• theoxygentimes@gmail.com

Blog


           মাধৱ কন্দলীৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিতৰ এক তুলনামূলক আলোচনা

                                                         (  তুলনামূলক সাহিত্য  )

কৰবী বৰ্মন

মালিগাঁও, গুৱাহাটী

 

দুই বা তাতোধিক  সাহিত্যৰাজিৰ তুলনামূলক বিচাৰেই হ'ল তুলনামূলক সাহিত্য । তুলনামূলক সাহিত্য শব্দটি ইংৰাজী Comparative literature ৰ সমাৰ্থক হিচাপে ধৰা হয়। তুলনা মূলক সাহিত্যৰ পৰিসৰ ব্যাপক।ইউৰোপত জন্ম হোৱা তুলনা মূলক সাহিত্য ই লাহে লাহে অন্য দেশৰ লগতে ভাৰততো প্ৰসাৰ লাভ কৰে।ফলত ভাৰতীয় সাহিত্যই  বিভিন্ন অঞ্চলৰ ভাষা সাহিত্যৰ উপাখ্যানৰ গঠন আৰু ধৰ্মীয় বিশ্বাসৰ মাজত থকা সাদৃশ্যতা আবিষ্কাৰ কৰিলে আৰু এক ভাৰতীয় মনৰ এক ৰুচি সম্পন্ন চিন্তাৰ ভিত্তিত তুলনা মূলক সাহিত্যৰ পৰিবেশো ৰচনা  কৰিলে।

        তুলনা মানে ৰিজনি।বৈদিক যুগৰ পৰা এতিয়ালৈকে ভাৰতৰ বিভিন্ন ঠাইত ভাষাৰ ভিন ভিন সাহিত্য ৰাজিৰ  ৰচনা হৈছে। ভাৰতীয় লিখিত পৰম্পৰাৰ আদিতম সাহিত্য সংস্কৃতত ৰচনা হৈছিল আৰু তাৰ সমান্তৰাল ভাৱে দক্ষিন ভাৰত তথা তামিল ভাষা টোত বিকাশ লাভ কৰিছিল। ইয়াৰ উপৰিও প্ৰাকৃত ভাষাত ৰচিত সাহিত্য সম্ভাৰেও ঐতিহাসিক পৰিচয় দাঙি ধৰি আহিছে। তাৰ পিছত হিন্দী,উৰিয়া,ফৰাচী আদি ভিন্ন ভাষাত ভিন্ন সাহিত্য ৰচিত হয়। এই সকলোবোৰ সাহিত্যক একেলগে ভাৰতীয় সাহিত্য বোলে।সেয়ে ভাৰতীয় সাহিত্য একক সাহিত্য।

         মাধৱ কন্দলিৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানপত্ৰ এটি তুলনা মূলক আলোচনা তলত দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ'ল- মাধৱ কন্দলিৰ ৰামায়ণ আৰু তুলসী দাসৰ ৰামচৰিত মানস:

        মহৰ্ষি বাল্মিকী ৰচিত ৰামায়ণ খনেই ভাৰতীয় সাহিত্যৰ আদিমতম মহাকাব্য। সংস্কৃত ৰামায়ণক আৰ্হি হিচাপে লৈ ভাৰতীয় প্ৰাদেশিক ভাষা সমূহত ৰামায়ণী সাহিত্যৰ সৃষ্টি হৈছে। উত্তৰ পূব ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষা সমূহৰ ভিতৰত মাধৱ কন্দলিৰ ৰামায়ণেই সবাতোকৈ প্ৰাচীন। উত্তৰাকাণ্ড ৰচনাৰ প্ৰায় ডেৰশ বছৰৰ পাছত হিন্দী কবি তুলসী দাসে ৰামচৰিত মানস ৰচনা কৰে।দুয়োখন গ্ৰন্থৰে সামাজিক, ৰাজনৈতিক আৰু ধৰ্মীয় দিশত কেতবোৰ সাদৃশ্য বৈশাদৃশ্য পৰিলক্ষিত হয়-

১) মাধৱ কন্দলিৰ 'ৰামায়ণ 'ত আহোমে প্ৰশাসন কৰাৰ কথা পোৱা যায় আৰু তুলসী দাসৰ 'ৰামচৰিত মানস'ত মোগলে ৰাজশাসন  কৰাৰ কথা পোৱা যায়। ৰাজনৈতিক দিশবোৰত পৃথকে পৃথকে সামাজিক প্ৰমূল্য বোধৰ তীব্ৰ বিষেদগাৰৰ পৰিচয় পোৱা যায়।

২)'ৰামচৰিত মানস'ত ৰামক আদৰ্শ চৰিত্ৰত চিত্ৰায়নৰ দক্ষতা প্ৰকাশ পাইছে'সহৃদয় কোমলচিত প্ৰতি দীনদয়াল' আৰু মাধৱ কন্দলিৰ 'ৰামায়ণ' ত নাৰী চৰিত্ৰ বিশেষকৈ সীতাক মৰ্যদা প্ৰদান কৰিছে। মানৱীয় অনুভূতিত সীতাৰ স্থান উচ্চ।

৩) চৰিত্ৰ চিত্ৰন, প্ৰাকৃতিক বৰ্ননা , অলংকাৰ বিধান, ভাষা আৰু ছন্দৰ সাৰ্থক প্ৰয়োগৰ ক্ষেত্ৰত তুলসী দাস অদ্বিতীয়।মাধৱ কন্দলিৰ ৰামায়ণতো অলংকাৰৰ প্ৰচূৰ প্ৰয়োগ ঘটিছে,যেনে-শব্দালংকাৰৰ ভিতৰত অনুপ্ৰাস ,যমক,ৰূপক, নিদৰ্শনা ,বিষম,ব্যাজস্তুতি আদিৰ ব্যাপক সমাহাৰ দেখিবলৈ পোৱা যায়।

৪)মাধৱ কন্দলিৰ ৰামায়ণৰ যদিও ভাষা অসমীয়া তথাপিও ঠাই বিশেষে ভাষাৰ মাধুৰ্য বাবে আৰৱী, ফাৰ্চী, হিন্দী আদিৰ প্ৰয়োভৰ ঘটিছে, তুলসী দাসৰ ৰামচৰিত মানসত লোকভাষা, সংস্কৃত-আৰৱী-ফাৰ্চী-ব্ৰজাৱলীৰ প্ৰয়োগ নথকা নহয়।

          দুয়োখন কাব্যতে সেই সাপেক্ষে নিজাধৰণে মূল কাহিনী বিকৃত নোহোৱাকৈ দুই-এটি কাল্পনিক  কথা বস্তুৰ সংযোগ কৰি কাহিনীৰ সৰসতা বৃদ্ধি কৰিলে।গতিকে দেখা যায় যে কাব্য সাহিত্যৰ দিশৰ বাহিৰেও গুণগত , কলাত্মক তথা ঐতিহাসিক দিশৰ পৰাও কাব্য দুখনিৰ বিশেষ স্থান আছে ভাৰতীয় সাহিত্যত।

                                                                               (  কৰবী বৰ্মনমালিগাঁও,  গুৱাহাটীভ্ৰাম্যভাষ- 7896945098)

Post a Comment