷
মহাধৰ্মে আসি ভৈলা চামৰ মাজে সাৰ,
বিশ্বকৰ্মাই কাটি আনি কান্ধত ল’লে ভাৰ৷
শুকমল বাঢ়ৈয়ে ঢোল কৰিলে গঠন,
ধীবৰৰ বীৰ্যে জন্ম ভৈলা মুছিয়াৰ৷
খোল মৃদং গন্ধবৰ্ৰ বাদ্য ছাইল অপাৰ,
ভৰণ কহন বলো আৰু যে ভোলাই
চাৰি যুগত চাৰি মুছিয়াৰে চায়৷’
অসমৰ অতিশয় পুৰণি ঢোল বাদ্য সকলো লোকবাদ্যৰ ভিতৰত বিশিষ্ট বুলি বিবেচনা কৰা হয়৷ বৈষ্ণৱ যুগতে কোচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত মহাভাৰতক অসমীয়া পদত ৰূপ দিওঁতা কবি ৰাম সৰস্বতীয়ে মহাভাৰত বিখ্যাত ৰাজসূয় যজ্ঞত বজোৱা বাদ্যসমূহৰ ভিতৰত ঢোল বাদ্যকো অন্তভুৰ্ক্ত কৰিছিল৷ ইয়াৰ অৰ্থ হ’ল কবি ৰাম সৰস্বতীয়ে নিশ্চয় পদত মহাভাৰত ৰচনা কৰা কালত অসমৰ ঢোল বাদ্য দেখিছিল আৰু শুনিছিল৷ আগৰ দিনৰ ৰজা সকলৰ শাসন কালত যি কোনো ৰাজকীয় ঘোষণা ঢোল-পিতি শুনাই দিয়া হৈছিল ৷ ঘোষকজনে প্ৰথমে ঢোলত চাপৰ মাৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ তাৰ পিছতহে ৰাজকীয় ঘোষণা ৰাইজক অৱগত কৰিছিল ৷ মনত নপৰা কালৰে পৰাই অসমত এই ঢোল বাদ্যক অতি সন্মান আৰু আদৰ ৰ চকুৰে চাই অহাৰ কথা কোনেনো নুবুজে! ঢোল বাদ্যৰ প্ৰচলন বিষয়ক আমাৰ ওজা সকলে গাই অহা এই মালিতাখনলৈ মনত পৰে-
‘প্ৰথমতে আহি ৰাজা চুকাফা মহাৰাজ
নানা বাদ্যৰ বাজনা কৰে ৰজাৰ চৰাত
কৰিলেক তিনি হাত ৰজাৰ সভাত
নেগেৰা টোকাৰী ঢুলীয়া বটা খ্যাত
সিদিনাৰ হন্তে ঢোল খ্যাত সৰ্ব ঠাই ৷’
এইদৰে ইন্দ্ৰবংশী টাই আহোম ৰজাৰ চ’ৰাত পূজা মন্ডপত , বিভিন্ন উৎসৱ-মহোৎসৱ আদিত ঢোল বাদ্য তথা সদ্য প্ৰচলিত ৰীতি নীতিৰ ওজা হাতৰ বাজনা প্ৰচলন হৈছিল৷ এই মালিতাখনক ঢোল-বাদ্যৰ ইতিহাস বুলি গণ্য কৰা নাযায় যদিও ঐতিহাসিক ইংগিত এটা ইয়াত নথকা নহয়৷ চুকাফাৰ দিনৰ ঢোলৰ ছেও -চাপৰ আৰু আজিৰ দিনৰ ঢোলৰ ছেও-চাপৰ নিমিলিব পাৰে, কিন্তু তাহানিৰ পৰা আজি পৰ্য্যন্ত এই বাদ্য বিধৰ ধাৰাবাহিকতা সুন্দৰভাবে ৰক্ষা পৰি আছে৷ চুকাফাৰ আদি দেশ টাই দেশ বা ব্ৰহ্মদেশ ৷ তথ্যবিজ্ঞ মহলৰ মতে উজনি অসমৰ ওজা সকলে বজোৱা আৰু আমাৰ বিহুত বজোৱা ঢোলৰ গI.ৰ ঢোল টাই দেশ বা ব্ৰহ্মদেশত এতিয়াও ব্যৱহাৰ কৰা হয়৷ ঢোলৰ ইতিহাস যে অতি প্ৰাচীন সেই কথা ইতিমধ্যেই কৈ আহিছোঁ৷ আহকচোন, সেই ইতিহাসৰ পমখেদি আমি উলটি যাওঁ পঞ্চদশ শতিকালৈ -- ‘আইন-ই-আকবৰী’ গ্ৰন্থৰ পৰা পোৱা তথ্যানুসৰি তদানীন্তন মোগল সম্ৰাট আকবৰৰ অৰ্কেষ্ট্ৰাত ঢোলৰ ব্যৱহাৰ আছিল প্ৰসিদ্ধ৷ গুজৰাটী গৰ্বা লোক সংগীত, নৱৰাত্ৰি উৎসৱ আদিত ঢোলৰ প্ৰচুৰ ব্যৱহাৰৰ কথা সকলোৱে জানে৷ মহাৰাষ্ট্ৰৰ গণেশ উৎসৱতো ঢোলে গ্ৰহণ কৰে বিশেষ ভূমিকা৷ সম্ভৱত: মহাৰাষ্ট্ৰই হ’ল ভাৰতবৰ্ষৰ একমাত্ৰ ৰাষ্ট্ৰ য’ত ঢোলৰ ব্যৱহাৰ সৰ্বাধিক৷ পঞ্জাৱত পাঞ্জাৱীসকলে যুদ্ধ-বিগ্ৰহত ঢোল বজোৱাৰ নিয়ম৷ খেতি চপোৱাৰ সময়ত খেতি ভাল হ’লেও পাঞ্জাৱীসকলে ঢোল বজাই আনন্দ কৰে৷ ঢোল পাঞ্জাৱী ভাংৰাত ব্যৱহৃত এবিধ জনপ্ৰিয় বাদ্য৷ ভাৰতৰ গাতে লাগি থকা পাকিস্তানত চুফী ৰহস্যবাদী সকলৰ উছৱ অনুষ্ঠানতো ঢোলৰ শৱদে জেউতি চৰায়৷ সুদূৰ আৰ্মেনিয়া পৰ্য্যন্ত ঢোলৰ বিস্তৃতি প্ৰসাৰিত৷ পৃথিবীৰ ভিতৰত ইজিপ্ততেই সৰ্ব প্ৰথম ঢোলৰ আৰ্হিৰ সম্ভেদ পোৱাৰ বিষয়ে শুনা যায়৷ সমগ্ৰ পৃথিৱীৰ ভিতৰত আফ্ৰিকা মহাদেশতেই ঢোলৰ ব্যৱহাৰ আটাইতকৈ বেছি৷ দেৱ-বাদ্যৰূপে খ্যাত এই ঢোল হেনো প্ৰথমে কৈলাসত আছিল ৷ পাণ্ডু পুত্ৰ পাৰ্থই পৃথিৱীলৈ নমাই আনিলে বুলি ঢোলৰ আন এক মালিতাত শুনা যায়-
আদি সত্য যুগে বাদ্য ভৈলা উতপন ৷
কৈলাসৰ মহাদেৱ ঢোলৰ জনম ৷৷
শিৱক খুজি পাৰ্থ ঢোল আনিলে নমাই ৷
অনাদি ঢুলীয়াক বাদ্য বাজনা শিকাই ৷৷
আদি গুৰু বাক্যে বাদ্য পৃথিৱীত ঠাই ৷
পৃথিৱীত ৰুক্মিণীৰ বিবাহ ঢোলক বজায় ৷৷
সত্যত আছিল ঢোল শুদ্ধ সুবৰ্ণৰ ৷
ত্ৰেতাত আছিল ঢোল জানিবা ৰূপৰ ৷৷
দ্বাপৰত ঢোল জানা আছিল তামৰ ৷
কলিত ভৈলেক ঢোল কেৱল কাঠৰ ৷৷
প্ৰকৃতিৰ পৰশত, সময়ৰ বুলনিত আনন্দ মুখৰ হৈ উঠা অসমীয়া জাতিটোৰ প্ৰাণৰ উচ্চাসৰো যেন স্বীকৃতি বহন কৰি আহিছে এই ঢোল বাদ্যই ৷ ঐতিহাসিকভাৱে সু-প্ৰাচীন ই যেন অসমৰ সাংস্কৃতিক কাননৰ এপাহি সু-শোভিত পুষ্প ৷ ঢোল-সংস্কৃতি বৃহৎ অসমীয়া লোক সংস্কৃতিৰ এটি সুমধুৰ পকা মিঠৈ স্বৰূপ৷ এই সংস্কৃতিয়ে ৰক্ষা কৰি আহিছে অসমৰ জাতীয় স্বাৰ্থ৷ ঢোল-সংস্কৃতি যেন বৃহৎ অসমীয়া সংস্কৃতিৰ চিনাকি ফলি৷ প্ৰকৃত অসমীয়া বিয়াঘৰ, সাংস্কৃতিক মঞ্চ আদিত ঢোলৰ ব্যৱহাৰ অতিকে আপোন ৷ ঢোল অবিহনে অসমীয়া লোকৰ বিয়াঘৰ তেনেই উকা৷ বিহুতলী তেনেই নিৰস৷ প্ৰাণহীন, নিস্তেজ ৰাজহুৱা উছৱ অনুষ্ঠান৷ অতি আদিম কালৰ পৰাই ঢোলবাদ্যই অসমীয়া সংস্কৃতিত নিজৰ বাবে এক মৰ্যাদাপূৰ্ণ স্থান তৈয়াৰ কৰি লৈছিল ৷
ঢুলীয়া সংস্কৃতি অসমৰ প্ৰাচীনতম ঐতিহ্যপূৰ্ণ সংস্কৃতি৷ আদিম মানৱৰ সাংস্কৃতিক সোপানস্বৰূপ ঢোলবাদ্য পৃথিৱীৰ প্ৰায় বিলাক জাতিৰ মাজতেই বিদ্যমান৷ আকৃতিৰ ভিন্নতা হয়তো থাকিব পাৰে, কিন্তু সেই একেই ফোপোলা কাঠেৰে গা-গছৰ টুকুৰাৰ দুয়োমূৰে গৰু বা অন্য জন্তুৰ ছালৰ একোটুকুৰা বৰতিৰে বান্ধি তৈয়াৰ কৰি লৈছিল ঢোল৷ গহীন গুমগুমাই থকা ঢোলৰ শব্দ আৰু মেঘৰ গাজনিৰ লগত অদ্ভুত সাদৃশ্য লক্ষ্য কৰিয়েই ঢোলৰ শব্দেৰে মেঘক আমন্ত্ৰণ জনোৱাৰ যাদু অনুষ্ঠানক কৃষিভিত্তিক আদিম সমাজে পৰম বিশ্বাসেৰে গ্ৰহণ কৰিছিল৷ ই সংস্কৃতিৰ অনবদ্য আহিলা৷ আদিম কালতেই মানুহে অনুভৱ কৰিছিল ঢোলৰ দুলিঁড়ত শব্দত হৃদয়ৰ স্পন্দন৷ ঢোল আৰু হৃদয়ৰ স্পন্দনৰ অদ্ভুত সাদৃশ্যই যুগে যুগে মানুহক বাৰুকৈয়ে আকৰ্ষণ কৰি আহিছে ৷ ঢোল যেন গঞাৰ কলিজা৷ ৰজা-ঘৰ, প্ৰজা-ঘৰ উভয়ৰ হাততে হয় ঢোলৰ ব্যাপক ব্যৱহাৰ৷ ঢোলৰ ব্যৱহাৰ নহয় ক’ত ! শত্ৰুৰ আগমনৰ আগজাননীত , শত্ৰুৰ বিপক্ষে চলা অভিযান কালত, ৰজাঘৰীয়া বিশেষ সংবাদ প্ৰেৰণত, অসমৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য-গীতৰ সকলো প্ৰাচীন পৰম্পৰাগত অনুষ্ঠানত ঢোলৰ ব্যৱহাৰ সৰ্বাধিক৷ ঢোলক একাষৰীয়াকৈ থৈ জাতিৰ বাপতিসাহোন ৰঙালী বিহুৰ কল্পনা যিদৰে অসম্ভৱ, একেদৰে বিবাহ অনুষ্ঠানৰ দৰা আদৰা, পানী তুলিবলৈ যোৱা , কইনাক বিদায় দিয়া, বৰযাত্ৰা আদি সকলোতে ঢোল বাদ্যৰ থাকে অনন্য ভূমিকা৷
ঢোল তালৰ শব্দেৰে স্পন্দিত আৰু উজ্জীৱিত হৈ ৰোৱা বিহুৰ দৰে মূলত: প্ৰায়বোৰ লোক উৎসৱৰ গুৰি কথা হৈছে প্ৰকৃতিৰ মাতৃমুখী সৃষ্টি স্পৃহা৷ প্ৰাচীন মানৱ সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হ’ব লগা হৈছিল কৃষিৰ ওপৰত৷ দেৱতাক নৃত্য-গীতেৰে তুষ্ট কৰিব নোৱাৰিলে শক্তিৰ বৃদ্ধি বা সমৃদ্ধি সম্ভৱ নহয়৷ নৃতত্ববিদ ৰুথ বেনেদিথৰ মতে পৃথিৱী নাৰী জীৱনৰ অভিব্যক্তি৷ নাৰী আৰু পৃথিৱীৰ জন্মদায়িনী শক্তি একেটা সৃষ্টি স্পৃহাৰে ৰূপান্তৰ মাথোন৷ বিশ্ববিশ্ৰুত দাৰ্শনিক বাট্ৰাণ্ড ৰাছেলৰ মতে-- ‘It was thought that by promoting human fertility, the fertility of soil could be encouraged.’ সৃষ্টিৰ অভিব্যক্তিৰে পূৰ্ণ প্ৰতিটো উছৱতে যেন ঢোলে দি আহিছে অনাবিল গতি৷ অসমৰ সাংস্কৃতিক পৰিমণ্ডলত ঢোল আটাইতকৈ গুৰুত্বপূৰ্ণ সাংস্কৃতিক বাদ্য৷ অসমৰ সকলো জাতি-উপজাতিৰ কৃষ্টি-সংস্কৃতিৰ বৰঘৰ নিজৰ নিজৰ জাতীয় বাদ্যৰে গুমগুমাই আছে৷ মিৰিসকলে দুমদুম বা দুম্পাক, কাবিৰ্য়ে চেং, দেউৰীয়ে দুৰুম, হাজঙে খিৰুণ, তিৱাসকলে খ্ৰামবাৰ, ডিমাছাই খ্ৰাম, বড়োৱে খাম, ৰাভাসকলে হেম বা খ্ৰাম আদি বিভিন্ন নামেৰে অসমৰ প্ৰাণৰ ঢোলটি প্ৰতিনিয়ত বজাই আহিছে৷ ঢোল মাদলৰ মাতত এনেদৰেই টোপনি ভাঙে চাহজনগোষ্ঠীৰ গাভৰুৰ--
‘ঢোল মাদল শুনি নিন্দ নাই মোৰ চইখে ধনি
হামে আৱনি ধনি শুনিকে বাজনা৷’
বিহু ঢোল বা পাতি ঢোল আৰু ওজা ঢোল (বিহু নৃত্য আৰু গীতৰ লগত সংগত কৰা সৰু আকৃতিৰ ঢোল),খাম আৰু খ্ৰাম[ডিমাছা আৰু তিৱাসকলে ব্যৱহাৰ কৰা ঢোলৰ নাম হ’ল খ্ৰাম আৰু বড়ো আৰু ৰাভাসকলে বজোৱা দীঘলীয়া আকৃতিৰ ঢোলটোক খাম বুলি জনা যায়] ,ঢেপাঢোল [দৰং-মঙ্গলদৈৰ ফালে ঢেপাঢুলীয়া অনুষ্ঠানত ব্যৱহাৰ হোৱা এই ঢোলৰ নিৰ্মাণ প্ৰণালী, বজোৱাৰ কৌশল আদি সম্পূৰ্ণ পৃথক৷ ছাগলীৰ ছালেৰে দুতৰপীয়াকৈ ছোৱা, দীঘলীয়া আকৃতিৰ এই ঢোলৰ মাজত পানী ভৰাই বজোৱা হয়] , জয়ঢোল [বৃহৎ আকাৰৰ আৰু ডাঙৰ শব্দ কৰা ঢোল৷ দেওধনি নৃত্যৰ লগত সংগত কৰা হয়৷ দৰং- মঙ্গলদৈৰ ফালে জয়ঢুলীয়া নামৰ অনুষ্ঠানত আৰু লগতে মনসা বা মাৰৈ পূজাত একক ভাবে জয়ঢোল বজোৱা হয়৷] , মাদল[চাহ জনগোষ্ঠীৰ লোকে ঝুমুৰ গীতৰ লগত ব্যৱহাৰ কৰা ঢোল৷], বৰঢোল[ঢোল বিলাকৰ মাজত বৰঢোলেই আটাইতকৈ আকাৰত ডাঙৰ, প্ৰায় দেৰ মিটাৰমান দৈৰ্ঘ্যৰ বৰঢোলৰ দুইমূৰৰ ব্যাস আধা মিটাৰৰ পৰা এক মিটাৰমানলৈকে হোৱা দেখা যায়৷], কৱিঢোল [গোৱালপৰীয়া লোকগীতৰ লগত ব্যৱহাৰ কৰা , বহল মুখৰ, মাৰিৰে কোবাই বজোৱা এবিধ ঢোল৷] আদি আমাৰ ইয়াত সততে প্ৰচলিত বিভিন্ন প্ৰকাৰৰ ঢোলৰ নাম৷ ঢোলৰ বিভিন্ন অংগসমূহ হ’ল- কাঠৰ খোলা , কাটনি ছাল,কোবনি, কুৰল, তালি, কনাৰি, কনাৰি জৰী, বৰতি,মলুৱা ইত্যাদি৷ ঢোলৰ মাৰিক মাহিতা বুলিও কোৱা হয় ৷
ঢোলতে উৰুলি ঢোলতে কুৰুলি
ঢোলৰে অমিয়া মাত,
ঢোলৰ মাতে শুনি ৰ’বকে নোৱাৰোঁ
এৰি যাওঁ পেটৰে ভাত৷
ঢোলৰ মাত , ঢোলৰ বুলনি, জুৰণি, গিৰিজনি যেন অসমৰ আকাশে বতাহে, নৈ পাৰে পাৰে, মন্দিৰে-পথাৰে, নামঘৰে সকলোতে৷ বিহুতলিৰতো কথাই সুকীয়া৷ কণমানি শিশুৰ পৰা ডেকা, ডেকাৰ পৰা বুঢ়ালৈ সকলোৰে কান্ধতেই যেন ঢোল অসমৰ বিভিন্ন জাতি জনজাতিৰ মানুহৰ৷ নিজৰ ওচৰত প্ৰতে্যকগৰাকী নিজেই যেন প্ৰতিশ্ৰুতিবদ্ধ -- সমগ্ৰ ৰাজ্যতে আমি ঢুলীয়া সংস্কৃতিৰ পৰম্পৰা অক্ষুন্ন ৰাখিবই লাগিব৷ অসমীয়া সংস্কৃতিৰ পৰম সম্পদ ঢোলেই যেন পৰিচায়ক আমাৰ গতি শীলতাৰ৷ ঢোলৰ শৱদেৰেই যেন নিৰ্ণিত হ’ব আমাৰ জাতীয় বিকাশৰ সামগ্ৰিক প্ৰতিচ্চৱি৷
[এই লেখাটো যুগুতাওঁতে বিভিন্ন গ্ৰন্থ, পত্ৰিকা আদিৰ সহায় লোৱা হৈছে ৷ ]
Post a Comment