• theoxygentimes@gmail.com

Blog


 পিতৃ মাতৃৰ সপোন আৰু সন্তানৰ সপোন - ইটো সিটোৰ পৰিপূৰক

   নৱকুমাৰী দেৱী,

 সহকাৰী অধ্যাপিকা,দৰ্শন বিভাগ

 লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়,

 ঢেকিয়াজুলি, শোণিতপুৰ, অসম

 

         আৰম্ভণি:                                                          

এই পৃথিৱীত সকলো মানুহৰ এটা মৰমৰ ঘৰ বা সংসাৰ থাকে। সেই ঘৰ বা সংসাৰত থাকিয়েই মানুহে নিজৰ ঘৰৰ উত্তৰাধিকাৰীৰ সপোন দেখে।সকলো মানুহৰ জীৱনত কিবা এটা নহয় কিবা এটা কৰাৰ চিন্তা বা সপোন থাকে। মানুহে তাক বাস্তৱত পূৰ্ণ ৰূপ দিবলৈ বহু চেষ্টা কৰা দেখা যায়। নিজৰ ব্যক্তিত্ব অনুযায়ী মানুহৰ সপোনৰ দৃষ্টিভংগী ভিন্ন ভিন্ন , যেনে - সাধাৰণ মানুহৰ সপোন, ব্যৱসায়ী ব্যক্তিৰ সপোন, লেখকৰ সপোন, চাকৰিয়াল ব্যক্তিৰ সপোন , বিভিন্ন শিক্ষকতা বৃত্তিত থকা শিক্ষক সকলৰ সপোন, নাট্যকাৰৰ সপোন, বিজ্ঞানী সকলৰ সপোন, অভিনেতা সকলৰ সপোন, সঙ্গীতজ্ঞ সকলৰ সপোন, সাহিত্যিক সকলৰ সপোন, নৃত্যশিল্পী সকলৰ সপোন, খেলুৱৈ সকলৰ সপোন, মন্ত্ৰী সকলৰ সপোন অৰ্থাৎ নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈকে থকা সকলো মানুহৰ মনত একো একোটা সপোন থাকে। যেনে - ক'লা গুৰু বিষ্ণু প্ৰসাদ ৰাভা, সুধা কষ্ঠ অসম ৰত্ন, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকা , মহাপুৰুষ, জগতগুৰু, নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী মন্ত শংকৰদেৱ, জ্ঞান পীঠ বঁটা প্ৰাপক ড০ মামণি ৰয়ছম গোস্বামী, পদ্মভূষণ লোকনায়ক অমিয় কুমাৰ দাস, ভাৰতীয় স্বাধীনতা সংগ্ৰামী অসমৰ প্ৰথম মহিলা শ্বহীদ বীৰঙ্গনা কনকলতা বৰুৱা, ঋষি শ্ৰী অৰবিন্দ অৰ্থাৎ  অৰবিন্দ আশ্ৰম পণ্ডিচেৰী যি আধ্যাত্মিক আৰু যোগৰ প্ৰাণকেন্দ্ৰৰ প্ৰতিষ্ঠাপক, শ্ৰী মা যি অৰোভিল স্থিত মাতৃ মন্দিৰৰ প্ৰতিষ্ঠাপক, শান্তিৰ ন'বেল বঁটা ,ভাৰত ৰত্ন বঁটা প্ৰাপক  মাদাৰ টেৰেছা যি মিছনেৰীজ অফ চেৰিটিৰ প্ৰতিষ্ঠাপক, 'বেল বঁটা বিজয়ী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ যি শান্তি নিকেতনৰ প্ৰতিষ্ঠাপক , ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতৰ স্বাধীনতা আন্দোলনত গুৰি ধৰোঁতা নেতা জাতিৰ পিতা মহাত্মা গান্ধী (বাপুজী) , দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ, স্বামী বিবেকানন্দ যি বিশ্বজনীন ধৰ্ম আৰু ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক, বিখ্যাত বিজ্ঞানী আৰু ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ড০এ .পি.জে আব্দুল কালাম ইত্যাদি ইত্যাদি। তেওঁলোক সকলোৱে হয় একো একোজন পিতৃ মাতৃৰ সন্তান নাইবা কাৰোবাৰ হয় পিতৃ মাতৃ । তেওঁলোকৰ সপোনবোৰ বেলেগ বেলেগ আছিল যদিও নিজৰ সপোন বাস্তৱত ৰূপায়িত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল যাৰ বাবে সকলোৱে এই পৃথিৱীত বিশ্ববৰেণ্য ব্যক্তিৰ ৰূপত প্ৰতিষ্ঠিত হৈছে।  মানুহ যি বৃত্তিতেই নাথাকক কিয় সেই বৃত্তি অনুসৰিয়েই মানুহৰ সপোনৰ দৃষ্টিভংগীৰ দূৰদৰ্শিতা  হোৱা দেখা যায়। এই পৃথিৱীত মানুহ হ'ল সৰ্বশ্ৰেষ্ঠ বুদ্ধিবৃত্তি সম্পন্ন প্ৰাণী। সেয়ে মানুহে নিজস্ব ইচ্ছাৰে নিজৰ ঘৰ সংসাৰৰ লগতে দেশৰ তথা বিশ্বৰ কল্যাণৰ  সপোন বাস্তৱত সফল ৰূপত প্ৰতিষ্ঠিত কৰাৰ ইচ্ছা কৰা দেখা যায়। এই লিখনিত পিতৃ মাতৃৰ লগতে সন্তানৰ সপোনৰ  চিন্তা চৰ্চা আৰু দৃষ্টিভংগীৰ কিছু আলোচনা কৰা হৈছে।

১)পিতৃ মাতৃৰ সপোন: পিতৃ মাতৃৰ সকলোতকৈ ডাঙৰ সপোন হ'ল নিজৰ সন্তানৰ বিয়া উপযুক্ত স্থানত আৰু উপযুক্ত পাত্ৰত কৰাই দিব পাৰিলে ভৱিষ্যত জীৱনত পিতৃ মাতৃৰ লগতে সন্তানৰ জীৱনলৈ সুখ শান্তি আৰু আত্মীয় স্বজনৰ লগত সম্পৰ্ক সদায় বৰ্তি থাকিব বুলি দৃঢ় বিশ্বাস থাকে। সেয়ে সকলো পিতৃ মাতৃয়ে পৰাপক্ষত বংশ পৰিয়ালৰ সন্মতি মৰ্মে সন্তানৰ বিয়া পাতিব বিচাৰে। তাৰ পিছত ভাৱী নাতি পুতিৰ চিন্তা কৰে। সন্তানৰ বিয়াৰ পিছত পিতৃ মাতৃ বোৱাৰীৰ বাবে শাহু-শহুৰ হয় আৰু সন্তানৰ অৰ্থাৎ ল'ৰাৰ নাতি পুতি হ'লে নিজৰ পিতৃ মাতৃ আইতা আৰু ককা হয় । অৰ্থাৎ সকলো মানুহৰ জীৱনলৈ সময় সাপেক্ষে সম্পৰ্কৰ বিভিন্ন ধৰণৰ নামাকৰণ হয় ।

২)বিয়াৰ পিছত নৱ দম্পত্তিৰ সপোন: বিয়াৰ পিছত মানুহৰ সপোন বিভিন্ন ধৰণৰ হয় । যদি চাকৰিয়াল মহিলা থাকে তেন্তে  উপযুক্ত স্থানত চাকৰিৰ হস্তান্তৰৰ চিন্তা  কৰি নাইবা সম্পূৰ্ণ ঘৰৰ আলোচনা মৰ্মে ভাৱি সন্তানৰ বাবে চিন্তা চৰ্চা কৰা দেখা যায়। অন্য কিছু ক্ষেত্ৰত দেখা যায় যে যদি নৱ দম্পত্তি দুটা স্থানত চাকৰিত থাকে তেতিয়াও সন্তানৰ বাবে কিছু চিন্তা চৰ্চা কৰিবলৈ বহু কিছু ভাৱিব লগা হয়। ইয়াৰ বিপৰীতে সৰ্বসাধাৰণ নৱদম্পত্তিয়ে বিশেষ কাৰণত চিন্তা চৰ্চা কৰাৰ পিছত ভাৱি উত্তৰাধিকাৰীৰ চিন্তা চৰ্চা কৰা দেখা যায়। তাৰ পিছতেই ডাক্তৰৰ পৰামৰ্শমতে ভাৱি প্ৰজন্মৰ ৰক্ষণাবেক্ষণ কৰি হস্পিটেলতেই জন্ম গ্ৰহণ কৰাই ঘৰলৈ লৈ যোৱা হয়।  সন্তান জন্মৰ  পিছতেই নৱ দম্পত্তি পিতৃ - মাতৃত পৰিণত হয়।তাৰ পিছত বিভিন্ন ধৰণৰ নীতি-নিয়ম পালনৰ জৰিয়তে সন্তানৰ নামকৰণ বংশ পৰিয়াল আৰু  আত্মীয় স্বজনৰ উপস্থিতিত কৰোৱা হয়। তেতিয়াৰ পৰাই পিতৃ - মাতৃৰ সপোন সন্তানক লৈ আৰম্ভ হয়।

৩) বাল্য শিশুৰ ওপৰত পিতৃ মাতৃৰ সপোন: শিশুৰ  পানী কেচুৱা অৱস্থাত উপযুক্ত লালন পালনৰ জৰিয়তে ডাঙৰ কৰিবলৈ সকলো পিতৃ মাতৃয়ে যৎপৰোনাস্তি চেষ্টা কৰা দেখা যায়। পিতৃ মাতৃয়ে বিভিন্ন ধৰণৰ খেলনা পালনাৰ যোগান ধৰি, বিভিন্ন ধৰণৰ খাদ্য খুৱাই, শিশুৰ পৰিচৰ্যাৰ বাবে মানুহ ৰাখি , শিশু এটিক সযতনে ডাঙৰ দীঘল কৰেশিশুৰ থুনুক থানাক মাত ফুটাৰ পৰাই পিতৃ মাতৃয়ে শিশুক নিজৰ মাতৃভাষাত ভাৱৰ আদান প্ৰদান কৰে। যেতিয়া শিশুৰ বয়স আঢ়ৈ বা তিনি হয় তেতিয়াৰ পৰাই শিশুৰ প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিক্ষা স্কুলত নাম ভৰ্তি কৰাই আৰম্ভ হয়। ধনী ব্যক্তি সকলে পাৰ্যমানে ভাল নামী দামী স্কুলত নাম ভৰ্তি কৰে আৰু সৰ্বসাধাৰণ ব্যক্তি সকলেও প্ৰথমতে অঙ্গণবাদী অনুষ্ঠানত নাম ভৰ্তি কৰি পিছত ইচ্ছাকৃতভাৱে ইংৰাজী নাইবা চৰকাৰী স্কুলত নাম ভৰ্তি কৰা দেখা যায়।

৪) সন্তানৰ স্কুলীয়া শিক্ষা অৰ্জনৰ ওপৰত পিতৃ মাতৃৰ সপোন:  আজিকালিৰ সন্তানে জন্ম হৈয়েই পিতৃ মাতৃৰ মোবাইল দেখা পায় আৰু পিতৃ মাতৃয়েও মোবাইলৰ জৰিয়তে সৰু ল'ৰা ছোৱালীক খেলা , খাদ্য ,খোৱা,  জীৱ-জন্তু , ইংৰাজী,হিন্দী, অসমীয়া, নেপালী অৰ্থাৎ যাৰ যি ভাষাৰ প্ৰয়োজন সেই ভাষাত ABCD,  ৰাইমচ , অসমীয়া বৰ্ণ, গণিতৰ ১,,৩ ৰ পৰা ধৰি নেওঁতা ইত্যাদিৰ ভিডিঅ' দেখুৱাই ল'ৰা ছোৱালীক শিক্ষা দিয়ে। চকুৰে দেখি শিকিলে ল'ৰা ছোৱালীৰ মনত সোনকালে থাকে আৰু বস্তুটোৰ বিষয়ে সোনকালে আয়ত্ত হয় । তাৰোপৰি আজিকালি ছাত্ৰ ছাত্ৰীক স্কুলত WhatsApp ৰ জৰিয়তে পাঠ্যক্ৰম যোগান ধৰা হয় আৰু কিছু ক্ষেত্ৰত অনলাইনৰ জৰিয়তে শিক্ষাও প্ৰদান কৰা দেখা যায়। আজিকালি ছাত্ৰ ছাত্ৰীয়ে একলগে হিন্দী, ইংৰাজী, অসমীয়া, বঙালী, বড়ো, আদিবাসী ভাষা বিনা ধিধাই আয়ত্ত কৰা দেখা যায়। বৰ্তমান সময়ত সমৰ্থবান পিতৃ মাতৃয়ে সন্তানক কম্পিউটাৰ আনি দি কম্পিউটাৰৰ শিক্ষা দিয়ে। নিজৰ সন্তান সকলো ফালৰ পৰা কেনেকৈ উপযুক্ত হয় তাৰ ওপৰত গুৰুত্ব দি সন্তানক সকলো বস্তুৰ যোগান ধৰে। তাৰোপৰি ছাত্ৰ ছাত্ৰীৰ চিত্ৰকলা, নৃত্য, সঙ্গীত, খেলাৰ ওপৰত স্কুলত শিক্ষা প্ৰদান কৰা হয়। পিতৃ মাতৃয়ে নিজৰ সন্তানৰ ৰুচি অনুযায়ী তেওঁলোকক বিভিন্ন দিশত পাৰ্গত কৰোৱা দেখা যায়। সেয়ে আজিকালি আমি কণমানি শিশুসকলৰ নৃত্য, খেল , সঙ্গীত, শিক্ষা , বিভিন্ন ধৰণৰ ভিডিঅ' বিভিন্ন এপ ফেচবুক , ইনচষ্টাগ্ৰাম, হোৱাটচেপ  নাইবা টিভি ইত্যাদিত দেখিবলৈ পাওঁ। নিজৰ সন্তানৰ প্ৰতিভা যিমানেই অভিভাৱকে বিকশিত কৰিব পাৰে সিমানেই পিতৃ মাতৃৰ লগতে সন্তানৰ ভৱিষ্যত উজ্বল হোৱা দেখা যায়। সেয়ে পিতৃ মাতৃয়ে মনৰ সপোন  বাস্তৱত ৰূপায়িত কৰিবলৈ সন্তানৰ কৰ্মৰ মাজেদি আগবাঢ়ি যোৱা দেখা যায়।

৫) মেট্ৰিক আৰু উচ্চমাধ্যমিক শিক্ষাৰ পিছত সন্তানৰ ওপৰত পিতৃ মাতৃৰ সপোন:  পিতৃ মাতৃৰ সপোন বিভিন্ন সময়ত বিভিন্ন ধৰণৰ হয়।  চৰকাৰেও ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত মেট্ৰিকত প্ৰথম বিভাগত উৰ্ত্তীণ হ'লেই টেবলেট আৰু উচ্চমাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হ'লেই  ছাত্ৰীক স্কুটী আৰু ছাত্ৰক ৭৫% শতাংশ পালেই স্কুটী  দিয়াৰ ব্যৱস্থা কৰিছে। যিসকল অভিভাৱকৰ সন্তানে নাপায় তেওঁলোকক নিজ পিতৃ মাতৃয়ে, স্কুটী, বাইক কিনি দিয়া দেখা যায়। সন্তানৰ কৃতকাৰ্যতাৰ ভিত্তিত মেট্ৰিক পাছ কৰাৰ পিছত পিতৃ মাতৃয়ে নিজ সন্তানৰ উচ্চ মাধ্যমিক শ্ৰেণীত কলা , বাণিজ্য নাইবা বিজ্ঞান শাখাত নামভৰ্তি কৰে। তাৰ পিছত উচ্চ মাধ্যমিকৰ ফলাফল চাই স্নাতক বা ডিগ্ৰী পঢ়িব নে নাইবা মেডিকেল , ইঞ্জিনিয়াৰিং , ডিফেঞ্চ আৰু বিভিন্ন বিভাগত  নামভৰ্তিৰ বাবে Entrance Test ( NEET, JEE , NDA , CLAT, AILET, NATA etc.)    দিব তাৰ নিৰ্ণয় কৰা দেখা যায়। Entrance Exam qualify ৰ ওপৰত  সন্তানৰ শিক্ষাৰ  বিভাগ নিৰ্ণয় হয়। গতিকে পিতৃ মাতৃৰ সপোন খৰচ যিমানেই নহওঁক কিয় নিজৰ সন্তানক উচ্চ শিক্ষাৰে শিক্ষিত কৰি উপযুক্ত কৰাৰ ক্ষেত্ৰত দেখা যায়। তেনেদৰেই সন্তানৰ কষ্ট আৰু পিতৃ মাতৃৰ নেৰানেপেৰা ধৈৰ্য আৰু চেষ্টাৰ ফলত সন্তানে Ph.D , D.Litt   ডিগ্ৰী পৰ্য্যন্ত লাভ কৰি পিতৃ মাতৃৰ লগতে সন্তানৰ সপোন দিঠকত পৰিণত কৰা দেখা যায়।

৬) সন্তানক আধ্যাত্মিকতাৰ জ্ঞানেৰে সমৃদ্ধ কৰাৰ সপোন:  সন্তানক আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ কৰাৰ চেষ্টা প্ৰত্যেক পিতৃ মাতৃয়ে কৰা দেখা যায়। সেয়ে পিতৃ মাতৃয়ে সন্তানক লৈ মন্দিৰ, নামঘৰ , ঘৰৰ গোসাঁই ঘৰ, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান , গীৰ্জা , মছজিদ অৰ্থাৎ নিজৰ নিজৰ ধৰ্মৰ অনুষ্ঠান সমূহত ভাগ লোৱা দেখা যায়। সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানক নিজস্ব ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ  ( শ্ৰী মদ্ভাগৱত গীতা, ৰামায়ণ , মহাভাৰত, বাইবেল, কোৰাণ ) ইত্যাদিৰ জ্ঞানেৰে  দৈনন্দিন জীৱনত কৰ্ম কৰিবলৈ অনুপ্ৰাণিত কৰা দেখা যায়। মানুহৰ জীৱনত শিক্ষা গত অৰ্হতাৰ ডিগ্ৰীয়ে অৰ্থ আৰু সন্মান দিব পাৰে কিন্তু আধ্যাত্মিকতাৰ জ্ঞানে মানুহক সাহস, ধৈৰ্য, সহিষ্ণু , শান্ত শিষ্ট , নম্ৰ, ভদ্ৰ আৰু মনত সদায় শান্তি প্ৰতিষ্ঠা কৰিব পাৰে। ঋষি মুনি ,তপস্বী, মহাত্মা, কথাকাৰ সকলেও নিজস্ব ধৰ্মগ্ৰন্থ অধ্যয়নৰ আধাৰত নিজৰ লগতে, জনসাধাৰণক পৰামৰ্শ দিয়া দেখা যায়। সেই পৰামৰ্শৰ ভিডিঅ' আমি youtube, reel, short video ৰ জৰিয়তে মোমাইলতেই দেখা পাওঁ। সেয়ে পিতৃ মাতৃয়ে  শিক্ষাৰ লগতে আধ্যাত্মিকতাৰ জ্ঞানেৰে সন্তানৰ চৰিত্ৰ গঢ় দিব বিচাৰে।

৭) সন্তানক উপযুক্ত ঘৰ দুৱাৰ, মাটি আৰু বেঙ্ক বেলেঞ্চ দি পৰিপূৰ্ণ কৰাৰ সপোন:

বৰ্তমান সময়ত মানুহৰ সন্তান এটা নাইবা দুটাই । সেয়ে পিতৃ মাতৃয়ে সন্তানক বহু মৰমৰ মাজেদি কষ্ট নিদিয়াকৈ ডাঙৰ দীঘল কৰে। পিতৃ মাতৃৰ আৰ্থিক অৱস্থা চাই  পিতৃ মাতৃয়ে পৰাপক্ষত আৰ চি. চি. নাইবা আসাম টাইপৰ ঘৰ নিজ সন্তানৰ নামত বনাই  দিয়া দেখা যায়। তাৰোপৰি সমৰ্থবান পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ ভৱিষ্যত চিন্তা কৰি আৰ্থিক লাভা লাভৰ বাবে ঘৰ বনাই ভাৰা দিয়াও দেখা যায়।

৮) সন্তানৰ শিক্ষা অনুযায়ী উপযুক্ত চাকৰিৰ সন্ধানৰ সপোন :  বৰ্তমান যুগত শিক্ষক বৃত্তিৰ পৰা ধৰি নিম্ন শ্ৰেণীৰ অফিচ ক্লাৰ্ক লৈকে চৰকাৰী চাকৰিৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব , তেহে মানুহে চৰকাৰী চাকৰি পাব। তাৰোপৰি সন্তানে ভৱামতে উপযুক্ত পদ আৰু স্থানত চাকৰি পালেহে পিতৃ মাতৃয়ে সন্মতি প্ৰকাশ কৰিব পাৰিব । কিন্তু কিছুমান সন্তানে চাকৰি কৰিব নিবিচাৰে তেওঁলোকে ব্যৱসায় বাণিজ্য  নাইবা স্বকীয় অনুষ্ঠান প্ৰতিষ্ঠান গঢ়ি বিভিন্ন ধৰণৰ কাৰ্য্য কৰা দেখা যায়।সেয়ে সন্তানৰ উপযুক্ত স্থানত কৰ্ম সংস্থাপন ও পিতৃ মাতৃৰ বাবে  মনৰ শান্তিৰ এটা ডাঙৰ সপোন।  

৯) সন্তানৰ পিতৃ মাতৃ আৰু বংশ পৰিয়ালক লৈ সপোন:  সকলো মানুহৰ সন্তান যেতিয়া পঢ়ি শুনি নাইবা অন্য কিবা কিবি কৰি উপযুক্ত হ'লে তেওঁলোকৰ সপোন হয় এনেধৰণৰ যেনে -  পিতৃ মাতৃয়ে মৰমেৰে সজা ঘৰখন চোৱা চিতা কৰা, ভাই - ভগ্নীৰ শিক্ষা দীক্ষাৰ পৰা ধৰি অন্যান্য কিবা কিবি চোৱা চিতা কৰা, দেউতাকৰ কামত সহায় কৰা, মাৰ কাৰণে ঘৰত কাম কৰা উপযুক্ত মেচিনাৰী বস্তুৰ পৰা আদি কৰি বিভিন্নধৰণৰ বস্তুৰ যোগান ধৰা , বংশ পৰিয়ালৰ কাৰণে যাৰ যিহৰ ওপৰত প্ৰয়োজন তাত সহায় কৰা , ওচৰ চুবুৰীয়াৰ লগত সহযোগিতা আৰু সহানুভূতি আগবঢ়োৱা, সমাজৰ বিভিন্ন কাম কাজত প্ৰয়োজন সাপেক্ষে সহায় আৰু পৰামৰ্শ দি হাতে কামে লগা ইত্যাদি ইত্যাদি।

১০) পিতৃ - মাতৃৰ বৃদ্ধাৱস্থা আৰু সন্তানৰ পিতৃ মাতৃৰ ওপৰত লালন পালনৰ সপোন  : সকলো অভিভাৱকৰ সন্তান যেতিয়া পঢ়ি শুনি, চাকৰি নাইবা ব্যৱসায় নাইবা স্বঅনুষ্ঠান কৰি অৰ্থৰ উপাৰ্জন কৰি পিতৃ মাতৃৰ দৃষ্টিত উপযুক্ত হয় তেতিয়া তেওঁলোকৰ বিয়া কৰাবলৈ পিতৃ মাতৃয়ে প্ৰস্তাৱ গ্ৰহণ কৰে। পিতৃ মাতৃৰ মতে বিয়াৰ

প্ৰস্তাৱ সন্তানে গ্ৰহণ কৰিলে পিতৃ মাতৃৰ মনত অপাৰ আনন্দ হয় কাৰণ ভৱিষ্যত জীৱনত তেওঁলোকে পিতৃ মাতৃক মৰম ,আদৰ আৰু ৰক্ষণাবেক্ষণ দিব বুলি দৃঢ় বিশ্বাস হয়। কিন্তু পিতৃ মাতৃৰ মনৰ ভাৱৰ বিৰোধিতাত  যদি সন্তানৰ বিয়া কৰাই দিব লগা হয় তেন্তে তাত পিতৃ মাতৃৰ সপোন সন্তানৰ ওপৰত আশাহীন হয়। পৃথিৱীত সকলোতকৈ ডাঙৰ কথা হ'ল যে পিতৃ মাতৃয়ে তেওঁ লোকৰ জীৱন নিজৰ সন্তানক উপযুক্ত কৰোঁতে কটায়, কিন্তু সন্তান উপযুক্ত হোৱাৰ পিছত যদি পিতৃ মাতৃয়ে সন্তানৰ পৰা যদি উপযুক্ত পৰিচৰ্য্যা নাপায় তেন্তে পিতৃ মাতৃৰ মন দুখত ভাগি যায়। পিতৃ মাতৃয়ে সন্তানক উপযুক্ত কৰে কাৰণ ভৱিষ্যত জীৱনত সন্তান নিজে কৰ্ম কৰি  মানুহৰ দৃষ্টিত সন্মান সহকাৰে প্ৰতিষ্ঠিত হৈ কৰ্ম কৰি খাব পাৰে তাৰ আশাত, ঠিক তেনেদৰে সন্তানেও ভাৱিব লাগিব যে পিতৃ মাতৃয়ে বৃদ্ধাৱস্থাত শান্তি আৰু মনত কোনো ধৰণৰ দুখ সন্তানৰ ব্যৱহাৰৰ পৰা পাব নালাগে। সেয়ে পিতৃ মাতৃৰ সপোনক দিঠকত পৰিণত কৰিবলৈ হ'লে নিজ সন্তানৰ অহোপুৰুষাৰ্থ চেষ্টা হ'ব লাগিব তেতিয়াহে তেওঁ এজন সমাজ আৰু দেশৰ দৃষ্টিত উপযুক্ত সন্তান বুলি বিবেচিত হ'ব।

সামৰণি: এই পৃথিৱীত সকলো মানুহেই কোনোবা নহয় কোনোবা পিতৃ মাতৃৰ সন্তান। পিতৃ মাতৃৰ সপোন সন্তানক লৈ হয় আৰু সন্তানৰ সপোন ও বেছিভাগ পিতৃ মাতৃৰ আশা পূৰণ কৰাৰ ক্ষেত্ৰত হয়। ইয়াৰ বিপৰীতে কিছুমান সন্তানে পিতৃ মাতৃক বিয়াৰ পিছত বেয়া ব্যৱহাৰ কৰা দেখা যায় আৰু আজিকালি বৃদ্ধাশ্ৰমত থৈ অহা দেখা যায়। কিন্তু কোনো সন্তানে নাভাবে যে তেওঁলোকৰ পিতৃ মাতৃয়ে তেওঁলোকক বৃদ্ধাশ্ৰমত থবৰ কাৰণে উপযুক্ত কৰিছিল নেকি?  সন্তানক উপযুক্ত কৰিও পিতৃ মাতৃয়ে বৃদ্ধাৱস্থাত বৃদ্ধাশ্ৰমত যদি থাকিব লাগে তেন্তে সেই সন্তানৰ প্ৰতি পিতৃ মাতৃৰ কি মনোভাৱ হ'ব। শাস্ত্ৰ মতে, পিতৃ মাতৃৰ আশীৰ্বাদ ইশ্বৰতকৈ মহান । পিতৃ মাতৃক কন্দুৱাই ল'ৰা ছোৱালীৰ কৰ্মৰ সন্মান থাকেনে এই পৃথিৱীত? যদি ভৱিষ্যত পিতৃ মাতৃয়ে মনৰ অশান্তিত দিন কটাবলগীয়া হয় তেন্তে সন্তানক লৈ সপোন দেখি, উপযুক্ত কৰি কিবা আছেনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বৰ্তমান সময়ত পিতৃ মাতৃ আৰু সন্তান সকলোৱে চিন্তা কৰিবৰ হ'ল। ঘৰ অট্টালিকা, দামী গাড়ী, চাকৰি বাকৰি দামী দামী, কিন্তু কৰণীয় কৰ্তব্য যদি তুচ্ছ হয় তেন্তে সেই দামী অহংকাৰৰ মনোভাৱৰ কোনো মূল্য নাথাকে। বৰ্তমান যুগত মানুহৰ পৰিয়ালৰ সংখ্যা তেনেই কম সেয়ে পিতৃ মাতৃ আৰু সন্তান মিলি জুলি আনন্দ ফূৰ্তি কৰি শান্তিত জীৱন যাপন কৰিব লাগে, নহ'লে যেনে কৰ্ম তেনে ফল - নিজৰ ভৱিষ্যত জীৱনত যে কি লিখা আছে কোনে জানিব। সেয়ে সকলো মানুহে এই সত্যক স্বীকাৰ কৰিব লাগিব যে - পিতৃ মাতৃৰ সপোন আৰু সন্তানৰ সপোন - ইটো সিটোৰ পৰিপূৰক, এটাই আনটোক

Post a Comment