Blog

শৰৎ বন্দনা

Blog Image

আহিন আৰু কাতি মাহ শৰত ৠতুৰ অন্তৰ্গত।।শৰতৰ আকাশত আকাশ নিৰ্মল ।। শুকুলা মেঘেৰে আচন্ন হৈ থাকে ।।শৰতৰ নিশাবোৰ বৰ আমেজভৰা।।চন্দ্ৰ আৰু অসংখ্য  তৰাৰে নিশাৰ আকাশখন তিৰবিৰাই থাকে।।জলাশয়বোৰ বিভিন্ন ধৰণৰ দেশী বিদেশী পক্ষীৰ বিচৰণ থলী হয়।।এনে কোনো জলাশয় বা সৰোবৰ নাই যত পদুম ফুল ফুলি নাথাকে ।।এনে কোনো পদুম নাই যত কোনো  ভোমোৰা নাই।।এনে কোনো ভোমোৰা নাই যি অনবৰতে গুণগুণাই নাথাকে।।শৰত কহুৱা ফুলাৰ বতৰ।।শৰতৰ ৰদ অত্যন্ত প্ৰখৰ ।।ইয়াৰ বিজ্ঞান সন্মত কাৰণো নোহোৱা নহয় ।।বাৰিষা চাৰিওফালে দূষিত পানীৰে জলমগ্ন হৈ থাকে ।।পানীত বিভিন্ন ধৰণৰ বীজানু ,জীৱ জন্তুৰ মল মুত্রৰে পানী দূষিত হৈ থাকে ।।শৰতৰ এই প্ৰখৰ ৰদে এই বীজানু বোৰ নাশ কৰে।।

 ৰামায়ণত ভগৱান ৰামেও লক্ষমণৰ লগত  শৰতৰ মধুৰ স্মৃতি বৰ্ণনা কৰিছে।।

बर्षा बिगत शरद ॠतु आई

लछिमन दुखहु परम सुहाई।।

फुले कास सकल महि छाई 

जनु बरसा कृत प्रगढ बुड़ाई।।

  বাৰিষাৰ সকলো দুখ যেন শৰতৰ আগমনৰ লগে লগে শেষ হৈ যাব ।।এইবাৰ বাৰিষা নৌ যাওঁতেই শৰতৰ আগমন হলশৰতে যেন আহিবলৈ খৰখেদা কৰিছে।।কাৰ আকুণ্ঠ আহ্বানত শৰতৰ এই খৰখেদা ।।কোনোবা যেন উদ্দাত্ত প্ৰেমিকৰ উদ্বাউল আহ্বানত যেন এইবাৰ শৰত খৰখেদাকৈ নামি আহিল।।তাৰেই আচিলা লৈ মোৰ এই কবিতাট

এইবাৰ শৰত খৰখেদাকৈ নামি আহিল

প্ৰিয়তমা তুমি বাৰু মাতিলা নেকি??

বৰষাই টালি টোপোলা নাবান্ধোতেই

শৰত যে নামি আহিল

তুমি বাৰু মাতিলা নেকি ?

তুমি পাগলৰ দৰে কি খনযে কৰা

শৰত শেৱালীফুল ফুলাৰ বতৰ

 শেৱালী ফুলৰ সুমধুৰ সুবাসে মোৰ মন মতলীয়া কৰে।।

মই জানো তোমাৰো কৰে

শেৱালী ফুল তুমি খুব ভাল পোৱা মই জানো।।

শেৱালী ফুলবোৰ কিয় বাৰু নিশাৰ নিঃশব্দতাত উচুপি উঠে

নিশাই ফুলি নিশাই সৰে।।।

নিশাৰ নিঃশব্দতাত নিৰবে মোৰ কাষলৈ আহিবা তুমিতোমাৰ খোপাত গুজি দিম শেৱালী ফুলৰ এধাৰি মালা।।

প্ৰিয়তমা জানানে শেৱালী ফুলৰ সুমধুৰ সুবাসত মই তোমাৰ সান্নিধ্য অনুভৱ কৰো ।।

আছলতে জানা তোমাৰ সান্নিধ্য পাবলৈ খৰখেদাকৈ শৰতক ময়েই মাতিলো।।।                                                                                                                             

কিমাধিকম:

বাসুদেৱায় নম:

বাসুদেৱ উপাধ্যায়

ডিব্ৰুগড়

দূৰভাষ ৭০০২৪০৩১২০

 

 

 


Share this post
Comments