ৰোল্ড গোল্ডৰ শিকলি মূল লেখক: জনাৰ্দন উপাধ্যায়,চান্দমাৰী, তেজপুৰ, অসম অনুবাদ: বেদা দেৱী,চান্দমাৰী, তেজপুৰ, অসম
পুৱা ন বাজিছে৷ হাউলী আৰক্ষী চকীৰপৰা ফোন আহিছে৷ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চ এগৰাকীৰ ১০/১২ বছৰীয়া পুত্ৰক কোনোবাই হত্যা কৰিছে৷ ততালিকে সহকৰ্মী লগত লৈ ঘটনাস্থলীলৈ ৰাওনা হওঁ৷থানাৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগৰ ঘটনাস্থলী৷ সময়মতে গৈ পালোঁ৷ নাৰ্চৰ আৱাসৰ কোঠালীৰ মজিয়াত মৃতদেহ তলমূৱাকৈ পৰি আছে৷ কোঠালীটো চকী, মেজ, চোফা, সৰু বিচনাৰে ভৰি পৰাত মজিয়াখন ঠেক৷ মৃতকৰ ডিঙিত ৰেপা দাগ৷ পিন্ধনত গেঞ্জী আৰু জিন্সপেণ্ট, চেইন খোলা, পেন্টটো তললৈ হালি পৰা৷ এনেই ঠেক ঠাই, তাতে উৎসুক মানুহৰ ভিৰ৷ নিৰীক্ষণ কোনোমতে কৰি ঘটনাৰ ক্লু বিচাৰিলোঁ, একোৱেই নাপালোঁ৷ মৃতদেহ অন্বেষণ কৰি পোষ্টমৰ্টেমৰ বাবে পঠিয়ালোঁ৷ চাৰি কোঠালীৰ ঘৰ৷ তাৰে এটা পাকঘৰ৷ ওচৰতে বাথৰূম৷ সকলো চালি জাৰি চালোঁ৷ একো শুংসূত্ৰ উলিয়াব পৰা নাই৷ শোৱনি কোঠাত সোমালোঁ৷ গডৰেজ আলমাৰী খোল খাই আছে৷ ভাবিলোঁ- চুৰি কৰি ধৰা পৰাৰ ভয়ত ল’ৰাজনক হত্যা কৰা হ’ল৷ চুৰি হোৱা বস্তুৰ তালিকা আৰক্ষী বিষয়াই এজাহাৰত লিপিবদ্ধ কৰিছে৷ স্বাস্থ্যকেন্দ্ৰৰ চাৰিওফালে পাঁচ ফুট উচ্ছতাৰ দেৱাল৷ প্ৰৱেশ পথ এটাই৷ দেৱালৰ সিফালে চৰকাৰী আলিবাট৷ ঘৰৰ পৰা দেৱাল পাঁচ ফুট নিলগত৷ ঠাইডোখৰৰ ঘাঁহ ভৰিৰ গচকত লেৰেলি যোৱা৷ দেৱালত মাটিৰ দাগ৷ দাগখিনি তলৰ মাটিৰ ৰঙৰ৷ এই ৰাস্তাৰে হত্যাকাৰী আহিছে অথবা গৈছে বুলি অনুমেয়৷ চিকিৎসালয়ৰ চৌদিশে পয্যৰ্বেক্ষণ কৰিলোঁ৷ শুংসূত্ৰৰ নাম-গোন্ধ উলিয়াব পৰা নাই৷ ডাক্টৰ, নাৰ্চ, কৰ্মচাৰী, ওচৰ চুবুৰীয়া সকলোকে সোধ-পোচ কৰিলোঁ৷ কাৰো ওপৰত তেওঁলোকৰ সন্দেহ নাই৷ মৃতকৰ পিতৃ-মাতৃ পুত্ৰশোকত অচেতন, ভাষ্য লোৱাৰ পৰিস্থিতি নাই৷ বিভাগীয় কুকুৰ আনি অনুসন্ধান তীব্ৰতৰ কৰা হ’ল৷ কুকুৰটোৱে নেজ লৰাই ঘৰৰ পিছফালে চোঁচা ল’লে৷ পিছে পিছে আমাৰ লগতে স্থানীয় জনতা৷ কুকুৰটো লেৰেলি যোৱা ঘাঁহনিৰ ওচৰৰ দেৱাললৈ জপিয়াব খোজে৷ কুকুৰ মাষ্টৰে গেটৰ পৰা উলিয়াই নিদ্দিৰ্ষ্ট ঠাইত কুকুৰ এৰি দিলে৷ ৰাস্তাটো পাৰ হৈ বাঁহনিত সোমাই ওলাই আহি সি ওচৰৰ পুখুৰীত থিয় দঙা দিলে৷ হত্যাকাৰীয়ে কিবা বস্তু পুখুৰীত পেলাই থোৱা সন্দেহ হ’ল৷ শ্ৰমিকৰ হতুৱাই পুখুৰীৰ পানী সিঁচি গেদগেদীয়া বোকা খচকি তচনচ কৰা হ’ল৷ হাতত কিন্তু একোৱেই নাহিল৷ দিনটো কুকুৰৰ পিছে পিছে দৌৰি ফুৰি লেবেজান হৈ পৰিলোঁ৷ তাতে মানুহৰ কোৱা-কুই আৰম্ভ হ’ল-‘মানুহে কৰিব নোৱাৰা কাম কুকুৰে কৰিব পাৰেনেহ্? চৰকাৰী ধনৰ শৰাধ এনেকৈয়ে হয়৷ ৰাইজক আভুৱা ভৰিবলৈ নাটক কৰিছে’ ইত্যাদি ইত্যাদি৷ লাজ, ক্ষোভ, অপমানত ৰঙা-ক’লা দেখিলোঁ৷ শুনা-নুশুনা ভাও জুৰি দ্বিতীয় পন্থা অৱলম্বন কৰিলোঁ৷ এলেকাটোত কোনোবা আলহীৰ আগমন হৈছিল নেকি? নাই, এই কেইদিন ওচৰে-পাজৰে কাৰো ঘৰত কোনো আলহী অহা নাই, এই পন্থা সামৰি বিভাগীয় কুকুৰ বিদায় দিলোঁ৷ চাওঁতে চাওঁতে নদিন উকলিল৷ মহিলা সমিতি, ছাত্ৰ সন্থাৰ পৰা ভাবুকি ও মিছিল তীব্ৰতৰ হৈ উঠিল৷ যাকে-তাকে হত্যাকাৰী বুলি ধৰিবও নোৱাৰি৷ নিজকে হীনমনষ্কতাৰ গ্লানিয়ে ছানি ধৰিছে৷ অপৰাধীক কৰায়ত্ব কৰিবলৈ কি পন্থা ল’ম থিৰাং কৰিব পৰা নাই৷ নিতৌ নতুন আশাৰে প্ৰভাত আহে, নিৰাশাৰ বোজা জাপি বেলি ডুব যায়৷ হত্যাকাৰীৰ উদ্দেশ্যনো কি? চুৰিও হোৱা নাই, ব্যক্তিগত ঈষাৰ্ও নহয়, বালকক হত্যা কৰাৰ কাৰণ কি হ’ব পাৰে বুলি নিজৰে প্ৰশ্নৰ পাকঘূৰণিত মূৰটো গৰম হৈছে৷ একো উৱাদিহ নাপাই তত নোপোৱা হৈছোঁ৷ পিতৃ-মাতৃৰ ভাষ্য লোৱা হোৱা নাই৷ জানোচা, তেওঁলোকৰ ভাষ্যত কিবা গোন্ধ ওলাব নেকি বুলি ক্ষীণ এটা আশাৰ পোখা মেলিছে৷ ইমান দিনে একো শুংসূত্ৰ উলিয়াব নোৱাৰি নিজকে অপৰাধবোধে দহি আছে৷ তথাপি কৰ্তব্যৰ খাতিৰত তেওঁলোকৰ ঘৰত উপস্থিত হ’লোঁ৷ ‘কিবা সম্ভেদ পালেন?’ বুলি সজল চাৱনিৰে মোলৈ ব্যথিত সুৰত সুধিলে৷ তীখাৰ যাঠিৰে খোঁচ মৰা যেন অনুভব হ’ল৷ ক’লোঁ-‘দিন-ৰাতি এক কৰি চলাথ কৰি আছোঁ, সোনকালে ধৰা পেলাম৷’ সময় সাপেক্ষে মিছা কথাও ক’বলগীয়া হয় আৰক্ষী জগতত৷ ‘ঘৰৰ কিবা বয়-বস্তু চুৰি হৈছেনে’ বুলি সোধাত আলমাৰীত ৰখা ৰোল্ডগোল্ডৰ চেইন [নেকলেচ] হেৰোৱা কথা ক’লে৷ এজাহাৰত উল্লেখ আছেনে নাই সুধিলোঁ৷ ‘নাই, সেই সময়ত অৱচেতন অৱস্থাত কোনে কি লিখিলে ক’ব নোৱাৰোঁ, মাত্ৰ চহীটোহে কোনোমতে কৰিলোঁ’ বুলি জনালে৷ ছোৱালীজনীৰ নেকলেচডাল দুই মূৰে কামুৰি ৰং যোৱা আৰু মাজডোখৰত ৰঙা বাখৰৰ লকেট লগোৱা বুলি নাৰ্চগৰাকীয়ে ক’লে৷ কাৰো ওপৰত সন্দেহো নাই বুলি পতি-পত্নীয়ে জনালে৷ মনত কিন্তু আশাৰ ৰেঙণি এটাই ভূমুকি মাৰিলে৷ বিদায় লৈ বাহিৰলৈ ওলালোঁ৷ মৃতকৰ ৭/৮ বছৰীয়া ভনীয়েকে বাহিৰত খেলি আছিল৷ মৰমেৰে মাতি ওচৰতে বহুৱাই ইটো-সিটো কথাৰে আপোন ভাব দেখুৱাই সুধিলোঁ- ‘তোমাৰ প্ৰিয় বান্ধবীৰ কি নাম? মনিতা৷মনিতা কাৰ ছোৱালী?’ ‘কাৰ ছোৱালী নাজানোঁ, কিন্তু তাই দেৱদাসৰ ভাগিনী৷’ দেৱদাসে তোমাক মৰম কৰেনেহ? ‘বহুত মৰম কৰে, মনিতাক স্কুলত থ’বলৈ আহোঁতে মোক চকলেট দিয়ে৷’ ছোৱালীজনীৰ কথাতে গ’ম পালোঁ যে ঘটনাৰ আগদিনা দেৱদাসে ভি.চি.ডি. ঠিক কৰা, দাদাকৰ লগত বহু সময় কথা পাতি কটোৱা আদি কথাবোৰ জানিব পাৰিলোঁ৷ মনিতা-দেৱদাসৰ কাল্পনিক অৱয়বৰ ছাঁয়াই মোৰ পিছ ল’লে৷ ইতিমধ্যে থানা আহি পালোঁ৷ থানালৈ অহা অচিনাকী চেহেৰাক দেৱদাস যেন ভাবিব ধৰিলোঁ৷ বেছি সময় খৰছ নকৰাকৈ দেৱদাসৰ ঠিকনা হস্তগত কৰিলোঁ৷ মনৰ ভিতৰত গুজৰি-গুমৰি থকা অৱসাদ দূৰ কৰিবৰ বাবে সহকম¹ক লগত লৈ ৰাতিয়েই দেৱদাসৰ ঘৰ পালোঁ৷ সৌভাগ্যবশতঃ তাক ঘৰতেপালোঁ৷ সম্পূৰ্ণ ঘৰ তালাচ কৰিও সন্দেহযুক্ত একো বস্তু নাপালোঁ৷ স্থানীয় গাঁওবুঢ়া লগত নিয়া স্বত্ত্বেও দেৱদাসৰ দেউতাকে এৰেষ্ট ৱাৰেণ্ট বিচাৰিলে৷ লৰালৰিৰ কোবত ৱাৰেণ্টৰ কথা মনতেই নাহিল৷ কিংকৰ্তব্যবিমূঢ় হৈ লিখিত নোটিচ দি বলপূৰ্বকভাবে দেৱদাসক লগত লৈ থানা আহি পালোঁ৷ ভৰ যৌৱনৰ সুঠাম দেহৰ ধুনীয়া মৰম লগা চেহেৰাৰ অধিকাৰী দেৱ দাস৷ থানাৰ বিষয়াসকলে এজন এজনকৈ সোধা-পোছা কৰিলোঁ৷ সকলোকে একেটা নিৰ্ভীক উত্তৰ-‘ঘটনাৰ দিনা মই গুৱাহাটীত আছোঁ৷’ চাৰি ঘণ্টীয়া প্ৰশ্নবানেও একো সুফল নিদিলে৷ সেই নিদ্ধাৰ্ৰিত সময়ৰ ভিতৰত বহুবাৰ প্ৰস্ৰাৱ কৰিবলৈ গ’ল৷ সম্ভৱ তেওঁ ভিতৰি-ভিতৰি দুৰ্বল হৈ গৈছিল৷ হূদয়ৰ গতি তীব্ৰতৰ হোৱা পৰিলক্ষিত হ’ল৷ গোপন সূত্ৰৰ খবৰ অনুযায়ী ঘটনাৰ দিনা তেওঁ হাউলীত আছিল৷ ১০ বজাৰ পাঠশালা বাছত উঠা খবৰো পোৱা গ’ল৷ পাঠশালাত আত্মীয় থকা খবৰ পাইছিলোঁ৷ ইফালে দেৱদাসৰ ডিঙি বা ঘৰতো নেকলেচডাল পোৱা নগ’ল৷ তেওঁক থানাতে ৰাখি সহকম¹ক লগত লৈ পুৱা ১০ বজাত পাঠশালালৈ যাত্ৰা কৰিলোঁ৷ ১১.৩০ বজাত পাঠশালা পালোঁ৷ গাড়ীচালক তাৰেই হোৱা বাবে দেৱদাসৰ আত্মীয়ৰ ঘৰ উলিয়াবলৈ অসুবিধা নহ’ল৷ আত্মীয়বোৰক একেলগ কৰি এজন এজনকৈ সুধিলোঁ আৰু অহা উদ্দেশ্যও জনালোঁ৷ ব্যৱহাৰত নিৰ্জু, নম্ৰ, শান্ত-শিষ্ট প্ৰকৃতিৰ মানুহ বুলি জানিলোঁ৷ তেওঁলোকৰ স্পষ্ট কথাত ৰহস্য লুকোৱা সন্দেহেই নোপজে৷ তেওঁলোকৰ মতে ঘটনাৰ পিছদিনা পুৱাই আহি তিনি, চাৰি ঘণ্টা ঘৰত থকা সময়ত মনৰ স্থিৰতা হেৰুৱাই একে ঠাইতে থাকিব নোৱাৰি ভিতৰ-বাহিৰ, চকী-বেঞ্চ, বিচনা আদি সলাই থকা দেখি ভিতৰি ভিতৰি কিবা কথাই কুটি-কুটি খোৱা যেন অনুমান হৈছিল৷ খোৱাপাততো খাওঁ-নাখাওঁকৈ কেইটামান ভাত-খাই হাত ধোৱা কথা ঘৰৰ বোৱাৰীয়েকৰ পৰা জানিলোঁ৷ চেইন বা নেকলেচ তেওঁলোকে দেখা নাই বুলি অৱগত কৰিলে৷ কথাবোৰ সন্দেহাস্পদ নোহোৱাত ঘৰ তালাচী লোৱাৰকথা নাথাকিল৷ তাৰ পৰা তিনি কিলোমিটাৰ দূৰৰ নিত্যানন্দপুৰত দেৱদাসৰ বায়েকৰ ঘৰ আছে বুলি জানি তালৈ যোৱাৰ সিদ্ধান্ত ল’লোঁ৷ যথাসময়ত নিৰ্দিষ্ট বাসভৱনত উপস্থিত হৈ গাঁওবুঢ়া আৰু দুই-চাৰিজন গাঁৱৰ মূৰব্বী গোটাই কথাটো জনালোঁ৷ ঘৰখনত দেৱদাসৰ বায়েক আৰু বিধৱা শাহুয়েকক পালোঁ৷ ভিনিহীয়েকক ঘৰত নাপালোঁ৷ মানুহ এজনে ঘটনাৰ দিনাখন দেৱদাস বায়েকৰ ঘৰত আহি এৰাতি থাকি পুৱা আন ক’ৰবালৈ যোৱা কথা জনালে৷ কিন্তু বায়েক আৰু শাহুয়েকে সি তিনি, চাৰি মাহলৈ অহাই নাই বুলি কোৱাত ৰহস্য লুকাই থকা গোন্ধ পালোঁ৷ মানুহকেইজনৰ সহায়ত ঘৰ তালাচী কৰোঁতে কাঠৰ বাকচত কাপোৰৰ মাজত ক’লা কাপোৰেৰে মেৰিয়াই থোৱা টোপোলা এটা দেখা পালোঁ৷ খুলি চোৱাত নাৰ্চগৰাকীয়ে বৰ্ণনা কৰা নেকলেচৰ দৰে৷ বায়েকক সোধাত একো নজনা বুলি ক’লে৷ নেকলেচডাল বাজেয়াপ্ত কৰি দুয়ো মহিলাকে হত্যাকাৰীক প্ৰশ্নয় দি চুৰি বস্তু লুকোৱা অপৰাধত মোকৰ্দমা চলা কথা অৱগত কৰালোঁ৷ কোনো অপৰাধীয়েই আইনৰ হাঁতোৰাৰ পৰা সাৰি নাযায়৷ সত্য কথা বেছি দিনলৈ লুকাই নাথাকে বুলি কৈ ভিনিহীয়েকক অতি সোনকালে থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দি থানালৈ ৰাওনা হ’লোঁ৷ নাৰ্চগৰাকীক নেকলেচ দেখুৱাই নিশ্চিত হোৱাৰ উদ্দেশ্যে মৃতকৰ ঘৰত সোমালোঁ৷ দেখাৰ লগে লগে তেওঁ চিনি পালে৷ অতদিনে হাবাথুৰী খাই ভোক-পিয়াহ-নিদ্ৰা-শান্তি পাহৰি যোৱা দেহাত প্ৰশান্তিৰ মলয়া বব ধৰিলে৷ মিশ্বন সফল হ’লে মানসিক সন্তুষ্টি পোৱা যায়৷ বাদ-বিবাদ, ককৰ্থনা, লাঞ্চনা, অভিযোগ সকলো তল পৰি ৰয়৷ ন্যায়াধীশৰ দ্বাৰা আদালতত ভাষ্য দিবলৈ পিছদিনা ১১ বজাত তেওঁক থানালৈ যাবলৈ কৈ কৰ্মস্থলীলৈ বুলি আগবাঢ়িলোঁ৷ ল’কআপত বন্দী দেৱদাসক নেকলেচ দেখুৱাই বায়েকৰ ঘৰত লুকুৱাই থোৱাৰ কাৰণ সোধাত হতভম্ব হ’ল৷ পিছদিনা পুৱা ১০ মান বজাত অপৰাধীক ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩০২/৩৮০ ধাৰাত গ্ৰেপ্তাৰ কৰি আদালতলৈ পঠিয়ালোঁ৷ সেইদিনাই ১১ টা বজাত মৃতকৰ মাতৃ আৰু ভনীয়েকক ন্যায়াধীশৰ সন্মুখত হাজিৰ হৈ ভাষ্য দিবলৈ পঠিয়াই ডাক্টৰে লিখা পোষ্টমৰ্টেম ৰিপোৰ্ট আদালতত হস্তান্তৰ কৰিলোঁ৷ পোষ্টমৰ্টেম ৰিপোৰ্ট মতে মৃতকৰ ডিঙিত ভোটা অস্ত্ৰেৰে ৰেপা আৰু গুপ্তাংগত দাগ পৰাৰ কথা উল্লেখ আছে৷ সেয়ে অনুমান কৰিব পাৰি যে-দেৱদাসে মৃতকৰ লগত যৌনক্ৰিয়াত লিপ্ত হৈ ধৰা পৰাৰ ভয়ত প্ৰমাণ নাইকীয়া কৰিবৰ বাবে হত্যা কৰে বুলি ঠাৱৰ কৰা হ’ল৷ অপৰিচিত হত্যাকাৰীক কৰায়ত্ব কৰি পুলিচৰ প্ৰতি থকা ৰাইজৰ আস্থা ঘূৰাই আনিবলৈ প্ৰত্যাহ্বানৰূপলৈ সফল হোৱা বাবে নিজকে ধন্য মানিলোঁ৷
ধাৰা :
৪৪৮ : অনধিকাৰ প্ৰৱেশ
৩০২ : হত্যা কৰা
৩৮০ : ঘৰত প্ৰৱেশ কৰি চুৰ কৰা৷
__________
Post a Comment