• theoxygentimes@gmail.com

Blog


গ্ৰন্থ সমালোচনা :ৰামধেনুৰ ৰং” 

          

মহেন্দ্ৰ কুমাৰ নাথ, তেজপুৰ

মোবাইল : ৯৪৩৫০৮৪৩৫৬

বহু সময়ত প্ৰৱন্ধৰ কিতাপসমূহ খুব লৰালৰিকৈ  পঢ়া নহয় যদিও অলপতে মোৰ হাতত পৰা এখন প্ৰৱন্ধ সংকলনৰ আৰম্ভণিৰ দুটামান প্ৰৱন্ধই মোক এনেদৰে আকৰ্ষণ কৰিলে যে শেষত সেইখন শেষ কৰিহে ক্ষান্ত হলোঁ। কিতাপখন হ'ল "ৰামধেনুৰ ৰং", লেখক ড০ জয়ন্ত কুমাৰ শৰ্মা। দুটা খণ্ডত বিভক্ত কিতাপখনৰ মুঠ প্ৰৱন্ধৰ সংখ্যা ১৪, প্ৰথম খণ্ডত ৯টা প্ৰৱন্ধ আৰু দ্বিতীয় খণ্ডত ৫টা প্ৰৱন্ধ। প্ৰথম খণ্ডৰ প্ৰৱন্ধবোৰে ধৰ্ম, দৰ্শন, বিজ্ঞান, সাহিত্য আদি বিষয়বোৰ সামৰি লৈছে। আনহাতে দ্বিতীয় খণ্ডৰ প্ৰৱন্ধবোৰ হ'ল টলেমীৰ পৰা নিউটনলৈ জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ কালছোৱাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ বিষয়ে আলোচনা। প্ৰতিটো প্ৰৱন্ধ দীঘল আৰু পূৰ্ণাংগ। গতিকে সেইবোৰ বিৰক্তিকৰ হ'ব বুলি ভাবিছিলোঁ যদিও প্ৰতিটো প্ৰৱন্ধ ইমান সাৱলীলভাৱে লিখা হৈছে যে সেইবোৰ আৰম্ভণিৰপৰা শেষলৈকে অলপো বিৰক্তি অনুভৱ নকৰাকৈ পঢ়ি থাকিব পাৰি। তদুপৰি সেইবোৰৰ বেছিভাগেই ব্যক্তিগত অভিজ্ঞতাৰ লগত মিলাই লিখা কাৰণে সেইবোৰ প্ৰৱন্ধতকৈ কাহিনী যেনহে লগে। তদুপৰি এইবোৰৰ বিষয়বস্তুসমূহো অগতানুগতিক।

কিতাপখনত লেখকে প্ৰথমেই লেখকৰ দুআষাৰৰপৰাই পঢ়িবলৈ আৰম্ভ কৰিবলৈ উপদেশ দিছে। ইয়াৰপৰা কিতাপখনৰ পটভূমি আৰু লেখকৰ পৰিকল্পনা সুন্দৰভাৱে জানিব পাৰি। ইয়াৰে প্ৰথম খণ্ডৰ প্ৰৱন্ধবোৰ যথাৰ্থতে বৈচিত্ৰ্যময় আৰু অগতানুগতিক। এই খণ্ডৰ প্ৰথম প্ৰৱন্ধটো অতি গুৰুত্বপূৰ্ণ। ইয়াত বিখ্যাত পদাৰ্থবিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ দৃষ্টিৰে ধৰ্ম, বিজ্ঞান আৰু নৈতিকতা সম্পৰ্কে আলোচনা কৰা হৈছে। যদিও আপেক্ষিকতাবাদ বা theory of relativitityৰ কাৰণেহে আইনষ্টাইন বিখ্যাত, উদাৰনৈতিক মানৱতাবাদী এই বিজ্ঞানীজনে সময়ে সময়ে ধৰ্ম, বিশ্বশান্তি, নৈতিকতা, শিক্ষা, বিজ্ঞান, মানৱীয় মূল্যবোধ, আন্তৰ্জাতিক সহযোগিতা, নিৰস্ত্ৰীকৰণ আদি বিভিন্ন বিষয়ত তেওঁৰ মতামত ব্যক্ত কৰি আহিছিল। সেইবোৰে মাজে মাজে বিতৰ্কৰো সৃষ্টি কৰিছিল আৰু বিভিন্ন গোটৰ লোকে সেইবোৰ নিজৰ সপক্ষে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰে ধৰ্ম, বিজ্ঞান আৰু নৈতিকতা সম্পৰ্কে আইনষ্টাইনৰ মতামত প্ৰৱন্ধটোত লেখকে সহজভাৱে আলোচনা কৰিছে। দ্বিতীয় প্ৰৱন্ধটোত লেখকে বিশিষ্ট গল্পকাৰ, ৰহস্য সাহিত্যিক, গৱেষক আৰু অভিধান প্ৰণেতা ড০ প্ৰণৱজ্যোতি ডেকা সম্পৰ্কে  বিস্তাৰিতভাৱে আলোচনা কৰিছে। ব্যক্তিগত অভিজ্ঞতাৰ লগত মিলাই লিখা কাৰণে দীঘল প্ৰৱন্ধ হ'লেও পঢ়িবলৈ আমনিদায়ক হোৱা নাই। প্ৰৱন্ধটোৱে ড০ প্ৰণৱজ্যোতি ডেকাৰ বৰ্ণাঢ্য সাহিত্যৰাজিৰ বৈশিষ্ট্য সুন্দৰভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে।

পৰৱৰ্তী প্ৰৱন্ধটোত লেখকে বিশিষ্ট তাত্ত্বিক পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনৰ দৃষ্টিত বিজ্ঞানৰ স্বৰূপ সম্পৰ্কে আলোচনা কৰিছে। ফাইনমেন আছিল quantum electro-dynamicsৰ আৱিষ্কাৰক, পদাৰ্থবিজ্ঞানত নোবেল বঁটা প্ৰাপক, জনপ্ৰিয় বক্তা আৰু লেখক। ইয়াত তেওঁ বিজ্ঞানৰ বিভিন্ন সংজ্ঞা দিছে। সংজ্ঞাসমূহ অভিনৱ। তাৰ ভিতৰত এটা সংজ্ঞা মোৰ খুব ভাল লাগিছে। সেইমতে, সকলো বিষয়ৰ ভিতৰত একমাত্ৰ বিজ্ঞানে পূৰ্বৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ অভ্ৰান্তিৰ ওপৰত বিশ্বাসৰ বিপদৰ পাঠ অন্তৰ্ভুক্ত কৰে। অৰ্থাৎ, পূৰ্বৰ শ্ৰেষ্ঠ শিক্ষকসকলৰ কথাও সঁচা নহ'বও পাৰে, আৰু সেই কথা বিজ্ঞানে আমাক শিকায়। কিতাপখনৰ চতুৰ্থ প্ৰৱন্ধটোত লেখকে লী ফকৰ অতি বিখ্যাত কমিকছ ছিৰিজ "ফেণ্টম" সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিছে। এনে ধৰণৰ অগতানুগতিক বিষয়ৰ  আলোচনা সাধাৰণতে খুব কমকৈ পোৱা যায়। লেখকৰ বৰ্ণনাই ফেণ্টমৰ ৰহস্যময় দেশখন চকুৰ আগত স্পষ্টভাৱে দাঙি ধৰে। ইয়াৰ পাছৰ প্ৰৱন্ধটোৰ বিষয়বস্তু হ'ল "অসমীয়া ৰহস্য সাহিত্য"। অসমীয়া সাহিত্যৰ এই শাখাটো আজিও বহু পৰিমাণে উপেক্ষিত হৈ আছে। কিন্তু যোৱাটো শতিকাৰ চতুৰ্থ দশকতে আৰম্ভ হোৱা অসমীয়া ৰহস্য সাহিত্যৰ সমৃদ্ধি লেখকে প্ৰৱন্ধটোত বিস্তাৰিতভাৱে বুজাই দিছে। "গোলাই ছিৰিজ"ৰপৰা আৰম্ভ কৰি 'পাফু ছিৰিজ", 'দস্যু ভাস্কৰ ছিৰিজ', "চক্ৰান্ত ছিৰিজ', "ইনকাচ ছিৰিজ', 'দস্যুৰাণী বিজুলী ছিৰিজ' আদি অসমীয়া ৰহস্য সাহিত্যৰ পুৰণি ছিৰিজৰ প্ৰতিখন কিতাপৰে নাম লেখকে সংগ্ৰহ কৰিছে। এইটো এটা তথ্যসমৃদ্ধ আৰু গুৰুত্বপূৰ্ণ প্ৰৱন্ধ। লেখকৰদ্বাৰা ৰহস্য সাহিত্যৰ শ্ৰেণীবদ্ধকৰণ এইবিধ সাহিত্য চৰ্চাৰ ক্ষেত্ৰত এটা নতুন দিশ। কিতাপখনৰ ষষ্ঠ প্ৰৱন্ধটোৰ বিষয়বস্তু হ'ল এটা কিতাপৰ ছিৰিজ Great Books of the Western World--- "পাশ্চাত্য বিশ্বৰ মহান গ্ৰন্থমালা"। পাশ্চাত্যৰ তিনি হাজাৰ বছৰজোৰা সভ্যতা গঢ়ি তোলা আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপসমূহেৰে গঠিত এই গ্ৰন্থমালা সম্পৰ্কে ইয়াত আলোচনা কৰা হৈছে। ইয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ কাৰণে লেখকে গ্ৰন্থমালাটো সংগ্ৰহ কৰাৰ কাহিনীও বৰ্ণনা কৰা হৈছে।

পৰৱৰ্তী প্ৰৱন্ধৰ বিষয়বস্তু হৈছে এখন বিখ্যাত বেষ্টছেলাৰ উপন্যাসিকা The Little Prince--- "কণমানি ৰাজকোঁৱৰ"। যোৱাটো শতিকাৰ পঞ্চম দশকত ফৰাচী ভাষাত ৰচনা কৰা আন্তোৱান দ্য ছ্যাঁত একজুপেৰীৰ এই উপন্যাসিকাখনৰ এতিয়ালৈকে ২০০ নিযুত খনতকৈ অধিক কপী বিক্ৰী হৈছে আৰু ই ৪০০ টাতকৈ অধিক ভাষালৈ অনূদিত হৈছে। কিতাপখনৰ মূল ইংৰাজী আৰু অসমীয়া অনুবাদ দুয়োটাই মই পঢ়িছোঁ। প্ৰেম, বিৰহ, বন্ধুত্ব, একাকীত্ব, আশা, নিৰাশা আদি বুজা-নুবুজা বিচিত্ৰ কথাৰে উপন্যাসিকাখন সমৃদ্ধ। লেখকে প্ৰৱন্ধটোৰ শেষত বেষ্টছেলাৰ কিতাপৰ এখন তালিকাও সংযোগ কৰিছে। কিতাপখনৰ অষ্টম প্ৰৱন্ধটো দীঘল আৰু সামান্য কঠিন। ইয়াত বিখ্যাত বিজ্ঞানী ষ্টিফেন হকিং-অৰ জীৱনী আৰু তেওঁৰ তত্ত্বৰ আধাৰত আমাৰ মহাবিশ্বখনৰ উৎপত্তি, বিকাশ, বৰ্তমানৰ স্বৰূপ আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰা হৈছে। মহাবিশ্বৰ সকলো দিশ সামৰি লিখা প্ৰৱন্ধ আগতে পঢ়া মনত নপৰে। সাধাৰণ পঢ়ুৱৈৰ কাৰণে প্ৰৱন্ধটো অতি দৰকাৰী হ'ব। প্ৰৱন্ধটোৰ শেষত দিয়া পৰিভাষাৰ তালিকাখন প্ৰৱন্ধটো পঢ়াৰ ক্ষেত্ৰত সহায়ক হ'ব। এইটো খণ্ডৰ শেষৰ প্ৰৱন্ধটো দৰাচলতে পূৰ্বৰ প্ৰৱন্ধৰে প্ৰসাৰিত অংশ বুলি ক'ব পাৰি। গ্ৰহ-গ্ৰহান্তৰলৈ মানুহৰ যাত্ৰাৰ অসীম সম্ভাৱনাৰ বিষয়ে ই আমাৰ কল্পনাক উজ্জীৱিত কৰি তোলে। আৰু যথাৰ্থতে ই মানুহৰ এটা বহুদিনীয়া সপোন।

দ্বিতীয় খণ্ডটোত মুঠতে পাঁচটা প্ৰৱন্ধ আছে যদিও সেইবোৰক আচলতে একেলগে একেটা দীঘলীয়া প্ৰৱন্ধ বুলি ক'ব পাৰি। প্ৰৱন্ধকেইটাত টলেমীৰপৰা নিউটনলৈ ক্ৰমে ভুকেন্দ্ৰিক আৰ্হিৰপৰা সূৰ্য্যকেন্দ্ৰিক অৰ্হিলৈ মহাবিশ্বৰ আৰ্হিৰ বিকাশ সম্পৰ্কে আলোচনা কৰা হৈছে। সকলোবোৰ আৰ্হি সেই জ্যোতিৰ্বিজ্ঞানীসকলৰ বিখ্যাত গ্ৰন্থসমূহৰ জৰিয়তে দাঙি ধৰা হৈছিল। আৰু এইখন কিতাপত সেই গ্ৰন্থসমূহৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰা হৈছে। গ্ৰন্থসমূহ হল টলেমীৰ Almagest; কপাৰনিকাছৰ De Revolutionibus; কেপলাৰৰ Astronomia Nova আৰু Harmonices Mundi; গেলিলিওৰ Siderius Nuncius, Dialogo আৰু Discorsi; আৰু নিউটনৰ Principiaঅৱশ্যে লেখকৰ আন এখন কিতাপ "আইজাক নিউটন আৰু প্ৰিন্সিপিয়া"ত এই গ্ৰন্থসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছিল।

      "ৰামধেনুৰ ৰং"-অৰ প্ৰকাশক "মণিকূট প্ৰকাশন", পৃষ্ঠা সংখ্যা ২৫৬, মূল্য ২৯০.০০ টকা। কিতাপখনৰ ছপা-বন্ধা উত্তম। অগতানুগতিক বিচিত্ৰ বিষয় পঢ়িব খুজিলে কিতাপখন এখন উত্তম আৰম্ভণি।

 

                                                                     ______________________

Post a Comment