• theoxygentimes@gmail.com

Blog


"যোগীঘোপাৰ কাগজ কলৰ দূৰৱস্থা"(এটি ভ্ৰমণ অভিজ্ঞতা)

ৰিজু দেৱী, ঢেকিয়াজুলি, অসম

  ১৯৭০ খৃষ্টাব্দৰ 2 অক্টোবৰ তাৰিখে বৰ্তমান বঙাইগাওঁ জিলাৰ যোগীঘোপাত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আধাৰশিলা স্থাপনকৰা অশোক কাগজ কলৰ দূৰৱস্থা নিজ চকুৰে দেখি অন্তৰত বৰ কষ্ট অনুভৱ ' যোৱা ০১-০৪_২০২১ তাৰিখে ফুৰিলে বা ভ্ৰমণ কৰিলে বহু নজনা কথা জানিব পাৰি বা জনাৰ এটা জিজ্ঞাসা মনত জাগ্ৰত হয় ময়ো সেই অজুহাততে বঙাইগাঁওৰ পৰা সুদূৰ ধুবুৰীলৈকে গৈ পালোঁ তেনে ক্ষণতে মই অশোক কাগজ কল প্ৰত্যক্ষ কৰিছিলোঁযোগীঘোপা কাগজ কল বন্ধ হৈছে বুলি শুনিছিলো যদিও,ইয়াৰ আঁৰৰ কিছুমান কথাৰ বিষয়ে  অনভিজ্ঞ আছিলো কাগজ প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজনীয় বাঁহ অসমতে উভৈনদী থকা স্বত্তেও এনেদৰে ৰাইজৰ  বহু প্ৰত্যাশিত আৰু উৎসাহ, উদ্দীপনাৰ কেন্দ্র অশোক কাগজ কলৰ এনে মৃতাৱস্থা দেখি কাৰণো হিঁয়াই উচুপি নুঠে? কেন্দ্ৰ চৰকাৰৰ মইমতালি আৰু কূটিল ৰাজনীতি আৰু অসম চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে অসমৰ বহুসংখ্যক নিবনুৱাৰ সংস্থাপনৰ কেন্দ্রবিন্দু যোগীঘোপাৰ কাগজ কলটো ১৯৮৩ চনৰ  মাৰ্চ মাহত বন্ধ হৈ পৰিছিল ইয়াৰ প্ৰধান কাৰণ হৈছে--১৯৬৭ চনত বন্ধহোৱা বিহাৰৰ ৰামেশ্বৰ নগৰৰ কাগজ কলটো যাৰ স্বত্তাধিকাৰী আছিল বিহাৰৰ দ্বাৰভাংগাৰ মহাৰাজা আৰু বৈদ্যনাথ আয়ুৰ্বেদিক কোম্পানী কেন্দ্ৰচৰকাৰে যোগীঘোপাত কাগজকল স্থাপন কৰিবলৈ যো-জা কৰে সেই বিহাৰৰ বন্ধ হৈ থকা কাগজ কলৰে আওপুৰনি যন্ত্ৰ-পাতিবোৰ যোগীঘোপালৈ স্থানান্তৰিত কৰি কিন্তু, বিহাৰৰ ৰাইজে এই কথাৰ উমান পাই কেন্দ্ৰ চৰকাৰৰ এই ষড়যন্ত্ৰৰ তীব্ৰ বিৰোধিতা কৰাত চৰকাৰে আকৌ অশোক কাগজ কলটো দুভাগ কৰি একাংশ যোগীঘোপাত আৰু একাংশ ৰামেশ্বৰত স্থাপন কৰে ডাঠিকৈ ' পাৰি যে কেন্দ্রীয় চৰকাৰে এইটো এটা অবিবেচক কাম কৰি দেখুৱালে ৰামেশ্বৰত ৪৫ টন বিশেষ মানদণ্ডৰ কাগজ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে, যোগীঘোপাত দৈনিক ৩০ টন মণ্ড (pulp) আৰু ৯০ টন কাগজ নিৰ্মাণ কৰা ' তাৰোপৰি ৰামেশ্বৰৰ কাগজ কলটোৰ বাবে অত্যাৱশ্যকীয় মণ্ড যোগীঘোপাতে প্ৰস্তুত কৰি ৰামেশ্বৰলৈ পঠোৱাৰ ব্যবস্থা কৰাৰ ফলত ইয়াৰ পৰিবহন খৰচ দিনকদিনে বৃদ্ধি হোৱাৰ ফলত প্ৰচুৰ পৰিমানে লোকচান হয়                                                                                                                                                                                                                          যোগীঘোপাৰ কাগজ কলৰ উৎপাদন ব্যৱসায়িক ভাৱে ১৯৭৬ বৰ্ষৰ জুলাই তাৰিখে আৰম্ভ হৈছিল অসমৰ উৎকৃষ্ট বাঁহ, কৰ্মচাৰীসকলৰ অশেষ কৰ্মনিষ্ঠা আৰু উদ্যমৰ ফলস্বৰূপে এই মিলৰ কাগজে অতি কম সময়ৰ ভিতৰতে ভাৰতৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছিল যদিও ৰামেশ্বৰৰ কলৰ বাবে অসমৰ পৰাই কেঁচামাল পৰিবহন কৰিবলগীয়া হোৱাৰ কাৰণে কেন্দ্ৰ চৰকাৰ আৰ্থিকভাৱে জুৰুলা হৈ কলটো বন্ধ হৈ পৰিছিল তথাপি, কৰ্মচাৰীসকল মনে মনে বহি নাথাকি কলটো পুনৰ কাৰ্যক্ষম কৰাৰ স্বাৰ্থত, ' সদৌ অসম ছাত্ৰ সন্হা' কাষ চাপিছিল ১৯৯০ চনত পুনৰ প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিঙে কলটো কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে ১৬.৯৪ কোটি টকা আগবঢ়াইছিল                                                                                                                                                                                      পৰৱৰ্তী সময়ত, ৰামেশ্বৰ মিলটোৰ পৰা অশোক পেপাৰ মিলছ্ লিমিটেডক পুনৰ গঠন কৰি পৃথক কৰা হয়৷ এইটো ' ১৯৯১ চনৰ জানুৱাৰীৰ কথা আকৌ, ১৯৯৫ চনৰ এপ্ৰিলত যোগীঘোপাৰ কাগজ কলটো হায়দৰাবাদৰ " সাংঘী টেক্সটাইল লিমিটেড " ২৫ বছৰৰ বাবে হিতেশ্বৰ শইকীয়াই লিজত দি প্ৰধানমন্ত্ৰীৰ অনুদানৰ পৰা কোটি টকা অনুদান ৰূপে আগবঢ়াইছিল কিন্তু, বেছিদিন কাৰ্যক্ষম হৈ নাথাকিল ২০০০ চনত কলকাতাৰ ' ছনেকো পেপাৰ এণ্ড ইন্ডাষ্ট্রিজ ' নামৰ ব্যক্তিগত কোম্পানীটোক পুনৰ এই কলটো লিজত দি .৯৭ কোটি টকা অনুদান আগবঢ়াইছিল জানিব পৰা মতে অশোক কাগজ কলৰ বৃহৎ অংকৰ বিদ্যুৎ মাচুল অনাদায় হৈ পৰি আছিল বহু জাননী প্ৰেৰণ কৰাৰ পিছতো বিদ্যুৎ পৰিষদে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ কাৰণে ২০০০ চনৰ নবেম্বৰ তাৰিখে পৰিষদে অশোক কাগজ কললৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰিছিল৷ এনেদৰে অসমৰ আপুৰুগীয়া সম্পদৰ আলৈ আথানি হৈ শেষত একেবাৰে বন্ধ হৈ পৰে জাগীৰোড আৰু কাছাৰ কাগজ কলৰো সেই একেই দূৰৱস্থা এতিয়া আৰু কাগজ কল বুলিয়েই নহয়, অসমৰ বিভিন্ন ঠাইত স্থাপন হোৱা কটন মিল, পলিয়েষ্টাৰ মিল আদিৰো সেই একেই পয়ালগা অৱস্থা

অৱশ্যে এটা কথা, ২০২০ চনৰ জুলাই তাৰিখে জনমভূমি কাকতত প্ৰকাশিত বাতৰি অনুসৰি ঐতিহাসিক অশোক কাগজ কলৰ দীৰ্ঘকাল ধৰি অব্যৱহৃত হৈ পৰি থকা ২০০ ভূমিত দেশৰ প্ৰথম আন্ত:ৰাষ্ট্ৰীয় 'মাল্টি মডেল লজিষ্টিক হাব' স্থাপন কৰাৰ বাবে চৰকাৰে ৰাজ্যিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে এনে 'লে বহু শিক্ষিত যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ সুযোগ পোৱাৰ লগতে বহু পৰিয়ালে দুবেলা দুমুঠি সুন্দৰকৈ যোগাৰ কৰি ' পাৰিব বুলি ' পাৰি জল, স্থল আৰু ৰেলপথৰ যাতায়তৰ যথেষ্ট ভাল সুবিধা থকা উক্ত স্থানত ব্যৱসায়িক প্ৰাণকেন্দ্ৰ গঢ়ি উঠিব বুলি আশা কৰিব পাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ 'বলগীয়া প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত ৬৯৩ কোটি টকা ব্যয় ' বুলি কৈছে

                                                       ---------------

Post a Comment