ড০নিৰ্মলা দেৱীৰ কিতাপ ‘লক্ষ্য এক মনুষ্যত্ব’ ৰ পৰা : ‘অগ্ৰাধিকাৰেই মানুহ গঢ়ে’
ড০ নিৰ্মলা দেৱী
গুৱাহাটী
’Snooze’ শব্দৰ অসমীয়া পৰিভাষা সঠিককৈ পোৱা কঠিন যদিও আভিধানিক অৰ্থত তন্ত্ৰাৱস্থা, অল্পনিদ্ৰা, ঘুমটি আদি বুলিলেও কিছু স্পষ্ট হয় অনুমান কৰিব পাৰি৷ ম’বাইল ফোনৰ এলাৰ্ম ঘড়ীৰ ব্যৱস্থাত থকা ‘স্নুজ ‘ বুটামটোৰ ব্যৱহাৰৰ সংখ্যা হিচাপ কৰিলে দেখিব যে এই শব্দৰ ব্যৱহাৰৰ সংখ্যাই হয়তো অদ্যাৱধি ব্যৱহাৰ হোৱা শব্দৰ সকলো পৰিসংখ্যাকেই অতিক্ৰম কৰিব৷ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, খেলুৱৈ, কৰ্মচাৰী, অভিভাৱক-পিতৃ-মাতৃ সকলোৰে মাজত ‘স্নুজ ‘ৰ ব্যৱহাৰ প্ৰচুৰভাৱে জনপ্ৰিয়৷ এয়া দুখলগাকৈ বাস্তৱ যে মানুহৰ অংকিত জীৱন-ৰেখাত কোনো ‘স্নুজ’, ‘তন্দ্ৰা, ’ ‘স্থবিৰতা’ বা পজ (pause) ৰ বুটাম নাই৷ থকা হ’লে পুৱাবেলা ‘স্নুজ’ টিপি অলপ সময় টোপনিৰ জুতি লৈ শুই থকাৰ দৰে জীৱন যাত্ৰাত ‘স্নুজ’ টিপি লৈ জীৱনটোক কিছু শৃংখলিত কৰিব পৰা বা জিৰণি ল’ব পৰা গ’লহেঁতেন৷ অৱশ্যে, একে সময়তে এয়াও বাস্তৱতা যে ‘স্নুজ’ বুটামে আজিলৈকে কাৰো টোপনি পূৰ্ণ কৰিবলৈ অনুমতি দিয়াৰ উদাহৰণ নাই৷ বৰঞ্চ ই আউল লগোৱা উদাহৰণবোৰহে স্পষ্ট৷ বিশৃংখলতা হয়তো কাৰো কাম্য নহয়৷ কিন্তু নিজৰ প্ৰাধান্যৰ কাম বা বিষয়ত সম্পূৰ্ণ শৃংখলাবদ্ধ হোৱাৰ লগে লগে আন বহুতো সৰু কিন্তু দৰকাৰী কাম আপোনা- আপুনি গৌণ আৰু অৱমূল্যায়িত হৈ পৰে৷ গৌণ আৰু অৱমূল্যায়িত দৰকাৰী বিষয়বোৰ এনেদৰে উপেক্ষিত হোৱাৰ বাবে জীৱনৰ আন দিশবোৰ হৈ পৰে ‘বিশৃংখল’৷ অন্ততঃ অন্যলোকৰ দৃষ্টিত, যাৰ কামৰ প্ৰাধান্য আপোনাৰ স’তে নিমিলে বা খাপ নাখায়৷ এজনৰ প্ৰাধান্য যদি ঘৰ পৰিপাটিকৈ ৰখা বা জুতি লগাকৈ ৰন্ধা-বঢ়া কৰা তেন্তে সেই প্ৰাধান্যতাৰ অনুপস্থিতিত আন এজনক তেওঁ ‘কামচোৰ’ বা ‘বিশৃংখল’ আখ্যা দিয়াটো স্বাভাৱিক৷ আপোনাৰদৃষ্টিত যিবোৰ প্ৰকৃততে কৰিবলগীয়া কাম, আন এজনৰ দৃষ্টিত সেইবোৰ কাম নহ’বও পাৰে৷ আপোনাৰ অগ্ৰাধিকাৰত আপুনি যিমান সময়, গুৰুত্ব আৰু মনোযোগ দিছে, আন এজনৰ বাবে হয়তো সকলো গুৰুত্বহীন, নিৰৰ্থক৷ ঠিক একেদৰে, পঢ়া-শুনা বা অধ্যয়ন যাৰ প্ৰাধান্য, কেতিয়াও কিতাপৰ পৃষ্ঠা লুটিয়াব নোখোজাজনৰ বাবে তেনে প্ৰাধান্য বা অগ্ৰাধিকাৰৰ মূল্য নাথাকিবও পাৰে৷ ঠিক একেদৰে কৃষি-কৰ্ম, খেলা-ধূলা, বেপাৰ-বাণিজ্য, ৰাজনীতি যিকোনো কামৰ কথাই ক’ব পাৰি ৷
মূল কথাটো হ’ল অগ্ৰাধিকাৰ বা Priority -- এক একবচন শব্দ৷ এই কথাত আত্মবিশ্বাস থাকিব লাগিব যে ইয়াৰ কোনো বহুবচন নাই৷ প্ৰকৃততেই ইংৰাজী ভাষাত Priority) শব্দটো চৈধ্য শতিকাতেই আৰম্ভ হৈছিল আৰু ই আছিল একবচন শব্দ৷ ইয়াৰঅৰ্থ আছিল সৰ্বপ্ৰথম বা সবাতোকৈ গুৰুত্বপূৰ্ণ৷ লেখক গ্ৰেগ্ মেককিঅ’নে উল্লেখ কৰিছেযে এই শব্দটোৱে ইংৰাজী ভাষাত প্ৰৱেশ কৰাৰে পৰা প্ৰায় পাঁচশ বছৰকাল একবচনহৈয়েই আছিল৷ উনৈশ শ চনতহে ইয়াক বহুবচন কৰি পেলোৱা হ’ল৷ কিন্তু বহুবচন কৰিপেলোৱা হ’ল বুলিয়েই একেলগে একে সময়তে কেইবাটাও কাম ‘সবাতোকৈ গুৰুত্বপূৰ্ণ হ’ব পাৰে জানো ?
আনহাতে, আজিকালি আমি সঘনেই ব্যৱহাৰ কৰি থকা বহুধা কৰ্ম (multitasking) শব্দটোৰ পৃথিৱীত প্ৰবেশ মাত্ৰ সৌ-সিদিনাৰহে৷ ১৯৬৫ চনত আই বি এমে তেওঁলোকৰ শেহতীয়া এক কম্পিউটাৰৰ কাৰ্যদক্ষতাৰ বৰ্ণনা কৰিবলৈ এই শব্দটোৰ প্ৰথম ব্যৱহাৰ কৰিছিল৷ সকলোধৰণৰ শেহতীয়া গৱেষণাই এই কথা স্পষ্টকৈ দৰ্শায় যে মানুহৰ মগজুৱে দুটা বা ততোধিক মনোযোগ নিবদ্ধকাৰী কাম একে সময়তে গভীৰ মনোযোগেৰে কৰিব নোৱাৰে৷ কোনোবাই যদি এনেদৰে কাম কৰিব পৰা দেখা পাইছে, এয়া ‘দৰ্শকৰ দৃষ্টিৰ বিভ্ৰম’ (illusion) হে মাথোঁঁন৷ যাদুকৰেদৰ্শকৰ চকুত সৃষ্টি কৰা বিভ্ৰমৰ দৰেই ৷ অসাধাৰণ সফলতাৰ দিশে ধাৱমান মানুহে জীৱনৰ এটা ‘অগ্ৰাধিকাৰক্সৰ কৰ্মত প্ৰদান কৰা গুৰুত্বই যে সফলতাৰ মূলমন্ত্ৰ সেই কথা ভালদৰে অনুধাৱন কৰে আৰু আখৰে আখৰে পালন কৰে৷ সকলো মানুহৰ কৰ্মক্ষমতা আৰু শাৰীৰিক শক্তিৰ সীমা থাকে৷ একেজন মানুহে সকলোবোৰ কাম সমানে শৃংখলাবদ্ধভাৱে কৰি সকলো বিষয়তে অসাধাৰণ’ সফলতা অৰ্জন কৰিব নোৱাৰে৷ ইধ্ৰুৱসত্য৷ এক বিশেষ বিষয়ত বা এটা বিশেষ ক্ষেত্ৰত পাৰ্গতজনে নিজৰ সেই ক্ষেত্ৰখনত একাণপতীয়াকৈ মনোযোগ দিলেহে সফলতাৰ উচ্চতম শিখৰ চুমিবলৈ সক্ষম হয়৷ কৰ্ষণৰ এই যাত্ৰাপথত, বাকী সকলোবোৰ হৈ পৰে এলাগী আৰু আনৰ দৃষ্টিত ‘বিশৃংখল’৷ এলবাৰ্ট আইনষ্টাইনৰ দৰে বিজ্ঞানীজনো বিশৃংখলতাৰ এই প্ৰত্যাহ্বানৰ পৰা সাৰি যোৱা নাছিল আৰু সন্মুখীন হোৱা প্ৰত্যাহ্বানক গ্ৰহণ কৰি তেওঁ কৈছিল, If a cluttered desk is a sign of a cluttered mind, of what, then, is an empty desk sign? (যদি বিশৃংখল মেজ বিশৃংখল মনৰ চানেকি হয়, তেন্তে উকা এখন মেজনো কিহৰ চানেকি ?) তথাপি আমি মানি ল’ব নোখোজো৷ আমাৰ মনবোৰে নামানে৷ এই মানি ল’ব নোখাজাৰ যুক্তিহীনতাৰ উপলব্ধি হ’লেহে জীৱনৰ ভিন্ন দিশৰ বিশৃংখলতাবোৰ মানি ল’বলৈ সহজ হয়৷ এই উপলব্ধি আনৰ বাবে নহয়, নিজৰ বাবেই জৰুৰী৷ ঘৰত কেঁচুৱা সৰু ল’ৰা-ছোৱালীয়ে ভালদৰে খেলা-ধূলা কৰিলে ঘৰখন বিশৃংখল হ’বই৷ ঘৰৰ বিছনা, গাৰু, ছোফা, কাপোৰ-কানি সকলোবোৰ যদিহে এশ শতাংশই পৰিপাটিকৈ তথা চিজিলকৈ আছে, তেন্তে নিশ্চয় বুজা যাব যে সিহঁতবোৰে এশ শতাংশই আনন্দমনেৰে খেলিব পৰা নাই৷ অথবা সিহঁতক খেলিমেলি নকৰিবলৈ বুজাই দিয়া হৈছে বা সকীয়াই দিয়া হৈছে৷ ভয়তে খেলা নাই৷
এই ক্ষেত্ৰত দুটা বিশেষ কথা মনত ৰাখিব লাগিব৷ প্ৰথম, এটা কাম সঠিককৈসম্পাদন কৰাতব্যস্ত হ’লে কামৰ পৰিসৰ আৰু জটিলতা অনুযায়ী প্ৰয়োজন হোৱা মনোযোগঅনুসাৰে টেবুলখন, কোঠালিটো, ঘৰখন, ৰান্ধনিশাল বা আন আচবাবপত্ৰ আদি মনোযোগঅথবা সময় নিদিয়াৰ বাবে বিশৃংখল হ’বই৷ মানুহৰ মন এটাই, দুয়োফালে সমান মনোযোগকেতিয়াও দিব নোৱাৰে৷ যদি দিয়ে, এটাও কাম ভালদৰে নকৰাটোৱেই বুজাব৷ সময়বুজি কাম সমাপ্ত কৰাৰ পাছত বা কামে নিৰ্দিষ্ট গতি লোৱাৰ পাছতহে অন্যান্য বস্তুবোৰজাপিমেলি, ঘৰখন সজাই-পৰাই থ’ব পাৰে৷ দ্বিতীয়, এটা বিশেষ অগ্ৰাধিকাৰৰ কামহাতত লোৱাৰ লগে লগে বাকীবোৰ ঘৰুৱা, সম্বন্ধীয়া যিয়েই নহওক গৌণ হৈ পৰে৷ কেতিয়াবা অনুভৱ হ’ব পাৰে যে জীৱনটোৱেই যেন বিশৃংখল হৈ পৰিছে৷ সাধাৰণ মানুহেওএনেদৰেই ক’ব যে ডাঙৰ কাম কৰিলে কিনো হ’ল, জীৱন-পৰিয়াল সকলো বিশৃংখল হৈ পৰিছে৷ অসাধাৰণ মানুহবোৰ নিজৰ জীৱনৰ অগ্ৰাধিকাৰ আৰু উদ্দেশ্যৰ প্ৰতি দৃঢ়৷ তেওঁলোকে এনে অভিযোগ বা কথাবোৰক আওকাণ কৰে৷ বহু লোকে জীৱনৰ‘বিশৃংখলতা’ ৰ ভয়ত পূৰ্বানুমানৰ ভিত্তিতেই সামৰ্থ্য আৰু সম্ভাৱনা থকা সত্ত্বেও একাগ্ৰচিত্তেকেৱল এটা কাম নকৰাই শ্ৰেয় বুলি বিশ্বাস কৰে৷ ঠিক ল’ৰা-ছোৱালীক স্বতঃস্ফূৰ্তভাৱে সকলো ঠাইতে খেলিবলৈ অনুমতি নিদিয়াৰ দৰে৷ অসাধাৰণ উৎপানশীলতা বা সফলতাৰসন্ধান কৰা মানুহে এই ভয়ক জিনিব লাগিব৷ এবাৰ সফলতাৰ মুখ দেখিলে সকলোবোৰআপোনা-আপুনি ঠিক হ’ব, পোনাই ল’ব৷ তেতিয়ালৈকে অৰ্জুনৰ চকুৱে দেখা চৰাইৰমণিটোৰ দৰে, অকল অগ্ৰাধিকাৰৰ এটা কামহে দেখিব লাগিব৷ আন সকলোবোৰ দৃষ্টিৰআঁতৰ (overlook) কৰিব লাগিব৷ দৃষ্টিৰ আঁতৰ কৰিব জনাটোও এটা কলা আৰু সফল লোকে কোনবোৰ ক্ষেত্ৰত দৃষ্টি আঁতৰাব লাগে ভালদৰে জানে৷ সেয়েহে হয়তো উইলিয়াম জেম্ছে কৈছে-_ “The art of being wise is the art of knowing what to overlook”.ইতিমধ্যেই প্ৰথম প্ৰবন্ধত কৈ অহা হৈছে যে সকলো মানুহৰ বাবেই দিনটোত মুঠসময় সমান ২৪ ঘণ্টা৷ এই সময়খিনি কেনেকৈনো কোনোবাইব্যৱহাৰ কৰিব, কোনটোকাম প্ৰথমে কৰিব অথবা অগ্ৰাধিকাৰ কিহৰ ওপৰত দিব, --- নিৰ্ভৰ কৰিব সম্পূৰ্ণ নিজৰপছন্দ আৰু ইচ্ছা তথা জীৱনৰ লক্ষ্যৰ ওপৰত৷ কাৰোবাৰ বাবে যদি পুৱা পথাৰলৈ যোৱাপ্ৰথম প্ৰাধ্যান্য, কাৰোবাৰ বাবে পুৱা খোজকঢ়া, কাৰোবাৰ ভাত ৰন্ধা, ঘৰ পৰিষ্কাৰ কৰা, খেলা-ধূলা কৰা আৰু আন কাৰোবাৰ বাবে একেখিনি সময়েই পঢ়া-শুনা কৰাৰ বাবেউত্তম সময়৷ এই যে অগ্ৰাধিকাৰ ভিন্ন ভিন্ন, সিয়েই দীৰ্ঘ সময়ৰ সৌতত ভিন্ন ভিন্ন মানুহৰগঢ় দিয়ে৷ অৰ্থাৎ আজিৰ দিনটোত মই বা আমি প্ৰতিজনে কি কৰি আছোঁ বা কেনেকৈজীৱন যাপন কৰি আছোঁ সেয়া আমাৰেই দীৰ্ঘদিনীয়া অগ্ৰাধিকাৰে সৃষ্টি কৰা প্ৰতিজন ৷ আজিৰ দুবছৰৰ পাছত মই যদি অন্য মানুহ হ’ব বিচাৰোঁ তেতিয়াহ’লৈ আজিৰ পৰাইপ্ৰতিক্ষণ মোৰ কামৰ অগ্ৰাধিকাৰ সলনি হ’ব লাগিব আৰু সেইমতে পোনাব লাগিব নিজকে৷ আমাৰ চৌপাশৰ মানুহ, তেওঁলোকৰ কৰ্ম আদিলৈ অলপ মন কৰিলেই এই কথা স্পষ্ট হৈ পৰিব যে শিশুৰ পৰা আৰম্ভ কৰি বয়সস্থজনলৈকে আমি প্ৰতিজন মানুহেই আমাৰ প্ৰতিজনৰ একক কামৰ প্ৰাধান্যতাই গঢ়ি তোলা মানুহ৷ সুখৰ কথা এয়ে যে নিজক অন্য ৰূপত আৱিষ্কাৰ কৰিবলৈ বা অন্য সফল ব্যক্তিৰ ৰূপত পাবলৈ বিচাৰিলে ‘সেইমতে কামৰ নিৰ্বাচনত অগ্ৰাধিকাৰ দিলেই হ’ল, আন একো কৰাৰ প্ৰয়োজন নাই৷
গুৰুত্বৰ বিষয়টো হ’ল, নিজে অগ্ৰাধিকাৰ দি ঠিক কৰি লোৱা কামটোহে প্ৰতিদিনে ৰাতিপুৱা প্ৰথম উঠিয়েই কৰিব লাগিব, যেতিয়ালৈকে সি অভ্যাসলৈ পৰিৱৰ্তিত নহয়৷ সেইপ্ৰথম অগ্ৰাধিকাৰৰ কাম সমাপন নোহোৱালৈকে আন কাম যিমানেই ভাল নহ’লেও‘কোনো কাৰণতেই ভোল যাব নালাগে৷ এবাৰ অভ্যাসলৈ পৰিৱৰ্তন হ’লে--- ইয়াৰ পাছত আৰু একো ভাবি থকাৰ প্ৰয়োজন নাই৷ অগ্ৰাধিকাৰে নিজৰ স্থান গ্ৰহণ কৰাৰ পাছত আপুনি সঠিক বাটেৰেই বাট বুলিব আৰু এক সুন্দৰ সময়ৰ বোকাচাত আপুনি নিজকে আৱিষ্কাৰ কৰিব নিজে বিচৰা মতে, নিজে বিচৰা ঠাইতেই অসাধাৰণ সফল ৰূপত৷
________________
Post a Comment