• theoxygentimes@gmail.com

Blog


নৰহৰি চুতীয়া, তেজপুৰ

   আজি আপোনালোকলৈ 'টো' আৰু 'তো'- বিষয়ে দুটামান কথা আগবঢ়াইছোঁ বেছি দীঘল নকৰোঁ‌, চুটিকৈয়ে '

তোমাকতো /তোমাকটো মই কথাটো কৈছিলোঁ

জীৱনটো/ জীৱনতো ক্ষণস্থায়ী

সেইটোতো/ সেইতোটো ডাঙৰ কথাই ' !

মইতো/ মইটো আগতেই জানিছিলোঁ

তইতো/ তইটো এনেকুৱা কৰিব নালাগিছিল

     ওপৰৰ পাঁচোটা বাক্যৰ আৰম্ভণিতে দুটাকৈ বিকল্প শব্দ দিয়া হৈছে কোনটো ৰূপ শুদ্ধ সেইটো জানিবলৈ আমি নিজেই নিজকে পৰীক্ষা কৰি চাব পাৰোঁ উত্তৰ বিদিত কৰাৰ আগতে কেইটামান কথা ' খুজিছোঁ 'টো' আৰু 'তো' দুয়োটাই প্ৰত্যয় 'টো' হৈছে নিৰ্দিষ্টতাবাচক বা নিৰ্দেশাত্মক প্ৰত্যয় (Enclitic Definitives) আৰু 'তো' হৈছে স্বাৰ্থিক প্ৰত্যয় (Pleonastic Suffixes) কেৱল 'টো'ৱেই নহয়, 'টি', 'টা' আদি আৰু অনেক নিৰ্দেশাত্মক প্ৰত্যয় আছে আনহাতে, 'তো' উপৰিও আৰু ভালেমান স্বাৰ্থিক প্ৰত্যয় আছে কোনো কোনো ব্যাকৰণত এইবোৰক আনুষংগিক অব্যয় বোলা হৈছে হেমচন্দ্ৰ বৰুৱাৰ মতে এইবোৰ উপশব্দ আমি এইবোৰৰ সংজ্ঞা বিচাৰ নকৰি, প্ৰয়োগ বা ব্যৱহাৰত অধিক গুৰুত্ব দিয়া উচিত

      মানুহ, জন্তু বা প্ৰাণী, বস্তু আদিৰ পুংলিংগ আৰু ক্লীৱলিংগবাচক একবচনৰ সৈতে 'টো' ব্যৱহাৰ কৰা হয় যেনেঃ 'ৰাটো, নিগনিটো, গৰুটো, সেইটো, ছাতিটো, ঘৰটো, কথাটো, উপহাৰটো

          আনহাতে, আদৰ বা মৰমৰ অৰ্থত অথবা তুলনামূলকভাৱে ক্ষুদ্ৰাৰ্থত 'টি' ব্যৱহাৰ কৰা হয় হেমচন্দ্ৰ বৰুৱা আৰু সত্যনাথ বৰাই পুংলিংগত 'টি' আৰু স্ত্ৰীলিংগত 'টী' ব্যৱহাৰ হয় বুলি কৈছে আজিকালি এনে পাৰ্থক্য ৰখা নহয় আৰু 'টি'-ৰহে ব্যৱহাৰ হয় যেনেঃ  মাগুৰ মাছ ভাগত দুটিকৈহে পৰিল 'ৰাটি কাৰ হে ? এনেনো মৰম লাগিছে! ছোৱালীটি বৰ তজবজীয়া দেই ! উপহাৰটি বৰ ধুনীয়া পেহীটি এদিন আহিবিচোন আমাৰ ঘৰলৈ   সংখ্যাবাচক শব্দৰ  পিছত 'টা' যোগ হয়-- পাঁচটা, দহটা, এশটা ইত্যাদি কেতিয়াবা পাঁচোটা, সাতোটা, দহোটা আদিও কওঁ বা লিখোঁ এইবোৰ শুদ্ধ কিন্তু পিচত 'টি' থাকিলে সংখ্যাবাচক শব্দৰ শেষ বৰ্ণত -কাৰ যোগ হয় ( অৰ্থাৎ পাঁচুটি, সাতুটি, দহুটি হয় ) বুলি সত্যনাথ বৰাই কৈ গৈছে যদিও আজিকালি কাৰ্যতঃ পাঁচোটি, সাতোটি, দহোটি বুলিহে লিখা হয়

         আনহাতে 'তো' ব্যৱহাৰ চাওকঃ

() ৰমেনেতো ব্যাকৰণ শিকিব ( আনে শিকিব নে নিশিকিব মই নাজানো, কিন্তু ৰমেনে যে শিকিব মই নিশ্চিত মই যিজন/ যিটো ৰমেনক জানো, তেওঁ/ সি ব্যাকৰণ শিকিবই)

() ৰমেনে ব্যাকৰণতো শিকিবই ( ৰমেনে আন নিশিকিলেও ব্যাকৰণ শিকিব সি ব্যাকৰণ শিকিবলৈ বেছি আগ্ৰহী)

() ৰমেনে ব্যাকৰণ শিকিবতো ( ৰমেনে ব্যাকৰণ শিকাটো খাটাং সি যে ব্যাকৰণ শিকিব, সেইটো সি মোক দৃঢ়তাৰে জনাইছিল)

() ৰমেনে ব্যাকৰণ শিকিবতো ? (প্ৰশ্নবোধক হোৱাৰ লগে লগে বক্তাৰ সন্দেহ, সংশয়, অনিশ্চয়তা আদি প্ৰকাশ পাইছে অৰ্থাৎ মই নাজানো ৰমেনে শিকিব নে নিশিকে সঁচাকৈ শিকিবতো? শিকাটো নিশ্চিত নে ?)

          এই তিনিওটা বাক্যতে (চতুৰ্থটোৰ বাদে)  'তো' প্ৰত্যয় যোগ হোৱা পদটোত দৃঢ়তা বা জোৰ (emphasis) প্ৰয়োগ কৰা হৈছে কিন্তু পদকেইটাৰ অৰ্থৰ লৰচৰ হোৱা নাই, অৰ্থাৎ প্ৰত্যেকবাৰেই এইটোহে বুজোৱা হৈছে যে ৰমেনে ব্যাকৰণ শিকিব, নিশিকাকৈ নাথাকে

         প্ৰথমতে লিখা বাক্য পাঁচটাৰ প্ৰতিটোৰে প্ৰথমৰ শব্দৰূপটোৱেই

Post a Comment