Blog

মানুহৰ দৈনন্দিন জীৱনত সময়ৰ প্ৰত্যাহ্বান

Blog Image

মানুহৰ দৈনন্দিন জীৱনত সময়ৰ প্ৰত্যাহ্বান

  নৱ কুমাৰী দেৱী

ঢেকিয়াজুলি, শোণিতপুৰ, অসম

আৰম্ভণি :                                                                                                               

এই পৃথিৱীত কাল বা সময় হ'ল যিকোনো ঘটনাৰ আধাৰ । সেয়ে সমস্ত ঘটনা কাল বা সময়ৰ আলম লৈ ঘটে। সময় অবিহনে কোনো ঘটনাই ঘটিব নোৱাৰে। তাৰোপৰি, সমস্ত ঘটনা বা বস্তু এটা সুনিৰ্দিষ্ট কালতেই অৱস্থান কৰে। সময় অনাদি আৰু অনন্ত। সময় বা কালৰ কোনো আৰম্ভণি আৰু শেষ নাই।কাল য'ত আৰম্ভ সিও নিশ্চয় কালেই আৰু কালৰ অন্ত বুলি যদি কিবা ভৱা হয় সিও কালতেই থাকিব।

    বিভিন্ন ঘটনাৰ পূৰ্বাপৰ সম্পৰ্কৰ ভিত্তি হ'ল কাল  বা সময়। প্রকৃতি জগতত প্রতিদিনে অনেক ধৰণৰ ঘটনা ঘটি আছে। এই ঘটনাবোৰৰ কোনোটোৱে আগত বা পিছত ঘটিছে আৰু কেতিয়াবা একেলগে ঘটিছে। এইদৰে ঘটনাবোৰ ঘটাৰ ক্ষেত্ৰত ঘটনাবোৰৰ মাজত যি সম্পর্ক সৃষ্টি হয় অথবা যি সম্পৰ্কৰ আধাৰত ঘটনাবোৰ ঘটে তাৰ পৰাই আমাৰ কাল বা সময়ৰ ধাৰণা হয়। পূর্ববর্তিতা (precedence), সমকালতা (simultaneity), অনুক্রম (succession), স্থিতিকাল (duration), ব্যৱধান (interval) আদিয়ে ঘটনাবোৰৰ মাজৰ কালিক সম্পর্কক বুজায়। কথাবার্তাত আমি এতিয়া, তেতিয়া, আজি, কালি, পৰহি, দিন, মাহ, ঘণ্টা, ছেকেণ্ড, বছৰ আদি শব্দ ব্যৱহাৰ কৰোঁ। এইবোৰে এইটো নির্দেশ কৰে যে, 'কাল' বা 'সময়' নামৰ কিবা এটা আছে। কালক আমি অতীত, বর্তমান আৰু ভৱিষ্যত- এই তিনি ভাগত ভগাই লৈছোঁ। তাৰোপৰি, বিভিন্ন ঘটনাৰ মাজত যি গতি আৰু পৰিৱৰ্তন লক্ষ্য কৰা যায় সিও কালৰ আলমত উপলব্ধি কৰিব পাৰি। গতিকে বস্তুবিষয়ক ঘটনাৰ ৰাজ্যত কালৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰিবই লাগিব। কাল বা সময় ধাৰাবাহিক আৰু এটা অনন্ত প্রবাহ। কাল অবিৰাম গতিত গৈ আছে। বর্তমান অতীতলৈ ৰূপান্তৰিত হৈছে আৰু ভৱিষ্যত বৰ্তমানলৈ ৰূপন্তৰিত হৈ আছে ।কাল একমত্রাবিশিষ্ট (mono-dimensional)।

কাল সদায় সম্মুখৰ ফালে ধাৱমান।কাল বা সময় অনন্ত সমগ্র। কাল অখণ্ড আৰু অবিভাজ্য। আমাৰ সুবিধাৰ বাবে আমি কালক দিন, মাহ, বছৰ, ঘণ্টা, মিনিট, ছেকেণ্ড ইত্যাদিত ভাগ কৰিলেও প্রকৃততে কাল অখণ্ড আৰু অবিভাজ্য। এই খণ্ডসমূহ অনন্ত কালৰ অন্তৰ্গত। বৰ্তমান সময়ত এই সময়ক লৈ মানুহে কয় -  মোৰ সময় নাই , বাৰু চাওঁচোন যদি সময় হয় কৰিম । এই প্ৰপত্ৰত তাৰেই ওপৰত কিছু বৰ্ণনা কৰা হৈছে।

) মনৰ প্ৰৱল ইচ্ছা ' সময় হয় ':

  এই পৃথিৱীত দেখা যায় যে নিত্য নতুন বস্তু বিজ্ঞানীয়ে আৱিষ্কাৰ কৰি আছে। মানুহে তাৰ ব্যৱহাৰ কৰি ত'ত পোৱা নাই । অৰ্থাৎ বৈজ্ঞানিক সকলে নিজৰ সমস্ত সময় নিত্য নতুন বস্তু উদ্ভাৱনত দিছে সেয়ে তাৰ প্ৰমাণ। সাহিত্যিক , বুদ্ধিজীৱী, ৰাজনীতিবিদ, খেলুৱৈ, সৈনিক, পৰ্বতাৰোহণকাৰী, চিকিৎসক, মহাকাশচাৰী , , চিত্ৰকাৰ, , নাট্যকাৰ, আৰু অন্যান্য ক্ষেত্ৰত আমি দৈনন্দিন নিউজ বা খবৰত সুখ্যাতিৰ কথা দেখা বা শুনা পাওঁ। অৰ্থাৎ যাৰ যিহৰ ওপৰত ইচ্ছা তাৰ ওপৰত মানুহে নিৰন্তৰ কাম কৰি থকা দেখা যায়। কাম কৰা জনৰ বাবে সময় হে সময়, মাথো লাগে তাক অফুৰন্ত ভাৱে কাম কৰি  সমাধা কৰাৰ প্ৰৱল ইচ্ছা।

 

) অনলাইনৰ শিক্ষা আহৰণত সময় :

বৰ্তমান শিক্ষা ক্ষেত্ৰৰ পৰা ধৰি সকলোখিনিয়ে অনলাইন যোগেদিয়েই বেছিকৈ সম্ভৱ হৈছে। শিক্ষিত, অশিক্ষিত সকলোৱে অনলাইনৰ মাধ্যমেদি কাম কৰিবলৈ পাৰ্গত হোৱা দেখা যায়। মানুহে প্ৰথমতে নাজানিছিল অনলাইনৰ শিক্ষা, কিন্তু সমগ্ৰ বিশ্বই যেতিয়া অনলাইন হ'ল তেতিয়া মানুহে ইচ্ছা সহকাৰে অনলাইন যোগেদি কাম কৰিবলৈ বাধ্য হ'ল অৰ্থাৎ মানুহে নাজানিলেও আনৰ ওচৰত গৈ ইচ্ছা অনুযায়ী সময় দি তাক শিকিবলৈ বাধ্য হ'ল। সেয়ে পৰিস্থিতি আৰু পৰিবেশে মানুহক সময়ৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ আৰু হাজাৰ বাধা নেওচি হ'লেও তাক শিকিবলৈ বাধ্য কৰায় । আজিৰ দিনত যদি মানুহে সময়ৰ লগত নিজক উপযোগী কৰি চলিব জানে , তেন্তে মানুহে দ্ৰুত গতিত কাম কৰিব পাৰিব, নহ'লে মানুহে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লাগিব আৰু তাৰ ব্যতিক্ৰমো কেতিয়াবা দেখা যায়। সেয়ে কোৱা যায় যে মানুহৰ সময় সদায় দ্ৰুত গতিত সন্মুখৰ ফালে ধাৱমান । উদাহৰণ স্বৰূপে আমি ক'ব পাৰো যে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত প্ৰথমতে কোনো অনলাইনৰ ব্যৱস্থা নাছিল, কিন্তু যেতিয়াই অনলাইনৰ যোগেদিয়েই সকলো কাম কাজ কৰিবলৈ চৰকাৰী নিৰ্দেশনা প্ৰচলন হ'ল তেতিয়াৰে পৰাই সকলো চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানৰ কৰ্মচাৰীক অনলাইনৰ শিক্ষা দি তেওঁলোকক উপযুক্ত কৰোৱা হ'ল। অৰ্থাৎ মানুহে অপ্ৰাণ চেষ্টাৰে ঘন্টাৰ পিছত ঘন্টা সময় অতিবাহিত কৰি নিজৰ চাকৰি বচাবৰ কাৰণে অনলাইনৰ শিক্ষাত পাৰ্গত হ'ল। সেয়ে দেখা যায় যে য'ত সময় দিয়া জৰুৰী বুলি মানুহৰ ভাৱ হয় তাত মানুহে সময় দিয়া দেখা যায়।

 

) অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে সময়:

   মানুহ হ'ল সময়ৰ দাস। সময়ৰ কাম মানুহে সদায় সময়ত কৰিব লাগে । আজিকালি চৰকাৰী স্কুলবোৰ ৰাতিপুৱা ৯.০০ বজাৰ পৰা আবেলি ৩.৩০ টা লৈ হয় । মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ উপস্থিতি দিনে ৬.৪০ মিনিট । সেয়ে চাকৰিয়াল মানুহে অনুষ্ঠানৰ সময় বাধ্যতামূলক ভাৱে মানিবলৈ বাধ্য হয় ফলত মানুহে নিজৰ ঘৰৰ কামৰ প্ৰতি সময় দিবলৈ দিনটোৰ ভিতৰত অতি কম সময় পায় । নিজৰ ঘৰৰ সৰু সুৰা কাম কিবা কৰিবলৈ হ'লেও মানুহে চুটি ল'ব লগা হয়। আকৌ বেচৰকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলোৰো সময় ৰাতিপুৱা ৯.০০ বা ১০.০০ টাৰ পৰা সন্ধিয়া ৭.৩০ বা ৯.০০ টালৈ হয়। সেয়ে কামৰ বাবে মানুহে দিনটোৰ সময় অনুষ্ঠান প্ৰতিষ্ঠানতে দিব লগা হয়।  সময়ৰ ইফাল সিফাল হ'লেও মানুহৰ জীৱনত আউল লগা দেখা যায়। গতিকে নিৰ্ধাৰিত সময়ৰ উচিত ব্যৱহাৰ মানুহৰ কল্যাণকাৰক হয়।

  ) নিজৰ সুস্বাস্থ্য আৰু ঘৰৰ কাৰণে সময়:

  বৰ্তমানৰ সময় অনলাইনৰ সময় । সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি বয়সস্থ লৈকে সকলোৱেই অনলাইনত ব্যস্ত। কাৰোবাৰ চাকৰি সূত্ৰে, দৈনন্দিন বাতৰিৰ খবৰৰ সূত্ৰে, ভিডিঅ',ৰীল বনোৱা আৰু আপলোড কৰা সূত্ৰে, নিজৰ কৰ্মৰ তথ্য পাতি ফেচবুক,ইনচষ্টাগ্ৰাম, টুইটাৰ আদিত দিয়া সূত্ৰে হওক বা অন্যান্য সূত্ৰে হওঁক সকলোৱেই মাজৰাতি লৈকে অনলাইনত ব্যস্ত থাকে। সেয়ে বেছিভাগ মানুহৰ ৰাতিপুৱা শুই উঠাৰ সময় ৬.৩০ বা ৭.০০ টা হয় । তাৰোপৰি দূৰণি বটীয়া চাকৰিয়াল পুৰুষ বা মহিলাই ঘৰৰ কাম বন কৰি ৰাতিপুৱা পাৰ্যমানে ৮.০০ টা মান বজাত চাকৰিৰ বাবে ওলাই যাব লাগে। সেয়ে তেওঁ লোকে ঘৰৰ কামত বেছি সময় দিব নোৱাৰে । সেয়ে চাকৰিয়াল মানুহে সু-স্বাস্থ্য কাম্য কৰিলে ৰাতিপুৱা ৪.০০ টা বজাত উঠি যোগ - প্ৰাণায়াম, ৰাতিপুৱা খোজকঢ়া অভ্যাস কৰিব লাগিব। তাৰোপৰি যদি সন্তান থাকে তেন্তে তেওঁ লোকৰ পাঠদান কিছু সময় চাব পাৰিব। সেয়ে নিজৰ সূস্বাস্থ্য আৰু সন্তানৰ মঙ্গলময় বিচাৰিলে অবিভাৱকে সদায় ৰাতিপুৱা শুই উঠাৰ অভ্যাস কৰিব লাগিব, তেহে সময় মিলাব পাৰিব অন্যথা সময় নহয় বুলি ক'ব লাগিব।

) সমাজ আৰু বংশ পৰিয়ালৰ বাবে সময়:

  বৰ্তমান সময়ত চৰকাৰী বা বেচৰকাৰী অনুষ্ঠানত কৰ্মৰত মানুহে সমাজ আৰু বংশ পৰিয়ালৰ কাৰণে নিজৰ ব্যস্ততাৰ বাবে কমকৈ সময় দিয়া দেখা যায়। দিনত সময় নাপায় সেয়ে যদি অত্যন্ত জৰুৰী আৰু আত্মীয় হয় তেন্তে ৰাতি হ'লেও মানুহৰ ঘৰলৈ গৈ সম্বন্ধ ৰক্ষা কৰা দেখা যায়। কিন্তু যিয়ে সমাজৰ কাম কৰি ভাল পায় তেওঁ যেনেকৈ নহওঁক কিয় সময় উলিয়াই কাম কৰিবই । চাকৰিয়াল মানুহৰ যদি মনৰ ইচ্ছা হয় তেন্তে তেওঁলোকে চৰকাৰী বন্ধৰ দিনত সমাজ আৰু বংশ পৰিয়ালৰ বাবে সময় দি নিজক ধন্য কৰাৰ লগতে আনৰো উপকাৰ সাধন কৰিব পাৰে। কেইদিনমান ইফাল সিফাল হ'ব পাৰে কিন্তু অন্তৰে যদি বিচৰা হয় তেন্তে সময় কেইদিনমানৰ পিছত হ'লেও মিলি যায়।

)  মানুহৰ দেওবাৰৰ দিনৰ সময়:

     সপ্তাহত মানুহে এদিনহে দেওবাৰ হিচাপে চুটি পায়। পৃথিৱীৰ সকলো মানুহৰ বাবেই দেওবাৰৰ দিন হ'ল পৰিস্কাৰ পৰিছন্নকৰা, আলহী দুলহীক নিমন্ত্ৰণ কৰি বিশেষ সুস্বাদু ব্যঞ্জনৰ তৃপ্তিৰ এসাজ খুওৱা , ল'ৰা ছোৱালীৰ লগত ফূৰ্তিফাৰ্তা কৰা, পৰিয়াল মিলি পাৰ্ক বা বিশেষ ঠাইলৈ যাত্ৰা কৰা, প্ৰয়োজনীয় বজাৰ সমাৰ কৰা, ঘৰৰ বিভিন্ন কাম - কাজ হাজিৰা মানুহৰ দ্বাৰা সমাপন কৰা আৰু অন্যান্য যাৰ যি প্ৰয়োজন তাৰ সমাধান কৰা দিন । সেয়ে দেওবাৰৰ দিনৰ সময় প্ৰত্যেক মানুহৰ বাবে অতি মূল্যৱান অৰ্থাৎ আগন্তুক এসপ্তাহৰ প্ৰস্তুতিৰ দিনৰ সময়।

) পিতৃ মাতৃৰ বাবে সময়:

 সকলো মানুহৰ লগত পিতৃ -  মাতৃ , বা শাহু - শহুৰ নাথাকে।  পৰাপক্ষত সকলো প্ৰাপ্তবয়স্ক লোকে নিজৰ চোৱা চিতাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত স্থান আৰু মৰম স্নেহ ,‌ মৰমৰ মাত এষাৰ পোৱা এজনৰ ওচৰত থাকে। পিতৃ মাতৃৰ বুকুৰ ধন হ'ল মৰমৰ সন্তান আৰু সন্তানৰ বাবেও পিতৃ মাতৃয়েই হ'ল ভগৱান। সেয়ে সন্তানে হাজাৰ ব্যস্ততাৰ মাজতো পিতৃ মাতৃক সময় দি সেৱা শুশ্ৰূষা আগবঢ়াব লাগে। যদি নিজৰ দ্বাৰা সম্ভৱ নহয় তেন্তে চোৱা চিতা কৰা মানুহ ৰাখি হ'লেও পিতৃ মাতৃৰ পৰিচৰ্য্যা কৰিব লাগে। যেনেকৈ সন্তান জন্ম হোৱাৰ পিছত পিতৃ মাতৃয়ে নিজে সময় দিব নোৱাৰিলে মানুহৰ দ্বাৰা প্ৰতিপালন কৰোৱায় ঠিক তেনেদৰে পিতৃ মাতৃকো অন্য মানুহৰ দ্বাৰাই হওক পৰিচৰ্য্যা কৰাব লাগে। শিশু এটাই যেনেকৈ নিজৰ প্ৰতিপালন নিজেই কৰিব নোৱাৰে ঠিক তেনেদৰে প্ৰাপ্তবয়স্ক লোকেও নিজৰ প্ৰতিপালন নিজেই কৰিব নোৱাৰে কাৰণ তেতিয়া তেওঁ লোক অসুস্থ আৰু শক্তিহীন হৈ দুৰ্বল হৈ যায়। সেয়ে এই পৃথিৱীত সন্তানৰ মূখ্য কাম হ'ল বৃদ্ধাবস্হাত নিজৰ পিতৃ মাতৃৰ বাবে হাজাৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰা। চৰকাৰেও চৰকাৰী চাকৰিয়ালৰ বাবে পিতৃ মাতৃৰ লগত মিলিত হ'বৰ বাবে বছৰেকত দুদিন চুটিৰ ব্যৱস্থা কৰি দিছে ।

)   সন্তানৰ বাবে সময় :

বৰ্তমান সকলো চৰকাৰী পদত থকা মানুহে চৰকাৰী নিৰ্দেশনাৰ সময় বাধ্যতামূলক ভাৱে মানিব লাগে। তেনে ক্ষেত্ৰত ঘৰৰ পৰা বহু দূৰৈত

চাকৰি কৰা মানুহে নিজৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত সময় দিব নোৱাৰে কাৰণ ল'ৰা ছোৱালীৰ বিশ্ৰামৰ সময়ত ঘৰত অভিভাৱক সোমায় আৰু যেতিয়া অভিভাৱকৰ সময় হয় তেতিয়া ল'ৰা ছোৱালীৰ খোৱা আৰু শোৱাৰ সময় হয়। সেয়ে ঘৰৰপৰা দূৰৈত চাকৰি কৰা মানুহে ল'ৰা ছোৱালীৰ পাঠ্যক্ৰমত উপযুক্ত ভাৱে চকু ফুৰাবলৈ সময় নহয়। কিন্তু ঘৰৰ ওচৰত চাকৰি কৰা মানুহে নিজৰ পৰিয়ালৰ লগতে ল'ৰা ছোৱালীৰ পাঠ্যক্ৰমৰ নিজেই গুৰু দায়িত্ব বহন কৰা দেখা যায়। সেয়ে কিছুমান ক্ষেত্ৰত অভিভাৱক শিক্ষিত হ'লেও নিজৰ ল'ৰা ছোৱালীক সময় দিব নোৱাৰা বাবে বহু দুঃখিত হয়।

 

) আনৰ বাবে সময়:

    আগৰ দিনত মানুহে ইজনে সিজনক সময় দি সহায় কৰিছিল। কিন্তু বৰ্তমান সময়ত সকলো মানুহৰ ঘনিষ্ঠ বন্ধু বান্ধৱ কমি যোৱা দেখা যায়। বৰ্তমান যুগত মানুহে মোবাইলত সময় দিবলৈ বাধ্য হ'ল কাৰণ বেছিভাগ কাম কাজেই আজিকালি মোবাইলৰ জৰিয়তে সম্ভৱ হোৱা হ'ল। সেয়ে মানুহৰ লগত মানুহৰ সম্পৰ্ক কমকৈ হোৱা দেখা যায়। তাৰোপৰি বৰ্তমান সময়ত মানুহে দৈনন্দিন জীৱনত যি কৰে তাৰ পাৰ্যমানে ফেচবুক, ইনচষ্টাগ্ৰাম আৰু অন্যান্য এপৰ জৰিয়তে ৰাইজক জনাই দিয়ে, আৰু তাৰ পৰা মানুহে আনন্দ লাভ কৰে। আকৌ ফেচবুক বন্ধুৰ লাইক আৰু কমেন্টে  কিছুমান মানুহৰ মনত গভীৰ প্ৰভাৱ পেলায় যদিও ফেচবুকৰ বন্ধুৱে কেতিয়াও কোনোও কাকো বাস্তৱ জীৱনত  সময় দি সহায় কৰিব নোৱাৰে। সেয়ে মানুহে নিজৰ বংশ পৰিয়াল আৰু ওচৰৰ মানুহৰ লগত সদায় ভাল সম্পৰ্ক বজাই ৰাখিব লাগে। অৰ্থাৎ মানুহে নিজৰ বংশ পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ কাৰণে সদায় সময় দি আহিব লাগে। নিজৰ প্ৰয়োজন আৰু বিপদজনক অৱস্থাত নিজৰ আত্মীয় স্বজনেহে হাজাৰ বাধা বিঘিনি নেওচি সময় উলিয়াই বিপদৰ পৰা আপোন জনক উদ্বাৰ কৰা দেখা যায়। আচল কথা হ'ল যে আমি যদি নিজৰ মূল্যৱান সময় কাৰোবাৰ উদ্ধাৰৰ বাবে দিব পাৰোঁ তেন্তে আনেও নিজৰ প্ৰয়োজনৰ সময়ত তেওঁলোকৰ বহুমূলীয়া সময় দি উদ্ধাৰ কৰা দেখা যায়।

১০) নিজৰ বাবে সময়:

 বৰ্তমান যুগত মানুহে নিজে নিজৰ বাবে সময় দিব পাৰিব লাগিব। নিজে সুস্থ হ'লেহে আনৰ চিন্তা কৰিব পাৰি। অসুস্থ মন আৰু অসুস্থ দেহাই কোনেও কাকো শুশ্ৰূষা কৰিব নোৱাৰে। সুস্থ মনৰ বাবে ধনৰ প্ৰয়োজন কিন্তু সুস্থ শৰীৰ কেৱল ধনে মাত্ৰ দিব নোৱাৰে কাৰণ দেখা যায় যে ধন খৰচ কৰিও মানুহ কেতিয়াবা সুস্থ নহয়। সেয়ে সকলো মানুহে পৰাপক্ষত সদায় যোগ বা প্ৰাণায়ামৰ দ্বাৰা শৰীৰক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। তাৰোপৰি মানুহে নিজৰ নিজৰ ধৰ্মৰ পৱিত্ৰ গ্ৰন্থ সদায়েই অধ্যয়ন কৰি আধ্যাত্মিকতাৰ জ্ঞানেৰে ধনী হ'ব পাৰিলে মনৰ পৰা অপ্ৰয়োজনীয় চিন্তা মিনিটতে দূৰ হয়।  মানুহৰ মনক সৱল কৰি ৰাখে একমাত্ৰ আধ্যাত্মিকতাৰ জ্ঞানে, সেয়ে মানুহে নিজৰ নিজৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ অধ্যয়নত সদায়েই সময় দিয়া উচিত । আধ্যাত্মিকতাৰ জ্ঞানৰ দ্বাৰা নিজৰ দৈনন্দিন জীৱন পৰিচালনা কৰিব পাৰিলে সময়ৰ সদ ব্যৱহাৰৰ প্ৰয়োগ হোৱা দেখা যায়।

১১) ভাল আৰু বেয়া কৰ্মৰ বাবে সময়:

এই পৃথিৱীত সকলো মানুহেই নিজ কৰ্মৰ দ্বাৰা অৰ্থ উপাৰ্জন কৰি দৈনন্দিন অতিবাহিত কৰে। কৰ্মৰ দুটা ৰূপ - ভাল আৰু বেয়া। কিছুমান মানু্হ আৰ্থিক ভাৱে সৱল হ'লেও ধৰ্ম আৰু আধ্যাত্মিকতাৰ জ্ঞানৰ আধাৰত সময়ৰ সদ ব্যৱহাৰ কৰি সহজ সৰল জীৱন যাপন কৰে। তেওঁলোকে আনৰ অহিত চিন্তা নকৰে বৰঞ্চ সকলোৰে সহায়ক হৈ জীৱন যাপন কৰে। আকৌ আন কিছুমানে অপকৰ্মত লিপ্ত হৈ ধনৰ পাহাৰ অৰ্জে আৰু বিলাসী জীৱনযাপন কৰে। কিন্তু অপকৰ্মৰ দ্বাৰা অৰ্জিত ধন কেইদিনমানৰ পিছতেই কিবা নহয় কিবা এটা কাৰণত নিজৰ হাতৰ পৰা নাইকীয়া হৈ যায় আৰু তাতকৈও ডাঙৰ কথা যে ই মানুহক দৰিদ্ৰ কৰিও যাব পাৰে। মানুহে আচলতে লোভৰ বশবৰ্তী হৈ অপকৰ্মৰ দ্বাৰা আনৰ অজ্ঞাতে ধন অৰ্জে যদিও ভগৱানৰ দৃষ্টি গোচৰ হয় কাৰণ ভগৱান হ'ল এই পৃথিৱীত সৰ্বত্ৰ , সৰ্বব্যাপী আৰু সৰ্বদৰ্শী। সেয়ে ভগৱানে সকলোৰে ভাল আৰু বেয়া কৰ্মৰ পুৰস্কাৰ আৰু শাস্তি প্ৰদান কৰে। অৰ্থাৎ  মানুহে ধৈৰ্য্য সহকাৰে সৎ মাৰ্গেৰে সময়ৰ উপযুক্ত ব্যৱহাৰ কৰি কাম কৰিব লাগে অন্যথা অপকৰ্মৰ দ্বাৰা অৰ্জিত পাহাৰ সদৃশ ধনেও মানুহৰ কোনো শুভকামত লাভদায়ক হ'ব নোৱাৰে, বৰঞ্চ ই হানিকাৰকে হয়। সেয়ে মানুহে পৱিত্ৰ শাস্ত্ৰৰ অধ্যয়নৰ জ্ঞানৰ দ্বাৰা দৈনন্দিন জীৱনত যিকোনো কৰ্মই কৰিবলৈ সময় দিলে সেই সময়ৰ যুগান্তকাৰী ফলাফল পোৱা যায়।

সামৰণি:

 এই বিশ্বজগতৰ সকলো ঘটনা পৰিঘটনা নিদিষ্ট এটা সময়ত হয়, তাক কোনেও নুই কৰিব নোৱাৰে।

এই বিশ্বত সকলো মানুহে ভগৱানে দিয়া সময়ৰ ভিতৰত ভাল কৰ্ম কৰিব লাগে কাৰণ সকলো মানুহেই নিজৰ দীৰ্ঘায়ুৰ সময় সীমা সম্পৰ্কে অজ্ঞাত। ভাল কৰ্মই মানুহক এই পৃথিৱীত অমৰ কৰি ৰাখে আৰু বেয়া কৰ্মই মানুহক দুৰ্নাম কৰে। সেয়ে মানুহ ৰূপত জন্ম গ্ৰহণ কৰি মানুহে ধৰ্ম শাস্ত্ৰ অনুযায়ী  এই পৃথিৱীত কৰ্ম কৰিব পাৰিলে নিজৰ জীৱনৰ সময় সাৰ্থক কৰাৰ উপৰিও আনৰ জীৱনৰ সময়ো সাৰ্থক কৰিব পাৰে।

 

     


Share this post
Comments