“ফাগুন আহিছে, প্ৰেমৰ দিন আহিছে” ঝৰ্ণা মিশ্ৰ ভট্টৰাই, তেজপুৰ এয়া যে ফাগুন—উন্মনা মনৰ মধুৰ বতৰ।ফাগুন মানেই পলাশ, মদাৰ আৰু শিমলুৰ তেজৰঙা ফুলেৰে ৰাঙলী হৈ উঠা পথাৰ-অৰণ্য। সেউজীয়া ৰঙে বিদায় লৈ লাহে লাহে ৰঙচুৱা আভাৰে ধৰা সজাই তোলে।গছ-বিৰিখবোৰৰ পাত সৰি ,যেন প্ৰকৃতিয়ে পুৰণি বস্ত্ৰ ত্যাগ কৰি নতুন ৰূপেৰে সজিবলৈ প্ৰস্তুত হৈছে...বাসাঁসি জীৰ্ণানি যথা বিহায়....। এই ৰঙচুৱা বতৰৰ মাজতেই আহে ১৪ ফেব্ৰুৱাৰী—ভেলেণ্টাইন ডে’, প্ৰেমৰ বিশেষ দিন। এই দিনটো কেৱল প্ৰেমিক-প্ৰেমিকাৰ বাবেই নহয়, ই ভালপোৱা, মৰম আৰু কৃতজ্ঞতা প্ৰকাশ কৰাৰ এক বিশেষ উপলক্ষ। পৰিয়াল, বন্ধু-বান্ধৱী অথবা আপোনজনৰ প্ৰতি আন্তৰিক স্নেহ প্ৰকাশ কৰাৰ এই দিনটোৱে যুগে যুগে অমৰ হৈ থকা প্ৰেম কাহিনীসমূহকো স্মৰণ কৰায়। এই দিনটোৰ নামটো জড়িত আছে ছেইন্ট ভেলেন্টাইন ৰ সৈতে। তৃতীয় শতিকাৰ এই সাহসী পাদ্ৰীয়ে নিষেধাজ্ঞাৰ সত্বেও গোপনে সৈনিকসকলৰ বিবাহ সম্পন্ন কৰিছিল। প্ৰেম আৰু মানৱতাৰ এই দৃষ্টান্তমূলক কাৰ্যৰ বাবেই তেওঁ প্ৰাণ ত্যাগ কৰে। সেই আত্মবলিদানৰ স্মৃতিতেই ১৪ ফেব্ৰুৱাৰী দিনটো বিশ্বজুৰি “ভেলেণ্টাইন ডে’” ৰূপে উদযাপিত হয়। মনত পৰে দুষ্যন্ত আৰু শকুন্তলাৰ অবিস্মৰণীয় প্ৰেম, যাক চিৰ অমৰ কৰি ৰাখিছে কালিদাসৰ অমৰ নাট্যকৃতি অভিজ্ঞান শকুন্তলম। তদ্ৰূপে স্মৃতি উজাগৰ হয় ৰোমিও আৰু জুলিয়েটৰ বেদনাময় অথচ অনন্ত প্ৰেমৰ, যাক বিশ্বসাহিত্যত অমৰ কৰি তুলিছে উইলিয়াম শ্বেক্ছপীয়েৰৰ কালজয়ী নাটক ৰোমিঅ' আৰু জুলিয়েট।প্ৰাচ্য আৰু পশ্চিমীয়া সাহিত্যৰ মাজত এক অনন্য সেতু গঢ়ি তুলিছে কালিদাসৰ অভিজ্ঞান শকুন্তলম আৰু ৱিলিয়াম শেক্সপীয়ৰৰ ৰোমিঅ’ জুলিয়েটে । দুয়োখন নাটকে “প্ৰেম”ক কেন্দ্ৰবিন্দু কৰি গঢ় লৈছে, য’ত মানৱ হৃদয়ৰ সুকোমল অনুভূতি , প্ৰেম, বিচ্ছেদ আৰু মিলনৰ বৰ্ণনা এক শৈল্পিক ৰূপত প্ৰকাশ পাইছে। সংস্কৃত নাট্যশাস্ত্ৰত কোৱা হৈছে - "এক এৱ ভবেদঙ্গী শৃঙ্গাৰো বীৰ এৱ চ।”অৰ্থাৎ, প্ৰতিটো নাটকত শৃঙ্গাৰ বা বীৰ ৰসক মুখ্য ৰূপে ধৰা উচিত।কালিদাসৰ অভিজ্ঞান শকুন্তলম্ আৰু শ্বেক্সপীয়েৰৰ ৰোমিঅ' জুলিয়েট নাটকত শৃঙ্গাৰ ৰসক অংগী ৰস ৰূপে ব্যৱহাৰ কৰিছে। শৃঙ্গাৰ ৰস হৈছে প্ৰেম, সৌন্দৰ্য আৰু ৰোমাঞ্চৰ ৰস।এই ৰসত দুজন প্রেমিক–প্ৰেমিকাৰ মাজৰ অনুভূতি, স্নেহ, আকৰ্ষণ, বিৰহ আৰু মিলন সকলো ধৰণৰ প্রেমীয় অভিজ্ঞতা প্ৰকাশ পায়। মানৱ হৃদয়ৰ কোমলতম অনুভূতি এই ৰসৰ মাজেৰে প্ৰকাশ পায়। দুয়ো নাট্যকাৰেই উপমা অলংকাৰৰ জৰিয়তে প্রেমৰ অনুভৱ প্ৰকাশ কৰিছে কালিদাসে প্ৰকৃতিৰ ৰূপত প্রেমক তুলনা কৰিছে ফুল, বতাহ, মেঘৰ সৈতে আৰু শ্বেক্সপীয়েৰে তুলনা কৰিছে ৰত্ন, সমুদ্র আৰু পোহৰৰ সৈতে।কালিদাসৰ উপমা আৰু ৰূপক অলংকাৰৰ অপূৰ্ব প্ৰয়োগক, শকুন্তলাক তুলনা কৰা পাঁচ উপমাৰ পৰা বুজিব পাৰি — অনাঘ্ৰাতং পুষ্পং কিসলয়মলূনং কৰৰুহৈঃ অনামুক্তং ৰত্নং মধু নবমনাস্বাদিতৰসম্ । অখণ্ডং পূণ্যানাং ফলমিব চ তদ্ ৰূপমনঘং ন জানে ভোক্তাৰং কমিহ সমুপস্থাস্যতি বিধিঃ ॥ অৰ্থাত্ যি ফুলৰ সুৱাস কোনেও লোৱা নাই যি কোমল পাতক কোনেও স্পৰ্শ কৰা নাই,যি ৰত্নক কোনেও বিদ্ধ কৰা নাই,যি মধুৰ ৰসস্বাদ কোনেও লোৱা নাই —পূণ্যৰ অখণ্ড ফলৰ দৰে নিৰ্মল ৰূপ,তেনে এই সৌন্দর্যৰ উপভোগ কৰিব পোৱা ভাগ্যবানজন এই পৃথিবীত কোন হ’ব, সেই কথা বিধিয়েও জানে নে? এই শ্লোকত কবিয়ে এই উপমাবোৰৰ দ্বাৰা দেখুৱাইছে যে শকুন্তলাৰ ৰূপত ঘ্ৰাণ , স্পৰ্শ , দৃষ্টি , স্বাদ আৰু শব্দ এই পাঁচ ইন্দ্ৰিয়ক একেবাৰে পূৰ্ণ তৃপ্তি লাভ কৰিব পাৰা সৌন্দৰ্য বিদ্যমান । শ্বেক্সপীয়ৰে ৰোমিঅ’ জুলিয়েট নাটকত উপমাবোৰ: 1. “It seems she hangs upon the cheek of night, like a rich jewel in an Ethiopia’s ear.”অৰ্থাত্“তেওঁ যেন ৰাতিৰ গালত ঝুলি থকা এক উজ্জ্বল ৰত্ন। ক’লা ইথিওপ মহিলা এজনীৰ কাণত পিন্ধা চকচকীয়া গহনাৰ দৰে।” 2. “My bounty is as boundless as the sea.”অৰ্থাত মোৰ প্ৰেম সাগৰৰ দৰে অসীম। . “These violent delights have violent ends, Like fire and powder.-” অতিপাত উচ্ছ্বাসপূর্ণ আৰু উগ্ৰ আনন্দৰ অনুভৱৰ অন্ত তেনেকুৱাই ভয়ংকৰ আৰু ধ্বংসাত্মক হয়,যেনে জুই আৰু বাৰুদ একেলগে ধ্বংস হয়।”জুলিয়েটক “সূৰ্য” বুলি কোৱা হৈছে, আৰু প্ৰেমক “আলোক” আৰু “অগ্নি”ৰ সৈতে তুলনা কৰা হৈছে । গভীৰ অনুভূতি প্ৰকাশৰ বাবে সুন্দৰ ৰূপক আৰু উপমা প্ৰয়োগ হৈছে ।প্ৰেম আৰু ঘৃণা, জীৱন আৰু মৃত্যু, সুখ আৰু দু:খ সকলো একেলগে চলিছে। যেনে -“O brawling love! O loving hate!” হায় সঙ্ঘাতযুক্ত প্ৰেম! হায় প্ৰেমময় ঘৃণা!এই ধৰণৰ বিপৰীত ভাবৰ সংমিশ্ৰণেই নাটকখনৰ গভীৰতা বঢ়াইছে। কালিদাসে কৈছে —প্রেমৰ বাণত ব্যথিত হৃদয়ক প্ৰকৃতিয়ে যেন শান্তি দিয়ে।এয়াই বুজিব পাৰি যে কালিদাসৰ প্রেম দেৱতাসুলভ, প্রকৃতিৰ লগত জড়িত।অন্যফালে, “ৰোমিঅ’ জুলিয়েট ”ত শ্বেক্সপীয়েৰে কৈছে —“My bounty is as boundless as the sea, My love as deep.”মোৰ প্ৰেম সাগৰৰ দৰে অসীম, গভীৰ আৰু অশেষ।ইয়াত মানৱ হৃদয়ৰ তেজস্বিতা আৰু আত্মবলিদানৰ মহিমা ফুটিছে। ৰোমিঅ’ জুলিয়েটত দুজন যুৱক-যুৱতীৰ প্ৰেমৰ দুঃখজনক কাহিনী আছে, যাৰ পৰিণতি দুয়োৰ মৃত্যুত হয়। ইয়াত প্রেম, ভাগ্য আৰু সমাজৰ বাধাৰ সংঘৰ্ষ বৰ্ণিত হৈছে ।ৰ’মিঅ’ আৰু জুলিয়েটৰ প্ৰথম দেখা মুহূৰ্ততেই দুয়ো এজনে আনৰ প্ৰেমত পৰে।এই দেখা-দেখিতেই “সম্ভোগ শৃঙ্গাৰ ৰস”ৰ আৰম্ভণি হয়।নিম্নোক্ত উক্তিত ৰোমিঅ’ৰ হৃদয়ত জন্ম হোৱা প্ৰেমৰ তীব্ৰতা আৰু শৃঙ্গাৰ ৰসৰ প্ৰাৰম্ভিক স্পন্দন স্পষ্ট দেখা যায়। “Did my heart love till now? Forswear it, sight! For I ne’er saw true beauty till this night.” — Romeo অৰ্থাৎ —“মোৰ হৃদয়ে এতিয়ালৈকে প্ৰেম কৰিছিল নে ? নহয়, নহয়! এই নিশালৈকে মই কেতিয়াও প্ৰকৃত সৌন্দৰ্য্য দেখাই নাছিলোঁ।” ইয়াত দুয়ো এজনে আনৰ পৰা পৃথক হ’ব নোৱাৰে, কিন্তু সমাজেও তেওঁলোকৰ মিলন হব নিদিয়ে ।এই যন্ত্ৰণাই নাটকখনৰ মুখ্য আবেগ গঠন কৰে।সমাজৰ বাধা, পৰিয়ালৰ শত্রুতা, আৰু মিলনৰ অক্ষমতা — এই সকলোবোৰে দুয়োৰে হৃদয়ত গভীৰ বিৰহ সৃষ্টি কৰে।ইয়াত বিপ্ৰলম্ভ শৃঙ্গাৰ ৰস প্ৰকাশ পাইছে।শেষৰ অংকত দুয়োৰে জীৱন উৎসৰ্গ কৰাৰ দৃশ্যত শুদ্ধ প্রেম আৰু আত্মবলিদানৰ সৌন্দৰ্য প্ৰকাশ পাইছে।তেওঁলোকৰ মৃত্যুই হৈছে এক অমৰ মিলন, য’ত জীৱন আৰু মৃত্যু দুয়ো শৃঙ্গাৰ ৰসৰ সীমান্তত মিলি প্ৰেমৰ মাধুৰ্য আৰু প্ৰেমৰ বেদনা এক হে গৈছে। অভিজ্ঞানশকুন্তলমৰ তৃতীয় অংকৰ শেষলৈকে ৰজা দুষ্যন্ত আৰু শকুন্তলাৰ সাক্ষাৎ, গন্ধৰ্ব বিবাহ আৰু সম্ভোগৰ মাধুৰ্য — সম্ভোগ শৃঙ্গাৰৰ উৎকৃষ্ট উদাহৰণ - অপৰীক্ষতকোমলস্য যাৱৎকুসুমস্যেৱ নবস্য ষট্পদেন। অধৰস্য পিপাসতা ময়া তে সদয়ং সুন্দৰি গৃহ্যতে ৰসোऽস্য॥ -হে সুন্দৰি,তোমাৰ এই কোমল আৰু এতিয়ালৈকে স্পৰ্শহীন পৱিত্ৰ অধৰৰ মধুৰতা, যেন নৱ ফুলৰ ৰস ,যাক মৌমাখিয়ে লাহে লাহে পান কৰে ,তেনেদৰেই পিপাসিত হৃদয়েৰে মইও সাৱধানে তোমাৰ অধৰৰ মধুৰ ৰস গ্ৰহণ কৰিছোঁ। মানৱজাতিয়ে আদিকালৰ পৰাই প্ৰেম আৰু প্ৰকৃতিৰ সৌন্দৰ্যত মোহিত হৈ আহিছে।কালিদাসৰ অভিজ্ঞান শকুন্তলম আৰু শ্বেক্সপীয়েৰৰ “ৰোমিঅ’ জুলিয়েট দুয়োটাই এই মানৱিক আবেগক জীৱন্ত ৰূপ দিছে।ইয়াৰ ফলত দুয়ো নাট্যকাৰেই নিজ নিজ সাহিত্য-সংস্কৃতিত অপৰিহাৰ্য স্থান লাভ কৰিছে — কালিদাসে পূৰ্বীয় সাহিত্যৰ সৌন্দৰ্য প্ৰকাশ কৰিছে, আৰু শ্বেক্সপীয়ৰে পশ্চিমীয়া সাহিত্যক বিশ্বসাহিত্যৰ উচ্চ শিখৰত উপনীত কৰিছে।সঁচাকৈ, কালিদাসে পূৰ্বৰ আধ্যাত্মিক প্রেমক আকাশৰ ফুলেৰে সজাইছে,আৰু শ্বেক্সপীয়েৰে পশ্চিমৰ মানৱীয় প্রেমক ৰক্তৰ অশ্ৰুৰে সিঁচিছে।দুয়ো নাট্যকাৰেই বিশ্বমানৱৰ হৃদয়ত একে সুৰ বজাই গৈছে —প্ৰেম আৰু সৌন্দৰ্যৰ অমৰ গাথা।অভিজ্ঞান শকুন্তলমত প্ৰকৃতিৰ কোমলতা আৰু পবিত্ৰ প্ৰেমৰ মাধুৰ্য প্ৰকাশ পাইছে নাট্য-শাস্ত্রীয় সংবিধানৰ ফালৰপৰা 'অভিজ্ঞান শকুন্তলম্ এখন শ্রেষ্ঠ নাটক। ,আৰু “ৰোমিঅ’ জুলিয়েট ত অনুভৱৰ তীব্ৰতা, সংঘাত আৰু আত্মত্যাগৰ চিত্ৰ দৰ্শিত হৈছে।এইদৰে কালিদাস আৰু শ্বেক্সপীয়েৰ দুয়োয়ে নিজৰ সাহিত্যৰ মাজেৰে প্ৰেমক জীৱনৰ চিৰন্তন শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। _
_____________