“সমন্বয়ৰ সাধক” --হৰিপ্ৰসাদ গোৰ্খা ৰাই
ৰিজু দেৱী
ঢেকিয়াজুলি, শোণিতপুৰ, অসম
সমন্বয়ৰ সাধক ৰূপে চিৰপৰিচিত হৰিপ্ৰসাদ গোৰ্খা ৰাইৰ জন্ম হৈছিল ১৯১৫ চনৰ ১৩ জুলাই তাৰিখে, কোহিমাৰ নাগা হিলচত। তেওঁ অসমীয়া আৰু গোৰ্খা জাতিৰ মাজত এক যোগসূত্ৰ ৰূপে কাম কৰিছিল। তেওঁৰ পিতৃৰ নাম আছিল ধনৰাজ ৰাই আৰু মাতৃৰ নাম আছিল যচোদা ৰাই। ধনৰাজ ৰাই এজন ইণ্ডিয়ান আৰ্মী আছিল আৰু শিক্ষাৰ প্ৰতি আছিল তেওঁৰ বৰ অনুৰাগ । হৰিপ্ৰসাদক তেওঁ এজন সুশিক্ষিত ব্যক্তি ৰূপে গঢ়ি তুলিব বিচাৰিছিল। সেয়ে, হৰিপ্ৰসাদৰ শিক্ষা গ্ৰহণৰ বাবে যিখিনি সা-সুবিধাৰ প্ৰয়োজন হৈছিল , সেই সকলোখিনি প্ৰদান কৰিবলৈ অলপো কুণ্ঠাবোধ কৰা নাছিল। সৰুকালৰ পৰাই হৰিপ্ৰসাদক ৰামায়ন, মহাভাৰত, নীতিশিক্ষা আদিৰ জ্ঞান দিয়া হৈছিল। কোহিমাতে থাকি মাইনৰ স্কুল সুখ্যাতিৰে পাচ কৰাৰ পিছত হৰিপ্ৰসাদে হাইস্কুলৰ শিক্ষা যোৰহাটতে থাকি গ্ৰহণ কৰিছিল। সৰুৰে পৰা মেধা সম্পন্ন হোৱাৰ বাবে তেওঁ ১৯৩৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত, সংস্কৃত আৰু ভূগোলত লেটাৰ মাৰ্কচ লৈ উত্তীৰ্ণ হৈছিল। তাৰ পিছত আকৌ বি.এ.পাচ কৰি এম.এৰ শিক্ষা ও গ্ৰহণ কৰিছিল। হিন্দীৰ 'বিশাৰদ' ডিগ্ৰীও লাভ কৰিছিল। ৰেডক্ৰচ,স্কাউট আদিৰ ডিপ্লোমাও গ্ৰহণ কৰিছিল তেওঁ।
সাহিত্য,সংগীত বা অন্য যিয়েই নহওঁক প্ৰত্যেকৰে সফলতাৰ আঁৰত কোনোবা নহয় কোনোবা এজন বিশেষ ব্যক্তি থাকে। হৰিপ্ৰসাদৰো সাহিত্য চৰ্চাৰ আঁৰৰ ব্যক্তি তথা প্ৰেৰণাৰ থল আছিল পাৰশমণি প্ৰধান। তেওঁ সোতৰ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চাত মনোনিবেশ কৰিছিল। নিজৰ প্ৰতি থকা আত্মবিশ্বাস আৰু দৃঢ়তাই তেওঁক কৰ্তব্যৰ পথত আগুৱাই যোৱাত বিশেষভাবে সহায় কৰিলে। কোহিমাৰ মাইনৰ স্কুলত পঢ়ি থাকোতে তাৰে হেড মাষ্টৰ ভূপাল ছেত্ৰীদেৱৰ অনুপ্ৰেৰণাত লিখা প্ৰথম নেপালী ভাষাৰ কবিতাটি হৈছে ----
"চৰ্ম লাগ্চ ভনে পৰ জাও নচিনে ঝেই গৰ
মনমা অনল জলে তা পনি
দু:খ মান্দিনৈই তৰ
কচ্তৈ দু:খমা পনি
গোলী বাৰুদকো বৌচাৰমা পনি"
যিহেতু তেওঁ অসমীয়া ভাষাতে শিক্ষা গ্ৰহণ কৰিছিল গতিকে অসমীয়া সাহিত্যৰ প্ৰতিও তেওঁ সৰুৰে পৰা বৰ বেছিকৈ আকৰ্ষিত হৈ পৰিছিল। হৰিপ্ৰসাদ ৰাইৰ তেতিয়াৰ সাহিত্যানুৰাগী সহপাঠী বন্ধুসকল আছিল ক্ৰমে ধন বাহাদুৰ চোনাৰ,গোবিন্দ পৈৰা,বসন্ত বেজবৰুৱা,বন্দি সিং মেচ,ঘনকান্তি গগৈ,মোক্ষদাবালা বৰদলৈ,লাকী বৰদলৈ,প্ৰীতম ছেত্ৰী,বদনসিং ৰাই,কমলা চোনা,নৰ্মদা দেৱী,সৰস্বতী চোনাৰ,ইন্দ্ৰমায়া আদি। হৰিপ্ৰসাদ ৰায়ে পদ্মনাথ গোহাঞি বৰুৱা দেৱে পাঠ কৰা 'কোহিমা' শীৰ্ষক কবিতাটি শুনি অসমীয়াত কবিতা লিখিবলৈ মন মেলে। সেইসময়ত মাধৱ বেজবৰুৱাই গোবিন্দ পৈৰা,হৰিপ্ৰসাদ ৰাই আৰু ধন বাহাদুৰ চোনাৰক তেওঁলোকৰ সাহিত্য কৰ্মৰ বাবে তিনিওজনক একেলগে 'একেটা ঠাৰিৰে তিনিপাহ ফুল' বুলি কৈছিল।
হৰিপ্ৰসাদে লিখা প্ৰথম অসমীয়া কবিতাটি হৈছে 'সহিষ্ণুতা'। এই কবিতাটি তেওঁৰ যোৰহাট হাইস্কুলৰ 'জেউতি' নামৰ পত্ৰিকাত প্ৰকাশ পাইছিল। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁযে, হৰিপ্ৰসাদ ৰাইৰ প্ৰিয় গুৰু আছিল মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্তদেৱেই তেওঁক ভাগৱতী বৈষ্ণৱ ধৰ্মত দীক্ষিত কৰাইছিল আৰু লগতে 'ৰাই' শব্দৰ পিছত 'গোৰ্খা' শব্দৰো জোৰা লগাই দিছিল যাতে জাতিটোক লৈ কোনোধৰণৰ বিভ্ৰান্তি থাকি নাযায়। অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী পুৰুষ মহন্তদেৱৰ সান্নিধ্যলৈ আহিয়ে সুৱদী সুৰীয়া অসমীয়া গীত-মাত-কথাৰ সৈতে হৰিপ্ৰসাদ পৰিচিত হৈছিল আৰু এই পৰিচয়েই তেওঁক গঢ়ি তুলিছিল অসমীয়া ভাষা-সাহিত্যৰ এজন একনিষ্ঠ সেৱক ৰূপে।
'জেউতি' নামৰ পত্ৰিকাত কবিতা প্ৰকাশ হোৱাৰ পিছত লাহে লাহে তেওঁৰ ৰচনাবোৰ ৰামধেনু, বাঁহী, আৱাহন, মণিদ্বীপ, বৰদৈচিলা, পখিলা,বাতৰি আদি পত্ৰিকাবোৰত প্ৰকাশ পাবলৈ ধৰিলে। তেনেদৰে তেওঁ সাহিত্য সভাৰ লগতো জড়িত হৈ পৰে। লক্ষ্মীনাথ বেজবৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী,পদ্মনাথ গোহাঞি বৰুৱা,মিত্ৰদেৱ মহন্ত,মাধৱ ডেকা বেজবৰুৱা আদিৰ সংস্পৰ্শলৈ অহাৰ পিছত তেওঁ অসম সাহিত্য সভাৰ একনিষ্ঠ সাধক হৈ পৰাৰ লগতে ১৯৭৪ চনত কোহিমা সাহিত্য সভাৰো সভাপতি ৰূপে নিৰ্বাচিত হয়। কেন্দ্ৰীয় সদস্যও হয়। তেওঁৰ প্ৰচেষ্টাতে ডিমাপুৰ চহৰত ''অসম সাহিত্য সভা ভৱন' নিৰ্মাণ হয়।
হৰিপ্ৰসাদ গোৰ্খা ৰাই বহুভাষী আছিল। নেপালী ভাষাৰ উপৰিও হিন্দী,বেংগলী,অসমীয়া,উড়িয়া,ইংৰাজী, নাগা,জাপানী আৰু মণিপুৰী ভাষাসমূহ ক'ব আৰু লিখিব জানিছিল। ১৯৩৬ চনত নলিনীবালা দেৱী কোহিমালৈ যাওঁতে হৰিপ্ৰসাদ গোৰ্খা ৰায়ে অতি সাৱলীল ভাষাৰে ৰচনা এটা সৃষ্টি কৰি নলিনীবালা দেৱীৰ বন্দনা কৰিছিল। প্ৰত্যুত্তৰত নলিনীবালা দেৱীয়েও হৰিপ্ৰসাদক এটি ভ্ৰমৰৰ লগত তুলনা কৰি তৎকালেই এটি কবিতা গাই শুনাইছিল। কোহিমাতো সেই একেদৰেই জালহুল্য,জেচিনো,কিঠানো,যোজিবিনো আদি নগা বন্ধুসকলৰ একনিষ্ঠ প্ৰচেষ্ঠা আৰু সহযোগীতাৰ বাবে সাহিত্য সভাই গা কৰি উঠিল।
হৰিপ্ৰসাদ গোৰ্খাৰাই আছিল এজন অনন্য প্ৰতিভা সম্পন্ন ব্যক্তি। সামাজিক ক্ষেত্ৰতো তেওঁ বহু বৰঙনি আগবঢ়াই থৈছে। পেছাগতভাৱে তেওঁ টেকনিকেল স্কুলত ড্ৰয়িং মাষ্টৰ আছিল। কোহিমা মাইনৰ স্কুলত শিক্ষকতাও কৰিছিল। আকৌ ২য় বিশ্ব যুদ্ধৰ সময়ত শৰনাৰ্থী শিৱিৰ নীৰিক্ষণ কৰা কমানডেন্টৰ দায়িত্বত থাকি শিক্ষাৰ ব্যৱস্হা কৰিছিল। তাৰোপৰি ১৮ অক্টোবৰ ১৯৫৬ চনত তেওঁ আকাশৱানী গুৱাহাটীৰ ডেপুটি ডাইৰেক্টৰ ৰূপে নিযুক্তি লাভ কৰিছিল। কোহিমা হাইস্কুলতো তেওঁ প্ৰধান শিক্ষক ৰূপে নিযুক্তি লাভ কৰিছিল।
হৰিপ্ৰসাদৰ প্ৰকাশিত কৃতিসমূহ হ'ল-১.বাবৰী (কবিতা সংকলন,বি.স. ২০৩৪) 2.মনচৰিকো বোলি (কবিতা সংকলন,বি.স.২০৩৫ ) 3. য়হাঁ বদনাম হুনচ(গল্প সংকলন,বি.স.২০৩১) 4.হৰি প্ৰসাদ ৰাইকা কথাহৰু (গল্প সংকলন)। জানিব পৰা মতে তেওঁ এখন অসমীয়া উপন্যাস নেপালীত অনুবাদ কৰিছিল। এটা কথা মন কৰিবলগীয়া যে তেওঁ লিখা গল্প সংকলন 'য়হাঁ বদনাম হুনচ' য'ত নগা জীৱনৰ ভালেখিনি দিশৰ সুন্দৰ চিত্ৰ প্ৰতিফলিত হৈ উঠিছে। দ্বিতীয় বিশ্বযুদ্বই বিধ্বস্ত কৰা নাগালেণ্ডৰ আৰ্থ-সামাজিক দৃশ্য তথা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহত বসবাস কৰা গোৰ্খাসকলৰ জীৱন সংগ্ৰামৰ বাস্তৱ প্ৰতিফলন তেওঁৰ গল্পসমূহত দেখিবলৈ পোৱা যায়। তাৰোপৰি তেওঁ এক টুকুৰা ৰোটি,মদন,শিৱ-পাৰ্ৱতী,সাবিত্ৰী-সত্যৱান,পেৰি চাব কো ডায়েৰী,বেংক পাচবুক,দিন ৰ ৰাত,সান্ত্বনা আদি কেইবাখনো একাঙ্কিকা নেপালী ভাষাত ৰচনা কৰি সাহিত্যৰ ভাণ্ডাৰ অধিক সমৃদ্ধ কৰে। যোৰহাট হাইস্কুলত পঢ়ি থকা কালত তেওঁ এখন 'মদন' নামৰ নেপালী উপন্যাস লিখিছিল। যিটো 'হিমাদ্ৰী' নামৰ পত্ৰিকাত ধাৰাবাহিক ৰূপে প্ৰকাশ পাইছিল। যোৰহাটত থকা কালত তেওঁ 'পশুপতি', ' কমলিনী', 'সৰস্বতী 'নামৰে হস্তলিখিত নেপালী পত্ৰিকাও লিখি উলিয়াইছিল। 'কল্যানী' অৰ্ধবাৰ্ষিক পত্ৰিকাত আৰু 'ইন্দ্ৰেনী' বাৰ্ষিক হস্তলিখিত পত্ৰিকাতো ইতিমধ্যে তেওঁ কাম কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত বিভিন্ন লিখনিবোৰ গোৰ্খা সেৱক,গোৰ্খা, তৰুণ গোৰ্খা, দিয়ালো,ভাৰতী,উদয়, আৰতী আদি পত্ৰিকাতো প্ৰকাশিত হৈছিল। আমাৰ প্ৰতিনিধি আলোচনীত লিখিছিল তেওঁ 'নগাভূমিৰ কথা' শীৰ্ষক গুৰুত্বপূৰ্ণ নিৱন্ধ। মুঠতে সঁচা অৰ্থত ক'বলৈ গ'লে হৰিপ্ৰসাদ গোৰ্খা ৰাই এজন ভাষা -সাহিত্য প্ৰেমীলোক হোৱাৰ উপৰিও সমন্বয়ৰ সাধক আছিল। 'সৰ্বজন হিতায় সৰ্বজন সুখায়' এয়ে আছিল তেওঁৰ নীতি-আদৰ্শ। সাহিত্য আৰু সমাজ সেৱাই আছিল তেওঁৰ মহান ব্ৰত। মানুহক আধ্যাত্মিক জ্ঞান প্ৰদান, সুবুদ্ধি প্ৰদান কৰি মহৎ ৱাণী প্ৰচাৰ কৰিছিল।
হৰিপ্ৰসাদ গোৰ্খাৰাইক তেওঁৰ বহুমুখী প্ৰতিভাৰ কাৰণে বহু পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়। যেনে-ফুলচান্দ খন্ডেলৱাল পুৰস্কাৰ(১৯৯৯),অসম সাহিত্য সভা (১৯৭৫),জগদম্বাশ্ৰী পুৰস্কাৰ(১৯৯৬),পাৰশমণি প্ৰধান পুৰস্কাৰ(২০০০),অগম সিং গিৰী পুৰস্কাৰ ,সদস্য (সাহিত্য একাডেমি,১৯৮৭),পদ্মপ্ৰসাদ ঢুঙগানা পুৰস্কাৰ,সদস্য (ভানে ৰা পো,১৯৯৩) অনেছাছ পুৰস্কাৰ ,চিক্কিমৰ পৰা ১৯৯৬ চনত ভাষিক মান্যতা পুৰস্কাৰ প্ৰদান কৰিছিল। ইয়াৰোপৰি তেওঁ সাহিত্যিক পেঞ্চন(১৯৮৯) আৰু স্বতন্ত্ৰতা সংগ্ৰামী পেঞ্চনো লাভ কৰিছে। এনে এজন মহান ব্যক্তিত্ব সম্পন্ন ব্যক্তিৰ বাবে সমগ্ৰ গোৰ্খা সমাজ সদায় গৌৰবান্বিত। তেওঁৰ এই প্ৰতিভা কেৱল নাগালেণ্ড বা অসমতে সীমিত হৈ আছিল এনে নহয়। তেওঁ এজন আন্তৰ্জাতিক খ্যাতি সম্পন্ন লোক আছিল। ১৯৭১ চনৰ কথা। ৰয়েল নেপাল একাডেমীয়ে বিৰাট নগৰত এক বিশাল কবি সমাবেশৰ আয়োজন কৰিছিল। য'ত কবিবৰ হৰিপ্ৰসাদ ৰাইৰ কবিত্ব প্ৰতিভা,বাগ্মিতা আৰু পাণ্ডিত্যৰ বাবে নেপালৰ ৰজা মহেন্দ্ৰৰ হৈ চেয়াৰমেন কেদাৰমন ব্যথিতে তেওঁক তাতে দুবিঘা মাটি দান হিচাবে দিছিল কিন্তু মনে-প্ৰাণে অসমীয়া হৰিপ্ৰসাদে অসমী আইক তেজি অন্য স্হানৰ বাসিন্দা হোৱাৰ কথা কল্পনাও কৰা নাছিল আৰু বিনয়েৰে ৰজাৰ এই দান ঘুৰাই দিছিল। ২য় বিশ্বযুদ্ধৰ সময়তো দুই বন্ধু হৰিপ্ৰসাদ আৰু গোবিন্দ পৈৰা দুয়োৱে ৰিফিউজি কেম্প কমানডেন্টৰ দায়িত্ব পালন কৰিছিল। সেই সময়তে ঘন জংঘলৰ মাজেদি ফুটমাৰ্চ কৰি গৈ থাকোঁতে দুয়োৱে কেইবাটাও নগদ ধনৰ টোপোলা পাইছিল। অন্য বহু কামাণ্ডাৰে সেই ধনৰ টোপোলা আত্মসাত কৰি পিছৰ জীৱন স্বাচ্ছন্দ্যৰে পাৰ কৰিছিল যদিও পৈৰা আৰু গোৰ্খা ৰায়ে সেই ধনৰ টোপোলাবোৰ জ্বলাই দিছিল। ইয়াতকৈ বেছি আৰু ক'ব নেলাগে। ২০০৫ চনৰ ১৪ নৱেম্বৰ তাৰিখে এইজনা মহান পুৰুষে চিৰনিশ্বাস ত্যাগ কৰে যদিও তেওঁৰ সুকৃতিবোৰ সদায় আমাৰ হৃদয়ৰ মাজত চিৰ জাজ্বল্যমান হৈ থাকিব।
_________________
Post a Comment